নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্জিত খাদ্য

বিশ্বজুৰি খাদ্যৰ ক্ষতিসাধন আৰু বর্জিত খাদ্যৰ সমস্যা এক চিন্তনীয় বিষয়৷ ক্ষুধাতুৰ লোকৰ সংখ্যা বিশ্বৰ প্রান্তে প্রান্তে বৃদ্ধি পাই থকাৰ সময়তে বর্জিত খাদ্যৰ বিষয়টো চর্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে৷ ২০১৪ চনৰ পৰাই ক্ষুধাতুৰ লোকৰ সংখ্যা বিশ্বৰ প্রান্তে প্রান্তে বিভিন্ন কাৰণত বৃদ্ধি হৈ থকাৰ বাবেই বর্জিত খাদ্য বন্ধ কৰাটো প্রাসংগিক হৈ উঠিছে৷ প্রতিদিনেই খাদ্যৰ ক্ষতি আৰু আৱর্জনা কোটি কোটি টনতকৈ অধিক৷ খাদ্যৰ ক্ষতিসাধন আৰু আৱর্জনা প্রতিৰোধৰ বাবে খাদ্যৰ ক্ষতি আৰু আৱর্জনাৰ সজাগতাৰ বাবে আন্তর্জাতিক দিৱস উদযাপন কৰা হয়৷ এই আন্তর্জাতিক দিৱসৰ জৰিয়তে বিশ্বজুৰি খাদ্যৰ ক্ষতিসাধন কিদৰে ৰোধ কৰিব পাৰি আৰু খাদ্যৰ আৱর্জনা কিদৰে হ্রাস কৰিব পাৰি, তাৰ বাবে সজাগতা অভিযান চলোৱা হয়৷ জলবায়ু পৰিৱর্তনৰ প্রভাৱো এটা প্রত্যক্ষ আৰু পৰোক্ষভাৱে খাদ্যৰ ক্ষতি আৰু বর্জিত খাদ্যৰ বাবে পৰি আহিছে৷ সম্প্রতি বিশ্বত পেলনীয়া খাদ্য অথবা খাদ্যৰ বর্জিত সমস্যা ৰূপে পৰিগণিত হৈছে৷ খাদ্যৰ বর্জিত কিম্বা আৱর্জনা বিভিন্ন কাৰণত হ’ব পাৰে৷ উৎপাদনস্থলীৰ পৰা ৰন্ধনস্থলীলৈকে, শীতল ভাণ্ডাৰত জমা ৰখাৰ পৰা বজাৰলৈকে, পৰিয়ালৰ পৰা ৰেষ্টুৰেণ্টলৈকে বিভিন্ন পর্যায়ত খাদ্যৰ বর্জিত ওলায়৷ এই পেলনীয়া খাদ্য কিম্বা খাদ্যৰ বর্জিতই অর্থনীতিৰ ওপৰত প্রভাৱ পেলায়৷ আনকি বিশ্বৰ উর্বৰ ভূমিৰ ওপৰতো প্রভাৱ পেলায়৷ আনপিনে, এই পেলনীয়া খাদ্যই জৈৱ–বৈচিত্র্যৰ ক্ষতিসাধন কৰাৰ লগতে জৈৱিক বৈচিত্ৰতা নিম্নগামী কৰে৷ খাদ্য উৎপাদনৰ বাবে কার্বন নির্গমন যিদৰে বৃদ্ধি হয়, ঠিক তেনেদৰে বর্জিত খাদ্যৰ পৰাও কার্বন নির্গমন হয়৷ অর্থনীতিৰ পৰা প্রকৃতিৰ পৰিৱেশৰ ভাৰসাম্যত ব্যাঘাত জন্মোৱা খাদ্যৰ বর্জিতৰ পৰিমাণে সম্প্রতি বিশ্ববাসীক হতবাক কৰি তুলিছে৷ প্রতিবছৰে মানৱ জাতিৰ উপভোগৰ বাবে উৎপাদিত খাদ্য–সামগ্রীৰ এক–তৃতীয়াংশই পেলনীয়া হয়৷ তথ্য মতে, প্রতিবছৰে ১.৩ বিলিয়ন টন খাদ্য নষ্ট তথা পেলনীয়া হয়৷ এই পেলনীয়া খাদ্যৰ যদি এক–চতুর্থাংশও ৰক্ষা কৰিব পৰা যায় তেন্তে বিশ্বৰ ভোকাতুৰ তথা অনাহাৰে থকা ৮৭ কোটি লোকৰ খাদ্যৰ অভাৱ দূৰ কৰিব পৰা যাব৷
