নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনী বৃত্তৰ বাহিৰত থাকি ‘অজাপ’ক সমর্থন ছাত্র সন্থাৰ

নৱনির্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ ঘোষণা

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ ৰাজনৈতিক বৃত্তৰ বাহিৰত থাকি আগন্তুক বিধানসভা নির্বাচনৰ সময়ত অসম জাতীয় পৰিষদক (অজাপ) সমর্থন দিব সদৌ অসম ছাত্র সন্থাই (আছু)৷ আজি দিছপুৰ প্রেছ ক্লাবত আয়োজিত এক মত বিনিময় অনুষ্ঠানত অংশগ্রহণ কৰি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই কথা প্রকাশ কৰে৷ মুুখামুখি শীর্ষক অনুষ্ঠানটোত উপস্থিত থাকি এই প্রসংগত তেওঁ কয়– ‘সদৌ অসম ছাত্র সন্থা অৰাজনৈতিক বুলি কৈ সদায় এটা ভুল ব্যাখ্যা দিবলৈ চেষ্টা কৰি অহা হৈছে৷ আমি সকলোৱে ১৮ বছৰ পাৰ কৰিছোঁ৷ আমি ভোটাধিকাৰ সাব্যস্ত কৰিছোঁ৷ ৰাজনৈতিকভাৱে আমি সচেতন হ’ব লাগিব৷ ৰাজনৈতিকভাৱে ন্যায় প্রতিষ্ঠা কৰিব লাগিব৷ কোনো কাৰণতে আমি অৰাজনৈতিক নহয়৷ ৰাজনীতিৰ বৃত্তৰ বাহিৰত থাকি ৰাজনৈতিকভাৱে ন্যায় প্রতিষ্ঠা কৰাৰ বাবে অজাপক আমি সহায় কৰিম৷ ৰাজনৈতিক বৃত্তৰ বাহিৰত থাকি আমি সদায় ৰাজনৈতিক ন্যায় প্রতিষ্ঠা কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰি আহিছোঁ৷’

ৰাজ্যৰ ছাত্র–ছাত্রীসকলৰ শৈক্ষিক ভৱিষ্যৎ সুৰক্ষা কৰাটোৱেই আছুৰ প্রধান লক্ষ্য বুলি উল্লেখ কৰি তেওঁ অসমত আন্দোলন নকৰিলে কোনেও একো লাভ নকৰে বুলি মন্তব্য কৰে৷ এই প্রসংগত তেওঁ কয়– ‘বিনামূলীয়া পাঠ্যপুথিকে ধৰি মৌলিক অধিকাৰসমূহ লাভ কৰিবলৈ আমি আন্দোলন কৰিবলগীয়া হৈছে৷ ছাত্র–ছাত্রীসকলৰ লক্ষ্য প্রাপ্তিৰ বাবে আমি আন্দোলন কৰিছোঁ৷’ আনহাতে, ছাত্র সন্থাই বৰঙণি সংগ্রহ কৰে বুলি বিভিন্ন সময়ত উত্থাপন হৈ অহা অভিযোগ সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি নৱনির্বাচিত সাধাৰণ সম্পাদকজনে এইবুলিও কয় যে আছু ৰাইজৰ সংগঠন৷ ৰাইজৰ বৰঙণি অবিহনে এটা সংগঠন নচলে৷ মাকৰ গহনা অথবা ঘৰৰ মাটি–বাৰী বিক্রী কৰি কোনেও সংগঠন চলাব নোৱাৰে৷ ৰাইজৰ অনুদান লাগিবই৷ ছাত্র সন্থাই বৰঙণি সংগ্রহ কৰি আহিছে৷ ইয়াত কোনো লুক–ঢ়াক নাই৷ আনহাতে, নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী আন্দোলন আগন্তুক সময়ত অধিক তীব্রতৰ কৰি তুলিব বুলি উল্লেখ কৰি বৰুৱাই কয়– ‘গণতান্ত্রিকভাৱে এই আন্দোলন দীর্ঘদিন চলাই নিয়াৰ পৰিকল্পনা কৰা হৈছে৷

ক’ভিড–১৯ সংক্রমণৰ বাবে সৃষ্টি হোৱা পৰিৱেশৰ বাবে আন্দোলন স্তিমিত হৈছিল৷ পুনৰ স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিলে আন্দোলন তীব্রতৰ কৰি তোলা হ’ব৷ আইনী যুঁজ চলাই নিয়াৰ লগতে ৰাজপথৰ আন্দোলনো সমানে চলাই নিয়া হ’ব৷’ আনহাতে, কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা অখিল গগৈক মুক্তি দিবলৈ দাবী উত্থাপন কৰি তেওঁ কয় যে চৰকাৰে বলপূর্বক আৰু অন্যায়ভাৱে অখিল গগৈক কাৰাগাৰত বন্দী কৰি ৰাখিছে৷ গগৈক মুক্তি দিব লাগে৷ অন্যায়ভাৱে কৃষক মুক্তিৰ নেতাজনক কাৰাৰুদ্ধ কৰি ৰখা কার্যক আছুৱে গৰিহণা দি আহিছে৷ ইফালে ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য আছুৰ মুখ্য উপদেষ্টা হিচাপে থাকিব নে নাই, সেয়া কার্যনির্বাহকে সিদ্ধান্ত ল’ব বুলিও তেওঁ সদৰী কৰে৷ আছুৰ মজিয়াত থাকি সেৱা আগবঢ়াবনে আছুৰ বাহিৰত থাকি ৰাইজৰ সেৱা তেওঁ আগবঢ়াব, সেয়া কার্যনির্বাহকে সিদ্ধান্ত ল’ব৷

You might also like