নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহুপাক্ষিক সহযোগিতাৰ এক নতুন পুৱা

ভাৰতৰ জি–২০ৰ অধ্যক্ষতা

🔹 নৰেন্দ্র মোদী

ভাৰতে জি–২০ৰ অধ্যক্ষতাৰ দায়িত্ব গ্রহণ কৰাৰ আজি ৩৬৫ দিন পূর্ণ হৈছে৷ এয়া ‘বসুধৈৱ কুটুম্বকম, এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত’ৰ বাণীক পুনৰ প্রতিফলিত কৰি প্রতিশ্রুতিবোৰক পুনৰুজ্জীৱিত কৰাৰ এক বিশেষ মুহূর্ত৷ বিগত বর্ষত আমি এই গুৰুদায়িত্ব গ্রহণ কৰাৰ সময়তে বিশ্বই বহু প্রত্যাহ্বানৰ সৈতে যুঁজি আছিল৷ ক’ভিড–১৯ মহামাৰীৰ পিছৰ প্রত্যাহ্বান, জলবায়ুৰ প্রতি অহা ভাবুকি, বিত্তীয় অস্থিৰতা আৰু উন্নয়নশীল ৰাষ্ট্রসমূহৰ ওপৰত আহি পৰা ঋণৰ বোজা– এই সকলোবোৰ সমস্যা দূৰ কৰিবলৈ বহুপাক্ষিক সহযোগিতাৰ প্রয়োজন হৈছিল৷ সংঘাত আৰু প্রতিযোগিতাৰ ধামখুমীয়াত পৰি উন্নয়নৰ ধাৰা ক্ষতিগ্রস্ত হৈছিল, ফলত প্রগতি বাধাগ্রস্ত হৈছিল৷ জি–২০ৰ অধ্যক্ষতাৰ দায়িত্ব লাভ কৰি ভাৰতে বিশ্বক তেনে বিষম পৰিস্থিতিসমূহৰ বিকল্প প্রদান কৰিব বিচাৰিছিল৷ সেই বিকল্প হৈছে মুঠ ঘৰুৱা উৎপাদনক মানৱকেন্দ্রিক প্রগতিলৈ পৰিৱর্তন কৰা৷ কোনবোৰ বিষয়ে আমাক একত্রিত কৰে আৰু কোনবোৰে বিভাজিত কৰে সেই কথাও ভাৰতে বিশ্বক সোঁৱৰাই দিয়াৰ লক্ষ্য আগত ৰাখিছিল৷ শেষত বিশ্বব্যাপী আলোচনাৰ প্রৱণতা প্রসাৰিত হৈছিল– মুষ্টিমেয় লোকৰ স্বার্থই বৃহত্তৰ অংশৰ আশা–আকাংক্ষাক পথ প্রদর্শন কৰিব পৰাৰ পৰিৱেশ গঢ় লৈ উঠিছিল৷ ইয়াৰ বাবে বহুপাক্ষিক সহযোগিতা আৰু সংস্কাৰৰ প্রয়োজন আছিল, সেই কথা আমি ভালদৰেই উপলব্ধি কৰিছিলোঁ৷
সামগ্রিক, উচ্চাভিলাষী, কার্যমুখী আৰু নির্ণায়ক– এই চাৰিটা শব্দই জি–২০ৰ অধ্যক্ষতা কৰা দেশ হিচাপে আমাৰ দৃষ্টিভংগী নির্ধাৰণ কৰিছে৷ জি–২০ৰ সকলো সদস্যই সর্বসন্মতিক্রমে গ্রহণ কৰা নতুন দিল্লী ঘোষণা–পত্রই (এনডিএলডি) তেনে নীতি যে আমি পালন কৰিব পাৰিছোঁ সেই কথাৰ প্রমাণ দাঙি ধৰিছে৷
অন্তর্ভুক্তি অর্থাৎ সকলোকে সামৰি লোৱাটো আমাৰ জি–২০ৰ অধ্যক্ষতাৰ কেন্দ্রীয় বিষয় আছিল৷ আফ্রিকান ইডনিয়ন (এইউ)ক জি–২০ৰ স্থায়ী সদস্য হিচাপে অন্তর্ভুক্ত কৰাৰ পদক্ষেপেৰে ৫৫খন আফ্রিকাৰ দেশক এই মঞ্চত অন্তর্ভুক্ত কৰিব পৰা গৈছে৷ লক্ষণীয় কথাটো হ’ল– এই দেশসমূহে বিশ্বৰ জনসংখ্যাৰ ৮০ শতাংশ লোকক