নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্যোগপামত কণী উৎপাদন

জনসংখ্যা অনুপাতে চাহিদা পূৰণ কৰিবলৈ বিশ্বব্যাপী উদ্যোগপামত কণী উৎপাদনত মাত্রাধিক গুৰুত্ব দিয়া হয়৷ স্বাভাৱিক দৃষ্টিত উদ্যোগপামত কণী উৎপাদন কৰিলে পৃথিৱীৰ পৰিৱেশত নেতিবাচক প্রভাৱ পৰাৰ ধাৰণাটো সকলোৰে জ্ঞাত নহয়৷ আনকি এই উৎপাদন প্রক্রিয়াত জড়িতসকলো এই পৰিৱেশমূলক বিষয়টোক লৈ গভীৰ নহয়৷ কিন্তু উদ্যোগপামত কণী উৎপাদনে পৰিৱেশৰ ওপৰত নেতিবাচক প্রভাৱ পেলাই থকাটো নিশ্চিত৷ উদ্যোগপামত কণী উৎপাদনত বিশ্বৰ তৃতীয় স্থানত থকা ভাৰততো পৰিৱেশৰ ওপৰত বিৰূপ প্রভাৱ পেলাই আছে৷ দেশত ৪৬০ নিযুত মুর্গীয়ে বছৰি কণী উৎপাদন কৰি আহিছে৷ দেশত প্রয়োজনীয় কণীৰ ৮০ শতাংশই ঔদ্যোগিক পশুপাম তথা উদ্যোগপামৰ পৰা উৎপাদিত৷ কম মূল্যত কণী উৎপাদন কৰিবৰ বাবে গ্রহণ কৰা ঔদ্যোগিক প্রণালীয়ে পৰিৱেশৰ ওপৰত আঘাত হানিছে৷ তেনেদৰে পশু কল্যাণৰ মানৰ ক্ষেত্রতো প্রশ্ণৰ অৱতাৰণা হৈছে৷ কণী উৎপাদনৰ বাবে গ্রহণ কৰা প্রণালীৰ ফলত বনাঞ্চল বিনাশ, বায়ু, পানী আৰু ভূমিৰ মানলৈ ভাবুকি নামি আহিছে৷ ভাৰতত কুকুৰা পালন খণ্ডটো দ্রুতগতিত বৃদ্ধি হৈ আছে৷ তথ্য মতে, উদ্যোগপামত কুকুৰা পালন আৰু কণী উৎপাদন বৃদ্ধি পাই আছে৷ আমাৰ দেশত বার্ষিক ১০০ বিলিয়ন কণী উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে৷ সম্প্রতি ৯০ বিলিয়ন কণী উৎপাদন কৰি আছে৷ তথ্য মতে, ভাৰতত প্রতিগৰাকী ব্যক্তিৰ বিপৰীতে বার্ষিক ৭০টা কণী উপলব্ধ হয়৷ ই পর্যাপ্ত নহয়, কিয়নো নেচনেল নিট্রিচন ইনষ্টিটিউটৰ মতে প্রতিগৰাকীৰ কাৰণে বার্ষিক ১৮০টা কণী উপলব্ধ হ’ব লাগে৷ প্রায় এক লাখ কোটিৰ কুকুৰাপাম খণ্ডটোৰ পৰা উৎপাদিত কণীৰ পৰা এটা অংশ আমাৰ দেশে শীতৰ সময়ত ৰপ্তানি কৰি আহিছে৷ প্রতিবছৰে ৫ কোটিতকৈ অধিক কণী বিদেশলৈ ৰপ্তানি কৰি ভাৰতে ২৫০ কোটি টকা উপার্জন কৰি আছে৷ কণী উৎপাদনৰ তালিকাত আমাৰ দেশৰ তামিলনাডু, অন্ধ্রপ্রদেশ, তেলেংগানা, পশ্চিমবংগ আৰু হাৰিয়ানাই শীর্ষ স্থান লাভ কৰিছে৷ উল্লেখ্য যে আমাৰ দেশত বার্ষিক ৬ শতাংশকৈ কুকুৰা পালন খণ্ডটো বৃদ্ধি পাই আছে৷ সম্প্রতি কণীৰ গোলকীয় বজাৰখন ২,০০০ বিলিয়নৰ আৰু বার্ষিক ৬০ শতাংশ বৃদ্ধি পাই আছে৷ এনে পৰিপ্রেক্ষিতত ভাৰতে কণী উৎপাদন বৃদ্ধি আৰু ৰপ্তানিত গুৰুত্ব দিছে৷ ঔদ্যোগিক পশুপাম তথা উদ্যোগপামত কণী উৎপাদন কৰিবলৈ কুকুৰাবোৰক তাঁৰৰ পিঞ্জৰাত আবদ্ধ কৰি ৰখা হয়৷ কণী পৰা কুকুৰা ৰখা সমষ্টি তথা বেটাৰী পিঞ্জৰা প্রণালীৰে আমাৰ দেশত কণী উৎপাদন কৰি থকা হৈছে৷ সম্প্রতি বিশ্বৰ আন দেশসমূহত কণী উৎপাদনকাৰী কোম্পানীসমূহে বেটাৰী পিঞ্জৰা প্রণালী (বেটাৰী কেজ ছিষ্টেম)ৰ নেতিবাচক দিশটোক গুৰুত্ব দি পিঞ্জৰামুক্ত প্রণালী ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে৷ কোম্পানীসমূহৰ এই প্রগতিশীল নিয়ন্ত্রকে পৰিস্থিতিলৈ পৰিৱর্তন আনিব আৰু কৃষকসকলেও ইয়াক গ্রহণ কৰিবলৈ আগ্রহ দেখুৱাইছে৷ কণী উৎপাদন বৃদ্ধি কৰিবলৈ গ্রহণ কৰা বেটাৰী পিঞ্জৰা প্রণালী কিয় পৰিৱেশৰ প্রতি বিনাশকাৰী৷
