নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অ’ মুৰ আপুনাৰ দে’খ্’

অলপ দিনৰ আগেয়ে এগৰাকী শুভাকাংক্ষী লোকে মোলৈ এটা ভি(ৱি)ডিঔ পঠাইছিল৷ ভিডিঔটো আছিল জনদিয়েক বাদকে গাত (অসমীয়াৰ জাতীয় পোছাক) একোটাকৈ গেঞ্জি পিন্ধি কান্ধত গামোচা লৈ বিভিন্ন বাদ্য যন্ত্রৰ লহৰেৰে পৰিৱেশন কৰা এটা সাংগীতিক লয়ৰ৷ জিনিছটো দৃশ্য–শ্রৱ্য হ’লেও, তাত শ্রৱণৰ বাবে একো গীত নাছিল আছিল এটি গীতৰ সুৰৰ তাল মাথোন৷ মই কি ক’বলৈ বিচাৰিছোঁ, পাঠকে বুজিবলৈ এতিয়ালৈ নিশ্চয় বাকী নাই এনেয়েও, প্রথমতে শিৰোনামটো দেখিছেই৷ বহুতো পাঠকে নিশ্চয় নিজেও জিনিছটো পাইছে ঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা যিটো গীত অসমৰ জাতীয় সংগীত ৰূপে গৃহীত হৈছে, তাৰে বাদ্য সংগীত, ‘ইন্স্ট্রুমে’ণ্ট্ল্ মূ্যযিক্’৷ গীতটোৰ নাম আছিল– অ’ মোৰ আপোনাৰ দেশ– আটায়ে জনা কথা৷ পিচে, বেজবৰুৱা আকৌ, ‘সাহিত্যৰথী’ৰ উপৰি আৰু এটা অভিধাৰেও জনাজাত ঃ ‘ৰসৰাজ’৷ সম্ভৱতঃ, সেইফেৰা অভিধাৰ প্রতি সন্মান জনায়েই, উল্লিখিত বাদ্য সংগীত জিনিছটোৰ মহান স্রষ্টাসকলে, নাওমান ৰস সৃষ্টি কৰি চিন্তাক্লিষ্ট, যন্ত্রণাক্লিষ্ট, বাংলাক্রান্ত, ক’ভিডাক্রান্ত খাৰখোৱাগণক এখুদমান হ’লেও হৰিষ দিয়াৰ মানসেৰেই তাৰ নাম দিলে,– (এবাৰ ওপৰলৈ চাওকচোন) – অ’ মুৰ আপুনাৰ দে’খ্– সংগীতফেৰাৰ ভিডিঔটোৰ নাম লিখা হৈছে ৰৌমান হৰফত৷ ভাল কথা মোৰ তিলমানো আপত্তি নাই থকাৰ কাৰণো নাই,– অসমীয়া ভাষা জগত সভালৈ যাব কিন্তু কেনেকৈ? কি ৰূপে, কি সাজে? চাওক–O MUR (MOR) APUNAR (AAPONAAR) DEKH (DEX/DESH) এইটো এটা সুকীয়া কথা যে অসমীয়া তথা অন্যান্য ভাৰতীয় ভাষাৰ ‘আ’ ধ্বনিটো স্পষ্টকৈ বুজাবৰ বাবে মই ৰৌমান/ইংৰাজী লিপিত স্থান বিশেষে ডাব্ল্A AA) ব্যৱহাৰৰ পোষকতা কৰোঁ৷ এইটোও সুকীয়া কথা যে অসমীয়া ভাষাৰ উচ্চাৰণত শ, ষ আৰু স–ৰ সার্বজনীন ধ্বনিকেইটাৰ বিপৰীতে বিশিষ্ট ব্যতিক্রমী ‘অসমীয়া’ ধ্বনিটো বুজাবৰ বাবে ৰৌমান লিপিৰ-X- আখৰটোৰ ব্যৱহাৰ বেছিভাগ অনা–সমীয়া তথা অ–ভাৰতীয় লোকৰ বাবে সহজবোধ্য নহয়৷ কিন্তু অসমীয়াৰ ৰৌমান/ইংৰাজী লিপ্যন্তৰকৰণত শ, ষ আৰু স–ৰ বাবেX eks)ৰ ব্যৱহাৰত বিশেষ উদ্যোগ লোৱা শ্রীযুত ধীৰেন্দ্র নাথ বেজবৰুৱাৰ মতে, পৃথিৱীৰ কেইবাটাও ভাষাত শ–ষ–সৰ অসমীয়া ধ্বনিটোৰ দৰে প্রায় একেটা ধ্বনি আছে যিটো বুজাবৰ বাবেX টো ব্যৱহাৰ কৰা হয়৷ সি যি কি নহওক, আলোচিত বাদ্য সংগীতৰ ভিডিঔটোৰ নামটোতDEX বুলি নিলিখিলেও, প্রায় সকলো ভাৰতীয় ভাষাত থকা ‘দেশ্’–টো ৰৌ/ইং লিপিত যেনেদৰে লিখা হয় DESH), তেনেদৰেও পৰিৱেশন কৰিব পৰা নগ’লহেঁতেননে? উপায়ান্তৰহীন অর্থাৎ ‘অন্যউপায়হীন’ হ’লে (‘উপায়ান্তৰ হ’লে’ নহয়) তাকে কৰিব লাগিব৷
কিন্তু তাতোকৈ বহুত বেছি ডাঙৰ কথাটো (‘কথাটু’Kathaatu?) হ’ল ক্রমবর্ধমানসংখ্য অসমীয়া মানুহৰ ওপৰত লম্ভা এটা প্রায় দুৰাৰোগ্য ব্যাধি আৰু, সেইটো হ’ল, অছমীয়া, মত্লব্ আচামী ‘ও’ ধ্বনিকো হটাকে’ ‘উ’ ধ্বনিকো অউৰ, –এ– ধ্বনিকো ধাক্কা লগাকে’ এ’–এ’ ধ্বনিকো গোড্মেই, মত্লব্ মুহ্মে’ বেইথাকে’ বিন্দাছ্ ৰহ্না৷ তাৰে ফচল হৈছে, –অ’ মুৰ আপুনাৰ দে’খ – আদি ইত্যাদি৷ ৰৌ/ইং লিপিত লিখিতsapun, dapun, apun তথা অনেকৰে দ্বাৰা সততে উচ্চাৰিত, সপুন, দাপুন, আপুন আদি ইয়াৰ ‘উৎকৃষ্ট’ নিদর্শন৷ ড০ ভূপেন হাজৰিকাৰ জন্ম দিৱস আৰু মৃত্যু দিৱস আহিলেই আমাৰ অনেক ‘শিল্পী’ উলাহত প্রায় উন্মাদ হৈ থাকে৷ পিচে, তেনে দিৱসকেইটাত, বাকচৰ পর্দাত প্রায়ে শুনো, এইবাৰো সৌ সিদিনা ৫ নৱেম্বৰত শুনিলোঁ অনেকগৰাকী ‘শিল্পী’য়ে চিঞৰত পর্দা ফালোঁ যেন কৰাকৈ পৰা আটাহ, বোলে – মানুহে’–এ’ (হে) মানুহৰ বাবে’–এ’ (বাবে)/যদিহে’–এ’(হে) অকণু (ণো) নেভাবে’–এ’ (বে)/ভাবিব কুনেনু কুৱা (কোনেনো, কোৱাঁ) সমনীয়া/…/দুর্বল মানুহে’ যদি, জীৱনৰ কুবাল সুতত (কোবাল সোঁতত) আকৌ– নাই বিচৰা ছর্ণ (স্বর্ণ) অলংকাৰ লেলপেল বাকচৰ লেলপেল গীতত শুনিব– কাৰু (কাৰো) বাবে খাহী মাংস, কাৰু বাবে লুণ (লোণ)/কাৰু পাতত ভাঙুন (ভাঙোন) আৰু কাৰু মূৰত