নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশত হিন্দুক অত্যাচাৰ

শ্বেইখ হাছিনা নেতৃত্বাধীন আৱামী লীগৰ চৰকাৰখনৰ পতনৰ লগে লগে বাংলাদেশত হিন্দু লোকসকলৰ ওপৰত অবর্ণনীয় আতিশয্য চলি আছে৷ মুছলমানপ্রধান দেশ হ’লেও বাংলাদেশে ধর্মনিৰপেক্ষ দেশৰূপে চিনাকি দি আহিছে যদিও চুবুৰীয়া দেশখনত হিন্দু লোকসকলৰ ওপৰত অত্যাচাৰৰ ধাৰাবাহিকতা অব্যাহত আছে৷ বেগম খালেদা জিয়া নেতৃত্বাধীন বিএনপি চৰকাৰ ক্ষমতাত থকাৰ সময়ছোৱাত চুবুৰীয়া দেশখন মৌলবাদীৰ ঘাটি হৈ উঠিছিল৷ মৌলবাদীৰ উপদ্রৱ বৃদ্ধিৰ লগে লগে উগ্রপন্থীৰ ঘাটিত পৰিণত হৈছিল বাংলাদেশ৷ ইয়াৰ লগে লগে মৌলবাদী সংগঠনৰ পৃষ্ঠপোষকতাত হিন্দু লোকসকলৰ ওপৰত ধাৰাবাহিক অত্যাচাৰ চলিছিল৷ হিন্দুৰ উপাসনা থলী লণ্ডভণ্ড কৰাৰ লগতে যুৱতী–মহিলাৰ ওপৰতো সীমাহীন নির্যাতন চলোৱা হৈছিল৷ শ্বেইখ হাছিনা নেতৃত্বাধীন আৱামী লীগৰ চৰকাৰে বাংলাদেশৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছত চুবুৰীয়া দেশখনত উগ্রপন্থী আৰু মৌলবাদীৰ ঘাটি উৎখাত হোৱাৰ লগতে হিন্দু লোকসকলৰ ওপৰতো আতিশয্য বহু পৰিমাণে হ্রাস হৈছিল৷ চুবুৰীয়া দেশৰূপে ভাৰতৰ স’তে এক উদাৰ দৃষ্টিভংগীৰে শ্বেইখ হাছিনাই গ্রহণ কৰা কঠোৰ স্থিতিৰ বাবেই অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ উগ্রপন্থীৰ ঘাটি উৎখাত কৰি শান্তি স্থাপনৰ ক্ষেত্রত আশাৰ বাট প্রশস্ত হৈছিল৷ কিন্তু হঠাতে মৌলবাদীৰ অভ্যুত্থানত শ্বেইখ হাছিনাই বাংলাদেশ ত্যাগ কৰি ভাৰতত আশ্রয় লোৱাৰ পাছতেই চুবুৰীয়া দেশখনত মৌলবাদীৰ দপদপনি বৃদ্ধি হৈছে আৰু পূর্ণগতিত হিন্দুৰ ওপৰত অত্যাচাৰ চলিছে৷ বাংলাদেশত থকা হিন্দু লোকসকলৰ ওপৰত নির্মম আতিশয্য সত্ত্বেও নির্বিকাৰ হৈ আছে মহম্মদ ইউনিছৰ নেতৃত্বত গঠিত অন্তর্ৱর্তীকালীন চৰকাৰখন৷ হিন্দুৰ ওপৰত চলা এনে পাশৱিক আতিসহ্যক লৈ বিশ্বজুৰি জনমত গঠন হৈছে যদিও ড০ ইউনিছ নেতৃত্বাধীন চৰকাৰখনে মানৱতাহীন এনে দুষ্কার্য প্রতিহত কৰা নাই৷ ইয়াৰ বিপৰীতে হিন্দু লোকসকলৰ সুৰক্ষাৰ বাবে ৰাজপথলৈ ওলাই অহা লোকসকলৰ ওপৰত নির্মম আতিসহ্য চলোৱা হৈছে৷ আনকি বাংলাদেশত এতিয়া হিন্দু পুৰোহিতকো অনাহকত আতিসহ্য চলোৱা হৈছে৷ শ্বেইখ হাছিনাৰ চৰকাৰখন পতনৰ লগে লগে আৰম্ভ হোৱা হিন্দুবিৰোধী অভিযানৰ বিৰুদ্ধে সৰৱ হোৱা ইছকনৰ চিন্ময়কৃষ্ণ দাস ব্রহ্মচাৰী ওৰফে চিন্ময় প্রভুক শেহতীয়াকৈ গ্রেপ্তাৰক লৈ চুবুৰীয়া দেশখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ধর্মগুৰুগৰাকীক বাংলাদেশ চৰকাৰে ৰাষ্ট্রদ্রোহৰ অভিযোগ জাপি দিছে৷ চট্টগ্রামত ধর্মগুৰুগৰাকীক আদালতত হাজিৰ কৰাৰ সময়ত হিন্দু লোকসকলৰ সমাৱেশত নিৰাপত্তাৰক্ষীয়ে বাধা দিয়াৰ ফলত সৃষ্টি হোৱা হিংসাত্মক ঘটনাত এজন অধিবক্তা নিহত হৈছে৷ এই ঘটনাক লৈ চুবুৰীয়া দেশখনৰ চহৰখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কাৰাৰুদ্ধ ধর্মগুৰুগৰাকীক কাৰাগাৰত খাদ্য যোগান ধৰিবলৈ যোৱা ধর্মগুৰুগৰাকীৰ সতীর্থকো নিৰাপত্তাৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ বিগত এমাহৰ ভিতৰত অসংখ্য হিন্দু উপাসনাথলী ভাঙি পেলোৱাই নহয়, হিন্দু লোকসকলৰ ওপৰত অবর্ণনীয় অত্যাচাৰ পূর্ণগতিত চলিছে৷ এনে আক্রমণত জড়িত লোকসকলৰ বিৰুদ্ধে ড০ ইউনিছ নেতৃত্বাধীন চৰকাৰখনে কঠোৰ ব্যৱস্থা গ্রহণ কৰাটো দূৰৰ কথা, কেইবাশ হিন্দু লোকক গ্রেপ্তাৰ কৰিছে৷
হিন্দু লোকসকলৰ ওপৰত চলি থকা এনে আতিসহ্য শীঘ্রে বন্ধ কৰিবলৈ ভাৰত চৰকাৰে চুবুৰীয়া দেশখনক কঠোৰ সকীয়নি দিছে যদিও এইক্ষেত্রত ড০ ইউনিছ নেতৃত্বাধীন চৰকাৰখনে গ্রহণ কৰা ভাৰতবিৰোধী স্থিতি স্পষ্ট হৈছে৷ হিন্দুসকলৰ ওপৰত চলা পৰিকল্পিত নির্মম অত্যাচাৰক বাংলাদেশৰ আভ্যন্তৰীণ বিষয়ৰূপে অভিহিত কৰি ড০ ইউনিছে গা এৰা স্থিতি লৈছে৷ মৌলবাদী শক্তিয়ে দীর্ঘকাল বাংলাদেশৰ ধর্মনিৰপেক্ষ স্থিতিৰ বিপৰীতে এখন ইছলামিক ৰাষ্ট্র গঠনৰ বাবে চেষ্টা চলাই আহিছে৷ শ্বেইখ হাছিনা নেতৃত্বাধীন চৰকাৰখনৰ পতনৰ লগে লগে মৌলবাদী শক্তিৰ প্রৰোচনাত সম্প্রতি ড০ ইউনিছ নেতৃত্বাধীন চৰকাৰখনেও হাত উজান দিয়া পৰিলক্ষিত হৈছে৷ ফলত বাংলাদেশত বসবাস কৰা ১ কোটি ৩১ লাখ ৩০ হাজাৰ ১০৯জন হিন্দু লোক সম্প্রতি নিৰাপত্তাহীনতাত ভুগিছে৷ বিগত এটা দশকত বাংলাদেশত হিন্দুৰ জনসংখ্যা ক্রমাগতভাৱে হ্রাস হৈছে৷ ১৯০১ চনত বাংলাদেশৰ মুঠ জনসংখ্যাৰ ৩৩ শতাংশ আছিল হিন্দু লোক৷ ১৯১১ত হিন্দু জনসংখ্যা ৩১.৫০ শতাংশ, ১৯২১ত ৩.