নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেমেকা নির্বাচনী প্রস্তুতি

নির্বাচনী প্রস্তুতিৰ বিভিন্ন দিশৰ খতিয়ান ল’বলৈ কেন্দ্রীয় নির্বাচন আয়োগৰ এটা প্রতিনিধি দল অহা সপ্তাহত অসমলৈ আহিব৷ প্রতিনিধি দলটো ১২–১৩ জানুৱাৰীত অসমত থাকি ভোটাৰ তালিকা প্রস্তুতকে ধৰি বিভিন্ন দিশৰ বুজ ল’ব৷ তেওঁলোকে ৰাজ্যখনৰ প্রতিগৰাকী জিলা ডপায়ুক্তৰ সৈতে কথা পাতিব বুলিও সংবাদ মাধ্যমত খবৰ ওলাইছে৷ অৱশ্যে ভোগালী বিহুৰ পৰিপ্রেক্ষিতত প্রতিনিধি দলটোৰ অসম ভ্রমণ কার্যসূচী অর্থাৎ সময়সূচীৰ কিছু সালসলনি হ’ব পাৰে৷ ইয়াৰ পৰা এইটো স্পষ্ট যে অসম বিধানসভা নির্বাচনৰ বাবে নির্বাচন আয়োগে ইতিমধ্যে কঁকালত টঙালি বান্ধিছে৷ ক’ভিডসৃষ্ট পৰিৱেশৰ সাংঘাতিক অৱনতি নঘটিলে অসমত সময় মতে নির্বাচন অনুষ্ঠিত হোৱাৰ সদ্যহতে আন কোনো বাধা পৰিলক্ষিত হোৱা নাই৷ ৰাজ্যখনত বর্তমান ক’ভিড–১৯ৰ যি স্থিতি, এই অৱস্থাত আয়োগে নির্বাচন অনুষ্ঠিত কৰাত দ্বিতীয়বাৰ চিন্তা কৰিব যেন লগা নাই৷ কিয়নো, বর্তমান অসমৰ তুলনাত যথেষ্ট স্পর্শকাতৰ হৈ থকা সত্ত্বেও বিহাৰত সুকলমে বিধানসভা নির্বাচন অনুষ্ঠিত হৈছে৷ ৰাজ্যখনত নির্বাচনৰ পিছত ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পোৱা নাই৷ অসমতো শেহতীয়াকৈ বিটিচি আৰু তিৱা স্বায়ত্তশাসিত পৰিষদত সাধাৰণ নির্বাচন অনুষ্ঠিত হয়৷ দুয়োটা নির্বাচন অথবা নির্বাচনোত্তৰ কালত ক’ভিড–১৯ সংক্রমণ বৃদ্ধি পোৱাৰ বাতৰি ওলোৱা নাই৷ ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্রীগৰাকীয়্ প্রতিদিনে যোগান ধৰা তথ্য নির্বাচনৰ বাবে ক’ভিডকেন্দ্রিক পৰিৱেশৰ অৱনতি ঘটাৰ কোনো ইংগিত নাই৷ অৱশ্যে সাৱধানতা আৰু সতর্কতাৰ সময় এতিয়াও ডকলি যোৱা নাই৷ ভাইৰাছটোৱে বিশ্বৰ কোনো কোনো ৰাষ্ট্রত নতুন ৰূপ লৈ ওলাইছে৷ ইংলেণ্ডত সর্বাত্মক লকডাডন জাৰি কৰিবলগীয়া হৈছে৷ ভাৰতত অদ্যাপি নতুন প্রকাৰৰ ভাইৰাছটোৱে বিশেষ ডদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰা নাই যদিও দেশখন ক’ৰোনাৰ পৰা মুক্ত হোৱা নাই৷ সবাতোকৈ ডাঙৰ কথাটো হ’ল, দৰব বা ভেকচিন এতিয়াও বজাৰত ডপলব্ধ নহয়৷ যিয়েই নহওক, প্রতিকূল পৰিৱেশৰ মাজতো অসমত সময়মতে নির্বাচন অনুষ্ঠিত হোৱাৰ বাবে পৰিৱর্তিত পৰিস্থিতিত যি পৰিৱেশৰ দৰকাৰ, সেয়া আছে বুলিয়েই ক’ব পাৰি৷ তদুপৰি, পৰিস্থিতি–পৰিৱেশে আপত্তি নকৰিলে যিকোনো নির্বাচন সময় মতে অনুষ্ঠিত হোৱা ডচিত৷ নির্বাচনতে গণতন্ত্রৰ আত্মাটো সোমাই আছে৷ জনসাধাৰণে পছন্দৰ প্রতিনিধিজনক নির্বাচনৰ জৰিয়তে বাছনি কৰে৷ সেয়ে অসমতো সময় মতে বিধানসভা নির্বাচন অনুষ্ঠিত হোৱা আৱশ্যক৷
