নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বান সমস্যা আৰু বিজেপিৰ নির্বাচনী ইস্তাহাৰ

বানৰ কৰাল গ্রাসত পৰি প্রতিবছৰে সর্বস্বান্ত হৈ আহিছে অসমৰ নৈপৰীয়া ৰাইজ৷ স্বৰাজোত্তৰ সাতটা দশকত অসমত যিমানবোৰ চৰকাৰ হৈছে, তাৰ কোনেও বানপানী সমস্যা সমাধানৰ বাবে কার্যকৰী ব্যৱস্থা গ্রহণ কৰিবলৈ সক্ষম নহ’ল৷ ইয়াৰ ফলত বছৰৰ পিছত বছৰ ধৰি বাৰিষাৰ আগমনৰ লগে লগে বানৰ সৈতে মৰণপণ যুঁজ দিবলৈ সাজু হ’বলগীয়া হয় হাজাৰ হাজাৰ গাঁৱৰ দুর্ভগীয়া বাসিন্দাসকল৷ বান সমস্যাৰ স্থায়ী সমাধান উলিওৱাত ব্যর্থ হৈ অহা চৰকাৰী বৰমূৰীয়াসকলেও বান–সাহায্য প্রদান কৰাটোৱেই প্রধান কর্তব্য বুলি সন্তুষ্টি লভে৷ এনে প্রেক্ষাপটত এইবাৰৰ বিধানসভা নির্বাচনৰ বাবে প্রকাশ কৰা বিজেপিৰ ইস্তাহাৰখনে দৃষ্টি আকর্ষণ কৰিছে৷ কিয়নো বিজেপিৰ ইস্তাহাৰত সর্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে ৰাজ্যৰ বান সমস্যা সমাধানত৷ প্রথম পর্যায়ৰ নির্বাচনলৈ তিনিটা দিন বাকী থকা অৱস্থাত প্রকাশ কৰা বিজেপিৰ ‘সংকল্প পত্র’খনত যি দহটা সংকল্প সন্নিৱিষ্ট কৰা হৈছে, তাৰ ভিতৰত বানৰ কবলৰ পৰা অসমবাসীক মুক্ত কৰাৰ সংকল্পই সাধাৰণ ৰাইজৰ পৰা বিশেষজ্ঞলৈ সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ এটা কথা ঠিক যে অসমৰ বান সমস্যা সমাধান কৰাটো থাউকতে কৰিব পৰা কাম নহয়৷ বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে ইয়াৰ বাবে বিশাল ধনৰাশি যোগান ধৰিবলৈ সন্মত হ’লেও এক বিজ্ঞানসন্মত–ত্রুটি পৰিকল্পনা অবিহনে ইয়াক বাস্তৱ ৰূপ দিয়াটো অসম্ভৱ কথা৷ ‘সংকল্প পত্র’ত বিজেপিয়ে বান সমস্যা সমাধান আৰু বানৰ বিভীষিকাৰ পৰা ৰাজ্যবাসীক ৰক্ষাৰ উপায় সন্দর্ভত এটা আভাস দিছে৷ ইয়াত উল্লেখ কৰা হৈছে যে বছৰি বিভীষিকাময় বানপানীৰ ফলত হোৱা জীৱন–জীৱিকা–সম্পত্ বিস্তৰ ক্ষয়–ক্ষতিৰ পৰা অসমৰ জনগণক মুক্ত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা হ’ব মিছন ব্রহ্মপুত্র৷ এই মিছনত শদিয়াৰ পৰা ধুবুৰীলৈ ব্রহ্মপুত্রৰ বুকুত খনন কার্য চলাই ইয়াৰ গভীৰতা বৃদ্ধিৰ পৰিকল্পনাৰ বিষয়ে এটা আভাস দিয়া হৈছে৷ ব্রহ্মপুত্রৰ গভীৰতা বৃদ্ধিৰ বাবে খনন প্রক্রিয়া চলোৱা সন্দর্ভত বহু বছৰ পূর্বৰে পৰা চর্চা হৈ আহিছে৷ বর্তমানৰ চৰকাৰৰ দিনত আয়োজিত নমামি ব্রহ্মপুত্রৰ সময়তো ড্রেজাৰৰ জৰিয়তে খনন কার্য চলোৱাৰ বিষয়টোক লৈ চর্চা হৈছিল৷ অসমলৈ অত্যাধুনিক ড্রেজাৰ অনাৰো ব্যৱস্থা কৰা হৈছিল৷ ইয়াৰ পিছত এইবাৰ শাসকীয় দলটোৱে নির্বাচনী ইস্তাহাৰত বান বিভীষিকাক লৈ যি গুৰুত্ব আৰোপ কৰিছে, তাৰ পৰা আশা কৰিব পাৰি যে মিত্রজোঁটৰ চৰকাৰ পুনৰ শাসনলৈ আহিলে এই ক্ষেত্রত ইতিবাচক আৰু