নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিৱেশ বন্ধুত্বমূলক এলইডি বাল্বৰ প্রদূষণ

মানৱ জীৱন উদযাপনৰ বাবে প্রয়োজনীয় বিজ্ঞানৰ দ্বাৰা উদ্ভাসিত সামগ্রীসমূহে দেখাত জীৱনটোক সুখময় কৰি তোলে যদিও এই সামগ্রীৰ মাজতে ভয়াৱহতাও লুকাই থাকে৷ বিজ্ঞানৰ উৎপাদিত সামগ্রীয়ে মানৱ জাতিৰ জীৱন–যাপন সহজলভ্য কৰাৰ সমান্তৰালকৈ বিলাসী কৰি ৰাখিছে৷ এই সামগ্রী ব্যৱহাৰ কৰাৰ ফলত মানৱ দেহত পার্শ্বক্রিয়াৰ উৎপত্তি হোৱাটো নতুন কথা নহয়৷ সামগ্রীসমূহৰ নেতিবাচক দিশসমূহ গৱেষকে উদ্ধাৰ কৰি সেইবোৰ আঁতৰ কৰাৰ প্রয়াস চলায় আৰু নতুনকৈ বিকল্পৰ সৃষ্টি কৰে৷ তাৎপর্যপূর্ণ যে এই বিকল্পৰো ধাৰণা কৰাৰ দৰে নেতিবাচক দিশ নাথাকে বুলি কোৱা হয় যদিও এনে বিকল্পয়ো মানৱ স্বাস্থ্যৰ লগতে প্রকৃতিৰ ওপৰত প্রভাৱ পেলায়৷ বিশ্বজুৰি প্রদূষণৰ ফলত প্রাকৃতিক ভাৰসাম্য আৰু পাৰিপার্শ্বিকতাৰ ওপৰত প্রচণ্ড প্রভাৱ পৰাৰ ফলত পৰিৱেশ বন্ধুত্বমূলক তথা পৰিৱেশ অনুকূল সামগ্রী নির্মাণ আৰু ব্যৱহাৰত গুৰুত্ব দিয়া হৈছে৷ কিন্তু এনে পৰিৱেশ বন্ধুত্বমূলক সামগ্রীও নেতিবাচক দিশৰ পৰা মুক্ত নহয়৷ কিয়নো, বিজ্ঞানৰ উদ্ভাৱনী সা–সামগ্রীয়ে ইতিবাচক প্রভাৱৰ লগতে কেতিয়াবা নেতিবাচক প্রভাৱ পেলায়৷ তেনে নেতিবাচক প্রভাৱ পৰিৱেশ বন্ধুত্বমূলক এলইডি বাল্বতো প্রমাণিত হৈছে৷ ইংলেণ্ডৰ গৱেষকে এলইডি বাল্বৰ পৰা পোহৰ প্রদূষণৰ ভয়াৱহ তথ্য লাভ কৰিছে৷ পৰিৱেশ বন্ধুত্বমূলক এলইডি বাল্বৰ পৰা পোহৰ প্রদূষণৰ তথ্যই গৱেষকক আশ্চর্য কৰি তুলিছে৷ কিয়নো ইয়াৰ পূর্বে গৱেষণাত এইধৰণৰ তথ্য পোৱা নাছিল৷ পোহৰ প্রদূষণৰ ফলত কীট–পতংগৰ বিভিন্ন প্রজাতিলৈ ভাবুকি আহিছে৷ পথলাইট (ষ্ট্রীটলাইট)ত ব্যৱহূত এলইডি বাল্বৰ পৰা পোহৰ প্রদূষণ হয়৷ ফলত কীট–পতংগৰ মৃত্যু ঘটি আছে৷ ইংলেণ্ডৰ গৱেষক ডগলাছ বয়ছে চাৰি বছৰত ৪০০ ঘণ্টা অধ্যয়ন চলাই এই তথ্য লাভ কৰিছে৷ সাধাৰণ হালধীয়া ছ’ডিয়াম বাল্বৰ তুলনাত এলইডি বাল্বৰ পোহৰ প্রদূষণ অধিক৷ এই প্রমাণ এলইডি বাল্ব ব্যৱহূত চহৰ অঞ্চলত পোৱা গৈছে৷
