অসমৰ চলচ্চিত্র নীতি
এখন কল্যাণকামী ৰাজ্যৰ দায়িত্ব হিচাপে অসম চৰকাৰে চিনেমাৰ উন্নতি সাধন কৰিব পৰা বিভিন্ন ব্যৱস্থা বহুদিনৰ পৰাই বিভিন্ন ধৰণে লৈ আহিছে৷ কিন্তু চৰকাৰে এই কার্যপ্রণালীক বিধি বা আইনৰ ৰূপ দিব পাৰিলেহে অসমীয়া চিনেমাই বিকাশ লাভ কৰাত চৰকাৰৰ পৰা পাবলগীয়া সহায়খিনি ভালদৰে পাব বুলি বহুতে বিশ্বাস কৰে৷ এটা সময়ত প্রতিটো চিত্রগৃহই বছৰটোত ৮৪টা দর্শনীত অসমীয়া চিনেমা দেখুৱাব লাগিব বুলি এটা সময়ত থকা নিয়মটো এতিয়া কোনোবাই মানে বুলি ভাব নহয়৷ আটাইতকৈ ডাঙৰ কথা, এই নিয়মটো ভালদৰে মানিব পৰা বিধৰো নহয়৷ কাৰণ কিছুমান চিত্রগৃহত প্রযোজকে অসমীয়া ছবি দেখুৱাব নিবিচাৰে৷ সেই চিত্রগৃহৰ স্বত্বাধিকাৰীয়ে কি কৰিব, সেয়াও এটা প্রশ্ণ৷ যদি এখন ছবি একেৰাহে চলি নির্ধাৰিত দর্শনীৰ সীমা সম্পূর্ণ কৰে, তেনেহ’লে সেই চিত্রগৃহত আন অসমীয়া ছবি প্রদর্শনৰ কি হ’ব? এইটো ঠিক যে ব্যৱসায়ৰ সম্ভাৱনা থকা ছবি এখন প্রদর্শন কৰিবলৈ সকলো প্রেক্ষাগৃহ আগ্রহী হ’বই, কাৰণ ছবি প্রদর্শনেই তেওঁলোকৰ ব্যৱসায়৷ কিন্তু সম্ভাৱনা নথকা ছবি এখনক বাধ্যতামূলক নীতিৰে প্রেক্ষাগৃহলৈ পঠিওৱা উচিত হ’বনে? এখন অসমীয়া ছবিয়ে উপার্জন কৰা আমোদ কৰৰ সমপৰিমাণৰ ধন প্রযোজকক চৰকাৰে সাহায্য হিচাপে দিয়া নিয়মটোও কিছুদিনৰ পৰা বন্ধ হৈ আছে৷ এটা দর্শনীত অসমীয়া ছবি প্রদর্শন কৰি বাকী দর্শনীকেইটাত হিন্দী বা ইংৰাজী ছবি দেখুৱাই সংগৃহীত আমোদ কৰৰ পৰিমাণ বৃদ্ধি কৰিবলৈ খোজা চেষ্টাটো অসমীয়া ছবি জগতত চলি থকা বুলি বহু প্রযোজকেই অভিযোগ কৰিছিল বুলি সংবাদ মাধ্যমত প্রকাশ পাইছিল৷ শেহতীয়াভাৱে ভেট প্রযোজ্য হোৱাৰ পিছৰে পৰা এই আমোদ কৰৰ হিচাপত খেলিমেলি লাগিছে আৰু এই সাহায্য প্রদানৰ কামটোৱেই বন্ধ আছে৷ এইখিনিতে প্রশ্ণৰ উদয় হয়– চৰকাৰে সংগীত–নৃত্য–নাটক সকলোকেই উৎসাহ যোগাব লাগে, সহায় কৰিব লাগে কিন্তু অকল চিনেমাৰ বাবে নীতি কিয়? বহু টকাৰ লেনদেন হোৱা, বহু টকাৰ ব্যৱসায় কৰা ভ্রাম্যমাণ থিয়েটাৰক লৈ চৰকাৰৰ একো বিধিৰ প্রয়োজন নাইনে? ভ্রাম্যমাণৰ একোজন অভিনেতাৰ বছৰটোৰ উপার্জন একোখন অসমীয়া ছবিৰ বাজেটতকৈও বেছি৷ কোনো সংগীতশিল্পীৰ এটা দর্শনীৰ মাননিৰে একোখন কম বাজেটৰ ছবি সম্পূর্ণ কৰিব পাৰি৷ এনে অৱস্থাত অকল অর্থ বিনিয়োগৰ কথাৰ দিশটো চালেও চৰকাৰে এই দিশবোৰকো সহায়ৰ আওতালৈ অনা উচিত আৰু এই সহায় হ’ব লাগে নীতি আৰু বিধিৰ আধাৰত৷
