নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অৱসান

এক ৰুদ্ধশ্বাস পৰিস্থিতিৰ অৱসান৷ যৱনিকা পৰিল ১৭দিনীয়া দুঃস্বপ্ণৰ৷ উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগত আবদ্ধ হৈ পৰা ৪১জন শ্রমিকক দুঃসাহসী অভিযানৰ জৰিয়তে জীৱন্তে উদ্ধাৰ কৰা হ’ল৷ দেশবাসীৰ নজৰ আবদ্ধ হৈ পৰিছিল এই ঘটনাত৷ কাৰণ অতি উন্নত প্রযুক্তিও ব্যর্থ হৈছিল সুৰংগৰ আবদ্ধ হৈ পৰা মুখ মুকলি কৰাৰ ক্ষেত্রত৷ আমেৰিকানৰ ‘অগাৰ’ মেচিনৰ ড্রিলিং বন্ধ হৈ পৰিছিল৷ অগাৰ মেচিনৰ ব্লেড ভাঙি পৰিছিল দুর্গম অঞ্চলৰ শিল, মাটিৰ মাজত৷ স্বাভাৱিকতেই পুনৰ অনিশ্চয়তাৰ সৃষ্টি হৈছিল৷ শ্রমিকসকলক জীৱন্তে উদ্ধাৰ কৰাৰ ক্ষেত্রত এই অনিশ্চয়তা আহি পৰা বুলি সুৰংগ বিশেষজ্ঞ অষ্ট্রেলিয়ান অভিযন্তা আর্নল্ড ডিস্কেও হতাশাৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিবলগীয়া হৈছিল৷ অত্যাধুনিক অগাৰ মেচিন সুৰংগৰ পৰা কাটি কাটি বাহিৰ কৰি আনিবলৈ নিশাৰ ভিতৰতে হায়দৰাবাদৰ পৰা অনা হৈছিল মেগ্মা প্লাজমা কাটাৰ৷ অতি যুদ্ধকালীন তৎপৰতাৰে চলোৱা হৈছিল এই উদ্ধাৰ কার্য৷ স্বাভাৱিক প্রক্রিয়াৰে খনন আৰম্ভ কৰিলে বৰদিনৰ পূর্বে সুৰংগত আবদ্ধ হৈ থকা শ্রমিকসকলৰ ওচৰ উদ্ধাৰকাৰীয়ে গৈ নাপাব বুলি মন্তব্য কৰিছিল আর্নল্ড ডিস্কে৷ কিন্তু ইয়াৰ মাজতেই উদ্ধাৰ অভিযানত মোতায়েন কৰা হয় সেনা৷ কেইবছৰমান পূর্বে কয়লা খনিত প্রয়োগ কৰা খনন প্রক্রিয়া নিষিদ্ধ কৰিছিল দেশৰ সেউজ ন্যায়াধিকৰণে৷ কাৰণ হাতেৰে চলোৱা সেই খনন কার্য বিপজ্জনক বুলি চিহ্ণিত হৈছিল মেঘালয়ৰ কয়লা খনিত৷ দুটাকৈ কয়লা খনিত কেইবাজনো শ্রমিকে প্রাণ হেৰুৱালগীয়া হৈছিল৷ কিন্তু সেই নিষিদ্ধঘোষিত খনন ব্যৱস্থাই উত্তৰকাশীত লাভ কৰিলে সফলতা৷ ৪১জন শ্রমিকক উদ্ধাৰৰ বাবে সকলো ব্যৱস্থাই গ্রহণ কৰিছিল উদ্ধাৰকাৰী বাহিনীয়ে৷ এনডিআৰএফ, সেনা, এছডিআৰএফসহ কেইবাটাও বাহিনীয়ে বিপজ্জনক পদ্ধতি অৱলম্বন কৰিবলগীয়া হ’ল শ্রমিকসকলক উদ্ধাৰ কৰিবলৈ৷ এই বিপজ্জনক পদ্ধতি হৈছে ‘ৰেট হোল মাইনিং’৷ অর্থাৎ এন্দুৰৰ দৰে গাঁত খান্দি খনিত খনন চলোৱা এক প্রাচীন পদ্ধতি৷ এই পদ্ধতি মেঘালয়ত বহুল প্রচলিত হৈ আছে৷ সেউজ ন্যায়াধিকৰণে ২০১৪ চনত নিষিদ্ধ কৰিছে যদিও এই পদ্ধতি এতিয়াও কয়লা খনিৰ শ্রমিকসকলৰ বাবে পৰিচিত৷ সেই শ্রমিকসকলেই আহি উত্তৰকাশীৰ ছিল্কিয়াৰা সুৰংগত আবদ্ধ হৈ থকা শ্রমিকসকলক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিল আৰু কম সময়ৰ ভিতৰতে সেয়া সফল হ’ল৷ লগে লগে প্রাচীন এই পদ্ধতি পুনৰ চর্চালৈ আহিছে৷