কম মূল্যত মাত্রাধিক কণী উৎপাদনৰ কাৰণে প্রজনন ক্ষমতাহীন কুকুৰাক পিঞ্জৰাত আবদ্ধ কৰি ৰখা হয়৷ কিন্তু এনে ধৰণে কুকুৰাবোৰ ৰখা হয় যে পশু কল্যাণৰ মান বর্তি নাথাকে৷ বেটাৰী পিঞ্জৰাত ১০ হাজাৰৰ পৰা ৩ লাখলৈকে কুকুৰা ৰাখি কণী উৎপাদন কৰি আছে যিটো কুকুৰাৰ বাবেও পৰিপন্থী৷ অতি কম পৰিসৰৰ মাজত বৃহৎ পৰিমাণৰ কুকুৰা ৰাখি কণী উৎপাদন কৰাটো ইতিবাচক নহয়৷ তদুপৰি বেটাৰী পিঞ্জৰাত ২–৩ ফুটৰ মল–মূত্রৰ তৰপ আমাৰ দেশত সাধাৰণ কথা হৈ পৰিছে৷ কুকুৰাৰ বিষ্ঠাৰ তৰপ ধাৰণ কৰা পৰিৱেশৰ কাৰণে ইতিবাচক নহয়৷ আনহাতে, বর্জিত পানীও পৰিৱেশৰ কাৰণে ক্ষতিকাৰক৷ বর্জিত পানী পামৰ পৰা বাহিৰলৈ ওলাই অঞ্চলটোৰ পানীৰ লগতে বায়ু, ভূমিক প্রদূষিত কৰে৷ তেনেদৰে বৃহৎ পৰিমাণৰ পশুৰ বিষ্ঠাই ভূমিক প্রদূষিত কৰি তোলাত শস্যৰ উৎপাদনত ব্যাঘাত জন্মে৷ উদ্যোগপামৰ সমীপৱর্তী অঞ্চলৰ পানী আৰু ভূমিৰ মান দ্রুতগতিত নিম্নগামী হৈ পৰে৷ ইপিনে, কুকুৰাৰ বিষ্ঠা আৰু মূত্রৰ পৰা নির্গমন হোৱা বিষাক্ত গেদে সমীপৱর্তী অঞ্চলৰ বায়ু প্রদূষিত কৰি তোলে৷ উদাহৰণস্বৰূপে– নির্গমিত এম’নিয়া গেদে বায়ু প্রদূষিত কৰি মানৱ স্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনে৷ মন কৰিবলগীয়া যে মানবিহীন বেটাৰী পিঞ্জৰা প্রণালী ব্যৱহাৰৰ ফলত কীট–পতংগৰ সংখ্যা বৃদ্ধি হয়, যিবোৰে মানৱ স্বাস্থ্যৰ ক্ষতিসাধন কৰে৷ এই প্রণালীত জড়িত শ্রমিক–বনুৱাৰ স্বাস্থ্যলৈ ভাবুকি আনে৷ বৈজ্ঞানিকভাৱে স্বাস্থ্যৰ সুৰক্ষাক লৈ সা–সঁজুলি ব্যৱহাৰ নকৰাকৈ শ্রমিক–বনুৱা কণী উৎপাদন প্রক্রিয়াত জড়িত হৈ থকাৰ ফলত স্বাস্থ্যলৈ সংকট নমাই আনে৷ অকল শ্রমিক–বনুৱাই নহয়, সমীপৱর্তী অঞ্চলৰ বাসিন্দাসকলৰো স্বাস্থ্যৰ ক্ষতিসাধন কৰিবলৈ ধৰে৷ দীর্ঘদিন ধৰি পৰিৱেশৰ ওপৰত নেতিবাচক প্রভাৱ পৰি থকাত চুবুৰীয়া বাসিন্দা ক্র’নিক আৰু মৃত্যুৰূপী শ্বাস–প্রশ্বাসজনিত ৰোগত আক্রান্ত হ’ব পাৰে৷ চিএছআইআৰ–নেচনেল এনভায়ৰনমেণ্টেল ইঞ্জিনীয়াৰিং ৰিছার্চ ইনষ্টিটিউটে (নিবি) চলোৱা অধ্যয়নৰ প্রতিবেদনৰ মতে বেটাৰী পিঞ্জৰা প্রণালী ব্যৱহূত পামৰ অঞ্চলৰ ভূ–জলত উচ্চ মাত্রাত নাইট্রেট, ছালফেট আৰু টোটেল ডিজল্ভ ছলিড (টিভিএছ) পাইছে৷ যিবোৰে পানী বিষাক্ত কৰি তোলে৷ লক্ষণীয় যে পানীত নাইট্রেট বাঢ়িলে কর্কট আক্রান্ত, গর্ভৱতী মহিলাৰ ক্ষতি আৰু শিশুৰ ৰক্তৰ ক্ষতি কৰে৷ গুৰুত্বপূর্ণ যে কুকুৰাই সেৱন কৰা খাদ্যত প্রয়োজনতকৈ অধিক সীহ থকাৰ ফলত পশুৰ ক্ষতি কৰাৰ পাছত সিয়ে মানৱ স্বাস্থ্যৰ ক্ষতিৰ কাৰক হৈ পৰে৷ পৰিৱেশ বিঘ্ণিত হ’লে মানৱ জাতিৰ বাবে বিপজ্জনক৷ ই বিবেচনা কৰা উচিত৷

You might also like