চৰকাৰ আৰু পুথিভঁৰাল
অসমৰ বিভিন্ন ক্ষেত্রৰ উন্নতিৰ বাবে চৰকাৰে যোৱা কেইবাদিনত ভালেমান আঁচনি ঘোষণা কৰিছে আৰু সন্দেহ নাই, সঠিকভাৱে ৰূপায়িত হ’লে সেই আঁচনিবোৰে দীর্ঘম্যাদী সফলতা কঢ়িয়াই আনিব৷ এই জনকল্যাণমূলক আঁচনিবোৰৰ কথা চিন্তা কৰি থাকোঁতে পঢ়া–শুনাৰ প্রতি আগ্রহ থকা কোনোবা বিষয়া বা মন্ত্রী–বিধায়কে অসমৰ পুথিভঁৰালবোৰৰ উন্নতিৰ কথাও চিন্তা কৰাটো উচিত আছিল যদিও তেনে চিন্তা কাৰো চকুত পৰা নাই৷ কোনোবা অতীতত কোনোবা অধ্যয়নপ্রেমী বিষয়া বা মন্ত্রীৰ পৰিকল্পনাতেই অসম চৰকাৰে পুথিভঁৰালৰ কথাটো গভীৰভাৱে চিন্তা কৰিছিল আৰু তাৰ ফলতেই অসমৰ প্রতিখন জিলাতেই জিলা পুথিভঁৰাল আৰু মহকুমাত মহকুমা পুথিভঁৰালৰ জন্ম হৈছিল৷ সেই দূৰদর্শী ব্যক্তিৰ চিন্তাৰ বাবেই প্রতিটো জিলা পুথিভঁৰালৰ স’তে একোটা প্রেক্ষাগৃহও পোৱা গৈছিল৷ সময়ৰ লগে লগে এই পুথিভঁৰালবোৰৰ কোনো বিকাশ নঘটিল, লাহে লাহে উপযুক্ত পৰিপুষ্টিৰ অভাৱত এইবোৰৰ চেহেৰা নিশকতীয়া হৈ পৰিল৷ সমগ্র বিশ্বতে যেতিয়া জ্ঞানৰ আৰাধনাই অগ্রাধিকাৰ পাইছে, তেনে সময়ত অসমৰ বিদ্যামন্দিৰবোৰলৈ নামি আহিছে কালৰাত্রিৰ অন্ধকাৰ৷ বিগত চাৰিটামান দশকত এই চৰকাৰী পুথিভঁৰালবোৰৰ শ্রীবৃদ্ধিৰ বাবে কোনোধৰণৰ চিন্তাই কৰা নহ’ল৷ কলেজ–বিশ্ববিদ্যালয়্ পৰা আহি পোনে পোনে শাসনৰ গাদীত বহা চৰকাৰৰ দিনতে অসমত মদৰ দোকানৰ বানপানী হ’ল, কিন্তু পুথিভঁৰালৰ কথা কোনেও চিন্তা নকৰিলে৷ সংস্কৃতিৱান বিষয়াৰ পৰিচালনাত পুথিভঁৰালৰ বাবে কিতাপ কিনা কামটোত কমিছনৰ ৰেট বান্ধি দিয়াৰ ব্যৱস্থাহে কৰা হ’ল৷ অতি দুখ আৰু পৰিতাপৰ কথা, এখন কল্যাণকামী ৰাজ্যৰ চৰকাৰে নাগৰিকৰ বাবে অতিকৈ প্রয়োজনীয় বৌদ্ধিক দিশটোৰ কথা অকণো গুৰুত্বসহকাৰে লোৱা নাই৷ তুচ্ছাতিতুচ্ছ কথাত ব্যস্ত থকা সংবাদ মাধ্যমৰো এই দিশত কোনো আগ্রহ নাই৷ সংবাদ মাধ্যমৰ বাবে একোটা পুথিভঁৰালৰ যি প্রয়োজন, সেয়া হয়তো তেওঁলোকৰ কার্যালয়ৰ লগতে আছে বাবেই ৰাজহুৱা পুথিভঁৰালৰ কথা মনলৈ অহা নাই৷ ভগা দলঙৰ কথা সংবাদ মাধ্যমত ঠিকেই প্রকাশ পায়, কিন্তু অযত্নপালিত পুথিভঁৰালৰ কথা সংবাদ হোৱাৰ কোনো পৰিৱেশ আমাৰ ইয়াত নাই৷