টাঙুন (টাঙোন) ফাগুনে’–এ’ কাণে’–এ’ কাণে’–এ ক’লে’–এ’ গানে’–এ’ গানে’–এ’, পাতে’–এ’, পাতে’–এ’ তুমাকে’–এ’ কথাটু কলু (শুদ্ধ ৰূপবোৰ কৈ দিব নিশ্চয় নালাগে)৷ এইবোৰনো (এইবুৰনু?) গান হ’লনে? আৰু, এই যে নাচ–গানৰ এলবাম্ নে কি, সেইবোৰত যে ছোৱালী কিছুমানে মুখ চেপি চেপি ঘনচিৰিকা চৰাইৰ দৰে চিঁ–চিয়াঁই থাকে, সেইবোৰনো অসমীয়া ভাষাৰ গীতনে? ‘মৰাপাট’ নামৰ লেলপেল এখনত শাখিনী নামৰ যুৱতীয়ে কয়– ‘টুপটু (টোপটো) ভালকৈ গিলিবৰ কাৰণেহে ৰছীডাল ঢ়িলা কৰি দিছু (দিছোঁ) মই’৷ ‘মস্ত পাতালৰ ধোন্দ’–ত বিকাশৰ পত্নী আলতীয়ে কয়– ‘তেউতু (তেওঁতো) জানে মই ডান্স্ কৰি ভাল পাওঁ বুলি’৷ ম’বাইল্ ফোন (মৌবাইল্ ফৌন)ত বার্তা আহে ঃ Moi Vale Asu–মই ৱালে/ৱেইল আছু’ হ’ব লাগে –Moi Bhaalae aasson (.)৷ বেছিভাগ কিশোৰ–কিশোৰী, যুৱক–যুৱতীৰ মুখত ও–ধ্বনিটো আৰু এ–ধ্বনিটো নুফুটাই হ’ল৷ অসমীয়া ভাষাটো বহুত বেছি ভিকহু, বহুত বেছি ফাপৰে খোৱা আৰু বহুত বেছি বজৰুৱা হৈ গ’ল৷
উল্লিখিত ভিডিঔটোৰ তলত লিখা আছে – ‘দিছ্…ভিডিঔ…অ’ মুৰ…’ ইয্ ৱিনিং দী ইণ্ট্(ৰ্)নে’ট্’ যদি এই জিনিছটোৱে ইণ্ট্(ৰ্)নে’ট্, নে, কি সেইটো ‘জয় কৰি পেলাইছে’, তেন্তে সেই বিজয়নো কেনেকৈ সাব্যস্ত কৰিছে দাবী কৰা অনুসাৰে, সেই ৰায়টোনো কোনে দিছে, আৰু, দেশ–দুনিয়াৰ মনুষ্যগণেনো অখমীয়া ভাখাটো বড়ী মস্তি মস্তি কৌন্সী চীয্ বুলি বুজিছে, সেই ৰহস্য ভগৱন্ত বস্তুৱেহে জানিব৷ ভিডিঔটোত আৰু আর্জি পেছ কৰিছে বোলে– ‘শেয়া(ৰ্) ইট্ টু দ্য ৰে’স্ত্ অৱ্ দ্য ৱর্ল্ড্’৷ কিয় পঠাম? ‘পৃথিৱীৰ বাকী অংশৰ লোককো তাৰ অংশীদাৰ শেয়া(ৰ্) হৌল্ডা(ৰ্) (?) কৰাটোতো দূৰৰে কথা, মই জনা–শুনা কোনো নৰমনিচলৈও তাক নপঠালোঁ৷ শব্দৰ বানান, উচ্চাৰণ আৰু বাক্যৰ গাঁথনিৰ যোগে অসমীয়া ভাষাৰ মূৰত ৰামটাঙোন শোধাই মূৰটো ভাঙি চোবাই ভাষাটোৰ তিলনি, চতুর্থা, দহা, শ্রাদ্ধ, গিয়াতালি ভোজ আদি প্রেতকর্ম কৰা এনে কোনো ভিডিঔ মই সাধাৰণতে কালৈকো প্রেৰণতো নকৰোঁৱেই, বৰং কদাচিত কাৰোবালৈ কৰিলেও, সিবোৰত থকা অপৰাধ সদৃশ ভুলবোৰ আঙুলিয়াই মোৰ মন্তব্য যোগ দিয়াৰ উপৰি, সেই জিনিছবোৰ আন কালৈকো প্রেৰণ নকৰিবলৈ টানি অনুৰোধ জনাওঁ আৰু সিবোৰে বাহিৰত অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ কিমান ভয়ংকৰ হানি কৰিছে, তাকো এবাৰ থমকি ভাবিবলৈ আব্দাৰ–নুৰোধ কৰোঁ৷ কোনো কোনো ভিডিঔত আকৌ ‘শেয়া(ৰ্)’ অর্থাৎShare কৰিবলৈও কোৱাৰ পৰিৱর্তে, কোৱা হয় ‘চেয়াৰ’ Chair) কৰিবলৈ পিচে, ইংৰাজীত আকৌChairটো ক্রিয়া ৰূপে ব্যৱহাৰ কৰিলে, তাৰ অর্থ হয় সভাপতিত্ব কৰাহে, যেনে– ‘দ্য মীটিং ৱয্ চেয়া(ৰ্)ড্ বাই মিস্তা(ৰ্) ভোবোলা কানিংহাম্ হেস্তিংয্’৷
উল্লিখিত ভিডিঔটো পঠিওৱা সুহূদগৰাকীকো মই ফোন (ফৌন্) কৰি সুধিলোঁ, তেখেতেনো সেই হীৰা–মুকুতাৰ সংকৰফেৰা মোলৈ কিয় পঠাইছিল আৰু আন কাৰোবালৈও পঠিয়াই ক’ভিড্–২০ যেন অতিমাৰীফেৰা বিয়পাইছেনেকি তেখেতে ক’লে– ‘নহয়, প্রফেছৰ চাহেব, বেয়া নাপাব আন কালৈকো পঠোৱা নাই আপোনালৈহে পঠাইছোঁ, সহ্য নোহোৱা হেতু কথাটো বুজিছেই নিশ্চয়’৷ হয়, মই বুজি পাইছিলোঁ,– মানে, এগৰাকী মহিলাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেখা পাই মোলৈ তাৰে আলোকচিত্র এখন যে পঠাই দিছিল,– ‘অগ্ণী ওলাই জোৱা চেৰী’ (জুই লাগিলে মানুহ ওলাই যোৱা বাট) বুলি লিখা থকা ফলক এখনৰ ছবি– সেই তেনেকুৱা কথা/আৰু, (২০,৬৬৬)– ‘বিশ হাজাৰ ছয়শ ছয়তেন, চৌছত, ছয়ছিছিল’–ৰ নিচিনা কথা এনেকুৱা বহুত কিবা–কিবি পাই থাকোঁ৷ কিন্তু কি কৰিম? সকলো খেদি ফুৰা সম্ভৱ নহয়৷ জীৱনত বহুত বনৰীয়া হাঁহ খেদিলোঁ, কুকুহাৰ পিছে পিছে বহুত চেঁকুৰিলোঁ যেন– ঢ়েৰুৱা ঠাৰি সিজাওঁতে জীৱনৰ বহুত অমূল্য সময় হেৰুৱালোঁ৷ গুৰি কথা বহু ঠাইত বহু কৈছিলোঁ, কিন্তু কর্ণপাত কৰিবলগীয়াসকলে একো নকৰিলে৷
