চাৰিটা বছৰ
সাধাৰণ দৃষ্টিত এখন চৰকাৰৰ সফলতা নির্ভৰ কৰে সংশ্লিষ্ট চৰকাৰখনে তেওঁলোকৰ শাসনকালত ৰাজ্যখনৰ কি পর্যায়ৰ বিকাশ সাধন কৰিব পাৰিছে, শান্তি–শৃংখলা কেনেদৰে বজাই ৰাখিছে, সংস্থাপনৰ বাবে কি কি সুযোগৰ সৃষ্টি কৰিছে আৰু অনুন্নত–পিছপৰা শ্রেণীৰ উন্নতিৰ বাবে কেনে পদক্ষেপ গ্রহণ কৰিছে, সেই কথাৰ ওপৰতে ৷ ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি–মিত্রজোঁটৰ চৰকাৰখনে চাৰিটা বছৰ সম্পূর্ণ কৰাৰ সময়ত উল্লেখিত কাৰকসমূহে চৰকাৰখনৰ সফলতাৰ মাপকাঠী নির্ণয় কৰিব৷ ড০ শর্মা চৰকাৰৰ সকলোতকৈ উল্লেখযোগ্য সফলতাটোৱেই হ’ল– সংস্থাপনৰ বহু সুযোগ সৃষ্টি আৰু স্বচ্ছ–নিকা নিযুক্তি৷ এই মিত্রজোঁটৰ চৰকাৰখনে দায়িত্বভাৰ লোৱাৰ পূর্বে অসমত এনে এক বাতাৱৰণৰ সৃষ্টি হৈছিল যে উপঢৌকন অবিহনে কোনো চৰকাৰী চাকৰিত নিযুক্তি পোৱাটো অসম্ভৱ৷ প্রয়োজনীয় মেধা আৰু দক্ষতা থকাৰ পাছতো কেৱল উপঢৌকন দিব নোৱাৰাৰ বাবেই যোগ্যতা থকা প্রার্থীও চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰাৰ পৰা নিদাৰুণভাৱে বঞ্চিত হৈছিল৷ ড০ শর্মা চৰকাৰে যোৱা চাৰিটা বছৰে এই প্রচলিত ধাৰণা তথা সত্যক ভাঙি চূৰমাৰ কৰি দিছে আৰু কোনোধৰণৰ উপঢৌকন নিদিয়াকৈ একমাত্র দক্ষতা আৰু যোগ্যতাৰ বলতে চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰাটো সম্ভৱপৰ বাস্তৱ কৰি তুলিছে৷ এতিয়া এনে এক পৰিৱেশৰ সৃষ্টি হৈছে যে যিকোনো চাকৰি প্রার্থীয়ে মনত কোনোধৰণৰ শংকা তথা দুর্ভাৱনা নৰখাকৈ নিযুক্তি পৰীক্ষাত নিঃসংকোচে অৱতীর্ণ হৈ কাংক্ষিত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে৷ এটা টকাও ঘোচ নিদিয়াকৈ অসমৰ দৰে ৰাজ্য এখনত চৰকাৰী চাকৰি লাভ কৰিব পৰাটো এজন চাকৰি প্রার্থীৰ বাবে কেনে প্রকাৰৰ সকাহ সেয়া চাকৰি প্রার্থীগৰাকী আৰু তেওঁৰ পৰিয়ালেহে হূদয়ংগম কৰিব পাৰে৷ ড০ শর্মা চৰকাৰে চাকৰি প্রার্থীৰ বাবে এনে স্বস্তি সৃষ্টি কৰাই নহয়, বিগত চাৰিটা বছৰত অভিলেখসংখ্যক চৰকাৰী নিযুক্তিও সম্পাদন কৰিছে৷ ইতিমধ্যে প্রায় ডেৰ লক্ষ নিযুক্তি দিবলৈ সক্ষম হৈছে ড০ শর্মা চৰকাৰে৷ আৰু এই ডেৰ লক্ষ নিযুক্তিত এবাৰলৈও অনিয়ম তথা উপঢৌকন আদায় দিয়াৰ অভিযোগ উঠা নাই৷ স্বাভাৱিকতে ড০ শর্মা চৰকাৰৰ এয়া সকলোতকৈ ডাঙৰ সফলতা আৰু প্রাপ্তি৷