খাদ্যৰ ক্ষতি আৰু পেলনীয়াৰ ফলশ্রুতিত আর্থিক দিশত হোৱা ক্ষতিৰ ভিতৰত ঔদ্যোগিক দেশসমূহত ৬৮০ বিলিয়ন মার্কিন ডলাৰ আৰু উন্নয়নশীল দেশসমূহত ৬৩০ বিলিয়ন মার্কিন ডলাৰ ক্ষতি হয়৷ তেনেদৰে ঔদ্যোগিক দেশসমূহত ৬৭০ নিযুত আৰু উন্নয়নশীল দেশসমূহত ৬৩০ নিযুত টন খাদ্য বিনষ্ট হয়৷ নষ্ট আৰু পেলনীয়া খাদ্যৰ ভিতৰত প্রতিবছৰে দাইলজাতীয় সামগ্রী ৩০ শতাংশ, ফলমূল আৰু শাক–পাচলি জাতীয় খাদ্য–সামগ্রীৰ ৪০–৫০ শতাংশ, তেলজাতীয় সামগ্রী ২০ শতাংশ, মাংস, দুগ্ধ আৰু মাছ জাতীয় খাদ্য ৩০ শতাংশ নষ্ট হয়৷ প্রতিবছৰে চহকী দেশসমূহৰ গ্রাহকে প্রায় ২২২ নিযুত টন খাদ্য–সামগ্রী পেলনীয়াৰ ৰূপত ওলায়৷ ই হৈছে উপ চাহাৰা আফ্রিকাৰ মুঠ খাদ্য উৎপাদনৰ প্রায় সমান৷ আমেৰিক যুক্তৰাষ্ট্রত প্রতিবছৰে সকলো খাদ্য–সামগ্রীৰ ৩০ শতাংশ অর্থাৎ ৪৮.৩ বিলিয়ন মার্কিন ডলাৰ মূল্যৰ খাদ্য পেলনীয়া হয়৷ লেটিন আমেৰিকাত পেলনীয়া খাদ্যৰ পৰিমাণে অতি কমেও ৩০ কোটি মানুহক খাদ্য যোগান ধৰিব পাৰে৷ ইয়াৰ বিপৰীতে গ্রেট ব্রিটেইনত প্রতিবছৰে পৰিয়ালসমূহত ৬.৭ নিযুত টন খাদ্যৰ বর্জিত ওলায়৷ এই বর্জিত খাদ্যৰে ২০ কোটি মানুহক খাদ্য যোগান ধৰিব পাৰে৷ আফ্রিকাত প্রতিবছৰে ৪ বিলিয়ন মার্কিন ডলাৰ মূল্যৰ পেলনীয়া খাদ্য ওলায়৷ ঠিক তেনেদৰে এছিয়াৰ দেশ চীনত প্রতিবছৰে ৫০ নিযুত টন খাদ্যৰ বর্জিত ওলায়৷ লক্ষণীয় যে ইউৰোপ আৰু দক্ষিণ আমেৰিকাত জনমূৰি বছৰত ৯৫–১১৫ কিলোগ্রাম খাদ্যৰ বর্জিত ওলায়৷ উপ চাহাৰা আফ্রিকা, দক্ষিণ আৰু দক্ষিণ–পূব এছিয়াত প্রতিবছৰে পৰিয়ালসমূহত মাত্র ৬–১১ কিলোগ্রাম বর্জিত খাদ্য পেলাই দিয়া হয়৷ চহকী দেশসমূহত প্রতিবছৰে এজন মানুহৰ বাবে ৯০০ কিলোগ্রাম খাদ্য উৎপাদন কৰা হয়৷ ইয়াৰ বিপৰীতে দৰিদ্র দেশসমূহৰ এজন লোকৰ বাবে মাত্র ৪৬০ কিলোগ্রাম খাদ্য–সামগ্রীহে উৎপাদিত হয়৷ পৃথিৱীৰ আন দেশৰ দৰে ভাৰততো পেলনীয়া খাদ্য আৰু খাদ্যৰ বর্জিতৰ নেতিবাচক প্রভাৱ আছে৷ তথ্য মতে, উৎপাদিত খাদ্যৰ ৩০ শতাংশই ভাৰতত প্রতিবছৰে পেলনীয়া অথবা বর্জিত হয়৷ খাদ্যৰ বর্জিতৰ ফলত অর্থনীতিত বিৰূপ প্রভাৱ পৰে৷ বর্জিত খাদ্যৰ ফলত ভাৰতৰ জিডিপি তথা মুঠ ঘৰুৱা উৎপাদনৰ ১ শতাংশ নিম্নগামী হয়৷ কৃষি মন্ত্রালয়ৰ তথ্য অনুসৰি প্রতিবছৰে ভাৰতত ৫০ হাজাৰ কোটি টকাৰ ক্ষতি হয়৷ ভাৰতত পেলনীয়া খাদ্য আৰু খাদ্যৰ বর্জিত পৰিমাণ হ্রাস কৰিবলৈ হ’লে খাদ্য–সামগ্রীৰ উৎপাদনৰ পৰা বিতৰণলৈকে ব্যৱস্থাসমূহ সঠিক কৰি তুলিব লাগিব৷ উৎপাদনস্থলীৰ পৰাই খাদ্য–সামগ্রীসমূহ সযতনেৰে শীতল ভাণ্ডাৰলৈ অনাৰ ব্যৱস্থা কৰাৰ লগতে এই শীতল ভাণ্ডাৰৰ পৰা বিতৰণ ব্যৱস্থা উন্নীত কৰিব লাগিব৷ পৰিবহণৰ পৰা যাতায়াতৰ সকলো ব্যৱস্থা সঠিক কৰাৰ লগতে শক্তিৰ ক্ষেত্রতো পর্যাপ্ত ব্যৱস্থা ল’ব লাগিব৷ পেলনীয়া খাদ্য আৰু খাদ্যৰ বর্জিতৰ পৰিমাণ হ্রাস কৰিবলৈ হ’লে মানৱ জাতিও সচেতন আৰু সজাগ হ’ব লাগিব৷

You might also like