নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশী সংবাদ মাধ্যমত চন্দ্রযান–৩ৰ সফলতাৰ জয়গান

ইতিহাস সৃষ্টিৰে ভাৰতে চন্দ্রৰ দক্ষিণ মেৰু পৃষ্ঠত যান অৱতৰণ কৰোৱাই বিশ্বৰ প্রথম দেশ হিচাপে এই সফলতা অর্জন কৰাৰ জয়গান বিদেশী সংবাদ মাধ্যমত ব্যাপক ৰূপত প্রচাৰ হৈছে৷ বিশ্বৰ প্রসিদ্ধ সংবাদ মাধ্যমত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোই প্রেৰণ কৰা চন্দ্রযান–৩ৰ বিক্রম লেণ্ডাৰে ২৩ আগষ্টৰ সন্ধিয়া ৬.০৪ বজাত সফলতাৰে অৱতৰণ কৰাৰ লগে লগে বিশ্বৰ প্রথম দেশ হিচাপে পৰিগণিত হয় ভাৰত৷ সমগ্র বিশ্বই ভাৰতৰ এই সফলতা পোনপটীয়া সম্প্রচাৰযোগে প্রত্যক্ষ কৰিবলৈ সক্ষম হয়৷ ভাৰতে চন্দ্রৰ দক্ষিণ মেৰু বিজয় উৎসৱ পালন কৰি থকাৰ সময়তে বিদেশী সংবাদ মাধ্যমসমূহতো চন্দ্রযান–৩ৰ সফলতাৰ জয়গান পৰিৱেশিত হৈছে৷ বিশ্বপ্রসিদ্ধ বাতৰিকাকত দ্য নিউয়র্ক টাইমছত ভাৰতৰ চন্দ্র বিজয়ক লৈ শিৰোনাম দিছে– শেহতীয়া চন্দ্র প্রতিযোগিতাত ভাৰতে চন্দ্রৰ দক্ষিণ মেৰুত প্রথম অৱতৰণ কৰিলে৷ এই শিৰোনামেৰে বাতৰি প্রকাশ কৰা নিউয়র্ক টাইমছত ভাৰতীয় জনগণে ৰাষ্ট্রৰ মহাকাশ কার্যসূচীক লৈ ইতিমধ্যে গৌৰৱান্বিত হৈছে বুলিও উল্লেখ কৰা হৈছে৷ আন দেশৰ তুলনাত কম ব্যয়ৰে চন্দ্র আৰু মঙলৰ কক্ষপথত কৃত্রিম উপগ্রহ প্রেৰণ কৰি সফলতা লাভ কৰাৰ পাছত চন্দ্রযান–৩য়ে দেশখনলৈ অধিক সফলতা কঢ়িয়াই আনিলে৷ প্রখ্যাত সংবাদ প্রতিষ্ঠান বিবিচিয়ে চন্দ্রযান–৩ক লৈ শিৰোনাম প্রকাশ কৰিছে এনেদৰে– চন্দ্রৰ দক্ষিণ মেৰুৰ সমীপত চন্দ্রযান–৩ অৱতৰণত ভাৰতে ইতিহাস সৃষ্টি কৰিলে৷ এই শিৰোনামেৰে প্রকাশিত বাতৰিটোত ভাৰত ঐতিহাসিক মুহূর্তৰে মহাকাশ মহাশক্তিৰ তালিকাত অন্তর্ভুক্ত হ’ল৷ ভাৰতে দ্বিতীয়বাৰতে চন্দ্রৰ দক্ষিণ মেৰুত যান অৱতৰণ কৰোৱাটো বৃহৎ সফলতা৷ চন্দ্রৰ বুকুত যান অৱতৰণ কৰোৱা আমেৰিকা যুক্তৰাষ্ট্র, ছোভিয়েট ইউনিয়ন আৰু চীনৰ পাছত চতুর্থখন দেশ ভাৰত৷