সামৰি লৈছে৷ এনে সবল পদক্ষেপে গোলকীয় প্রত্যাহ্বানৰ মুখামুখি হ’ব পৰাকৈ বিশ্বৰ দেশসমূহৰ বাবে বিস্তৃত আলোচনাৰ পথ প্রশস্ত কৰিছে৷ দুটা সংস্কৰণত ভাৰতে আয়োজন কৰা প্রথম ‘ভইচ অৱ দ্য গ্ল’বেল ছাউথ ছামিট’–এ বহুপাক্ষিক সহযোগিতাৰ এক নতুন দুৱাৰ মুকলি কৰিছে৷ ভাৰতে এই আন্তর্জাতিক সন্মিলনতে গোলকীয় উদ্বেগসমূহৰ অৱলোকন কৰিছে৷ এই সন্মিলনে এনে এক পৰিৱেশৰ সূচনা কৰিছে যাতে উন্নয়নশীল দেশসমূহে বিশ্বব্যাপী তেওঁলোকৰ বাবে সঠিক স্থান নিশ্চিত কৰিব পাৰে৷ সকলোকে সামৰি লোৱাৰ নীতিৰ জৰিয়তে জি–২০ৰ প্রতি ভাৰতৰ নিজস্ব দৃষ্টিভংগীও প্রতিফলিত হৈছে৷ ফলত আমাৰ এই অধ্যক্ষতা জনতাৰ অধ্যক্ষতা (পিপল্ছ প্রেছিডেন্সী) হৈ পৰিছে৷ এয়া বিশ্বৰ সর্ববৃহৎ গণতন্ত্রৰ দেশখনৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে৷ ‘জনভাগীদাৰী’ (জনসাধাৰণৰ অংশগ্রহণ) অনুষ্ঠানৰ জৰিয়তে জি–২০ৰ বার্তা ১.৪ বিলিয়ন মানুহৰ মাজলৈ বিয়পি পৰিছে৷ এই সন্মিলনত সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলক অংশীদাৰ হিচাপে অন্তর্ভুক্ত কৰা হৈছে৷ এনে পদক্ষেপৰ জৰিয়তে ভাৰতে নিশ্চিত কৰিছে যে গুৰুত্বপূর্ণ বিষয়সমূহত ভাৰতৰ আন্তর্জাতিক ধাৰণা তথা মনোভাব বহুলভাৱে প্রসাৰিত আৰু জি–২০ৰ আদর্শৰ সৈতে সংগতি ৰাখি উন্নয়নমূলক লক্ষ্যৰ প্রতি সমর্পিত৷
২০৩০ৰ কার্যসূচী (এজেণ্ডা)ৰ প্রসংগত ভাৰতে বহনক্ষম উন্নয়ন লক্ষ্যৰ (এছডিজি)ৰ বিষয়টো ত্বৰান্বিত কৰাৰ অর্থে জি–২০ ২০৩০ৰ কার্য পৰিকল্পনা যুগুতাই উলিয়াহছে৷ স্বাস্থ্য, শিক্ষা, লিংগ সমতা আৰু পাৰিপার্শ্বিক স্থিৰতাকে ধৰি ইটোৰ সৈতে সিটো সংপৃক্ত হৈ থকা বিষয়বোৰৰ ক্ষেত্রত কার্যমুখী দৃষ্টিভংগী গ্রহণ কৰা হৈছে৷ প্রগতি নিশ্চিত কৰিব পৰা এক গুৰুত্বপূর্ণ ক্ষেত্র হৈছে শক্তিশালী ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই) ব্যৱস্থা৷ ভাৰতে এই প্রসংগত আগবঢ়োৱা পৰামর্শসমূহ সেয়ে নির্ণায়ক পৰামর্শ হিচাপে বিবেচিত হৈছে৷ ভাৰতে ইতিমধ্যে আধাৰ, হউ পি আই আৰু ডিজিলকাৰৰ দৰে ডিজিটেল ব্যৱস্থাৰ বৈপ্লৱিক পৰিৱর্তন আৰু এইবোৰৰ প্রভাৱ প্রত্যক্ষ কৰিছে৷ জি–২০ৰ জৰিয়তে আমি ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ভঁৰাল (repository) টনকিয়াল কৰিব পাৰিছোঁ ৷ এয়া হৈছে বিশ্বব্যাপী প্রযুক্তিগত সহযোগিতাৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ পদক্ষেপ৷ ১৬খন দেশৰ ৫০টাতকৈও অধিক ডিপিআই থকা এই ভঁৰালে (repository) বিশ্বৰ সামগ্রিক বিকাশক ত্বৰান্বিত কৰিব বুলি আমি আশাবাদী৷