আজিকালি এই যে ‘ছৌশ্ল্ মীডিয়া’ অর্থাৎ সামাজিক জন মাধ্যম বুলি বস্তু এটা, মানে ফেইছ্ বূক্, টুঈটে’(ৰ্), য়ূ টিঊব্, ইন্সটেগ্রেম্ আদি কিবা–কিবিবোৰ ওলাল, তাৰ ফলত এতিয়া যাৰে যেনেকৈয়ে, যিহকে মন যায়, সিয়ে, তেনেকৈয়ে, তিহকে ততালিকে বতাহত, মানে ‘অন্ এয়া(ৰ্)’ বজাৰত মেলি দিব পৰা অৱস্থা এটা হ’ল৷ পৰীক্ষা–নিৰীক্ষা, কর্তন, নিয়ন্ত্রণ আদিৰ বাবে একো– ছে’ন্স(ৰ্)– ব্যৱস্থা নথকা হেতুকে সকলো নাকী ছিঙা ম’হ বা লেকাম ছিঙা ঘোঁৰাৰ দৰে হ’ল৷ কোনোবাৰ কিবা এটা ক’বলৈ মন গ’লেই, নিজৰ ঘৰৰে কোঠা (ৰূম্) এটাকে স্তিঊডিঔ (স্তুডি’)ৰ দৰে কৰি লৈ চকী এখনত বহি নিজ ইচ্ছা মতে, অর্থাৎ যি মন যায়, তাকে এফালৰ পৰা কৈ যাব, গাই যাব পাৰে৷ এনে ধৰণৰ স্বেচ্ছাচাৰৰ ‘স্বাধীনতা’ৰ ডাঙৰ বলি হৈছে তথ্য, সত্য, আৰু ভাষা৷ অসমীয়া ভাষাক জহন্নামলৈ হেঁচোকা শেহতীয়া এটা ডাঙৰ ‘ঠেলা’ হৈছে এইটো৷ বিগত কিছু দিনত মোৰ এজন সম্বন্ধীয় লোকে মোলৈ গোটাদিয়েক ভিডিঔ পঠাইছিল যিকেইটাত দেখা যায়,– এজন উতনুৱা ডেকাই নিজৰ সংগী কেমে’ৰাপে’ছনৰ সৈতে বাইকত উঠি সাপৰ দৰে একা–বেঁকাকৈ বাইক চলাই চৌদিশ গুল্জাৰ্ কৰি চিঞৰত তাল–ফাল লগাই, নাকে–মুখে যেনি যেনেকৈ ওলায়, তেনিয়ে তেনেকৈ কথা কৈ, ‘শ্রোতা–দর্শক’ক এফালৰ পৰা জ্ঞান দি গৈছে চ্যুকাফাৰ প্রথম ৰাজত্ব কালৰ অন্যতম ৰাজধানী তিপাম মাদুৰিত থকা জয়মতীৰ দেউতাক লাইথেপেনা বৰগোহাঁইৰ মৈদাম, (কনছেং?) বৰপাত্র গোহাঁইৰ বংশৰ ‘বুৰঞ্জী’ ইত্যাদি৷ তাৰ পাছে, সেই প্রেৰক লোকজনে, মই ভিডিঔকেইটা চালোঁনে নাই চোৱা, আৰু, চালোঁ যদি, কেনে পালোঁ, তাকে সোধাত মই ক’লোঁ বোলোঁ– ‘ক’ব লাগিলে বহুত কথা ক’ব লাগিব কিন্তু থোৰতে কওঁ বুলিলে,– আপুনি যদি সেই ডেকাজনক চিনি পায়, তেন্তে তেওঁক ক’ব যে অসম বুৰঞ্জীৰ কথা ক’বলৈ হ’লে মন আৰু আত্মাত অলপ সমীহ আৰু সম্ভ্রমৰ ভাৱ লাগে বুৰঞ্জী কিছু ভালদৰে পঢ়ক গৰম গৰম পকৌৰি কিম্বা ‘চানাচুৰ গৰম বাবু মলয়া মজেদাৰ’ কিম্বা হট্ কেইক্ কিম্বা দুর্গা পূজাৰ বজাৰৰ জেলেপী আৰু ভুজিয়া–বুন্দিয়াৰ দৰে, ‘ৱান্ আপ্ মেন্শিপ্’ মানসিকতাৰে স্বদেশৰ বুৰঞ্জী বজাৰত বেচা নাযায়৷ তেওঁক আৰু ক’ব যে অসমীয়া ভাষাত প্রতিটো কথাতে, আৰু সকলো বস্তু, ন‘বনায়’৷ ড০ মহেশ্বৰ নেওগে সেইষাৰ কথা কৈ কৈ হাড় পেলালে৷ অন্ততঃ ৰাজহুৱাকৈ, মুকলিকৈ কোৱা অসমীয়া ভাষা, ছেলূনত বহি ‘ৱেইটিং লিস্ত’ত থকা,– ব্রাযিলৰ ফূটবল খেলুৱৈ কিছুমানৰ দৰে ‘এলিগ্জেণ্ডা(ৰ্) কাট’–ৰ ল’ৰাবোৰৰ মুখৰ ‘অসমীয়া’ৰ দৰে বজৰুৱা হ’ব নালাগে’৷