নিউকেটল ইউনিভার্ছিটী ইউ কে চেণ্টাৰ ফৰ ইক’লজী এণ্ড হাইড্র’লজী আৰু ইউকে চেৰিটী বাটাৰফ্লাই কনজাৰভেচনৰ গৱেষক আৰু সংৰক্ষকৰ দলে এই গৱেষণা চলায়৷ পোহৰ প্রদূষণত কীট–পতংগৰ মৃত্যু জৈৱ–বৈচিত্র্যৰ ওপৰত প্রচণ্ড আঘাত৷ কীট–পতংগ বিশেষকৈ নিশাচৰ পখিলাজাতীয়, পলুজাতীয় পতংগৰ সর্বাধিক ক্ষতি হৈছে৷ পোহৰ প্রদূষণৰ ফলত কীট–পতংগৰ বসতিস্থল বিনাশ হৈছে৷ পথলাইটত এলইডি বাল্বৰ ব্যৱহাৰ কৰাত পোহৰৰ প্রতি আকর্ষিত হৈ কীট–পতংগ ওচৰলৈ আহে আৰু মৃত্যুমুখত পৰে৷ এলইডি বাল্বৰ গৰম প্রৱাহত কীট–পতংগৰ মৰণ ঘটে৷ কণী দিয়াৰ পূর্বে মৃত্যু ঘটাত বংশ বৃদ্ধি হ্রাস পায়৷ এনেধৰণৰ কীট–পতংগৰ মৃত্যু ঘটে যিবোৰ পৰাগৰেণুৰ বাহক৷ ফলত বিভিন্ন উদ্ভিদৰ বংশ বৃদ্ধিত বিৰূপ প্রভাৱ পৰে৷ আনকি পৰজীৱীৰ আহাৰতো নেতিবাচক প্রভাৱ পৰে আৰু পক্ষীৰ খাদ্যৰ অভাৱ হয়৷ কার্যতঃ জৈৱ–বৈচিত্র্যৰ ওপৰত আঘাত হানে৷ এলইডি বাল্বৰ পোহৰ প্রদূষণে কীট–পতংগৰ ওপৰত প্রচণ্ড আঘাত হনাৰ পৰিপ্রেক্ষিতত জৈৱ–বৈচিত্র্যৰ হানি–বিঘিনি ঘটিছে৷ জৈৱ–বৈচিত্র্যৰ হানি–বিঘিনিয়ে প্রকৃতিৰ স্বাস্থ্যকৰ পৰিৱেশৰ সমান্তৰালকৈ জীৱ আৰু উদ্ভিদ জগতৰ পৰিক্রমাত ব্যাঘাত জন্মায়৷ এলইডি বাল্বৰ পৰা প্রদূষণৰ ভয়াৱহতা পোহৰলৈ অনাৰ পাছতে গৱেষক দলটোৱে এলইডি বাল্বক লৈ উদ্বিগ্ণতা প্রকাশ কৰিছে৷ প্রকৃতিৰ পৰিৱেশৰ ওপৰত পৰা নেতিবাচক প্রভাৱৰ প্রতি লক্ষ্য ৰাখি গৱেষকৰ দলটোৱে এলইডি বাল্বৰ সাধাৰণ সলনি কৰাৰ পৰামর্শ দিছে৷ পৰিৱেশ বন্ধুত্বমূলক তথা পৰিৱেশ অনুকূল সামগ্রী প্রস্তুত কৰোঁতাসকলক ভৱিষ্যতে কোনো সামগ্রী নির্মাণ কৰিলে যাতে প্রকৃতিৰ ওপৰত পার্শ্বক্রিয়া নঘটে, তাৰ ওপৰত গুৰুত্ব দিবলৈ পৰামর্শ আগবঢ়াইছে গৱেষকৰ দলটোৱে৷ তদুপৰি বিশ্বৰ প্রতিখন দেশৰ চৰকাৰে পৰিৱেশ অনুকূল সামগ্রী নির্মাণৰ ক্ষেত্রত কোম্পানীসমূহক সকলো নিয়ম মানি চলিবলৈ বাধ্য কৰাব লাগিব বুলিও পৰামর্শ আগবঢ়োৱা হৈছে৷ দেখাত পৰিৱেশ অনুকূল সামগ্রী নির্মাণ কৰা হয় যদিও গোপনে কোম্পানীসমূহে সেই সামগ্রী প্রস্তুত/নির্মাণত বিসংগতি ঘটায়৷ প্রকৃতিৰ ভাৰসাম্য আৰু পাৰিপার্শ্বিকতা জীৱ আৰু উদ্ভিদ জগতৰ বাবে সঠিককৈ ৰাখিবলৈ হ’লে পৰিৱেশ বন্ধুত্বমূলক সামগ্রী অত্যন্তই প্রয়োজন৷ নহ’লে ই পৰিৱেশ বান্ধৱৰ পৰিৱর্তে পৰিৱেশ শত্রু হৈ উঠিব৷

You might also like