ট্রাম্পক লৈ আশংকা
প্রথমবাৰ আমেৰিকাৰ ৰাষ্ট্রপতি হিচাপে ট্রাম্প নির্বাচিত হোৱাটো দেশবাসীৰ বহুতৰ বাবে অপ্রত্যাশিত ঘটনা আছিল৷ কিন্তু শেহতীয়া নির্বাচনত দ্বিতীয়বাৰলৈ ট্রাম্প ৰাষ্ট্রপতি হিচাপে নির্বাচিত হৈছে অভিলেখ সৃষ্টি কৰি৷ তথাপি ট্রাম্প নির্বাচিত হোৱাৰ পিছতে আমেৰিকাত সৃষ্টি হৈছে অশান্তি৷ উগ্র জাতীয়তাবাদী হিচাপে ট্রাম্পক বিভিন্ন মহলে আখ্যা দি আহিছে৷ আনকি অশ্বেতাংগ লোকসকলৰ বাবে ট্রাম্পৰ বিজয়ে কঢ়িয়াই আনিছে ভাবুকি৷ কেইবাখনো প্রদেশত কৃষ্ণাংগ লোকসকলৰ ম’বাইল ফোনত আহিছে দেশ এৰি যোৱাৰ ভাবুকি৷ আনকি আমেৰিকাত পুনৰ দাস প্রথা উভতি আহিব বুলিও ম’বাইল ফোনত কৃষ্ণাংগ লোকসকললৈ আহিছে ভাবুকি বার্তা৷ ইতিমধ্যে এফবিআইসহ আমেৰিকাৰ কেইবাটাও চোৰাংচোৱা সংস্থাই এই ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰিছে৷ সকলোবোৰ ভাবুকি বার্তাৰ মূল বক্তব্য হৈছে কৃষ্ণাংগ লোকসকলে কোনো নির্দিষ্ট স্থানত গৈ থাকিব লাগিব, অন্য পেছা বাদ দি কৃষিৰ সৈতে জড়িত হ’ব লাগিব৷ স্মর্তব্য যে আমেৰিকাত কৃষ্ণাংগ লোকসকলক মূলতঃ কৃষিকার্যত মোতায়েন কৰা হৈছিল৷ দেশখনৰ ইতিহাস বিশ্লেষণ কৰিলে দেখিবলৈ পোৱা যায় যে বিভিন্ন প্রদেশত কপাহ খেতিত নিয়োজিত হৈছিল কৃষ্ণাংগ লোকসকল৷ মূলতঃ আফ্রিকাৰ পৰা অহা কৃষ্ণাংগ লোকসকলক দাস হিচাপে ব্যৱহাৰ কৰা হৈছিল আমেৰিকাত৷ ট্রাম্পৰ বিজয়ৰ পাছত আফ্রিকা মূলৰ কৃষ্ণাংগ আমেৰিকান লোকলৈ এনে ভাবুকি অহাৰ পাছতে দেশখনত সৃষ্টি হৈছে চাঞ্চল্য৷ বিভিন্ন মহলে ট্রাম্পৰ বিজয়ত আমেৰিকাত শ্বেতাংগৰ আধিপত্যই অগ্রাধিকাৰ লাভ কৰিব বুলি ধাৰণা কৰিছে৷ লক্ষণীয়ভাৱে ট্রাম্পৰ প্রথমটো কার্যকালৰ সময়ত কৃষ্ণাংগ লোকৰ ওপৰত আক্রমণৰ ঘটনা বৃদ্ধি পাইছিল৷ আনকি শ্বেতাংগ আৰক্ষী বিষয়াই নির্বিচাৰভাৱে প্রহাৰ কৰিছিল কৃষ্ণাংগ লোকক৷ এইবাৰ পুনৰ অনুৰূপ ঘটনা সংঘটিত হ’ব বুলি আশংকা কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে৷ আগন্তুক জানুৱাৰীত ৰাষ্ট্রপতিৰ দায়িত্ব গ্রহণ কৰিব ৰিপাব্লিকান নেতা ড’নাল্ড ট্রাম্পে৷ তাৰ পূর্বে এনে ঘটনাই বিশ্বৰ সমৃদ্ধিশালী দেশখনলৈ অস্থিৰতা কঢ়িয়াই আনিব বুলি আশংকা কৰা হৈছে৷