কোনো কোনো লোকে মাজে মাজে অকাই–পকাই আৰু খীণকৈ হ’লেও, মোক এই বুলি পতিয়ন নিয়াবলৈ চেষ্টা চলায় যে অসমীয়া ভাষাৰ অৱস্থা ‘ইমান বেয়া হোৱা নাই’ হৈছে মাথোন বেয়া নহয় বহু ক্ষেত্রত জঘন্য হৈছে৷ গোটাদিয়েক নমুনা দিওঁ, চাওক ক’ৰবাত বানানৰ, ক’ৰবাত উচ্চাৰণৰ৷ এদিন এটা গুজব বাকচৰ গুজবত– ‘মিমাংশা (মীমাংসা), দুস্কৃ (ষৃক) তিকাৰী, খেতি (ক্ষতি) পূৰণ’ এতিয়া কওক,– জঘন্য হয়নে নহয়? আন এদিন আন এটা গুজব বাকচত– ‘ভৱিস্যত (ভৱিষ্যৎ) বক্তা হিমন্ত মিঞা মিউজিয়ামৰ শ্রষ্টা (স্রষ্টা) শ্বেৰমান (শে’ৰমান)’৷ শে’ৰমান এটা আৰবী শব্দ৷ এতেকে তাক ‘শেৱালি’–ৰ ‘শে’–টোৰ দৰে উচ্চাৰণ কৰাৰ প্রশ্ণ নুঠে৷ শে’ৰমান যদি ‘শ্বেৰমান’ Shwerman?) হয়, তেন্তে শর্মিলা (ঠাকুৰ), শেখৰ (কাপুৰ), শাম্মী (কাপুৰ) আৰু শশী (থাৰূৰ) কি হ’ব? ‘শ্বর্মিলা’, ‘শ্বেখৰ’, ‘শ্বাম্মী’ আৰু ‘শ্বশ্বী’? শে’ৰমান–টো বাৰু লাহে লাহেও হ’ব সেইটো মই সদ্যহতে বৰকৈ টানি নধৰোঁ৷ কিন্তু ‘শ্রষ্টা’, ‘মিমাংশা’, ‘ভৱিস্যত’, ‘অস্ত্রৰ জনজননি (ঝনঝননি)’ ইত্যাদি একা? ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ছাত্র–ছাত্রীসকলে নিজৰ শিক্ষকসকলৰ কথা কওঁতে ‘সিহঁত’ বুলি কয় নে নকয়? আজিকালি ‘তেখেতসকল’ বোলা শব্দটো ‘হাৱা’ হৈছে তাৰ ঠাইত বৰপীৰাত বহিছে– ‘তেখেতলোক’ হয়তো ‘বনিছে’ ‘তেওঁলোক’–ৰ আর্হিত গুজব বাকচৰ পৰা আৰু এটা নমুনা ঃ কাজিৰঙাৰ বাতৰি ঃ – ‘সন্ধিয়ালৈ লক্ষ্মী গোসানীৰ ওচৰত আঁঠু ল’ব ভক্তপান (ভক্তপ্রাণ) ৰাইজে’ (বোধহয় ভক্তগণক ‘পান’ কৰোঁতা ৰাইজ)৷ কি কৰিব? সহজ–সৰল অসমীয়া মানুহ মুখত যুক্তাক্ষৰ নুফুটে
