অপৰাধ নিয়ন্ত্রণৰ সূত্র
অপৰাধীক কঠোৰ শাস্তি অবিহনে সমাজত শান্তিপূর্ণ বাতাৱৰণ সৃষ্টি কৰাটো সম্ভৱ নহয়৷ অপৰাধ তথা কূটাঘাতমূলক কার্যকলাপৰ জৰিয়তে সমাজত অশান্তিৰ বীজ ৰোপণ কৰা অপৰাধী চক্রৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি নোহোৱাৰ ফলত অপৰাধজনিত ঘটনা নিতৌ সংঘটিত হৈছে৷ অসমত উগ্রপন্থীৰ হিংসা–হত্যাকে ধৰি অপৰাধজনিত ঘটনা বিগত দুটা দশকৰ ভিতৰত ক্রমাগতভাৱে হ্রাস হৈছে৷ এয়া ৰাজ্যখনৰ আইন–শৃংখলা পৰিস্থিতিৰ বাবে শুভ লক্ষণ৷ কিন্তু একে সময়তে উদ্বেগজনকভাৱে বৃদ্ধি হৈছে হত্যা–অপহৰণকে ধৰি অপৰাধজনিত ঘটনা৷ বিশেষকৈ নাৰীজনিত অপৰাধ বৃদ্ধি হৈছে৷ উগ্রপন্থী হ্রাস হ’লেও সমাজত অপৰাধজনিত ঘটনা সংঘটিত কৰা অপৰাধীৰ সংখ্যা হ্রাস হোৱা নাই৷ ইয়াৰ মূলতে হ’ল অপৰাধী চক্রটোক ৰাজ্যৰ আৰক্ষী বিভাগে নিয়ন্ত্রণ কৰিবলৈ সক্ষম হোৱা নাই৷ ৰাজ্যখনৰ পৰা অপৰাধজনিত ঘটনা নির্মূল অথবা প্রতিৰোধ কৰিবলৈ হ’লে অপৰাধী চক্রটোক দৃষ্টান্তমূলক শাস্তি বিহিবই লাগিব৷ কিন্তু বাস্তৱত সেয়া হৈ উঠা নাই৷ অসমৰ বিভিন্ন স্থানত পঞ্জীভুক্ত হৈ থকা অপৰাধ গোচৰসমূহৰ সঠিক তদন্ত, অভিযোগনামা দাখিল, আদালতৰ বিচাৰ প্রক্রিয়াত সক্রিয় অংশগ্রহণৰ অভাৱতে অপৰাধী চক্রটোৱে দৃষ্টান্তমূলক শাস্তি লাভ নকৰে৷ অপৰাধী চক্রটোক বিভিন্ন উৎসৰ গুৰুত্বপূর্ণ দায়িত্বত থকা একাংশ লোকে সহায় কৰাৰ ঘটনাও নতুন নহয়৷ ফলত গুৰুতৰ অপৰাধত অভিযুক্ত হৈও কুখ্যাত অপৰাধীয়ে মুকলি আকাশৰ তলত থাকি পুনৰ অপৰাধজনিত ঘটনাত লিপ্ত হোৱাৰ অলেখ উদাহৰণ আছে৷ ৰাজ্যখনৰ বিভিন্ন থানাত পঞ্জীভুক্ত অপৰাধ গোচৰসমূহৰ তথ্য বিশ্লেষণ কৰিলেই এই কথা স্পষ্ট হয় যে প্রচলিত ব্যৱস্থাৰ জৰিয়তে অধিকাংশ অপৰাধীয়ে উপযুক্ত শাস্তি লাভ কৰা নাই৷ ২০১৬ চনত ৰাজ্যখনৰ বিভিন্ন থানাত পঞ্জীভূত ৪৯,১৫৯টা অপৰাধ গোচৰৰ অভিযোগনামা দাখিল কৰিছিল আৰক্ষীয়ে৷ ২০১৬ চনত অপৰাধ গোচৰসমূহত অভিযুক্ত ২২,২৯০জন লোক দোষমুক্ত হোৱাৰ বিপৰীতে ২,২০০জন লোকহে দোষী সাব্যস্ত হয়৷ অর্থাৎ অপৰাধ গোচৰত অভিযুক্ত ৯১.০২ শতাংশ লোক দোষমুক্ত হোৱাৰ বিপৰীতে আদালতত দোষী অভিযুক্ত হৈছে ৮.