সমগ্র বিশ্বকে ‘এখন পৃথিৱী’ হিচাপে গঢ়ি তোলাৰ বাবে আমি জৰুৰী, স্থায়ী আৰু ন্যায়সংগত পৰিৱর্তন নিশ্চিত কৰিবলৈ সামগ্রিক লক্ষ্যত পৰিৱর্তন সাধন কৰিব পাৰিছোঁ ৷ সন্মিলনৰ ঘোষণা–পত্রৰ ‘সেউজ উন্নয়ন চুক্তি’ত ক্ষুধাৰ বিৰুদ্ধে যুঁজ দিবলৈ আৰু আমাৰ এই গ্রহটোক সুৰক্ষিত কৰাৰ ক্ষেত্রত আহি পৰা প্রত্যাহ্বানবোৰ দূৰ কৰিবলৈ এক বিস্তৃত কার্যপ্রণালী গ্রহণ কৰা হৈছে৷ এনে কার্যপ্রণালীয়ে নিয়োগৰ ক্ষেত্রখনৰ লগতে পৰিৱেশতন্ত্রৰ সুৰক্ষাৰ কথাও নিশ্চিত কৰিব৷
জলবায়ু সুৰক্ষাৰ সঠিক নীতি মানি চলি উৎপাদন ব্যৱস্থাক গ্রহ–অনুকূল কৰি তোলাৰ বিষয়ত জোৰ দিয়া হৈছে৷ জি–২০ ঘোষণা–পত্রত ২০৩০ চনৰ ভিতৰত বিশ্বব্যাপী নৱীকৰণযোগ্য শক্তিৰ ক্ষমতা ত্রিগুণলৈ বৃদ্ধি কৰাৰ উচ্চাভিলাষী পদক্ষেপ গ্রহণৰ আহ্বান জনোৱা হৈছে৷ গোলকীয় জৈৱ ইন্ধন জোঁট স্থাপনৰ জৰিয়তে সেউজ হাহড্র’জেনৰ ব্যৱহাৰেৰে এক নিকা, সেডজীয়া পৃথিৱী গঢ়ি তোলাৰ বিষয়ত জি–২০য়ে আশাৰ ৰেঙনি দেখুৱাইছে৷ ভাৰতে সদায় এনে নীতি গ্রহণ কৰি আহিছে যাতে বহনক্ষম উন্নয়নৰ ক্ষেত্রত বিশ্বই আমাৰ বহু পুৰণি পৰম্পৰাৰ পৰা লাভৱান্বিত হ’ব পাৰে৷ ঘোষণা–পত্রখনে জলবায়ুৰ ক্ষেত্রত ন্যায় প্রদান আৰু সমতাৰ প্রতি আমাৰ প্রতিশ্রুতিৰ বিষয়বোৰত গুৰুত্ব আৰোপ কৰিছে৷ এইক্ষেত্রত বিশ্বৰ উত্তৰ অংশৰ পৰা পর্যাপ্ত বিত্তীয় আৰু প্রযুক্তিগত সমর্থনৰ বাবেও আহ্বান জনোৱা হৈছে৷ অর্থনৈতিক বিকাশ বিলিয়নৰ পৰা ড্রিলিয়ন ডলাৰলৈ আগুৱাই নিবলৈ অংগীকাৰ গ্রহণ কৰা হৈছে৷ উন্নয়নশীল দেশসমূহক ২০৩০ চনৰ ভিতৰত তেওঁলোকৰ ৰাষ্ট্রীয়ভাৱে নির্ধাৰিত অৱদান (এনডিচি)ৰ লক্ষ্যত উপনীত হ’বলৈ ৫.৯ ড্রিলিয়ন ডলাৰৰ প্রয়োজন হ’ব৷ সেই কথা জি–২০য়ে স্বীকাৰ কৰি লৈছে৷
