নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃৰাষ্ট্রীয় বন্ধুত্বপূর্ণ মেচঃ ইউ এ ইৰ হাতত বিধ্বস্ত ভাৰত

নিয়মীয়া বাৰ্তা, ৩১ মার্চ: শক্তিশালী আৰব এমিৰেটছৰ হাতত দ্বিতীয়খন বন্ধুত্বপূর্ণ আন্তঃৰাষ্ট্রীয় ফুটবল মেচত বিধ্বস্ত হৈছে ভাৰত৷ ডুবাইত যোৱানিশা অনুষ্ঠিত একপক্ষীয় মেচখনত ঘৰুৱা দলটোৱে সুনীল ছেত্রীবিহীন ভাৰতক ৬–০ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়৷

ফিফা ৰেংকিঙৰ ৭৪সংখ্যক স্থানপ্রাপ্ত ইউ এ ইৰ বিৰুদ্ধে মেচখনত ভাৰতে কোনো সময়তে মূৰ দাঙি উঠিব নোৱাৰিলে৷ তাৰকা ষ্ট্রাইকাৰ আলী মাখাউটে হেটট্রিক অর্জন কৰাৰ লগতে খলিল ইব্রাহিমে এটা আৰু ফাবি’ লিমাই ইউ এ ইৰ হৈ দুটাকৈ গ’ল কৰে৷ মাখাউটে ১২, ৩২ আৰু ৬০ মিনিটত গ’ল কৰি হেটট্রিক অর্জন কৰিবলৈ সক্ষম হয়৷ একেদৰে খলিলে ৬৪, ফাবি’ লিমাই ৭১ আৰু ৮৪ মিনিটত আন তিনিটা গ’ল কৰে৷ প্রথমখন আন্তঃৰাষ্ট্রীয় বন্ধুত্বপূর্ণ মেচত শক্তিশালী অ’মানৰ বিৰুদ্ধে ১–১ গ’লত ড্র খেলিবলৈ সক্ষম হোৱা ভাৰতীয় দলটোৱে ইউ এ ইৰ শক্তিশালী ৰক্ষণ বিভাগৰ বিৰুদ্ধে যোৱানিশা এটাও আক্রমণ ৰচিব নোৱাৰিলে৷

উল্লেখ্য যে ইয়াৰ পূর্বে ২০১০তো ভাৰত ইউ এ ইৰ হাতত ০–৫ গ’লৰ ব্যৱধানত বিধ্বস্ত হৈছিল৷ ক’ভিডত আক্রান্ত হোৱাৰ বাবে ডুবাইত অনুষ্ঠিত এই আন্তঃৰাষ্ট্রীয় মেচ দুখনত ভাৰতীয় দলক নেতৃত্ব দিব পৰা নাই তাৰকা ষ্ট্রাইকাৰ সুনীল ছেত্রীয়ে৷

You might also like