এতিয়া লেলপেল বাকচবোৰৰ লেলপেলবোৰত নিতৌ শুনি থকা কড়া–গণ্ডা নমুনাৰ পৰা, ন পুৰুষৰ শৰাধৰ পুৰোহিতে ছটিয়াই দিয়া নির্মালিৰ পানীৰ দৰে কেইটোপালমান নমুনা দিওঁ, চাওক৷ ‘পালিকা’ নামৰ লেলপেলত অধম–এ কয়– ‘পার্টীৰ মানুহে যদি এই কথা শুনা হ’লে’ (অতি জঘন্য)৷ শুদ্ধ ৰূপ ঃ (১) ‘পার্টীৰ মানুহে এই কথা শুনা হ’লে’/(২) পার্টীৰ মানুহে যদি এই কথা শুনিলেহেঁতেন’৷ পালিকাই অধমক কয়– ‘মই মোৰ স্বামীক হেৰাইছোঁ (হেৰুৱাইছোঁ)’– ডাঙৰ ভুল৷ নিজেহে হেৰায়, আনক নেহেৰায় হেৰুৱায়হে৷ অতি সুন্দৰ অভিনয়, এটা ভুল শব্দৰ বাবে ততালিকে ধ্বংস হৈ গ’ল৷ পালিকাৰ বৰজনাক শোকোতাই কয়– ‘গাঁৱৰ ৰাইজসকল (‘ৰাইজ’ শব্দটোৱেয় বহুবচনাত্মক) গোট খাব তিন্টা বজাত (‘তিন্টা’তো নহয়েই, তিনিটা বজাত–ও নহয় ‘তিনি বজাত’–হে ‘তিনটা বাজা’ বাংলা)৷ পালিকা– ‘সমস্যাটো নিষ্পত্তি মাৰি (কৰি) দিব লাগে’ গাঁওবুঢ়া– ‘ৰ’বাঁচোন, ৰ’বাঁ, তোমাৰ ‘মা–দেউতাই’ (মাৰা–দেউতাৰাই) তোমাক ফোন কৰা নাছিল নেকি’? যাৰ কথা সোধা হৈছে, তেওঁলোক কাৰ মাক–দেউতাক? পালিকাৰ? নে, গাঁওবুঢ়াৰ নিজৰ?
‘ধাননি’ নামৰ লেলপেলত ধাননিৰ শাহু আইতাকে নিজৰ পুতেকক কয়, – ‘ক, আহিবিনে নাই’? নহয় ভুল৷ শুদ্ধ– ‘আহিবিনে না+অ?)৷ সকলোতে ‘নাই’টো নবহে৷ আইতাকে নাতিয়েক ফিফাঙক কয়– ‘সোনকালে মোক আজো নাতি এটাৰ মুখ দেখা’ (‘দেখা’ নহয়, ‘দেখুৱা’) ‘দেখা’টো হিন্দীৰ ‘তু দিখা’, ‘তুম্ দিখাও’, ‘আপ দিখায়িয়ে’–ৰ অশুভ প্রভাৱ৷ অসমীয়া ভাষাৰ জতুৱা ঠাচৰ কালিকাৰ মূৰ নোচোবাব দেই, পৰিচালকবৃন্দ এটে’ন্শ্ন্৷ মই অসমৰ হাজাৰ হাজাৰ পঢ়ুৱৈৰ সঁহাৰি পাইছোঁ৷ ফিফাঙ– ‘দুদিনমান মই মন কৰিছোঁ,– মানুহজন (জনে) মোক অফিছত দেখিলে অস্বস্তি বোধ কৰে’৷ ‘মানুহজন মোক দেখিলে’, নে– ‘মানুহজনে মোক দেখিলে’? ‘মানুহজন অস্বস্তি বোধ কৰে’, নে– ‘মানুহজনে অস্তস্তি বোধ কৰে’? সুদর্শন আৰু সুদর্শনা সু–ভিনেতা, সু–ভিনেত্রী যুৱক–যুৱতীসকলৰ্ অভিনয়ৰ মূলা, ভুল ভাষাৰে দুপাততে পোকে খোৱা কৰা হৈছে৷