অকল সেয়াই নহয়, ট্রাম্পে ৰাষ্ট্রপতিৰ আসনত আৰোহণ কৰাৰ পূর্বেই বহু মার্কিন নাগৰিকে দেশ এৰি বিদেশত গৈ বসতি স্থাপন কৰাৰ সংকল্প গ্রহণ কৰা বুলি দেশখনৰ সংবাদ মাধ্যমে সদৰী কৰিছে৷ নিউয়র্ক টাইমছ আৰু ইউএছএ টুডে’ৰ দৰে কাকতৰ বিভিন্ন প্রতিবেদনত দাবী কৰা হৈছে যে ট্রাম্পৰ বিজয়ৰ পাছতে আতংকিত হৈ পৰিছে বহু মার্কিন নাগৰিক৷ লক্ষণীয়ভাৱে বিদেশী বহু লোকৰ বাবে আমেৰিকা স্বপ্ণভূমি৷ কিন্তু ট্রাম্পৰ বিজয়ৰ পাছতে দেশখনৰ নাগৰিকসকলৰ মাজতে দেশ ত্যাগৰ প্রৱণতা বৃদ্ধি পোৱাটো আশ্চর্যকৰ বিষয় হিচাপে চিহ্ণিত হৈছে৷ অৱশ্যে চৰকাৰীভাৱে এই সন্দর্ভত কোনো তথ্য প্রকাশ হোৱা নাই৷ বিভিন্ন প্রতিবেদনত প্রকাশ পোৱা অনুসৰি ট্রাম্পৰ বিজয়ৰ পাছত ইউৰোপীয় দেশ, কানাডা আৰু মেক্সিকোলৈ বহু আমেৰিকান নাগৰিকে যাত্রা কৰাৰ সিদ্ধান্ত লৈছে৷ অনলাইনতো এই বিষয়টোক লৈ চলিছে ব্যাপক আলোচনা৷ লক্ষণীয়ভাৱে বাইডেন ক্ষমতাত থকাৰ সময়তো আমেৰিকান নাগৰিকৰ ইউৰোপত বসবাসৰ প্রৱণতা বৃদ্ধি পাইছে৷ কিন্তু ৰাষ্ট্রপতি নির্বাচনত ট্রাম্প বিজয়ী হোৱাৰ এটা সপ্তাহৰ ভিতৰতে আমেৰিকান নাগৰিকৰ দেশ এৰাৰ প্রৱণতা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ কৃষ্ণাংগসকলৰ প্রতি অহা ভাবুকি বার্তা আৰু মার্কিন নাগৰিকৰ দেশ ত্যাগৰ প্রৱণতা বৃদ্ধিয়ে ভৱিষ্যতে ট্রাম্পৰ শাসনত আমেৰিকা অস্থিৰ হ’ব বুলি ইংগিত কৰিছে৷ অৱশ্যে এই দুয়োটা বিষয়ক লৈ হোৱাইট হাউছৰ তৰফৰ পৰা কোনোধৰণৰ বিবৃতি প্রকাশ কৰা হোৱা নাই৷ কেৱল সংবাদ মাধ্যমত বিষয় দুয়োটাই আলোড়ন সৃষ্টি কৰিছে৷ ভৱিষ্যতে ট্রাম্পৰ কার্যকাল প্রথমটো কার্যকালৰ দৰে হ’বনে এতিয়াই ক’ব নোৱাৰি৷ কিন্তু ৰাষ্ট্রপতি নির্বাচনত নেতাগৰাকীৰ বিজয়ে বহু আমেৰিকানক শংকিত কৰিছে যে এই দুয়োটা বিষয়ে প্রমাণ কৰে৷