নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ষাপাৰাত ইতিহাস

অসম ক্রিকেট সন্থাৰ বর্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ক্রিকেটৰ আটাইতকৈ চহকী সংস্কৰণ টেষ্ট ক্রিকেট৷ ইয়াৰ লগে লগে অসমৰ ক্রিকেট জগতত এক ইতিহাসৰ সৃষ্টি হ’ব৷ কাৰণ ইয়াৰ পূর্বে অসম তথা উত্তৰ–পূর্বাঞ্চলত টেষ্ট মেচ অনুষ্ঠিত হোৱা নাই৷ ২০১৭ চনৰ ১০ অক্টোবৰত বর্ষাপাৰাস্থিত ড০ ভূপেন হাজৰিকা ক্রিকেট ষ্টেডিয়াম উদ্বোধন কৰা হৈছিল৷ সেইবছৰেই এইখন আন্তর্জাতিক পর্যায়ৰ ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল প্রথমখন টি–২০ আন্তর্জাতিক মেচ৷ ২০১৮ চনৰ ২১ অক্টোবৰত ইয়াত আয়োজন কৰা হৈছিল প্রথমখন আন্তর্জাতিক এদিনীয়া মেচ৷ এইখন মেচ অনুষ্ঠিত হৈছিল ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত৷ ইয়াৰ পৰৱর্তী সময়ত প্রতিবছৰে একাধিক আন্তর্জাতিক মেচ আয়োজন কৰা হৈছে বর্ষাপাৰা ষ্টেডিয়ামত৷ শেহতীয়াভাৱে এইখন ষ্টেডিয়ামত নিয়মীয়াভাৱে অনুষ্ঠিত হৈ আহিছে ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ মেচ৷ উল্লেখ্য যে বর্ষাপাৰা ষ্টেডিয়াম নির্মাণৰ পূর্বে অসমৰ ক্রিকেটৰ মধ্যমণি আছিল নেহৰু ষ্টেডিয়াম৷ বর্ষাপাৰাৰ দৰে অত্যাধুনিক নহ’লেও নেহৰু ষ্টেডিয়ামৰ আছে এক বিশেষ ঐতিহ্য৷ কিয়নো এইখন ষ্টেডিয়ামত বিশ্বৰ বহু মহান ক্রিকেটাৰৰ পদার্পণ ঘটিছে৷ ১৯৮৩ চনৰ ১৭ ডিচেম্বৰত ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত অনুষ্ঠিত হৈছিল প্রথমখন আন্তর্জাতিক এদিনীয়া৷ অষ্ট্রেলিয়া, পাকিস্তান, দক্ষিণ আফ্রিকা, নিউজিলেণ্ড, শ্রীলংকা, ইংলেণ্ড আদিৰ প্রসিদ্ধ ক্রিকেটাৰসকলে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আন্তর্জাতিক মেচত অংশগ্রহণ কৰিছে৷ এতিয়া নেহৰু ষ্টেডিয়াম এলাগী হ’লেও এইখন ষ্টেডিয়ামতে অসমৰ অসংখ্য ক্রিকেটাৰৰ জন্ম হৈছে৷ সীমিত সুবিধাৰ মাজেৰে খেলিও বহু প্রতিভাৱান অসমৰ ক্রিকেটাৰে ভাৰতীয় দলৰ দুৱাৰত টোকৰ মাৰিছিল৷ আবু নেচিম আহমেদ, জাহিৰ আলম, পাৰভেজ আজিজ, হেমাংগ বৰুৱা, বিমল ভৰালী, ৰাজেশ বৰা, নিশান্ত বৰদলৈ, পৰাগ দাস, গৌতম দত্ত, শুভদীপ ঘোষ, মুন্না কাকতি, অর্লেন কোঁৱৰ, নৱ কোঁৱৰ, পাৰভেজ মুছাৰফ আদিয়ে এসময়ত অন্য ৰাজ্যৰ ক্রিকেটাৰৰ পৰা সমীহ আদায় কৰিবলৈ সক্ষম হৈছিল৷ আনকি ভাৰতীয় দলত স্থান লাভ কৰা অসমৰ একমাত্র পুৰুষ ক্রিকেটাৰ ৰিয়ান পৰাগেও নেহৰু ষ্টেডিয়ামতে ক্রিকেটৰ আদিপাঠ গ্রহণ কৰিছিল৷
