শৈক্ষিক সংস্কাৰৰ প্রয়োজন
স্বাধীনতাৰ অমৃত মহোৎসৱত দেশজুৰি শিক্ষা ব্যৱস্থাক সংস্কাৰ সাধনৰ পদক্ষেপ গ্রহণ কৰা হৈছে ৷ দেশৰ পাঁচ হাজাৰ বছৰীয়া ঐতিহ্য আৰু একবিংশ শতিকাৰ প্রতিযোগিতামুখী বিশ্বৰ শিক্ষা ব্যৱস্থাৰ স’তে সামঞ্জস্য ৰাখি প্রস্তুত কৰা নতুন শিক্ষানীতি–২০২০ৰ আধাৰত শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱর্তনৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে ৷ নতুন শিক্ষানীতিৰ আধাৰত ছাত্র–ছাত্রীসকলে বহুমুখী শিক্ষা লাভ কৰাৰ লগতে গুণসম্পন্ন গৱেষণাত অগ্রাধিকাৰ প্রদান কৰা হৈছে ৷ নতুন শিক্ষানীতি কার্যকৰী কৰাৰ প্রাৰম্ভিক প্রক্রিয়া আৰম্ভ হৈছে ৷ এখন বিকাশশীল ভাৰত নির্মাণৰ লক্ষ্যৰে ছাত্র–ছাত্রীসকলক সাজু কৰাৰ বাবে পাঠ্যক্রমৰ গাঁথনি শৈক্ষিক পদ্ধতি, মূল্যায়নৰ মাপকাঠী আদিৰ ওপৰত কেতবোৰ নতুন পদ্ধতি আৰোপ কৰা হৈছে নতুন শিক্ষানীতিত ৷ অসমত নতুন শিক্ষানীতিৰ সুফল ছাত্র–ছাত্রীসকলে লাভ কৰিব, তাক লৈও বিভিন্ন প্রশ্ণৰ উদয় হৈছে ৷ বিগত চাৰিটা দশকত ৰাজ্যখনৰ শৈক্ষিক মান বহু পৰিমাণে নিম্নগামী হোৱাৰ অভিযোগ উঠিছে৷ ৮০ৰ দশকত ছবছৰীয়া অসম আন্দোলনৰ সময়ছোৱাৰ পৰাই ৰাজ্যখনৰ শৈক্ষিক পৰিৱেশ অৱনমিত হৈছে৷ এইক্ষেত্রত ইন্ধন যোগাইছে সশস্ত্র সংগ্রামৰ নামত অসমত জন্ম হোৱা প্রায় কুৰিটা উগ্রপন্থী সংগঠনৰ বিভীষিকাই৷ উগ্র জাতীয়তাবাদৰ নামত একাংশ ছাত্র তথা যুৱ সংগঠনৰ প্রতিবাদৰ বাবে সর্বাধিক ক্ষতিগ্রস্ত হৈছে ৰাজ্যৰ মাতৃভাষাৰ শিক্ষানুষ্ঠানৰ লগতে উচ্চ শিক্ষাৰ প্রতিষ্ঠান৷ কিয়নো ৰাজ্যখন আন্দোলনমুখৰ কৰি ৰখাৰ ক্ষেত্রত ছাত্র তথা যুৱ সংগঠনসমূহে মাতৃভাষাৰ শিক্ষানুষ্ঠানৰ ছাত্র–ছাত্রীসকলক ঢ়াল হিচাপে ব্যৱহাৰ কৰি আহিছে৷ ফলত চৰকাৰী খণ্ডৰ মাতৃভাষাৰ শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ মান ক্রমাগতভাৱে অৱনমিত হোৱাৰ ফলত গুৰুতৰ প্রত্যাহ্বানৰ সন্মুখীন হৈছে মাতৃভাষাৰ শিক্ষানুষ্ঠানসমূহ৷ ছাত্র–ছাত্রীৰ লগতে অভিভাৱকসকলৰ আস্থা–বিশ্বাস নোহোৱাৰ ফলত ৰাজ্যখনৰ অধিকাংশ মাতৃভাষাৰ বিদ্যালয়ে শেহতীয়াকৈ গভীৰ সংকটৰ সন্মুখীন হৈছে৷ ছাত্র–ছাত্রীৰ অভাৱত বিগত এটা দশকৰ ভিতৰত ৰাজ্যখনৰ কেইবাশ মাতৃভাষাৰ বিদ্যালয় বন্ধ হৈছে৷ প্রয়োজনীয় ছাত্র–ছাত্রীৰ অভাৱৰ বাবে একাংশ বিদ্যালয় অন্য শিক্ষানুষ্ঠানৰ স’তে চামিল কৰা হৈছে৷ নতুন শিক্ষানীতিত মাতৃভাষাৰ শিক্ষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে৷ প্রাথমিক পর্যায়ৰ শিক্ষা ব্যৱস্থাত মাতৃভাষাৰ গুৰুত্ব সর্বজনস্বীকৃত৷ কিন্তু নতুন শিক্ষানীতি