চন্দ্রত অৱতৰণেৰে ভাৰতে ইতিহাস সৃষ্টি কৰিলে শীর্ষক হৈছে প্রখ্যাত সংবাদ প্রতিষ্ঠান চিএনএনৰ৷ বাতৰিটোত ৰাছিয়াৰ লুনা–২৫ বিফল হোৱাৰ পাছত ভাৰতৰ অভিযান সফল হোৱাটো সবাতোকৈ গুৰুত্বপূর্ণ৷ আনপিনে ৱাশ্বিংটন প’ষ্টত শিৰোনাম দিয়া হৈছে চন্দ্রপৃষ্ঠত ভাৰতৰ মহাকাশ যানৰ মসৃণ অৱতৰণ৷ এই সফলতাই ১০০ কোটিতকৈও অধিক দেশবাসীক আনন্দিত কৰি তুলিছে৷ গ্রেট ব্রিটেইনস্থিত দ্য গার্ডিয়ানত শীর্ষক– চন্দ্রৰ দক্ষিণ মেৰুৰ সমীপত ইতিহাসত প্রথম ভাৰতৰ মহাকাশ যান অৱতৰণ৷ আল জাজিৰাত চন্দ্রযান–৩ৰ সফলতা সন্দর্ভত প্রকাশ পাইছে ‘ভাৰতৰ চন্দ্র অৱতৰণ চন্দ্রযান–৩য়ে মহাকাশত ইতিহাস ৰচিলে’ শীর্ষক সংবাদ৷ জার্মানীৰ দৈনিক বাতৰিকাকত ‘ডি ডব্লিউ’ত প্রকাশিত শিৰোনাম হৈছে ভাৰতৰ মহাকাশ যানে চন্দ্রৰ দক্ষিণ মেৰুত প্রথম অৱতৰণ কৰিলে৷ ইয়াৰ বাবে ভাৰতক অভিনন্দন৷ উল্লিখিত প্রসিদ্ধ সংবাদ প্রতিষ্ঠানত ভাৰতৰ চন্দ্রযান–৩ৰ সফলতাৰ জয়গান অতি গুৰুত্ব সহকাৰে প্রকাশ পোৱাৰ উপৰি বিশ্বৰ বিভিন্ন দেশতো প্রকাশ পাইছে৷ তাৎপর্যপূর্ণ যে চিৰবৈৰী চুবুৰীয়া ৰাষ্ট্র পাকিস্তানৰ বাতৰিকাকততো ভাৰতৰ মহাকাশ অভিযানৰ ঐতিহাসিক সফলতাক লৈ প্রথম পৃষ্ঠাত বাতৰি প্রকাশ পাইছে৷ পাকিস্তানৰ প্রখ্যাত সংবাদ প্রতিষ্ঠান ‘ডন’ত চন্দ্রৰ দক্ষিণ মেৰুত যান অৱতৰণেৰে ভাৰতে ইতিহাস গঢ়া বুলি প্রথম পৃষ্ঠাতেই প্রকাশ কৰিছে৷ ইপিনে দক্ষিণ আফ্রিকাৰ প্রখ্যাত বাতৰি কাকত ‘দ্য ষ্টাৰ’ত ভাৰতৰ সফলতাক লৈ প্রথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্রচাৰ কৰিছে৷ ব্রিকছ সন্মিলনৰ বাবে দক্ষিণ আফ্রিকাৰ জোহান্সবার্গত থকা ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তাৰ পৰাই ভার্চুৱেলী চন্দ্রযান–৩ৰ সফল অৱতৰণ প্রত্যক্ষ কৰি দেশবাসীক সম্বোধন কৰিছিল৷ দ্য ষ্টাৰত প্রকাশিত শিৰোনাম হৈছে ভাৰতৰ মোদী পৃথিৱীৰ বাহিৰলৈ ওলাই গ’ল৷ ইয়াৰ অর্থ হৈছে ভাৰতে পৃথিৱীৰ বাহিৰতো মহাকাশ প্রযুক্তিৰে ইতিহাস ৰচিলে৷

You might also like