সম্পদ সৃষ্টিৰ প্রসংগত জি–২০য়ে বহুপাক্ষিক উন্নয়ন বেংকৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে৷ একে সময়তে ভাৰতে ৰাষ্ট্রসংঘৰ সংস্কাৰমূলক পদক্ষেপবোৰত, বিশেষকৈ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ দৰে মুখ্য অংগসমূহৰ পুনর্গঠনত এক অগ্রণী ভূমিকা গ্রহণ কৰিছে৷ এই কথাই অধিক ন্যায়সংগত গোলকীয় শৃংখলা নিশ্চিত কৰিব বুলি ক’ব পাৰি৷ ঘোষণা–পত্রত লিংগ সমতাৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছে৷ ইয়াৰ পৰিণতিতে অহা বছৰ মহিলাৰ সবলীকৰণৰ অর্থে এক কার্যকৰী গোট (ৱর্কিং গ্রুপ) গঠন কৰা হ’ব৷ ভাৰতত মহিলা সংৰক্ষণ বিধেয়ক ২০২৩ৰ জৰিয়তে মহিলাসকলৰ বাবে দেশৰ সংসদ আৰু ৰাজ্যিক বিধানসভাৰ এক–তৃতীয়াংশ আসন সংৰক্ষণ কৰাৰ কথাটোৱে মহিলাই নেতৃত্ব প্রদান কৰা উন্নয়নৰ প্রতি আমাৰ প্রতিশ্রুতিকে প্রতিপন্ন কৰিছে৷
নতুন দিল্লী ঘোষণা–পত্রত এই গুৰুত্বপূর্ণ অগ্রাধিকাৰসমূহ সন্দর্ভত সহযোগিতাৰ এক নতুন মনোভাব প্রতিফলিত হৈছে৷ নীতিগত সমন্বয়, নির্ভৰযোগ্য বাণিজ্য আৰু জলবায়ু সম্পর্কীয় পদক্ষেপৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে৷ এয়া গৌৰৱৰ বিষয় যে আমাৰ অধ্যক্ষতাৰ সময়তে জি–২০য়ে ৮৭টা ইতিবাচক ফলাফল লাভ কৰাৰ লগতে বিভিন্ন বিষয়ত ১১৮খন গুৰুত্বপূর্ণ নথি গ্রহণ কৰিবলৈ সক্ষম হৈছে৷ এয়া পূর্বৰ তুলনাত এক লক্ষণীয় উত্থান৷ আমাৰ জি–২০ৰ অধ্যক্ষতাৰ সময়ত ভাৰতে ভূ–ৰাজনৈতিক বিষয় আৰু অর্থনৈতিক বিকাশ তথা বিকাশৰ ওপৰত প্রভাৱ পোলোৱা বিষয়সমূহ সন্দর্ভত আলোচনাৰ নেতৃত্ব দিছিল৷ সন্ত্রাসবাদ আৰু নিৰীহ অসামৰিক লোকৰ হত্যা কেতিয়াও গ্রহণযোগ্য নহয়৷ আমি এনেবোৰ ঘটনা শূন্যসহনশীলতাৰ নীতিৰে সমাধান কৰিব লাগিব৷ আমি শত্রুতাৰ সলনি মানৱতাবাদক শিৰোধার্য কৰিব লাগিব আৰু এই কথাৰ পুনৰাবৃত্তি কৰিব লাগিব যে এয়া যুদ্ধৰ যুগ নহয়৷
মই আনন্দিত যে আমাৰ জি–২০ৰ অধ্যক্ষতাৰ সময়তে ভাৰতে অসাধাৰণ সফলতা অর্জন কৰিছে ই বহুপাক্ষিক সহযোগিতাক পুনৰুজ্জীৱিত কৰিছে, গোলকীয় দক্ষিণৰ কণ্ঠস্বৰ সকলোৰে কর্ণগোচৰ কৰিছে, উন্নয়নক সমর্থন কৰিছে আৰু মহিলাৰ সবলীকৰণৰ বিষয়ত যুঁজ দিয়াৰ পৰিৱেশ ৰচনা কৰিছে৷ আমি পৰৱর্তী জি–২০ৰ অধ্যক্ষতা ব্রাজিলক হস্তান্তৰ কৰিছোঁ৷ আমি লগতে বিশ্বাস ৰাখিছোঁ যে আমাৰ সামূহিক পদক্ষেপবোৰে অনাগত বছৰবোৰত মানুহৰ লগতে আমাৰ গ্রহটোত শান্তি আৰু সমৃদ্ধিৰ পৰিৱেশ ৰচনাত সহায় কৰিব৷ আমাৰ তেনে সামূহিক পদক্ষেপৰ নীতি অনাগত দিনতো সকলোৰে মাজত প্রতিধ্বনিত হৈ ৰ’ব৷

You might also like