৯৬ শতাংশ অপৰাধী৷ একেদৰে ২০১৭ চনত অসমৰ অপৰাধ গোচৰৰ অভিযুক্ত ১৫,০৮৬গৰাকী দোষমুক্ত হোৱাৰ বিপৰীতে কাৰাদণ্ড লাভ কৰিছে ২,০৫৬গৰাকীয়ে৷ ২০১৮ চনত ৩০,৫১৫গৰাকী অভিযুক্ত অপৰাধীক দোষমুক্ত কৰাৰ বিপৰীতে ১,৯৬৮গৰাকী লোককহে কাৰাদণ্ড বিহা হৈছে৷ ২০১৮ চনত কাৰাদণ্ডৰে দণ্ডিত অপৰাধীৰ সংখ্যা ৬.০৬ শতাংশ৷ অর্থাৎ ২০১৮ চনত অপৰাধত অভিযুক্ত ৯৩.৯৪ শতাংশ লোকেই দোষমুক্ত হ’বলৈ সক্ষম হৈছে৷ অপৰাধ গোচৰসমূহৰ বিপৰীতে ২০১৯ চনত ৬.২৮ শতাংশ, ২০২০ত ৩.৬০ শতাংশ, ২০২১ত ৬.১৩ শতাংশ আৰু ২০২২ত ১৩.৪৮ শতাংশ অপৰাধীকহে কাৰাদণ্ড বিহা হৈছে৷ আৰক্ষীৰ সঠিক তদন্ত আৰু আদালতৰ বিচাৰ প্রক্রিয়াত যথোচিত তথ্য–প্রমাণ দাখিল কৰিবলৈ সক্ষম নোহোৱাৰ বাবেই গুৰুতৰ অপৰাধ সংঘটিত কৰা অপৰাধীয়ে লঘু শাস্তি লাভ কৰাৰ অভিযোগ আছে৷ এনে প্রক্রিয়া চলি থাকিলে সমাজৰ অপৰাধী চক্রটোক নিয়ন্ত্রণ কৰাটো কেতিয়াও সম্ভৱ নহয়৷
বঙাইগাঁৱত অনুষ্ঠিত চতুর্থ আৰক্ষী অধীক্ষকৰ দুদিনীয়া সন্মিলনৰ শেষত দেওবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে যে অসমত এবছৰৰ ভিতৰত অপৰাধজনিত ঘটনা ৫০ শতাংশ হ্রাস হৈছে৷ ২০২১ৰ ১০ মে’ত ৰাজ্যৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত ড০ শর্মাৰ কার্যকালত তুলনামূলকভাৱে অপৰাধজনিত ঘটনা কিছু পৰিমাণে হ্রাস হৈছে৷ ২০২১ চনত অসমত ১,১৮৪টা হত্যাকাণ্ড সংঘটিত হোৱাৰ বিপৰীতে ২০২২ত ১,০২৮টা হত্যাকাণ্ড হৈছে৷ একেদৰে ২০২১ত নাৰীজনিত অপৰাধৰ গোচৰ ২৯,০৪৬টাৰ বিপৰীতে ২০২২ত পঞ্জীভুক্ত গোচৰৰ সংখ্যা আছিল ১২,০৪৪টা৷ নাৰীজনিত অপহৰণৰ গোচৰ ২০২২ত আছিল ৫,৭৩৯টা৷ ২০২২ত হ্রাস হৈছিল ৩,৩০২টালৈ৷ ধর্ষণৰ গোচৰৰ সংখ্যাও এই সময়ছোৱাত ১,৯০২টাৰ পৰা ১,১৭৮টালৈ হ্রাস হৈছে৷ অপৰাধ গোচৰসমূহৰ নিয়ন্ত্রণৰ ধাৰা চলিত ২০২৩ বর্ষতো অব্যাহত আছে৷ কিন্তু ৰাজ্যখনত অপৰাধ নিয়ন্ত্রণৰ জৰিয়তে শান্তিপূর্ণ বাতাৱৰণ সৃষ্টিৰ বাবে ৰাজ্য চৰকাৰ তথা আৰক্ষী বিভাগৰ আৰু অধিক কৰণীয় আছে৷ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰিছে যে অপৰাধ গোচৰ অভিযুক্ত লোকক আদালতৰ মজিয়াত দোষী সাব্যস্ত কৰি শাস্তি প্রদান অবিহনে অপৰাধী চক্রক নিয়ন্ত্রণ কৰাটো সহজ নহয়৷ অভিযুক্তক দোষী সাব্যস্তকৰণ ৫.