সুখকৰ কথা যে নির্বাচন আয়োগৰ লগতে অসমৰ প্রতিটো ৰাজনৈতিক দল এতিয়া নির্বাচনমুখী৷ কেনেকৈ কিদৰে দিছপুৰৰ শাসন ক্ষমতা দখল কৰিব পাৰি, তাক নির্ধাৰণ কৰাটো এতিয়া বেছিভাগ দলৰ দৈনন্দিনৰ কাম–কাজৰ অন্যতম অংগ হৈ পৰিছে৷ ইয়াৰ সৈতে যুক্ত হৈ আছে নির্বাচনী মিত্রতা, প্রার্থী বাছনি, নিৰাপদ সমষ্টি চিনাক্তকৰণ, প্রতিপক্ষৰ শক্তি আৰু দুর্বলতাৰ বিশ্লেষণ আদি৷ অৱশ্যে বেছিভাগ দলৰে এইটো পর্যায়ৰ প্রস্তুতি প্রাথমিক পর্যায়ত থকা যেন দেখা গৈছে৷ মিত্রতা বা মহাজোঁট গঠনৰ ক্ষেত্রত কেইমাহমান আগলৈকে কংগ্রেছ, এ আই ইড ডি এফ, বামপন্থী তথা দুই–এটা আঞ্চলিক ৰাজনৈতিক দল যিমান তৎপৰ তথা সক্রিয় দেখা গৈছিল, এতিয়া আৰু সেই গতি যেন নাই৷ দিন য়োৱাৰ লগে লগে বিৰোধী শিবিৰত মিত্রজোঁটক লৈ জঁট লগা ধৰণৰ ধাৰণা এটা জনসাধাৰণৰ মাজলৈ বিয়পিছে৷ এইক্ষেত্রত শাসনাধিষ্ঠিত মিত্রজোঁট চৰকাৰৰ দল–সংগঠনকেইটা কিছু সঠিক দিশেৰে গৈ থকা বুলি ক’ব পাৰি৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ শেহতীয়া অসম ভ্রমণত মিত্রজোঁটৰ দলকেইটাৰ মাজত প্রাথমিক বুজাবুজিখিনি হৈ য়ায়৷ পৰৱর্তী মাহত দলকেইটাৰ মাজত আসন বুজাবুজি বা আসনৰ ভাগ–বাটোৱাৰা সম্পূর্ণ হৈ ডঠিব বুলি ইতিমধ্যে সংবাদ মাধ্যমত প্রকাশ পাইছে৷ ইয়াৰ বিপৰীতে নকৈ গঠন হোৱা দুটা আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ নির্বাচনী ৰণকৌশল অদ্যাপি স্পষ্ট হোৱা নাই৷ তেনেই শিশু অৱস্থাত দল দুটাই ৰাজ্যখনত নিজৰ সাংগঠনিক স্থিতি আৰু শক্তি বৃদ্ধিত অধিক গুৰুত্ব দি থকাহে পৰিলক্ষিত হৈছে৷ অর্থাৎ নির্বাচনলৈ মাজতে তিনি মাহমান থকা অৱস্থাত অসমত ৰাজনৈতিক দলৰ মাজত যি ধৰণৰ যুদ্ধকালীন ব্যস্ততা পৰিলক্ষিত হ’ব লাগিছিল, সেয়া এতিয়াও প্রত্যক্ষ হোৱা নাই৷ অৱশ্যে ইয়াৰ বাবে ক’ভিডসৃষ্ট পৰিৱেশো যথেষ্ট পৰিমাণে জগৰীয়া৷ দীর্ঘদিনৰ লকডাডন, অনিশ্চয়তা, আর্থিক মন্দা আদিয়ে ৰাজনৈতিক দলক পূর্বৰ নির্বাচনৰ দৰে স্বাচ্ছন্দ্যে কাম কৰিবলৈ দিয়া নাই৷ নির্বাচন আয়োগৰ প্রতিনিধি দলটোৰ অসম ভ্রমণে ৰাজ্যখনত বিধানসভা নির্বাচনকেন্দ্রিক পৰিৱেশ তথা তৎপৰতাত কিছু গতি প্রদান কৰিব পাৰে৷

You might also like