নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনসেৱাৰ নামত প্রৱঞ্চনা

জনসেৱাৰ নামত ৰাজনৈতিক ক্ষেত্রখন ক্রমাগতভাৱে কলুষিত হৈছে৷ দেশৰ গণতান্ত্রিক ব্যৱস্থাত ৰাজনৈতিক দলৰ বিশেষ ভূমিকা আছে৷ সাম্প্রতিক ৰাজনীতিক লৈ সর্বসাধাৰণ ৰাইজৰ মাজত সৃষ্টি হোৱা ক্ষোভ আৰু হতাশাৰ মূলতেই হ’ল একাংশ জননেতাৰ কর্মকাণ্ড৷ জনসেৱাৰ নামত সৰ্বস্ব উজাৰি দিয়াৰ প্রতিশ্রুতিৰে সংসদ অথবা বিধানসভালৈ নির্বাচিত হোৱা জনপ্রতিনিধিৰ আচৰণ আৰু কর্মকাণ্ডক লৈ সর্বসাধাৰণ লোকৰ মাজত বিতৃষ্ণা জাগি উঠিছে৷ শেহতীয়াকৈ ৰাজ্যখনৰ কেইবাজনো বিধায়কৰ বিতর্কিত কাণ্ডক লৈ তীব্র বিতর্কৰ সৃষ্টি হৈছে৷ বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুর্মী, চিপিএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু এআইইউডিএফৰ বিধায়ক চামচুল হুদা, কংগ্রেছ বিধায়ক নুৰুল হুদা আদিৰ শেহতীয়া কাণ্ডক লৈ ৰাজ্যৰ ৰাজনীতিৰ অধঃপতনৰ ৰূপ স্পষ্ট হৈছে৷ অসম বিধানসভাৰ বাজেট অধিৱেশনত বিজেপিৰ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে বিৰোধী পক্ষৰ দুজন বিধায়কক খেদি গৈ কৰা অভব্য আচৰণে বিতর্কৰ সৃষ্টি কৰিছে৷ ৰূপজ্যোতি কুর্মী মৰিয়নি সমষ্টিৰ বিধায়ক৷ ১৯৯১ত দ্বিতীয়বাৰৰ বাবে হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত কংগ্রেছ নেতৃত্বাধীন চৰকাৰে কার্যভাৰ গ্রহণ কৰাৰ পিছত মন্ত্রীসভাত স্থান লাভ কৰিছিল ৰূপজ্যোতি কুর্মীৰ মাতৃ ৰূপম কুর্মীয়ে৷ মাতৃৰ বিয়োগৰ পিছতেই যুৱ অৱস্থাতে ৰাজনীতিলৈ অহা ৰূপজ্যোতি কুর্মীয়ে মৰিয়নি সমষ্টিৰ পৰা একেৰাহে ৫ বাৰ নির্বাচিত হৈছে৷ কংগ্রেছৰ বিধায়কৰূপে নির্বাচিত ৰূপজ্যোতি কুর্মীয়ে বিজেপিত যোগদান কৰাৰ পিছতো সমষ্টিটোত বিজয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে৷ এটা সমষ্টিৰ পৰা একেৰাহে চাৰি–পাঁচবাৰ জয়ী হৈ অহাটো কোনো এজন নেতাৰ বাবে সহজ কথা নহয়৷ নির্বাচনৰ ভোটগ্রহণ কেন্দ্রত লাইন পাতি নিজৰ জনপ্রতিনিধিগৰাকীক নির্বাচন কৰে প্রতিটো সমষ্টিৰ ভোটদাতাই৷ সমষ্টিটোৰ অধিকাংশ লোকে পছন্দ কৰা প্রার্থীজনেই নির্বাচিত হয় বিধায়ক অথবা সাংসদৰূপে৷ ৰূপজ্যোতি কুর্মীৰ ধাৰাবাহিক জয়ৰ অন্তৰালত সমষ্টিটোৰ ভোটদাতাৰ সমর্থন স্পষ্ট৷ কিন্তু সামাজিক জীৱনত ৰূপজ্যোতি কুর্মীৰ আচৰণক লৈ সঘনে বিতর্কৰ সৃষ্টি হয়৷ বিধায়কজনে এনে বিতর্ক