নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্জিত খাদ্য সজাগতা দিৱস

খাদ্যৰ ক্ষতি আৰু বর্জিত খাদ্য পৃথিৱীৰ বাবে সমস্যাত পৰিণত হোৱাৰ পৰিপ্রেক্ষিততে ৰাষ্ট্রসংঘই বর্জিত খাদ্য সন্দর্ভত সজাগতা দিৱস পালন কৰি আহিছে৷ অহা ২৯ ছেপ্টেম্বৰত ৰাষ্ট্রসংঘৰ খাদ্যৰ ক্ষতি আৰু বর্জিত খাদ্যৰ পঞ্চমসংখ্যক আন্তর্জাতিক সজাগতা দিৱস পালন কৰা হ’ব৷ এই দিৱস পালন কৰাৰ প্রাসংগিকতা ক্রমাগতভাৱে বৃদ্ধি পাই আহিছে৷ খাদ্যৰ বর্জিত কিম্বা আৱর্জনা বিভিন্ন কাৰণত হ’ব পাৰে৷ উৎপাদনস্থলীৰ পৰা ৰন্ধনস্থলীলৈকে, শীতল ভাণ্ডাৰত জমা ৰখাৰ পৰা বজাৰলৈকে, পৰিয়ালৰ পৰা ৰেষ্টুৰেণ্টলৈকে বিভিন্ন পর্যায়ত খাদ্যৰ বর্জিত ওলায়৷ এই পেলনীয়া খাদ্য কিম্বা খাদ্যৰ বর্জিতই অর্থনীতিৰ ওপৰত প্রভাৱ পেলায়৷ আনকি বিশ্বৰ উর্বৰ ভূমিৰ ওপৰতো প্রভাৱ পেলায়৷ আনপিনে, এই পেলনীয়া খাদ্যই জৈৱ–বৈচিত্র্যৰ ক্ষতিসাধন কৰাৰ লগতে জৈৱিক বিচিত্রতা নিম্নগামী কৰে৷ খাদ্যৰ উৎপাদনৰ বাবে কার্বন নির্গমন যিদৰে বৃদ্ধি হয়, ঠিক তেনেদৰে বর্জিত খাদ্যৰ পৰাও কার্বন নির্গমন হয়৷ বর্জিত খাদ্যৰ পৰা সেউজগৃহ গেছ নির্গমনৰ ৮–১০ শতাংশ হয়৷ অর্থনীতিৰ পৰা প্রকৃতিৰ পৰিৱেশৰ ভাৰসাম্যত ব্যাঘাত জন্মোৱা খাদ্যৰ বর্জিতৰ পৰিমাণে সম্প্রতি বিশ্ববাসীক হতবাক কৰি তুলিছে৷ প্রতিবছৰে মানৱ জাতিৰ উপভোগৰ বাবে উৎপাদিত খাদ্য সামগ্রীৰ এক তৃতীয়াংশই পেলনীয়া হয়৷ তথ্য মতে, প্রতিবছৰে ১.৩ বিলিয়ন টন খাদ্য নষ্ট তথা পেলনীয়া হয়৷ এই পেলনীয়া খাদ্যৰ যদি এক চতুর্থাংশও ৰক্ষা কৰিব পৰা যায়, তেন্তে বিশ্বৰ ভোকাতুৰ তথা অনাহাৰে থকা ৮৭ কোটি লোকৰ খাদ্যৰ অভাৱ দূৰ কৰিব পৰা যাব৷ খাদ্যৰ ক্ষতি আৰু পেলনীয়াৰ ফলশ্রুতিত আর্থিক দিশত হোৱা ক্ষতিৰ ভিতৰত ঔদ্যোগিক দেশসমূহত ৬৮০ বিলিয়ন মার্কিন ডলাৰ আৰু উন্নয়নশীল দেশসমূহত ৬৩০ বিলিয়ন মার্কিন ডলাৰ ক্ষতি হয়৷ তেনেদৰে ঔদ্যোগিক দেশসমূহত ৬৭০ নিযুত আৰু উন্নয়নশীল দেশসমূহত ৬৩০ নিযুত টন খাদ্য বিনষ্ট হয়৷ নষ্ট আৰু পেলনীয়া খাদ্যৰ ভিতৰত প্রতিবছৰে দাইলজাতীয় সামগ্রী ৩০ শতাংশ, ফলমূল আৰু শাক–পাচলিজাতীয় খাদ্য সামগ্রী ৪০–৫০ শতাংশ, তেলজাতীয় সামগ্রী ২০ শতাংশ, মাংস, দুগ্ধ আৰু মাছজাতীয় খাদ্য ৩০ শতাংশ নষ্ট হয়৷ প্রতিবছৰে চহকী দেশসমূহত প্রায় ২২২ নিযুত টন খাদ্য সামগ্রী পেলনীয়াৰ ৰূপত ওলায়৷ ই হৈছে উপ–চাহাৰা আফ্রিকাৰ মুঠ খাদ্য উৎপাদনৰ প্রায় সমান৷ আমেৰিকা যুক্তৰাষ্ট্রত প্রতিবছৰে সকলো খাদ্য সামগ্রীৰ ৩০ শতাংশ অর্থাৎ ৪৮.৩ বিলিয়ন মার্কিন ডলাৰ মূল্যৰ খাদ্য পেলনীয়া হয়৷ লেটিন আমেৰিকাত পেলনীয়া খাদ্যৰ পৰিমাণে অতিকমেও ৩০ কোটি মানুহক খাদ্য যোগান ধৰিব পাৰে৷ ইয়াৰ বিপৰীতে গ্রেট ব্রিটেইনত প্রতিবছৰে পৰিয়ালসমূহত ৬.