‘মৰাপাট’ (পাতে’–এ’ পাতে’–এ’, গানে’–এ’ গানে’–এ’, বতাহে’–এ’ কাণে’–এ’ কাণে’–এ’) নামৰ লেলপেলত, নায়িকা ভনিতাৰ জেঠায়েকে তেখেতৰ নিজৰ জীয়েকে মামীদেৱেকক তেখেতৰ বিষয়ে কিবা কৈ থকা শুনি জীয়েকক কয়– ‘ঐ, তই মোক ক’লা (ব্লেক্?) বুলি ভাবিছ নেকি?’ ক’লা অর্থাৎ কৃষ্ণ বর্ণৰ মানুহৰ শ্রৱণ শক্তি নাথাকে নেকি? খাৰ খাই ময়ো বৰ ভাল পাওঁ৷ পিচে, অনেক খাৰখোৱাই কয়– ‘শংকৰদেৱ ক’লা (কলা) ক্ষেত্র’, আৰু ‘ৰাধাগোৱিন্দ বৰুৱা ক’লা ক্ষেত্র’
পুচ্ছপট ঃ কর্কটৰ স’তে হেৰা ঃ– কথাটো ক’বলৈ কিছু অস্বস্তি বোধ কৰিছোঁ কিন্তু প্রয়োজনীয় হেতুকে কওঁ৷ মোৰ প্রয়াত পত্নী অৰুন্ধতী আৰু মোৰ একমাত্র দুহিতা সংযুক্তা SANGYUKTA) দত্ত, তাইৰ বিয়াৰ তিনি বছৰৰ পাছত, ২০১৩ চনত বেংগালুৰুত কর্কট ৰোগত আক্রান্ত হয়৷ আমাৰ মূৰত যেন বজ্রহে পৰিল৷ কিন্তু সৰু কালৰে পৰা হাস্যৰসপূর্ণ, অত্যন্ত দৃঢ়মনা, জীৱন তৃষ্ণাপূর্ণ আৰু একাধিক যোগাত্মক শক্তিৰ অধিকাৰী ‘পুতলী’ (সংযুক্তা)য়ে প্রচণ্ড মনোবলেৰে কেনেকৈ অতি যন্ত্রণাদায়ক চিকিৎসা পদ্ধতি হাস্যবদনে ‘অতিক্রম’ কৰি আৰোগ্য লভিলে, সেই কাহিনীৰে ‘ৰণাংগন্ত স্বপ্ণদ্রষ্টা’–শীর্ষক ১৮০ পৃষ্ঠাৰ এখন সুখপাঠ্য কিতাপ লিখি উলিয়াই যোৱা ১৮ অক্টোবৰত (তাইৰ জন্মদিন) প্রকাশ কৰিলে৷ ২০১৩ চনৰ পৰা তাই আৰু জোঁৱাই গুৱাহাটীত৷ বী বী ছী আই–ত চিকিৎসা কৰাই থাকোঁতে তাই কেনেকুৱা পর্য্যায় অতিক্রম কৰিছিল আৰু বান্ধৱী মাক তথা সীমিতসংখ্যক অন্যান্য বন্ধু–বান্ধৱীয়ে কেনেকৈ সহায় কৰিছিল তাৰে কিছুমান অংশ পঢ়ি ময়েয় স্তম্ভিত হৈছোঁ, কাৰণ, মই সহ্য কৰিব নোৱাৰিম বুলি বহু কথা, মাক–জীয়েক দুয়ো বান্ধৱীয়ে মোক নজনোৱাকৈ ৰাখিছিল৷ ইতিমধ্যে মই কিতাপখনৰ কিছু পর্য্যালোচনা পঢ়িছোঁ৷ একেটা বহাতে কিতাপখন পঢ়ি শেষ কৰা অনেকেই মত প্রকাশ কৰিছে যে কিতাপখন পঢ়ি বহু কর্কট ৰোগীয়ে সাহস তথা সন্ধান পাব৷ কিতাপখন প্রাপ্তিৰ ঠিকনা ঃRanagganat Swapnadrashtaa 24 by 7 publishing, Amazon, Flipkart, Amazon kindle. Guwahati stock contact- 6900-330757.

You might also like