কার্যকৰী ব্যৱস্থা গ্রহণ কৰা হ’ব৷ খনন প্রক্রিয়াৰ লগতে বিজেপিৰ ‘সংকল্প পত্র’ত জলভাণ্ডাৰ নির্মাণৰ পৰিকল্পনা সন্দর্ভতো আভাস দিয়া হৈছে৷ ব্রহ্মপুত্র আৰু ইয়াৰ উপনৈসমূহৰ অতিৰিক্ত জলৰাশি এনে কিছুমান বিশাল জলভাণ্ডাৰত সংৰক্ষণ কৰাৰ পৰিকল্পনা কৰা হৈছে৷ ইতিমধ্যে নির্বাচনী প্রচাৰত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ কেন্দ্রীয় সভাপতি জে পি নাড্ডাই এই জলভাণ্ডাৰৰ বিষয়ে উল্লেখ কৰি মানুহৰ মনত আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু এনে এক অভিলাষী পৰিকল্পনা কার্যক্ষেত্রত সম্ভৱ হ’ব নে নাই, ইয়াৰ বাবে কিমান ধন আৰু সময়ৰ প্রয়োজন হ’ব, প্রাকৃতিক সমতুল্যতা আৰু জৈৱ–বৈচিত্র্যত ইয়াৰ কিবা বিৰূপ প্রভাৱ পৰিব নেকি, সেই সন্দর্ভত নিশ্চিত সিদ্ধান্তত উপনীত হৈ বাস্তৱসন্মত পৰিকল্পনা প্রস্তুত কৰাৰ বাবে সম্পূর্ণ বৈজ্ঞানিক দৃষ্টিভংগীৰে সামগ্রিক পর্যালোচনাৰ প্রয়োজন আছে৷ সি যি কি নহওক, নিজৰ ইস্তাহাৰত বিজেপিয়ে বান সমস্যাক সর্বাধিক গুৰুত্ব আৰোপ কৰি এই জ্বলন্ত সমস্যাৰ স্থায়ী সমাধান উলিওৱাৰ সংকল্প গ্রহণ কৰাটো এটা ইতিবাচক দিশ বুলি ক’ব পাৰি৷
‘সংকল্প পত্র’ত বিজেপিয়ে বিবাদমুক্ত সংশোধিত ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ পৰা নিয়োগ সৃষ্টিলৈকে অহা ৫ বছৰত সম্পন্ন কৰিবলগীয়া কেইবাটাও গুৰুত্বপূর্ণ সংকল্পৰ বিষয়ে উল্লেখ কৰিছে৷ সত্রৰ অধিকাৰ সুৰক্ষিত কৰাৰ বিষয়েও উল্লেখ কৰা হৈছে৷ বিশেষভাৱে আলোকপাত কৰা হৈছে পুনৰ শাসনলৈ আহিলে গ্রহণ কৰিবলগীয়া ‘অসম আহাৰ আত্মনির্ভৰশীল আঁচনি’ৰ বিষয়টোতো৷ ইয়াৰ জৰিয়তে মীন, পক্ষীধন, গাহৰি পালন আৰু উদ্যান শস্যৰ ক্ষেত্রত অহা ৫ বছৰৰ ভিতৰত ৰাজ্যক সুনিশ্চিতভাৱে আত্মনির্ভৰশীল কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ সেইদৰে প্রতিশ্রুতি দিয়া হৈছে যে শাসনলৈ আহিলে বিজেপিয়ে ৰাজ্যৰ ২ লাখ যুৱক–যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিব৷ ইয়াৰে ১ লাখ যুৱক–যুৱতীক ২০২২ চনৰ ৩১ মার্চৰ ভিতৰত চৰকাৰী চাকৰি প্রদানৰ প্রতিশ্রুতি দিয়া হৈছে৷ ইয়াৰ উপৰি বেচৰকাৰী খণ্ডতো সংস্থাপনৰ লগতে বিভিন্ন কার্যপন্থাৰ প্রতিশ্রুতি আগবঢ়োৱা হৈছে বিজেপিৰ ইস্তাহাৰত৷ এই বিষয়বোৰ চকুত লগা হ’লেও বিজেপিৰ ইস্তাহাৰৰ সর্বাধিক চর্চিত বিষয়টোৱেই হ’ল বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে কৰা চিন্তাচর্চা৷ ইয়াৰ পূর্বে শাসনত থকা কোনো ৰাজনৈতিক দলেই বানপানীক লৈ এনে সংকল্প ঘোষণা কৰাৰ নজিৰ নাই৷ সেয়ে ব্রহ্মপুত্রৰ বুকুত খনন কার্য, বিশাল জলভাণ্ডাৰ নির্মাণ আদি বিষয়বোৰক লৈ সম্প্রতি ব্যাপক চর্চা হৈছে৷

You might also like