সময়ৰ পৰিৱর্তনৰ লগে লগে বর্ষাপাৰা ষ্টেডিয়ামলৈ অসমৰ ক্রিকেটৰ সকলো গুৰুত্ব সলনি হ’ল৷ এই পর্যন্ত ৰিয়ানেই ৰাষ্ট্রীয় দলত স্থান লাভ কৰা একমাত্র অসমীয়া ক্রিকেটাৰ হ’লেও ’৮০–৯০ৰ দশকতো কেইবাজনো অসমৰ ক্রিকেটাৰে ভাৰতীয় দলত স্থান লাভৰ প্রবল দাবীদাৰ হৈ উঠিছিল৷ কিন্তু সেই সময়ত অসম তথা উত্তৰ–পূবৰ ক্রিকেট সংস্থাসমূহ শক্তিশালী নোহোৱা বাবেই তেওঁলোকৰ বাবে ৰাষ্ট্রীয় দলৰ দুৱাৰ মুকলি নহ’ল বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷ আনকি বর্তমানৰ তুলনাত সেই সময়ত অসম ৰঞ্জি দলৰ মানো যথেষ্ট উন্নত আছিল৷ বর্তমান সুযোগ–সুবিধা বৃদ্ধি পাইছে৷ ক্রিকেটাৰসকলক পূর্বতকৈ অধিক সা–সুবিধা প্রদান কৰা হৈছে৷ অথচ অসমৰ ক্রিকেটাৰৰ বিশেষ উন্নতি ঘটা যেন নালাগে৷ প্রতিবছৰে বিভিন্ন দেশৰ দলে বর্ষাপাৰা ষ্টেডিয়ামত আন্তর্জাতিক যুঁজত অৱতীর্ণ হৈছে৷ হাজাৰ হাজাৰ দর্শকে ষ্টেডিয়ামত ভিৰ কৰি ভাৰতীয় ক্রিকেট ব’ৰ্ডক সন্তোষিত কৰিছে৷ কিন্তু ৰাজ্যত ক্রিকেটাৰ সৃষ্টিৰ বাবে সিমান গুৰুত্ব দিয়া হোৱা নাই, মেচ অনুষ্ঠিত কৰাৰ কাৰণে যিমান তৎপৰতা প্রদর্শন কৰা হৈছে৷ আন্তর্জাতিক মেচ অনুষ্ঠিত কৰাতেই এখন ৰাজ্যৰ কৃতিত্ব নাথাকে৷ ইয়াৰ বাবে ৰাজ্যৰ চৌপাশে থকা প্রতিভাসমূহ বিচাৰি আনি উপযুক্তভাৱে প্রশিক্ষণ প্রদান কৰিব পাৰিলে নিশ্চয় অসমৰ ক্রিকেট জগতৰ প্রভূত উন্নতি ঘটিব৷ মাত্র কিছু বছৰ পূর্বে অসমত ধুমধামেৰে ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্রতিযোগিতা অনুষ্ঠিত হৈছিল৷ কিন্তু এতিয়া খালী গেলাৰীৰ সন্মুখত আই এছ এলৰ মেচ অনুষ্ঠিত হয়৷ অসমৰ ফুটবল অনুৰাগীয়ে ভবাৰ দৰে আই এছ এলৰ জৰিয়তে ৰাজ্যত ফুটবলাৰ সৃষ্টি কৰিব পৰা পৰিৱেশ সৃষ্টি নহ’ল৷ ক্রিকেটৰ ক্ষেত্রতো অনুৰূপ অৱস্থাই দেখা গৈছে৷ মেচ অনুষ্ঠিত হোৱা দুদিন বা এদিন ক্রিকেটক লৈ উন্মাদনাৰ সৃষ্টি হয়৷ যুৱ অনুৰাগীসকলে প্রিয় ক্রিকেটাৰসকলক স্বচক্ষে প্রত্যক্ষ কৰিবলৈ ষ্টেডিয়ামত ভিৰ কৰে৷ কিন্তু ইয়াৰ দ্বাৰা তেওঁলোকৰ ওপৰত কোনো যোগাত্মক প্ৰভাৱ নপৰে৷ ইয়াৰ বিপৰীতে লাভান্বিত হয় ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডকে ধৰি সংস্থাটোৰ সৈতে জড়িত সংশ্লিষ্ট বিভিন্ন ব্যক্তি আৰু প্রতিষ্ঠান৷ যা হওক, এই বছৰৰ নৱেম্বৰত ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ এখন মেচ গুৱাহাটীত আয়োজন কৰাটো আমাৰ বাবে গৌৰৱৰ বিষয়৷ কিন্তু ইয়াৰ মাজতে অসম ক্রিকেট সন্থাই ৰাজ্যখনত খেলুৱৈ সৃষ্টিৰ বাবে অধিক পদক্ষেপ গ্রহণ কৰাটো অপৰিহার্য হৈ পৰিছে৷

You might also like