৬০ শতাংশ, ১৯৪১ত ২৮ শতাংশ, ১৯৫১ত ২২.০৫ শতাংশ, ১৯৬১ত ১৮.৫০ শতাংশ, ১৯৭৪ত ১৩.৫০ শতাংশ, ১৯৮১ত ১২.১৩ শতাংশ, ১৯৯৯ত ১০.৫১ শতাংশ, ২০০১ত ৯.৬০ শতাংশ, ২০১১ত ৮.৫৪ শতাংশ আৰু ২০২২ত ৭.৯৫ শতাংশলৈ হিন্দু লোকৰ সংখ্যা হ্রাস হৈছে চুবুৰীয়া দেশখনত৷ ১৯৭১ত বাংলাদেশে স্বাধীনতা লাভ কৰাৰ অন্তৰালত আছিল ভাৰতৰ বলিষ্ঠ ভূমিকা৷ ভাৰতে ধনে–জনে বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ নেতৃত্বত চলা মুক্তি সংগ্রামত ভাৰতে প্রত্যক্ষভাৱে চামিল হোৱাৰ ফলতেই চুবুৰীয়া দেশখনে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল৷ চুবুৰীয়া দেশখনৰ সৈতে ভাৰতে দীর্ঘকাল সৌহার্দ্যপূর্ণ সম্পর্ক বর্তাই ৰাখিবলৈ চেষ্টা চলাইছে৷ চুবুৰীয়া দেশখনৰ পৰা ধাৰাবাহিকভাৱে চলি থকা অনুপ্রৱেশৰ সমস্যাই দেশখনৰ বিস্তৰ ক্ষতি কৰিছে৷ বিশেষকৈ এটা দশকৰ ভিতৰত বাংলাদেশী অনুপ্রৱেশকাৰীয়ে চুবুৰীয়া দেশখনৰ সীমান্তত থকা অসম, ত্রিপুৰা আৰু পশ্চিমবংগৰ জনগাঁথনিয়ে সলনি কৰি দিছে৷ আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ পাছতো বাংলাদেশৰ পৰা অনুপ্রৱেশ অব্যাহত আছে৷ সীমান্তত কাঁটা তাঁৰৰ বেৰ নির্মাণেও চুবুৰীয়া দেশখনৰ পৰা অনুপ্রৱেশ বন্ধ কৰিব পৰা নাই৷ অসমকে ধৰি সমগ্র দেশত জনগাঁথনিৰ ব্যাপক পৰিৱর্তন সত্ত্বেও বাংলাদেশত হিন্দু লোকৰ সংখ্যা সাংঘাতিক ধৰণে হ্রাস পোৱাৰ মূলতেই আছে চুবুৰীয়া দেশখনত সংখ্যালঘু লোকসকলৰ ওপৰত চলা ধাৰাবাহিক আক্রমণ৷ এনে আতিসহ্য সত্ত্বেও বাংলাদেশৰ ঢাকা, ৰংপুৰ, চিতাগং, খুলনা, চিলেট, ৰাজশ্বাহী, বৰিশাল আৰু মৈমনসিং আদিত হিন্দু লোকৰ বিশেষ প্রভাৱ আছে৷ বাংলাদেশত থকা হিন্দু লোকসকলক ভয়–ভাবুকিৰে খেদি পঠিয়ায় চুবুৰীয়া দেশখনক সম্পূর্ণ ইছলামিক ৰাষ্ট্রত পৰিণত কৰাৰ বাবে মৌলবাদী সংগঠনসমূহে গ্রহণ কৰা ষড়যন্ত্রৰ অন্তৰালত বিশ্বৰ কেইবাখনো মুছলিম ৰাষ্ট্রৰ পৃষ্ঠপোষকতা আছে৷ আনকি হিন্দু লোকসকলৰ বিৰুদ্ধে আক্রমণৰ অন্তৰালত আছে এই চক্রটোৰ ভাৰতবিৰোধী ষড়যন্ত্র৷ এনে ষড়যন্ত্র যিকোনো প্রকাৰে বন্ধ হ’বই লাগিব৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰে শীঘ্রে কঠোৰ স্থিতি গ্রহণ কৰা উচিত৷

You might also like