নিজেই সৃষ্টি কৰে নে নকৰে তাক লৈ প্রশ্ণৰ উদয় হৈছে৷ বিধানসভাৰ মজিয়াত ৰূপজ্যোতি কুর্মীয়ে বিৰোধী পক্ষৰ বিধায়কক খেদি যোৱা ঘটনা নিশ্চিতভাৱে সংসদীয় গণতন্ত্রৰ বাবে আপত্তিজনক আৰু বিপজ্জনক ঘটনা৷ বিধানসভাত শাসক–বিৰোধী দলৰ মাজত যুক্তি–তর্ক অথবা বাদ–বিবাদ স্বাভাৱিক ঘটনা৷ কিন্তু বিৰোধীৰ আক্রমণক যুক্তিৰে প্রতিহত নকৰি নিজ আসনৰ পৰা খেদি যোৱাটো সংসদীয় গণতন্ত্রৰ পৰিপন্থী ঘটনা৷ সংসদীয় ব্যৱস্থাৰ প্রতি আশাপ্রদ বার্তা এয়ে যে ৰূপজ্যোতি কুর্মীৰ এনে অভব্য আচৰণক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সমর্থন কৰা নাই৷ মুখ্যমন্ত্রী আৰু দলৰ সভাপতিগৰাকীৰ স্থিতিৰ পিছত বিধায়ক ৰূপজ্যোতি কুর্মীয়ে বিধানসভাত সংঘটিত কাণ্ডৰ বাবে মার্জনা বিচাৰিছে৷ ৰূপজ্যোতি কুর্মী কাণ্ডৰ প্রতিবাদৰ নামত ২৪ মার্চত বিধানসভা চৌহদত সংঘটিত হৈছে নজিৰবিহীন ঘটনা৷ বিধায়ক নুৰুল হুদা প্রমুখ্যে কংগ্রেছৰ একাংশ বিধায়কে প্রতিবাদৰ নামত বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ ওপৰত আক্রমণ চলাইছে৷ এই আক্রমণত আহত উপাধ্যক্ষজনে দিছপুৰ আৰক্ষী থানাত গোচৰ তৰিছে৷ যদিহে বিধানসভা চৌহদতে উপাধ্যক্ষগৰাকী সুৰক্ষিত নহয় তেন্তে গণতন্ত্রৰ ভৱিষ্যতক লৈও প্রশ্ণৰ উদয় হৈছে৷
শেহতীয়াকৈ বিতর্কৰ চাকনৈয়াত সোমাইছে সৰভোগ সমষ্টিৰ চিপিএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ৷ ‘হেভী এমাউণ্ট’ দাবী কৰি বামপন্থী বিধায়কজনে এজন ব্যৱসায়ীৰ স’তে ফোনযোগে হোৱা বার্তালাপ সংবাদ মাধ্যমত প্রচাৰ হোৱাৰ পিছতে ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছে৷ বুজন পৰিমাণৰ ধন দাবী যিদৰে কৰা হৈছে সেয়া উগ্রপন্থী সংগঠনৰ নেতাৰ দৰে হৈছে৷ এজন জনপ্রতিনিধিৰ এনে ধৰণৰ ধনদাবীক এক সাধাৰণ ঘটনাৰূপে অভিহিত কৰিব নোৱাৰি৷ এয়া নিশ্চিতভাৱে গুৰুতৰ অপৰাধ৷ তাতে আকৌ জনপ্রতিনিধিজন সর্বহাৰাৰ হকে ৰাজনীতি কৰা বুলি দাবী কৰা চিপিএমৰ বিধায়ক৷ বিগত প্রায় দুটা দশকত ৰাজ্যখনৰ বামপন্থী ৰাজনীতিৰ পতন চলিছে৷ তিনি দশক পূর্বে ৰাজ্যৰ ৰাজনীতিত বামপন্থীয়ে বিশেষ প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ ৰাজ্যখনত বামপন্থাৰ বিপর্যয়ৰ মাজতো বিধানসভালৈ প্রথমবাৰৰ বাবে নির্বাচিত চিপিএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সাম্প্রতিক অধঃপতিত ৰাজনীতিৰ পৰা বিচ্ছিন্ন ঘটনা ৰূপে অভিহিত কৰিব নোৱাৰি৷ এই বার্তালাপক অস্বীকাৰ কৰিলেও বামপন্থী বিধায়কজনে চালে–বেৰে কোৱোৱা বক্তব্যই তেওঁৰ ওপৰত সন্দেহ অধিক ঘনীভূত কৰিছে৷ বিধায়কজনে স্পষ্টভাৱে কৈছে – ৰাজনৈতিক দলে চান্দা সংগ্রহ কৰাটো অপৰাধ হ’ব নোৱাৰে৷’, ‘ফোন কল সঁচা বুলি প্রমাণ হ’লে কিডাল হ’ব?’ এনে বক্তব্যৰ জৰিয়তে বামপন্থী বিধায়কজনে কি নীতি–আদর্শ বিয়পাব বিচাৰিছে তাক লৈও প্রশ্ণৰ উদয় হোৱাটো স্বাভাৱিক৷ মুখ্যমন্ত্রী ড০ শর্মাই স্পষ্টভাৱে কৈছে যে সংবাদ মাধ্যমত প্রচাৰ হোৱা বিধায়কজনৰ কণ্ঠস্বৰ পৰীক্ষা ১০ মিনিটতেই কৰিব পৰা যাব৷ বিধায়কজনৰ বিৰুদ্ধে বিধানসভাত ভর্ৎসনা প্রস্তাৱ উত্থাপনৰ পোষকতা কৰিছে সাংসদ তথা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই৷ লক্ষণীয়ভাৱে ধন দাবীৰ বিস্ফোৰক বার্তালাপৰ অডিঅ’ক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হ’লেও বামপন্থী বিধায়কজনে তিনিদিন ধৰি কোনো গোচৰ তৰা নাই৷ এয়া নীতিহীন ৰাজনীতিৰে এক অংশৰূপে অভিহিত কৰিব পাৰি৷ বিজেপি বিধায়ক মানৱ ডেকাৰ প্রস্তাৱ মর্মে বামপন্থী নেতাজনৰ ধন দাবীৰ বিস্ফোৰক বার্তালাভ কাণ্ডৰ অনুসন্ধানৰ বাবে বিধানসভাৰ এথিক্স সমিতিলৈ প্রেৰণ কৰা হৈছে৷ বিলাসীপাৰাৰ এটি আধাৰশিলা অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ গৈ এআইইউডিএফৰ বিধায়ক চামচুল হুদাই এজন লোকক ৰাজহুৱা স্থানত যিদৰে আক্রমণ কৰিলে তাক লৈও সৰৱ চর্চা হৈছে৷ বিধায়কজনে যিদৰে ৰাজহুৱা স্থানত এজন লোকক আক্রমণ কৰিলে সেয়া নিশ্চিতভাৱে গৰিহণাদায়ক৷ কিন্তু নিগৃহীত লোকজনে থানাত এজাহাৰ দাখিল কৰাৰ পিছতো আক্রমণকাৰী বিধায়কজনৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ নিজৰ কুকর্মৰ বাবে ক্ষমা বিচাৰিলেও ৰাজহুৱা স্থানত এনে আক্রমণ সংঘটিত কৰা বিধায়কজনৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰা উচিত৷ ৰাজহুৱা স্থানত এনে কাণ্ড সংঘটিত কৰা লোকজন যদি সাধাৰণ শ্রেণীৰ নাগৰিক হ’লহেঁতেন তেন্তে তেওঁ আৰক্ষীৰ জিম্মাত আৰু ৰঙাঘৰত থাকিব লাগিলহেঁতেন৷ যদিহে বিধায়ক হোৱাৰ বাবেই আক্রমণকাৰী চামচুল হুদাক ৰেহাই দিয়া হয় তেন্তে আমাৰ প্রচলিত আইন ব্যৱস্থাৰ প্রতিয়ে নহয় সাম্প্রতিক ৰাজনীতিৰ প্রতিও জনগণ বিতশ্রদ্ধ হ’ব৷ এইক্ষেত্রত সংশ্লিষ্ট পক্ষ সজাগ হোৱা উচিত৷

You might also like