অসম চৰকাৰে চলচ্চিত্রৰ বিধি প্রস্তুত কৰাৰ মানসেৰে কিছু কথা আঁচনি হিচাপে প্রস্তুত কৰিছে৷ তাৰ কিছুমান কথা নিঃসন্দেহে সুচিন্তিত, কিন্তু কিছুমান কথাত সেই পৰিপক্বতা নাই৷ উদাহৰণস্বৰূপে অস্কাৰ প্রতিযোগিতালৈ যোৱা ছবিক চৰকাৰে কোটিৰ ঘৰত টকা দিব৷ কিন্তু প্রতিযোগিতালৈ কেনেকৈ যাব, সেই কথাৰ উল্লেখ নাই৷ বিদেশী ভাষাৰ ছবি শিতানত ভাৰতক প্রতিনিধিত্ব কৰি যাবলৈ ওলোৱা ছবি নে অসমীয়া প্রযোজকে ইংৰাজীত কৰি আৰু আমেৰিকাত ৰিলিজ কৰা ছবি? কাঁ মহোৎসৱৰ দৰে পৃথিৱীখ্যাত মহোৎসৱত অংশগ্রহণ কৰা ছবিকো অর্থসাহায্য দিয়া হ’ব, কিন্তু মূল মহোৎসৱলৈ নগৈ ফিল্ম মার্কেটলৈ যোৱা ছবিকো কাঁ মহোৎসৱলৈ যোৱা ছবি হিচাপে গণ্য কৰা হ’ব নেকি? বর্তমান ফিল্ম মার্কেট, ফিল্ম লেব আদি ধাৰণাবোৰ চিনেমাৰ বাবে বিভিন্ন ধৰণে গুৰুত্বপূর্ণ হৈ উঠিছে আৰু চিনেমাক আন্তর্জাতিক স্তৰত ভবাসকলৰ বাবে এই দুবিধ মাধ্যম অতি গুৰুত্বপূর্ণ৷ চলচ্চিত্র নীতিত এই ধাৰণাবোৰে চৰকাৰৰ পৰা যোগ্য স্থান পোৱা উচিত আছিল৷ বিভিন্ন ব্যক্তিৰ নামত চলচ্চিত্র বঁটা দিয়া ব্যৱস্থাটোৰো পুনৰ বিচাৰ কৰা উচিত৷ চিনেমা শিল্পৰ লগত জডিত ব্যক্তিৰ বিয়োগ হ’লেই তেওঁৰ নামেৰে বঁটা এটা দিয়াটো সদায়ে সম্ভৱ নহয়৷ পদুম বৰুৱা, অতুল বৰদলৈ আদিৰ নামত কোনো বঁটা নাই৷ তেনেদৰে চুটি ছবি আৰু তথ্যচিত্রৰ ক্ষেত্রতো নীতিত লিখা কথাবোৰ আসোঁৱাহপূর্ণ৷ অসমীয়া চিনেমাৰ উন্নতিৰ বাবে চৰকাৰে গঠন কৰা নিগমৰ অধ্যক্ষই স্পষ্টভাৱে কয় যে তেওঁ অসমীয়া চিনেমা নাচায়, অথচ গায়ক আৰু চৰকাৰী বিষয়াৰ স’তে চৰকাৰী ধনেৰে কাঁ ফেষ্টিভেল চাবলৈ যায়– অসমীয়া ছবিৰ বাবে কিবা সুখবৰ আনিবলৈ৷ জ্যোতি চিত্রবনৰ অধ্যক্ষই চিনেমাৰ মংগলৰ বাবে চিত্রবনৰ চৌহদৰ গছ কাটে আৰু কেইজোপামান গছত চূণ সানে৷ এই ধৰণৰ অভিভাৱকৰ দ্বাৰাও অসমীয়া ছবিৰ উন্নতি কৰাৰ কথা চৰকাৰ আৰু চিনেমা জগতে বিশ্বাসতেই গ্রহণ কৰিছে৷