৭ নিযুত টন খাদ্যৰ বর্জিত ওলায়৷ এই বর্জিত খাদ্যৰে ২০ কোটি মানুহক খাদ্য যোগান ধৰিব পাৰে৷ আফ্রিকাত প্রতিবছৰে ৪ বিলিয়ন মার্কিন ডলাৰ মূল্যৰ পেলনীয়া খাদ্য ওলায়৷ ঠিক তেনেদৰে এছিয়াৰ দেশ চীনত প্রতিবছৰে ৫০ নিযুত টন খাদ্যৰ বর্জিত ওলায়৷ লক্ষণীয় যে ইউৰোপ আৰু দক্ষিণ আমেৰিকাত জনমূৰি বছৰত ৯৫–১১৫ কিলোগ্রাম খাদ্যৰ বর্জিত ওলায়৷ উপ–চাহাৰা আফ্রিকা, দক্ষিণ আৰু দক্ষিণ–পূব এছিয়াত প্রতিবছৰে পৰিয়ালসমূহত মাত্র ৬–১১ কিলোগ্রাম বর্জিত খাদ্য পেলাই দিয়া হয়৷ চহকী দেশসমূহত প্রতিবছৰে এজন মানুহৰ বাবে ৯০০ কিলোগ্রাম খাদ্য উৎপাদন কৰা হয়৷ ইয়াৰ বিপৰীতে দৰিদ্র দেশসমূহৰ এজন লোকৰ বাবে মাত্র ৪৬০ কিলোগ্রাম খাদ্য সামগ্রীহে উৎপাদিত হয়৷
খাদ্য বিনষ্ট আৰু বর্জিতৰ পৰিমাণ বৃদ্ধি পোৱাটো পৃথিৱীৰ বাবে সন্তোষজনক নহয়৷ কিয়নো বর্জিত আৰু বিনষ্ট খাদ্যই মানৱ জাতিৰ বাবে বহুতো ক্ষেত্রত ক্ষতি কৰিব পাৰে৷ যিমানেই খাদ্য বিনষ্ট আৰু পেলনীয়া হয় সিমানেই উৎপাদনত ব্যৱহূত পানী, ভূমি, শক্তি, শ্রম আৰু পুঁজিৰ অপব্যৱহাৰ হয়৷ পৃথিৱীৰ আন দেশৰ দৰে ভাৰততো পেলনীয়া খাদ্য আৰু খাদ্যৰ বর্জিতৰ নেতিবাচক প্রভাৱ আছে৷ তথ্য মতে, উৎপাদিত খাদ্যৰ ৩০ শতাংশই ভাৰতত প্রতিবছৰে পেলনীয়া অথবা বর্জিত হয়৷ খাদ্যৰ বর্জিতৰ ফলত অর্থনীতিত বিৰূপ প্রভাৱ পৰে৷ বর্জিত খাদ্যৰ ফলত ভাৰতৰ জিডিপি তথা মুঠ ঘৰুৱা উৎপাদনৰ ১ শতাংশ নিম্নগামী হয়৷ কৃষি মন্ত্রালয়ৰ তথ্য অনুসৰি প্রতিবছৰে ভাৰতত ৫০ হাজাৰ কোটি টকাৰ ক্ষতি হয়৷ যিখন দেশত প্রায় ২৩ কোটি লোক দাৰিদ্র্য সীমাৰেখাৰ তলত আছে, যিখন দেশত প্রতিদিনে ভোকাতুৰ লোকৰ সংখ্যা ১৫ শতাংশকৈ বৃদ্ধি পাই আছে, যিখন দেশত চাৰিটা শিশুৰ এটা শিশু পুষ্টিহীনতাত ভুগিছে, যিখন দেশত অপুষ্টিকৰ খাদ্যৰ বাবে প্রতিদিনে প্রায় ৩ হাজাৰ লোক মৃত্যুমুখত পৰি আছে, তেনে এখন দেশত উৎপাদিত খাদ্য সামগ্রীৰ ৩০ শতাংশ পেলনীয়া কিম্বা বর্জিত হোৱাটো অত্যন্ত চিন্তনীয়৷ ভাৰতত পেলনীয়া খাদ্য আৰু খাদ্যৰ বর্জিতৰ পৰিমাণ হ্রাস কৰিবলৈ হ’লে খাদ্য সামগ্রীৰ উৎপাদনৰ পৰা বিতৰণলৈকে ব্যৱস্থাসমূহ সঠিক কৰি তুলিব লাগিব৷ উৎপাদনস্থলীৰ পৰাই খাদ্য সামগ্রীসমূহ সযতনে শীতল ভাণ্ডাৰলৈ অনাৰ ব্যৱস্থা কৰাৰ লগতে এই শীতল ভাণ্ডাৰৰ পৰা বিতৰণৰ ব্যৱস্থা উন্নীত কৰিব লাগিব৷ পৰিবহণৰ পৰা যাতায়াতৰ সকলো ব্যৱস্থা সঠিক কৰাৰ লগতে শক্তিৰ ক্ষেত্রতো পর্যাপ্ত ব্যৱস্থা ল’ব লাগিব৷ পেলনীয়া খাদ্য আৰু খাদ্যৰ বর্জিতৰ পৰিমাণ হ্রাস কৰিবলৈ হ’লে মানৱ জাতিও সচেতন আৰু সজাগ হ’ব লাগিব৷ চৰকাৰে পর্যাপ্ত আৰু সঠিক ব্যৱস্থা কৰি নাগৰিকক খাদ্য সামগ্রী সঠিক ব্যৱহাৰৰ বাবে সাজু কৰি তুলিব লাগিব৷ তেতিয়াহে খাদ্যৰ বর্জিতৰ সমস্যাটো সমাধানৰ সম্ভাৱনা আছে৷

You might also like