নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাটত মোদী-শ্বাহে ভেটি ৰক্ষাৰ সম্বল পালে, কাইলৈ বিজেপিলৈ হাৰ্দিক পেটেল

বিশেষ বাৰ্তা, ১ জুনঃ গুজৰাটৰ পাটিদাৰ নেতা হার্দিক পেটেলে কংগ্রেছ এৰাৰ দুসপ্তাহৰ পাছতে যি ভবা হৈছিল সেয়াই হ’বলৈ গৈ আছে। কাইলৈ ২ জুনত গান্ধীনগৰ বিজেপিৰ ৰাজ্যিক সভাপতি চি আৰ পাটিলৰ উপস্থিতিত পদ্ম শিবিৰত যোগ দিব হার্দিকে। বিজেপি শিবিৰৰ দাবী যে গুজৰাটৰ আগন্তুক নিৰ্বাচনৰ আগেয়ে হার্দিকক পোৱাটো যথেষ্ট স্বস্তিজনক। বিগত গুজৰাট বিধানসভা নিৰ্বাচনৰ আগেয়ে য’তেই হার্দিকৰ সভা হৈছিল তাতেই গড় হিচাপত আঢ়ৈ লাখ মানুহৰ ঢল বৈছিল। বিজেপিৰ টোপনি কাঢ়ি চুৰাটৰ পৰা ৰাজকোটলৈ মোদীবিৰোধী শ্লোগানেৰে ভৰাই দিছিল যুৱ নেতাজনে। পাটিদাৰ সংৰক্ষণক লৈ আন্দোলনেই আছিল হার্দিকৰ ৰাজনীতিত অহাৰ প্রাথমিক কাৰণ। উল্লেখনীয় যে, এইবাৰ গুজৰাটৰ নিৰ্বাচনক লৈ আম আদমী পাৰ্টি আৰু কংগ্ৰেছে বৰকৈ গুৰুত্ব দিছে। গৃহৰাজ্যত ভেটি হেৰুওৱাৰ ভয়ত কঁপিছে মোদী আৰু অমিত শ্বাহ। সেয়ে এইবাৰ হাৰ্দিকৰ সহায়ত বৈতৰণী পাৰ হোৱাও তেওঁলোকৰে এক আঁচনি।

You might also like