নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রিকেটৰ সম্প্রসাৰণ

ভাৰতবর্ষৰ ৰাষ্ট্রীয় খেল হকী যদিও সাম্প্রতিক সময়ত দেশখনত ক্রিকেট আটাইতকৈ জনপ্রিয় খেল৷ আনহাতে, ভাৰতীয় ক্রিকেট ব’র্ডেই দেশৰ আটাইতকৈ চহকী ক্রীড়া সংগঠন৷ অৱশ্যে পাকিস্তান, বাংলাদেশ আৰু শ্রীলংকাতো ক্রিকেট যথেষ্ট জনপ্রিয়৷ কিন্তু ভাৰতবর্ষত এইবিধ খেলৰ জনপ্রিয়তাৰ বাবে অন্য খেলসমূহ বহু পৰিমাণে গৌণ হৈ পৰিছে৷ এতিয়া সমগ্র ক্রিকেট বিশ্বক ভাৰতীয় ক্রিকেট ব’র্ডে নিয়ন্ত্রণ কৰে৷ ক্রিকেটৰ জন্ম ইংলেণ্ডত বুলি কোৱা হয় যদিও সাম্প্রতিক কালত এইখন দেশকো ভাৰতে অতিক্রম কৰিছে৷ কিন্তু এটা কথা ঠিক যে ভাৰতত ক্রিকেটক ধর্ম বুলি জ্ঞান কৰিলেও বিশ্বৰ অতি কমসংখ্যক দেশেহে ক্রিকেট খেলে৷ যাৰ বাবে আন্তর্জাতিক ক্রিকেট কাউঞ্চিলে (আইচিচি) সমগ্র বিশ্বত এইবিধ ক্রীড়া জনপ্রিয় কৰি তোলাৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিছে৷ প্রথম অৱস্থাত ইংলেণ্ডৰ ঔপনিৱেশিক দেশসমূহে ক্রিকেট খেলিছিল যদিও এতিয়া আমেৰিকা যুক্তৰাষ্ট্রৰ নিচিনা বিশ্বৰ আগশাৰীৰ দেশতো ক্রিকেটে লাহে লাহে জনপ্রিয়তা লাভ কৰিবলৈ ধৰিছে৷ অৱশ্যে এইবোৰ দেশৰ ক্রিকেটাৰসকলৰ অধিকাংশ খেলুৱৈয়ে এছীয় মূলৰ৷ তথাপি আইচিচিৰ পৰিকল্পনা অনুসৰিয়ে এইবাৰ টি–২০ বিশ্বকাপৰ নৱম সংস্কৰণৰ আয়োজনৰ দায়িত্ব ৱেষ্ট ইণ্ডিজৰ লগতে মার্কিন যুক্তৰাষ্ট্রৰ ওপৰতো অর্পণ কৰিছে৷ মন কৰিবলগীয়া যে সীমিত সংস্কৰণৰ টি–২০ বিশ্বকাপ আৰম্ভ হৈছিল ২০০৭ চনত৷ সেইবাৰ প্রতিযোগিতাখনত খিতাপ অর্জন কৰিছিল মহেন্দ্র সিং ধোনী নেতৃত্বাধীন ভাৰতীয় ক্রিকেট দলে৷ ১৮০০ চনত উত্তৰ আমেৰিকাত জনপ্রিয় আছিল ক্রিকেট৷ আইচিচিৰ হাত ধৰি এইবিধ খেলে দেশখনত জনপ্রিয়তা ওভতাই আনিবলৈ সক্ষম হৈছে৷ ক্রিকেটক বিশ্বজুৰি জনপ্রিয় কৰাত ভাৰতে বিশেষ ভূমিকা গ্রহণ কৰিছে যদিও আন্তর্জাতিক ক্রিকেট কাউঞ্চিলে ভাবে যে আমেৰিকাৰ বজাৰতো ইয়াৰ যথেষ্ট সম্ভাৱনা আছে৷ ইয়াৰ প্রতি লক্ষ্য ৰাখি ২০২৮ চনৰ অলিম্পিকত অন্তর্ভুক্ত কৰা হ’ব ক্রিকেট৷ লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনৰ জৰিয়তে ১২৮ বছৰীয়া অলিম্পিকলৈ ক্রিকেটৰ প্রত্যাৱর্তন ঘটিব৷ আসন্ন বিশ্বকাপত আমেৰিকাৰ তিনিটা স্থানত খেলোৱা হব ১৬খন মেচ৷ সেই স্থানকেইটা হ’ল – নিউয়র্ক, ডালাছ আৰু লাডাৰহিল৷ অৱশ্যে প্রতিযোগিতাখনত খেলিবলগীয়া মুঠ ৫৫খন মেচৰ অধিকাংশই আয়োজন কৰিব ৱেষ্ট ইণ্ডিজে৷ বিশ্বকাপৰ তৃতীয় দিনাই নিউয়র্কত অনুষ্ঠিত হ’ব দক্ষিণ আফ্রিকা আৰু শ্রীলংকাৰ মাজত এখন মেচ৷
