চামগুৰিত নির্বাচনী হিংসা
নির্বাচন বাহুবল অথবা ধনবলৰ পৰীক্ষা নহয়৷ এই ৰণক্ষেত্র জনবলৰহে৷ ইভিএম নতুবা বেলট পেপাৰৰ জৰিয়তে যিজন প্রার্থীয়ে অধিক সমর্থন গোটাবলৈ সক্ষম হয়, বিজয় মাল্য তেওঁৰেই ডিঙিত পৰে৷ কিন্তু সকলোৱে ভোট গোটোৱা অর্থাৎ সমর্থন আদায়ৰ নীতিনিষ্ঠ পথটোৰে নাযায়৷ কোনোৱে ধনবল, কেনোৱে বাহুবল, কোনোৱে দুয়োটা পন্থা অৱলম্বন কৰি নতুবা আন কোনো নিকৃষ্ট পন্থাৰে বিজয় মাল্য পিন্ধিব বিচাৰে৷ চামগুৰি বিধানসভা সমষ্টিৰ উপ–নির্বাচনৰ সাম্প্রতিক ছবিখনেও এই কথাৰ সত্যতাকে প্রতিপন্ন কৰিব বিচাৰিছে৷ সমষ্টিটো যেন অপৰাধী, অশুভ শক্তিৰ ৰম্যপুৰীত পৰিণত হৈছে৷ নির্বাচনী প্রচাৰৰ সময়ছোৱাত প্রায় প্রতিদিনে কোনো নহয় কোনো অংশত হিংসাত্মক ঘটনা সংঘটিত হয়৷ নির্বাচনী হিংসাত ইতিমধ্যে এজন লোক নিহত হৈছে৷ নির্বাচনৰ কার্যত ব্যৱহূত কেইবাখনো বাহন ধ্বংস কৰা হৈছে৷ ৰাজনৈতিক দলৰ নেতা–কর্মীৰো বাহন আক্রমণৰ লক্ষ্য হৈছে৷ কেইবাটাও নির্বাচনী কার্যালয়ৰ ক্ষতি কৰা হৈছে৷ মাৰপিটৰ ঘটনাও কেইবাটাও সংঘটিত হৈছে৷ ঘটনাসমূহত কুৰিৰো অধিক লোক আহত হৈছে৷ ৯ নৱেম্বৰৰ নিশা সবাতকৈ গর্হিত আৰু ভয়ংকৰ হিংসাত্মক ঘটনাটো সংঘটিত হয়৷ বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা বিজেপি নেতা জিতু গোস্বামীৰ বাহনলৈ লক্ষ্য কৰি দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰে৷ ঘটনাটোত বিধায়কগৰাকী কোনোধৰণৰ হানি–বিঘিনি নোহোৱাকৈ ৰক্ষা পৰে৷ ইয়াৰ বিপৰীতে দুষ্কৃতিকাৰীৰ শিল–ইটাৰে আক্রমণত কেইবাগৰাকী লোক আহত হয়৷ একেই নিশা সমষ্টিটোৰ নির্দলীয় প্রার্থী মোচ্চাবিৰ আলী আহমেদক দুর্বৃত্তই অপহৰণ কৰি হত্যাৰ অপচেষ্টা চলায়৷ অপহৰণকাৰীয়ে প্রার্থীজনৰ মৃত্যু হোৱা বুলি ভাবি মুমূর্ষু অৱস্থাত পেলাই থৈ যায়৷ নিশাটোত আন কেইবাটাও নির্বাচনী হিংসা সংঘটিত হয়৷ সমস্ত ঘটনাৱলীত মূলতঃ বিজেপি আৰু কংগ্রেছৰ কর্মী আক্রান্ত হৈছে৷ কিন্তু ৯ নৱেম্বৰৰ নিশা সংঘটিত ঘটনাটো আছিল সীমা চেৰাই যোৱা৷ এজন বিধায়ককেই গুলীয়াই হত্যা কৰাৰ অপচেষ্টা চলোৱা হয়৷ এখন বাহনৰ ভিতৰত বহি যোৱা বিধায়কগৰাকীক সৌভাগ্যক্রমে বুলেটে স্পর্শ কৰিব নোৱাৰিলে৷ শাৰীৰিকভাৱে একো ক্ষতি নোহোৱাকৈ বিধায়ক জিতু গোস্বামী ৰক্ষা পৰে৷ তেওঁৰ লগতে বাহনখনত থকা বিজেপি নেতা সুৰেশ বৰা, অগপ নেতা মজিবৰ ৰহমানো দৈৱক্রমে ৰক্ষা পৰে৷ অৱশ্যে দুষ্কৃতিকাৰীৰ আক্রমণত বিধায়ক গোস্বামীৰ দেহৰক্ষী এজন আৰু কেইজনমান বিজেপি কর্মী আহত হয়৷
