মহাজোঁটৰ জঁট
২০১৪ চনত অনুষ্ঠিত লোকসভা নির্বাচনৰ পূর্বে অসমত তেনেই নিশকতীয়া অৱস্থাত আছিল ভাৰতীয় জনতা পার্টী৷ ৰাম মন্দিৰ–বাবৰি মছজিদকেন্দ্রিক সংঘাত–বিবাদে চূডান্ত ৰূপ লোৱাৰ সময়ত অথবা অটল বিহাৰী বাজপেয়ীৰ শাসনকালতো দলটোৱে অসমত বিশেষ সুবিধা আদায় কৰিব পৰা নাছিল৷ কিন্তু ২০১৪ চনৰ লোকসভা নির্বাচনটোৱে অসমত বিজেপিৰ বাবে সম্ভাৱনাৰ এখন নতুন দুৱাৰ মুকলি কৰি দিয়ে৷ সেই দুৱাৰখনেৰে প্রৱেশ কৰি বিজেপিয়ে অসমত ২০১৬ চনত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়৷ অকল সেয়াই নহয়, দিছপুৰত চৰকাৰ গঠনৰ পিছৰে পৰা আজিলৈকে দলটোৱেও অসমত উভতি চাবলগীয়া হোৱা নাই৷ জটিলৰ পৰা জটিলতৰ পৰিস্থিতিৰ মাজতো দলটোৰ ৰাজনৈতিক সাফল্যৰ গ্রাফডাল ঊর্ধ্বমুখী হৈয়েই আছে৷ শেহতীয়াকৈ বিটিচি, তিৱা স্বায়ত্তশাসিত পৰিষদত অনুষ্ঠিত নির্বাচন ইয়াৰ অন্যতম উদাহৰণ৷ ইয়াৰ পূর্বে ‘কেব’বিৰোধী আন্দোলনে ৰাজ্যখনত সৃষ্টি কৰা জটিল পৰিস্থিতিতো বিজেপিয়ে লোকসভা নির্বাচনত ঈর্ষণীয় সফলতা অর্জন কৰিছিল৷ অসমত বিজেপিৰ এইসাফল্যৰ পৰিক্রমাটোলৈ চালে দেখা যায়, দেশৰ গৰিষ্ঠসংখ্যক ৰাজ্যত মূলতঃ যিটো কাৰণত দলটোৰ উত্থান ঘটিছিল, সেই একেটা কাৰণত অসমত দলটোৰ উত্থান ঘটা নাছিল৷ অসমত বিজেপিৰ উত্থান ঘটিছিল মূলতঃ দুটা কাৰণত৷ তাৰে এটা বিকল্প ৰাজনৈতিক দলৰ অভাৱ৷ আনটো উন্নয়নৰ তাগিদা৷ এই দুয়োটা কাৰণতে ২০১৪ চনত অসমত বিজেপিৰ সবল উত্থান ঘটে৷ আজি যিসকলে বিজেপি নেতৃত্বাধীন এনডিএক অসমৰ পৰা উৎখাত কৰাৰ হুংকাৰ দি মহাজোঁট গঠনৰ চেষ্টা চলাই আছে তথা আঞ্চলিকতাবাদৰ দোহাইদি আছে, তেওঁলোকে বিষয়টো মন কৰা উচিত৷ ২০০১ চনৰ পৰা ২০১৪ চনলৈকে শক্তিশালী বিকল্পৰ অভাৱত কংগ্রেছে অসম শাসন কৰিবলৈ সুবিধা লাভ কৰিছিল৷ যেতিয়াই বিকল্পৰ উত্থান ঘটিল, কংগ্রেছ শাসনৰ পৰা উফৰি গ’ল৷
আজিৰ তাৰিখত অসমৰ ৰাজনীতিত সর্বাধিক চর্চিত এটা বিষয় হৈছে, বিৰোধী শিবিৰত থকা সকলো ৰাজনৈতিক দল সর্বাত্মক ৰূপত একত্র নোহোৱাকৈ বিজেপি নেতৃত্বাধীন এনডিএক অসমত পৰাভূত কৰিব পৰা নাযাব৷ এই কথা বিৰোধী শিবিৰৰ তৰফৰ পৰাও বাৰম্বাৰ কৈ থকা হৈছে৷ অর্থাৎ ভোট বিভাজন ৰোধ কৰিব নোৱাৰিলে অসমত পুনৰবাৰ এন ডি এ ক্ষমতালৈ অহাৰ সম্ভাৱনা আছে৷ কিন্তু বাস্তৱত সেয়া কার্যকৰী হোৱা পৰিলক্ষিত হোৱা নাই৷ বিৰোধী শিবিৰৰ মাজত মতাদর্শগত পার্থক্য, ক্ষমতাকেন্দ্রিকদ্বন্দ্ ইমানেই বেছি যে তেওঁলোক এখন মঞ্চলৈ অহাৰ সম্ভাৱনা কার্যতঃ ক্ষীণ৷ তদুপৰি আনটো সমস্যা হ’ল গ্রহণযোগ্যতা৷ গুৰিয়ালহীনপ্রায় কংগ্রেছক অসমৰ ৰাইজে কিয় পুনৰ এবাৰ ক্ষমতালৈ আনিব? অসমত দলটোৰ শীর্ষত থকা নেতাসকলৰ নিজৰ মাজতে মিল নাই৷ তেনেই সাধাৰণ কথাটো সেই অমিল জনসাধাৰণৰ দৃষ্টিত ধৰা পৰি যায়৷ তেনে দল এটাৰ পৰা জনসাধাৰণে উন্নয়নৰ আশাইবা কৰে কেনেকৈ? দলটোৱে মহাজোঁট গঠনৰ কথা কৈ থাকে অথচ অংশীদাৰ দলসমূহক প্রাপ্য মর্যাদাও দিব নিবিচাৰে৷ শতাধিক আসনত জয়লাভ কৰিব বুলি দাবী কৰে কিন্তু নিজেই আশীৰ ওপৰত আসন লাভ কৰিব বুলি দাবী কৰে৷ আসনৰ ভাগ–বাটোৱাৰাৰ সামান্যতমো অগ্রগতি নোহোৱাকৈ দলটোৰ প্রার্থিত্বপ্রত্যাশীৰ পৰা আবেদন–পত্র বিচাৰে৷ কংগ্রেছৰ এনেধৰণৰ কাম–কাজে বিৰোধী শিবিৰত থকা দলৰ মাজত মর্যাদাপ্রাপ্তিক লৈ সন্দেহ–বিশ্বাসৰ সৃষ্টি কৰা স্বাভাৱিক৷ চি পি আইৰ ৰাজ্যিক সম্পাদক মুনীন মহন্তই কংগ্রেছৰ এনে বিগ ব্রাদাৰসুলভ মনোবৃত্তিক মুকলিকৈয়ে সমালোচনা কৰিছে৷ আনকি কংগ্রেছৰ অৱস্থা বিহাৰৰ দৰেই হ’ব পাৰে বুলি সতর্ক কৰি দিছে৷ অনুভুৱখিনি অকল চি পি আইৰে নহয়, অন্যান্য দলৰ নেতা–কর্মীৰো৷ মাথোঁ বিস্ফোৰণ ঘটিবলৈহে বাকী৷ ঠিক তেনেদৰে অসম জাতীয় পৰিষদ, ৰাইজৰ দলক যদি কংগ্রেছে মহাজোঁটলৈ আনিব নোৱাৰে বিৰোধীৰ ভোট বিভাজন ৰোধৰ সকলো কৌশল বুমেৰাং হ’ব পাৰে৷