বানপানী আৰু অসম
ব্রহ্মপুত্র উপত্যকাত হৈ থকা বানপানীৰ বাবে লুইতৰ বলিয়া বানক লৈ গান লিখা হ’লেও আচলতে ব্রহ্মপুত্র উপত্যকাত, বিশেষকৈ উত্তৰ অংশত যি বানসংহাৰ চলে, তাৰ মূল কাৰণ উপনৈসমূহ৷ উত্তৰ সীমান্তত থকা পাহাৰবোৰত হোৱা বৰষুণৰ পানীবোৰ উপনৈসমূহে কঢ়িয়াই আনে আৰু এই পানীয়ে ব্রহ্মপুত্রত পৰাৰ আগতেই দুপাৰৰ বিস্তীর্ণ অঞ্চল পানীৰে বুৰাই দিয়ে৷ এয়া এবাৰৰ কথা নহয়, প্রতিবছৰেই এই একে কথা আৰু ঘটনাৰ পুনৰাবৃত্তি ঘটিয়েই আছে৷ প্রতিখন চৰকাৰেই এই সমস্যা সমাধানৰ প্রতিশ্রুতি দিয়ে আৰু প্রতি বছৰেই একেই কথা দোহাৰি থাকে৷ স্বাধীনতাৰ পাছত ১৯৫৪ চনত দেশৰ বিভিন্ন অঞ্চলত প্রথমবাৰৰ বাবে এনে আতংকপূর্ণ বানপানী হৈছিল, যাৰ ফলত এই বানপানীক নিয়ন্ত্রণ কৰাৰ কথা চৰকাৰে ভাবিবলৈ আৰম্ভ কৰিছিল৷ বানপানীৰ মূল কাৰক হ’ল প্রাকৃতিক পৰিঘটনা৷ এটা নির্দিষ্ট সূত্রৰে বানপানীৰ কাৰণ আৰু চৰিত্র নির্ধাৰণ কৰিব নোৱাৰি৷ সেই কথা মনত ৰাখিয়েই ভাৰত চৰকাৰে তিনি ধৰণৰ আঁচনি প্রস্তুত কৰাৰ কথা ভাবিছিল আৰু বানপানীৰ বিধবংসী কার্যকলাপক বাধা দিয়া আৰু ৰোধ কৰাৰ কাৰণে তিনিটা পর্যায়ৰ কাম থিৰাং কৰিছিল৷ তাৎক্ষণিক ব্যৱস্থা, হ্রস্বম্যাদী ব্যৱস্থা আৰু দীর্ঘম্যদী ব্যৱস্থা৷ বানপানী সমস্যাৰ মোকাবিলা কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই ৰাষ্ট্রীয় জল নীতি প্রস্তুত কৰা হৈছিল আৰু সেই নীতি ঘোষণাৰ পিছতেহ অসমত বান নিয়ন্ত্রণৰ কাম আৰম্ভ কৰা হৈছিল৷ সেয়া আছিল চৰকাৰী আৰম্ভণি আৰু পৰৱর্তী সময়ত অসমত বান নিয়ন্ত্রণৰ বাবে বিভিন্ন বিস্তৃত পৰিকল্পনা প্রস্তুত কৰা হয়৷ সমস্যা সমাধানৰ বাবে অগ্রাধিকাৰ ক্ষেত্রসমূহ চিনাক্ত কৰা হয় আৰু সেইবোৰৰ কাম কৰিবলৈ আৰম্ভ কৰা হয়৷ এই কামবোৰৰ ভিতৰত আছিল মথাডৰি নির্মাণ, নদীৰ পাৰ সুৰক্ষাৰ কাম আৰু এই বিষয়ৰ প্রশিক্ষণ, খহনীয়াক প্রতিহত কৰিব পৰা কাম, নদীৰ পাৰৰ চহৰ সুৰক্ষাৰ কাম, শ্লুহচ গেটৰ ব্যৱহাৰ, ওখ ঠাইৰ ব্যৱস্থা, বানপানীৰ পূর্বাভাস আৰু সতর্কবাণী দিয়া, বানপানীয়ে আক্রমণ কৰা ঠাইবোৰৰ চিনাক্তকৰণ৷ অসম চৰকাৰে পঞ্চবার্ষিক পৰিকল্পনাৰ আৰম্ভণিৰ পৰাহ ওপৰত ডল্লেখ কৰা বান ব্যৱস্থাপনা আঁচনিসমূহ ৰূপায়ণ কৰি আহিছে৷