১৮৪৪ চনত আমেৰিকা যুক্তৰাজ্য আৰু কানাডাৰ মাজত অনুষ্ঠিত মেচখনৰ পিছত এইখনেই হ’ব চহৰখনত আয়োজিত প্রথম মেচ৷ এটা সময়ত সমগ্র আমেৰিকাত খেলা হৈছিল ক্রিকেট৷ কিন্তু ১৮৬০ৰ সময়ৰ পৰা ক্রমান্বয়ে দেশখনত বেছবলে জনপ্রিয়তা অর্জন কৰিবলৈ লয়৷ টি–২০ ক্রিকেটৰ পৰা দর্শকে যি আমোদ লাভ কৰে, সেয়া ক্রিকেটৰ অন্য সংস্কৰণত পোৱা নাযায়৷ কম সময়ত লাভ কৰা আমোদৰ বাবেই আমেৰিকাত ক্রমান্বয়ে জনপ্রিয় হ’ব ধৰিছে ক্রিকেট৷ সেই কথা স্বীকাৰ কৰিছে কিংবদন্তি কেৰিবিয়ান ক্রিকেটাৰ ব্রায়ান লাৰায়ো৷ এইগৰাকী মহান বেটাৰৰ মতে, পাঁচদিনীয়া টেষ্ট ক্রিকেট আমেৰিকাত জনপ্রিয় কৰি তোলা সম্ভৱ নহয়৷ অৱশ্যে বিশ্বকাপৰ কেইখনমান মেচ কেইসপ্তাহমানত আয়োজন কৰিয়ে আমেৰিকাত ক্রিকেটক জনপ্রিয় কৰা সহজ নহ’ব৷ দেশখনত এছিয়ান আৰু কেৰিবিয়ান বংশোদ্ভুত লোকৰ লগতে স্থানীয় লোকৰ মাজত জনপ্রিয় কৰিবলৈ অধিক সময়ৰ প্রয়োজন হ’ব৷ ক্রিকেটক আমেৰিকাত জনপ্রিয় কৰিবলৈ আইচিচিয়ে চেষ্টাৰ ত্রুটি কৰা নাই৷ আমেৰিকান দর্শকক আকর্ষিত কৰাৰ বাবেই অলিম্পিকৰ ৮বাৰৰ স্বর্ণ বিজয়ী স্প্রীণ্টাৰ উছেইন বল্টক বিশ্বকাপৰ এম্বেছাডৰৰ দায়িত্ব দিয়া হৈছে৷ তদুপৰি–মিয়ামিত অনুষ্ঠিত ফর্মুলা–১ ৰেচতো প্রচাৰ চলোৱা হৈছে বিশ্বকাপৰ৷ আমেৰিকাত প্রতিটো পৰিয়ালৰ বাবে পৰিচিত হৈ পৰা বেছবল, এনএফএল আৰু এনবিএৰ জনপ্রিয়তাৰ মাজতে ক্রিকেটক জনপ্রিয় কৰিবলৈ নিশ্চিতভাৱে তৃণমূল পর্যায়ত ইয়াৰ বাবে কাম কৰিব লাগিব৷ আসন্ন বিশ্বকাপৰ প্রতি আমেৰিকানসকলক আকর্ষিত কৰাৰ অন্যতম কাৰণ হ’ব এইবাৰ দেশখনে প্রতিযোগিতাখনত অভিষেক ঘটাব৷ তদুপৰি ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্রিকেটৰ অন্তর্ভুক্তিয়ে আমেৰিকানসকলক ক্রিকেটৰ প্রতি অধিক উৎসাহী কৰি তুলিব৷ অলিম্পিকত ক্রিকেটক অন্তর্ভুক্তিৰ বাবে আইচিচিয়ে যৎপৰোনাস্তি চেষ্টা চলাইছিল৷ কাৰণ অলিম্পিকত ক্রিকেটৰ অন্তর্ভুক্তিৰ বাবে বিশ্বকাপ ক্রিকেটে বহু পৰিমাণে সজাগতাৰ সৃষ্টি কৰিব৷ অনুৰাগীৰ মাজত সৃষ্টি হোৱা এই আকর্ষণ তথা সজাগতাই হয়তো ক্রিকেটক আমেৰিকাৰ নিচিনা চহকী দেশত জনপ্রিয় কৰি তুলিব৷ কাৰণ এনে উন্নত দেশবোৰত সোমাই আছে এক বৃহৎ ব্যৱসায়ৰ সম্ভাৱনা৷ এই ব্যৱসায়ে খোপনি পুতিব পাৰিলেই আন্তর্জাতিক ক্রিকেট কাউঞ্চিল হ’বগৈ বিশ্বৰ সর্বশক্তিমান আৰু সবাতোকৈ চহকী ক্রীড়া সংস্থা৷

You might also like