স্বাভাৱিকতে শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অৱসান ঘটাই শ্রমিকসকলক সুৰংগৰ পৰা পাইপত লগোৱা বিশেষ হুইল্ ষ্ট্রেচাৰেৰে এজন এজনকৈ বাহিৰলৈ উলিয়াই আনিলে উদ্ধাৰকাৰীয়ে৷ লগে লগে দেশবাসীয়ে আনন্দ প্রকাশ কৰিছে৷ স্বস্তিৰ নিশ্বাস পেলাইছে এই উদ্ধাৰ অভিযানত নিয়োজিত কর্মীসকলে৷ ইফালে সুৰংগত ১৭ দিন ধৰি আবদ্ধ হোৱা শ্রমিকসকল জীৱন্তে বাহিৰলৈ ওলাই অহাৰ পিছত তেওঁলোকৰ পৰিয়ালৰ মাজত দেখিবলৈ পোৱা গৈছে আনন্দ-উল্লাস৷ লক্ষণীয় বিষয়টো হৈছে ৰেট হোল মাইনিং পদ্ধতি প্রয়োগ কৰিবলৈ দিল্লীৰ পৰা ১২জন শ্রমিকক উত্তৰকাশীলৈ লৈ অনা হৈছিল৷ এই ১২জনৰ ভিতৰত ৬জন হৈছে মধ্যপ্রদেশৰ৷ কিন্তু পেছাগতভাৱে তেওঁলোক ৰেট মাইনার্ছ নাছিল৷ অৱশ্যে এই পদ্ধতিত তেওঁলোকৰ আছিল বিশেষ জ্ঞান৷ আমেৰিকাৰ অগাৰ মেচিন উদ্ধাৰ অভিযানত ব্যর্থ হোৱাৰ পিছতে অতি তৎপৰতাৰে ৰেট হোল মাইনিং পদ্ধতি প্রয়োগ কৰিবলৈ উদ্ধাৰকাৰীসকল সাজু হৈছিল৷ সেইবাবে এই পদ্ধতি সন্দর্ভত পূর্বে কোনো ধৰণৰ তথ্য সদৰী কৰা নাছিল উদ্ধাৰকাৰী দলে৷ উত্তৰাখণ্ডৰ সুৰংগত আবদ্ধ শ্রমিকসকলৰ উদ্ধাৰ বাবে আটাইতকৈ ভৰসা কৰা হৈছিল অগাৰ মেচিনৰ ওপৰত৷ কিন্তু এই মেচিন বাৰে বাৰে ব্যর্থ হৈছিল৷ তৃতীয়বাৰত অগাৰ মেচিন ভাগি পৰাৰ লগে লগে পুৰণি পদ্ধতিৰ মেনুৱেল ড্রিলিং আৰম্ভ কৰিবলৈ বাধ্য হয় উদ্ধাৰকাৰী দল৷ এই ড্রিলিং আৰম্ভ হোৱাৰ লগে লগে শ্রমিকসকলক সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰৰ সম্ভাৱনা উজ্জ্বল হৈ পৰে৷ ইয়াৰ পিছত ৮০০ মিলিমিটাৰ লোহাৰ পাইপ ভিতৰত বহুওৱা হয়৷ এই পাইপ আগবঢ়াই নিয়া হয় ৰেট হোল মাইনিং পদ্ধতিৰে৷ তাৎপর্যপূর্ণ যে কয়লাখনিসমূহত এনে পদ্ধতিৰে ১০০ৰ পৰা ৪০০ ফুট গভীৰ গাঁত খনন কৰা হয়৷ এই গাঁত খনন কৰা হয় কয়লাৰ স্তৰ চিনাক্ত কৰিবলৈ৷ কিন্তু এনেদৰে খনন কৰাৰ ক্ষেত্রত নিৰাপত্তাৰ দিশটোক আওকাণ কৰি যোৱা হয়৷ এয়া কেৱল শ্রমিকজনৰ বাবেই অসুৰক্ষিত বা প্রাণহানিকাৰক নহয়, পৰিৱেশৰ বাবেও ক্ষতিকাৰক৷ মেঘালয়ত এই পদ্ধতিত কয়লা খনন কৰিবলৈ গৈ বহু শ্রমিকৰ মৃত্যু হৈছে, যাৰ বাবে ইয়াক সেউজ ন্যায়াধিকৰণে নিষিদ্ধ ঘোষণা কৰিছিল৷ কিন্তু উত্তৰকাশীৰ শ্রমিকসকলক সেই নিষিদ্ধ পদ্ধতিৰেই জীৱন্তে উদ্ধাৰ কৰা হ’ল৷ গতিকে প্রশংসিত হৈছে আজিৰ মুহূর্তত প্রাচীন ৰেট হোল মাইনিং পদ্ধতি৷

You might also like