কিন্তু কথা হ’ল– ‘ৰাজ্যখনৰ বানপানী আৰু খহনীয়াৰ সমস্যা দূৰ কৰাৰ বাবে এহপর্যন্ত কোনো দীর্ঘম্যাদী ব্যৱস্থা গ্রহণ কৰা হোৱা নাহ৷’ ঊর্ধ্ব কমাৰ ভিতৰৰ এই মন্তব্য সাধাৰণ নাগৰিকৰ নহয়, অসম চৰকাৰৰ জলসম্পদ বিভাগৰ ৱেবছাইটত আছে এই তথ্য৷ ছাইটটোত উল্লেখ আছে ‘আজিলৈকে ৰাজ্যৰ জলসম্পদ বিভাগে কেৱল তাৎক্ষণিক আৰু হ্রস্বম্যাদী ব্যৱস্থা ৰূপায়ণ কৰিছে৷’ এই তথ্যই এটা কথা স্পষ্ট কৰি দিয়ে যে সেই তাহানিৰ পৰা আজিলৈকে কোনো এখন চৰকাৰেই বানপানীৰ সমস্যা সমাধানৰ কথা গুৰুত্বসহকাৰে লোৱা নাই৷ বানপানীৰ ক্ষেত্রত তাৎক্ষণিক আৰু হ্রস্বম্যাদী কামৰ গুৰুত্ব সর্বাধিক, সেইমতে কামো কৰা হৈ আহিছে৷ কিন্তু সমস্যাৰ সমাধানৰ বাবে দীর্ঘম্যাদী কাম কৰিবই লাগিব আৰু সেই কামৰ বাবে প্রয়োজন হ’ব প্রচুৰ গৱেষণা আৰু প্রণালীবদ্ধ অধ্যয়ন৷ বানপানীৰ বিষয়ে অধ্যয়ন হৈ আছে, সেইবোৰৰ কথা কাকততো প্রকাশ পায়৷ এনে অধ্যয়নৰ তথ্যৰ পৰাই কেতিয়াবা কোৱা হয় যে উপনৈবোৰৰ মথাউৰিৰ বাবে বানপানী অধিক হৈছে৷ তেনেহ’লে কি গৱেষণা বা অধ্যয়নৰ ওপৰত ভিত্তি কৰি মথাউৰি দিয়াৰ ব্যৱস্থা কৰা হৈছিল বুলি প্রশ্ণ উত্থাপন হ’ব পাৰে৷ বানপানী প্রতিৰোধ কৰা আৰু ইয়াৰ বিধবংসী প্রভাৱবোৰ কমোৱাৰ ফলপ্রসূ উপায় বিচাৰি উলিয়াবলৈ অধ্যয়ন আৰু গৱেষণা অতি গুৰুত্বপূর্ণ৷ প্রথমতে, জলবায়ু পৰিৱর্তন, ভূমি ব্যৱহাৰ, জলবিজ্ঞানৰ কাৰক আদি বানপানী সৃষ্টি কৰা জটিল ব্যৱস্থাসমূহ বুজিবলৈ এহ গৱেষণাৰ বিকল্প নাই৷ এহ কাৰকসমূহ অধ্যয়ন কৰি গৱেষকসকলে সম্ভাব্য বানপানীৰ পৰিঘটনাৰ পূর্বাভাস আৰু প্রস্তুতি চলাবলৈ সঠিক ভৱিষ্যদ্বাণীমূলক আর্হি আৰু আগতীয়া সতর্কবাণী ব্যৱস্থা প্রস্তুত কৰা উচিত৷ তদুপৰি, গৱেষণাই উন্নত আন্তঃগাঁথনিৰ ডিজাইন, বহনক্ষম নগৰ পৰিকল্পনা আৰু প্রাকৃতিক বানপানী ব্যৱস্থাপনা কৌশলকে ধৰি উদ্ভাৱনীমূলক বান প্রতিৰোধ কৌশলৰ অন্বেষণ আৰু বিকাশ সাধন কৰে৷ বানপানী ৰোধৰ বাবে এতিয়াও দীর্ঘম্যাদী আঁচনিৰ কাম হাতত নোলোৱা চৰকাৰে এই বিষয়ক গৱেষণাৰে কাম আৰম্ভ কৰিব পাৰে৷ তিনিখন ৰাষ্ট্রৰ মাজেৰে বৈ যোৱা ব্রহ্মপুত্রৰ বান সমস্যা সঁচাকৈয়ে এটা জটিল সমস্যা৷ কিন্তু য’ত সমস্যা থাকে, তাতেই সমাধানো লুকাই থাকে৷