কার্যকৰীকৰণৰ সময়তে ছাত্র–ছাত্রীৰ অভাৱত ৰাজ্যখনৰ শ শ শিক্ষানুষ্ঠান বন্ধ হোৱাটো ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ বাবে নিৰাশজনক৷ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ এনে বিপর্যয়ৰ মাজতো ৰাজ্যখনৰ মাতৃভাষাৰ শিক্ষাৰ ক্ষেত্রত অসম জাতীয় বিদ্যালয়, বিদ্যাভাৰতী, অসম সাহিত্য সভাৰ শৈক্ষিক ন্যাস আদিয়ে ইতিবাচক বার্তা বহন কৰিবলৈ সক্ষম হৈছে৷ কিন্তু মাতৃভাষাৰ শিক্ষা ব্যৱস্থাত আহি পৰা এনে দুর্যোগৰ সময়ত আমাৰ জাতীয় সংগঠন বুলি দাবী কৰা ছাত্র তথা যুৱ সংগঠনসমূহৰ নির্বিকাৰ ভূমিকা ৰহস্যজনক৷
নতুন শিক্ষানীতিৰ বিশ্বজনীন সাফল্য আমাৰ ছাত্র–ছাত্রীসকলে লাভ কৰিবলৈ হ’লে শিক্ষানুষ্ঠানসমূহৰ শিক্ষণ আৰু মান নিৰূপণ ব্যৱস্থাত অধিক গুৰুত্ব দিব লাগিব৷ ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত গুণোৎসৱৰ জৰিয়তে শিক্ষা বিভাগে মান নিৰূপণৰ ব্যৱস্থা লৈছে৷ ‘জোঁৰ পুৰি হাত পোৱা’ৰ সময়ত এনে ব্যৱস্থাৰ জৰিয়তে ৰাজ্যখনৰ চৰকাৰী খণ্ডৰ মাতৃভাষাৰ বিদ্যালয়সমূহৰ প্রকৃত ছবিখন স্পষ্ট হৈছে৷ এতিয়া এনে সমস্যাৰাজিৰ সমাধানৰ জৰিয়তে নতুন শিক্ষানীতিৰ সফল ৰূপায়ণৰ বাট মুকলি কৰাৰ সুযোগ গ্রহণ কৰিব পাৰে ৰাজ্য চৰকাৰে৷ অনুৰূপ পদক্ষেপ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহতো গ্রহণ কৰা উচিত৷ শিক্ষাৰ মান অৱনমিত হোৱাৰ বাবে ৰাজ্যখনৰ চৰকাৰী খণ্ডৰ বহুসংখ্যক হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্র–ছাত্রীৰ সংখ্যা হ্রাস পাইছে৷ ইয়াৰ সুযোগ লৈছে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে৷ উপায়হীন হৈ অভিভাৱকসকলে উপার্জনৰ সিংহভাগ ব্যয় কৰি হ’লেও তেওঁলোকৰ সন্তানক ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত পঢ়ুৱাইছে৷ কিন্তু ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ শিক্ষা ব্যৱস্থাৰ মান নিৰূপণৰ কোনো ব্যৱস্থা এতিয়ালৈ নির্ধাৰণ কৰা নাই শিক্ষা বিভাগে৷ মাতৃভাষাৰ শিক্ষাৰ নামতো একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে পালমৰা ব্যৱস্থা বর্তাই ৰখাৰ অভিযোগ আছে৷ একেদৰে বিগত দুটা দশকৰ ভিতৰত ৰাজ্যখনত এখন এখনকৈ কুৰিখনৰো অধিক বিশ্ববিদ্যালয় স্থাপন হৈছে৷ ইয়াৰে একাংশ বিশ্ববিদ্যালয় ব্যক্তিগত খণ্ডৰ৷ উচ্চ শিক্ষাৰ প্রতিষ্ঠানসমূহৰ মান নিৰূপণৰ বাবে ৰাষ্ট্রীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ (নাক) নামৰ স্বতন্ত্র সংস্থা আছে৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ আঁচনিৰ সুবিধা লাভ কৰিবলৈ হ’লে ‘নাক’ৰ মূল্যায়ন জৰুৰী৷ এখন মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ মান নিৰূপণ হয় ‘নাক’ৰ গ্রেডিঙৰ জৰিয়তে৷ চিন্তনীয় এয়ে যে ৰাজ্যৰ চৰকাৰী খণ্ডৰ প্রায় তিনিশ মহাবিদ্যালয়ৰ ৯০খন বিদ্যালয়ে এতিয়ালৈ ‘নাক’ৰ মূল্যায়নৰ পৰা বিৰত আছে৷ এই মহাবিদ্যালয়সমূহক্ ‘নাক’ৰ মূল্যায়নৰ ব্যৱস্থা ল’বলৈ শিক্ষা বিভাগৰ পৰা তাগিদা দিয়াৰ লগতে শেহতীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নির্দেশ দিবলগীয়া হোৱাটো লক্ষণীয়৷ নতুন শিক্ষানীতিৰ সফলতা আমাৰ ছাত্র–ছাত্রীসকলে লাভ কৰিবলৈ হ’লে শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনিৰ লগতে শৈক্ষিক পৰিৱেশ ঘূৰাই অনাত বিশেষ গুৰুত্ব দিয়াৰ প্রয়োজন৷ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহত শিক্ষকৰ অনিয়মীয়া উপস্থিতি আৰু পাঠদান ব্যাহত হোৱাৰ ঘটনা বহু পুৰণি বেমাৰ৷ ফলত নির্ধাৰিত সময়সীমাৰ ভিতৰত পাঠ্যক্রম সম্পূর্ণ নহয়, পৰীক্ষাও অনুষ্ঠিত নহয় সময়মতে৷ পৰীক্ষা অনুষ্ঠিত হ’লেও ফলাফল বিলম্ব হয়৷ ছাত্র–ছাত্রীৰ উপস্থিতিৰ সংখ্যাৰ ক্ষেত্রতো একাংশ শিক্ষানুষ্ঠানত কঠোৰ ব্যৱস্থা নাথাকে৷ হোষ্টেলসমূহত বিৰাজ কৰে এক অৰাজক অৱস্থা৷ ৰেগিঙৰ মাৰাত্মক ব্যাধি নির্মূল কৰিবলৈ প্রতিখন উচ্চ শিক্ষা প্রতিষ্ঠানত কাগজে–কলমে একোখন কমিটী আছে যদিও তাৰ মাজতো পূর্ণগতিত চলি আছে ৰেগিং৷ অধিকাংশ ছাত্রাৱাসত এতিয়াও পঢ়া–শুনাৰ পৰিৱেশ গঢ়ি উঠা নাই৷ শেহতীয়াকৈ অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ ছাত্রাৱাসৰ সাতজন ছাত্রৰ মাজনিশা দুর্ঘটনাত মৃত্যুক লৈ বহু প্রশ্ণৰ উদয় হৈছে৷ উচ্চ শিক্ষাৰ প্রতিষ্ঠানসমূহত অনুশাসন ব্যৱস্থা যে অতি জৰুৰী সেয়া উপলব্ধি কৰিছে মুখ্যমন্ত্রী ড০ শর্মাই৷ ছাত্রাৱাসসমূহৰ সুৰক্ষিত শৈক্ষিক পৰিৱেশ সৃষ্টি সন্দর্ভত অনুসন্ধান কৰি প্রতিবেদন দাখিল কৰাৰ বাবে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ড০ অলক কুমাৰ বুঢ়াগোহাঁইৰ অধ্যক্ষতাত এখন কমিটী গঠন কৰি দিছে মুখ্যমন্ত্রীগৰাকীয়ে৷ একেদৰে মহাবিদ্যালয়–বিশ্বব্ ছাত্র গোটৰ নির্বাচনক লৈ উদ্ভৱ হোৱা হিংসাত্মক ঘটনা আৰু দলীয় ৰাজনীতিৰ প্রকোপ নির্মূল কৰিবলৈ শিক্ষা উপদেষ্টা ড০ ননীগোপাল মহন্তৰ নেতৃত্বত এখন সমিতি গঠন কৰা হৈছে৷ ৰাজ্যখনৰ ছাত্র–ছাত্রীৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বার্থত, শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক পৰিৱেশ ঘূৰাই অনাৰ ক্ষেত্রত কঠোৰ পদক্ষেপ গ্রহণ কৰিবই লাগিব৷