৬ শতাংশৰ পৰা ১৪ শতাংশলৈ বৃদ্ধি পোৱা বুলি মুখ্যমন্ত্রীগৰাকীয়ে ঘোষণা কৰিছে৷ কিন্তু এই পৰিসংখ্যা আৰু অধিক বৃদ্ধি হ’বই লাগিব৷ গুৰু দোষত কোনো অপৰাধীয়ে যাতে লঘু শাস্তি লাভ নকৰে, তাৰ প্রতিও সতর্ক হ’ব লাগিব আৰক্ষী তথা ৰাজ্য চৰকাৰ৷ অপৰাধীক আটক কৰিলেই আৰক্ষীৰ দায়িত্ব শেষ নহয়৷ গুৰুতৰ অপৰাধ সংঘটিত কৰা অপৰাধীয়ে গোচৰৰ বিচাৰ প্রক্রিয়াৰ সময়ত যাতে জামিনত মুক্ত হৈ কাৰাগাৰৰ পৰা ওলাই আহিব নোৱাৰে তাৰ বাবেও সতর্কতা গ্রহণ কৰিব লাগিব ৰাজ্য চৰকাৰে৷ এইক্ষেত্রত আৰক্ষী আৰু আইন গোটত নিয়োজিত লোকসকলৰ দায়িত্ব ন্যস্ত কৰাৰ ক্ষেত্রত কঠোৰ হ’ব লাগিব ৰাজ্য চৰকাৰ৷ ৰাজ্যখনত অপৰাধ নিয়ন্ত্রণ আৰু আৰক্ষী বিভাগক শক্তিশালী কৰাৰ বাবে বঙাইগাঁৱত অনুষ্ঠিত আৰক্ষী অধীক্ষক সন্মিলনত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ ৰাজ্যখনৰ ২৫০খন আৰক্ষী চকীক থানালৈ ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে৷ ফলত ৰাজ্যখনৰ আৰক্ষী থানাৰ সংখ্যা প্রায় ৬০০খনলৈ বৃদ্ধি হ’ব৷ আৰক্ষী চকীসমূহ থানালৈ ৰূপান্তৰ হোৱাৰ ফলত গোচৰ পঞ্জীয়নৰ ক্ষেত্রত সেই অঞ্চলসমূহৰ ৰাইজ উপকৃত হ’ব৷ আটাইতকৈ গুৰুত্বপূর্ণ বিষয়টো এয়ে যে আদালতসমূহত চলি থকা গুৰুতৰ অপৰাধৰ গোচৰসমূহৰ বিচাৰ প্রক্রিয়া পর্যবেক্ষণ কৰাৰ বাবে প্রতিখন থানাত একোজনকৈ আইনী পৰামর্শদাতা নিযুক্তিৰ বাবে গ্রহণ কৰা সিদ্ধান্ত৷ এনে ব্যৱস্থাই নিশ্চিতভাৱে আদালতৰ মজিয়াত দোষী সাব্যস্তকৰণৰ সংখ্যা বৃদ্ধি কৰিব৷ অসম আৰক্ষীত খালী হৈ থকা পদসমূহ অহা ১ এপ্রিলৰ ভিতৰত পূৰণ কৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে ঘোষণা কৰিছে৷ মাথোঁ আৰক্ষী বিভাগতে নহয়, ৰাজ্যখনৰ আদালতসমূহত খালী হৈ থকা বিচাৰপতিকে ধৰি অন্যান্য পদ পূৰণৰ ক্ষেত্রতো গুৰুত্ব দিয়া হৈছে৷ এনে ব্যৱস্থাই বিলম্ব বিচাৰ প্রক্রিয়াৰ সমস্যা দূৰ কৰাৰ উপৰি ৰাজ্যখনৰ অপৰাধ নিয়ন্ত্রণত সহায় কৰিব৷