সমষ্টিটোৰ মৰিপুঠিখাইতীত ৯ নৱেম্বৰত সংঘটিত গুলীচালনাৰ সৈতে কোনটো দল বা শক্তি জড়িত আছে, সেইটো এতিয়াও পোহৰলৈ অহা নাই৷ আৰক্ষীৰ তদন্ত অব্যাহত আছে৷ কিন্তু আক্রান্ত দল বিজেপিয়ে গুলীচালনাত কংগ্রেছৰ হাত আছে বুলি স্পষ্টকৈ অভিযোগ কৰিছে৷ ইয়াতকৈ এখোপ আগলৈ গৈ দলটোৱে চামগুৰি সমষ্টিৰ নির্বাচনী প্রক্রিয়াটোত ধুবুৰীৰ বর্তমান সাংসদ তথা চামগুৰিৰ প্রাক্তন বিধায়ক ৰকিবুল হুছেইনক নিষিদ্ধ কৰিবলৈ নির্বাচন আয়োগক আবেদন জনাইছে৷ ৯ নৱেম্বৰৰ নিশা অপহূত নির্দলীয় প্রার্থীজনেও কংগ্রেছী গুণ্ডাই তেওঁক অপহৰণ কৰা বুলি অভিযোগ কৰিছে৷ প্রার্থীজনে কংগ্রেছৰ তাঞ্জিল হুছেইনৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰা আৰু নির্বাচনী প্রচাৰত কংগ্রেছৰ বিৰুদ্ধে কোৱাৰ বাবেই কংগ্রেছী গুণ্ডাই অপহৰণ কৰি হত্যাৰ অপচেষ্টা চলোৱা বুলি স্পষ্টকৈ অভিযোগ কৰিছে৷ এইদৰে ভিন্ন পক্ষৰ অভিযোগৰ পৰা বুজা যায় যে সমষ্টিটোত কংগ্রেছৰ বিৰুদ্ধে অভিযোগৰ ভিত্তি এটা আছে৷ সমষ্টিটোক কংগ্রেছৰ অভেদ্য দুর্গ বুলি কোৱা হয়৷ এই কৃতিত্ব ৰকিবুল হুছেইনৰ৷ কিন্তু কংগ্রেছে চামগুৰিক নিজৰ বাবে অভেদ্য দুর্গত পৰিণত কৰাৰ সৈতে হিংসাৰো সম্পর্ক এটা আছে৷ ২০১৬ চনত ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰোঁতে বিজেপিয়ে বহু হিংসাত্মক ঘটনাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ সেইবাৰ বিজেপিৰ ২৬খন বাহন ধ্বংসপ্রাপ্ত হোৱাৰ বিপৰীতে শতাধিক কর্মী প্রতিপক্ষৰ আক্রমণত আহত হৈছিল৷ ইয়াৰ পূর্বে ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰোঁতে অগপ নেতা প্রফুল্ল কুমাৰ মহন্তও হিংসাত্মক প্রতিৰোধৰ সন্মুখীন হৈছিল৷ দুয়োবাৰে কংগ্রেছ প্রার্থী ৰকিবুল হুছেইনৰ জয় হৈছিল৷ অনেকৰে অভিযোগ– ৰকিবুল হুছেইনে হিংসাৰ সহায়ত নির্বাচনী বৈতৰণী পাৰ হৈ আহিছে৷ এইবাৰো হিংসাৰ জৰিয়তে নির্বাচনী ৰণ জয় কৰাৰ পৰিকল্পনা কৰা বুলি অভিযোগ উঠিছে৷ অৱশ্যে এইবাৰ চামগুৰি সমষ্টিৰ নির্বাচনী ৰণত ৰকিবুল হুছেইন প্রার্থী নহয়৷ প্রার্থীজন তেওঁৰ পুত্র৷ পুত্রৰ বিজয় নিশ্চিত কৰিবলৈ ৰকিবুল হুছেইনে অশুভ শক্তিক ব্যৱহাৰ কৰা বুলি প্রতিপক্ষই অভিযোগ কৰিছে৷ এইবাৰৰ নির্বাচনী হিংসাত কংগ্রেছ কর্মীও আক্রান্ত হৈছে৷ অৱশ্যে কথাটো ইমান সৰলো নহয়৷ চামগুৰিত তুলনামূলকভাৱে কংগ্রেছ শক্তিশালী আৰু বিজেপি উদীয়মান শক্তি৷ তাত বিজেপি কর্মী আক্রান্ত হোৱাটো শক্তিৰ ভাৰসাম্যৰ দিশটোলৈ চালে অস্বাভাৱিক নহয়৷ কিন্তু এইবাৰ সমষ্টিটোত ৰকিবুল হুছেইনৰ বিৰুদ্ধে ধর্মীয় সংখ্যালঘুৰ মাজত পৰিৱর্তনৰ তাগিদা এটা পৰিলক্ষিত হৈছে৷ সেই পৰিৱর্তনৰ তাগিদাতে একাংশ লোক আৱেগিক হৈ কংগ্রেছ কর্মীৰ ওপৰত জঁপিয়াই পৰা দেখা গৈছে৷ মৰিপুঠিখাইতীতো কংগ্রেছৰ বিৰুদ্ধে একত্র হোৱা লোকসকলৰ মাজতো পৰিৱর্তনৰ তাগিদা দেখা গৈছিল৷ তেওঁলোক বিধায়ক গোস্বামীৰ গাড়ীলৈ গুলীচালনা আৰু ইটা–শিলাবর্ষণত ক্ষুব্ধ হৈ তাত সমৱেত হৈছিল৷ সমষ্টিৰ উপ–নির্বাচনত কোনে বিজয়ৰ হাঁহি মাৰিব, তাৰ বাবে ভোটগণনালৈ অপেক্ষা কৰিব লাগিব৷ কিন্তু এতিয়ালৈকে পৰিলক্ষিত হিংসাৰ ঘটনাপ্রৱাহে এটা কথা স্পষ্ট কৰি দিছে যে সমষ্টিটো হেৰুওৱাৰ ভয়ে কংগ্রেছক খেদি ফুৰিছে৷