নাগৰিকৰ সু–স্বাস্থ্যই এখন স্বাস্থ্যৱান চৰকাৰৰ সফলতাৰ অন্য এক মাপকাঠী৷ ড০ শর্মা চৰকাৰে এসময়ত দুৰূহ চিকিৎসা সেৱা লাভৰ অব্যৱস্থাক সহজ–সুলভ চিকিৎসা লাভৰ ব্যৱস্থালৈ পৰিৱর্তিত কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যৰ প্রতিখন জিলাত এখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে লোৱা উদ্যোগ স্বাস্থ্যখণ্ডৰ বাবে এক সুদূৰপ্রসাৰী চিত্তাকর্ষক পদক্ষেপ৷ এতিয়া উন্নতমানৰ চিকিৎসাৰ বাবে কেৱল গুৱাহাটী নির্ভৰ নোহোৱাৰ এক পৰিৱেশৰ সৃষ্টি হৈছে৷ ডাঙৰ নগৰৰ লগতে মফচলীয় চহৰতো চৰকাৰী চিকিৎসা পোৱা সুলভ হৈছে৷ স্বাস্থ্যখণ্ডৰ সমান্তৰালভাৱে যাতায়াত খণ্ডত ড০ শর্মা চৰকাৰে যোৱা চাৰিটা বছৰত লোৱা আঁচনি আৰু পদক্ষেপে ৰাজ্যখনৰ পৰিবহণ সুচলতা সচ্ছল কৰি তুলিছে৷ বাট–পথৰ ব্যৱস্থা বহু উন্নত হোৱাৰ উপৰি প্রয়োজনীয় স্থানত দলং নির্মাণত নাগৰিকৰ ভ্রমণ সুচল আৰু আৰামদায়ক হৈ পৰিছে৷ প্রধান প্রধান চহৰসমূহত উৰণ সেতু নির্মাণেৰে যান–জঁট সমস্যাৰ পৰা ৰাজ্যবাসীক বহুলাংশে সকাহ দি সময় অপচয় ৰোধ কৰাত সফলকাম হৈছে৷ পথ যোগাযোগৰ কেইবাখনো বৃহৎ আঁচনি ইতিমধ্যে ৰূপায়ণ কৰাৰ সমান্তৰালকৈ গুৱাহাটী–জাগীৰোড, কাজিৰঙা ইলেভেটেড কৰিড’ৰ, বৰাপানী–পাঁচগ্রাম গ্রীনফিল্ড এক্সপ্রেছ হাইৱে’ নির্মাণৰ বাবেও লোৱা পদক্ষেপে অসমৰ যাতায়াত ব্যৱস্থাৰ ৰূপৰেখাই সলনি কৰি দিব৷ ড০ শর্মা চৰকাৰৰ এক উল্লেখনীয় পদক্ষেপ হ’ল অনুন্নত চাহ জনগোষ্ঠী আৰু জনজাতিসকলৰ বিকাশৰ বাবে লোৱা সু–চিন্তিত আঁচনি৷ বিশেষকৈ চাহ সম্প্রদায়ৰ শিক্ষা আৰু আর্থিক উন্নয়নৰ বাবে লোৱা আঁচনিয়ে অদূৰ ভৱিষ্যতে সম্প্রদায়টোক এক উন্নত সম্প্রদায় হিচাপে গঢ় দিয়াৰ ভেটি গঢ়িব৷ সমান্তৰালভাৱে ড০ শর্মা চৰকাৰে অসমৰ মহিলা আৰু যুৱতীসকলৰ উন্নয়নৰ বাবে লোৱা পদক্ষেপ ইতিমধ্যে চৰকাৰখনৰ এক মাইলষ্টোন হিচাপে চিহ্ণিত হৈছে৷ গ্রাম্য মহিলাৰ আর্থিক স্বাৱলম্বিতা আৰু সংস্থাপন সৃষ্টিৰ বাবে চৰকাৰে লোৱা ব্যৱস্থাই কেৱল মহিলাসকলৰ মুখত হাঁহি বিৰিঙোৱাই নহয়, ৰাজ্যখনৰ সামগ্রিক উন্নয়নতো প্রভূত বৰঙণি যোগোৱাৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে৷