পাঁচ দশকৰ আগত পুথিভঁৰালৰ যি ধাৰণা আছিল, আজি তাৰ পৰিৱর্তন ঘটিছে৷ এই একবিংশ শতিকাত পুথিভঁৰালৰ প্রয়োজনৰ চৰিত্রও সলনি হৈছে৷ এতিয়া বিশেষকৈ শিক্ষিত নাগৰিকসকলে অনুভৱ কৰিছে যে সৰু–ডাঙৰ সকলো নগৰীয়া অঞ্চলতে তেওঁলোকৰ বাবে কোনোধৰণৰ ৰাজহুৱা ঠাই নাই, য’ত তেওঁলোকে মানসিক জিৰণিৰ সুবিধা লাভ কৰিব পাৰে৷ এতিয়া দুই দণ্ড থিয় হ’ব পৰা ৰাজহুৱা মুকলি ঠাই মানে শ্বপিং মলৰ সন্মুখ অথবা দামী ৰেস্তোৰাঁৰ চুক৷ কিন্তু মানসিক বিকাশৰ বাবে সেই ঠাই উপযুক্ত নহয়৷ কিন্তু এই উপযুক্ত ঠাইৰ ব্যৱস্থা কৰাটো চৰকাৰৰ কাম৷ যদি অলপ পৰিকল্পনাৰে চৰকাৰে পুথিভঁৰালবোৰৰ কথা ভাবে, তেনেহ’লে অসমৰ প্রতিখন মহকুমা–জিলা সদৰতে নাগৰিকৰ বাবে মানসিক জিৰণিৰ ঠাই ওলাব আৰু প্রতিখন চহৰেই বৌদ্ধিকভাৱে আগবাঢ়ি যোৱাৰ এটি সমল পাব৷ এতিয়া অসমৰ যিবোৰ চৰকাৰী পুথিভঁৰাল আছে, প্রায় আটাইবোৰেই পুৰণি কিতাপৰ লেতেৰা গুদাম আৰু সেইবোৰৰ মাজত কম পোহৰত কিতাপ পঢ়াৰ ব্যৱস্থা৷ এই পৰিৱেশত কোনেও ভালদৰে পঢ়িব নোৱাৰে৷ কিতাপ এখন পঢ়িবলৈ কিমান পোহৰ আৰু কিমান সুবিধা লাগে, সেই কথাটোৰ প্রতি মনোযোগ নিদিয়াকৈয়ে অসম চৰকাৰৰ পুথিভঁৰাল সঞ্চালকালয় চলি আছে৷ একবিংশ শতিকাৰ পুথিভঁৰাল হ’ব লাগে বহু সময়ৰ বাবে খোলা থকা, যাতে বিভিন্ন ক্ষেত্রত থকা নাগৰিকেও নিজৰ অৱসৰ সময়ত পুথিভঁৰালৰ সুবিধা গ্রহণ কৰিব পাৰে, পাঠকসকলে যাতে ভালদৰে বহি উপযুক্ত পোহৰত পঢ়িব পাৰে, কিতাপৰ অংশ ফটোষ্টেট বা স্কেন কৰি নিয়াৰ সুবিধা যাতে পুথিভঁৰালটোতে পাব পাৰে, পুথিভঁৰালটোত যাতে হাইস্পীড ইণ্টাৰনেটৰ সুবিধা থাকে আৰু কিতাপ নপঢ়াসকলৰ বাবে যাতে বহিব পৰাকৈ অলপ মুকলি ব্যৱস্থা থাকে৷ এই সুবিধাবোৰ বিনামূলীয়াকৈ কৰাৰ কোনো প্রশ্ণ নাই আৰু নাগৰিকেও নিবিচাৰে, কিন্তু সুবিধাবোৰ সকলোৰে বাবে প্রয়োজনীয়৷ জিলা পুথিভঁৰালৰ লগত থকা প্রেক্ষাগৃহবোৰ উপযুক্তভাৱে মেৰামতি কৰিলে সেইবোৰ চহৰখনৰ সাংস্কৃতিক কেন্দ্রলৈ সহজে ৰূপান্তৰিত হ’ব৷ তাৰ বাবে লাগে চৰকাৰী সদিচ্ছা আৰু দায়িত্ববোধ থকা বিষয়াৰ আন্তৰিকতা৷ অসমৰ এটা প্রজন্মৰ বৌদ্ধিক বিকাশ আৰু নাগৰিকসকলৰ মানসিক পুষ্টিৰ কথা ভাবি চৰকাৰে পুথিভঁৰালৰ আধুনিকীকৰণত মনোযোগ দিয়া উচিত৷ এয়া সময়ৰ দাবী৷