মহাকাশত ইতিহাস
প্রতিটো মহাকাশ অভিযানতেই কঠিন প্রত্যাহ্বান আৰু জটিলতা থাকে৷ সেয়েহে সফল নোহোৱালৈ মহাকাশ অভিযানক লৈ উৎকণ্ঠা থাকে৷ অনিশ্চয়তা আৰু প্রত্যাহ্বানক নেওচি মহাকাশ অভিযানত নাছা আৰু স্পেচএক্সে এক অভিলেখ গঢ়িলে৷ মহাকাশত এই অনাকাংক্ষিত ইতিহাসৰ গৰাকী হ’ল ভাৰতীয় বংশোদ্ভৱ মার্কিন মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী মার্কিন মহাকাশচাৰী বুশ্ব উইলমোৰ৷ ২০২৪ বর্ষৰ জুনত ৮ দিনৰ কাৰণে মহাকাশলৈ যোৱা উইলিয়ামছ আৰু উইলমোৰ অনাকাংক্ষিতভাৱে প্রায় ৯ মাহ মহাকাশত আবদ্ধ হৈ থকাৰ পিছত বুধবাৰে ভাৰতীয় সময় মতে পুৱতি নিশা ৩.২৭ মিনিটত ধৰালৈ উভতি আহিল৷ বিগত বর্ষৰ জুনত ৱয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানেৰে উইলিয়ামছ আৰু উইলমোৰে মহাকাশ যাত্রা আৰম্ভ কৰে৷ সঠিকভাৱেই মহাকাশলৈ যোৱা মহাকাশচাৰীয়ে উভতি আহিবলগীয়া ষ্টাৰলাইনাৰ মহাকাশযানৰ কাৰিকৰী বিসংগতিৰ বাবে পৃথিৱীলৈ উভতি আহিবলৈ সক্ষম নহ’ল৷ পৰিণতিত দুয়োগৰাকী মহাকাশচাৰীয়ে আন্তর্জাতিক মহাকাশ কেন্দ্র, চমুকৈ আইএছএছত বাহৰ পাতিবলগীয়া হয়৷ কার্যতঃ উইলিয়ামছ আৰু উইলমোৰ মহাকাশত বন্দী হৈ পৰে৷ আবদ্ধ হৈ পৰা দুই মহাকাশচাৰীক পৃথিৱীলৈ ওভতাই আনিবলৈ আমেৰিকা যুক্তাৰাষ্ট্রৰ মহাকাশ সংস্থা নাছাই পৰিকল্পনা কৰে যদিও সেই পৰিকল্পনা বাস্তুৱত ৰূপায়িত কৰাত প্রতিবন্ধকতাৰ সৃষ্টি হয়৷ জটিল আৰু প্রত্যাহ্বানমূলক মহাকাশ অভিযানে আইএছএছত আবদ্ধ হৈ থকা দুই মহাকাশচাৰীক কিদৰে নিৰাপদে পৃথিৱীলৈ ওভতাই আনে, তাক লৈ ব্যাপক চর্চা আৰম্ভ হয়৷ একপ্রকাৰ আইএছএছত আবদ্ধ হৈ থকা দুই মহাকাশচাৰীৰ ওভতনি যাত্রা ক্রমান্বয়ে জটিলতাৰ দিশে আগবাঢ়ি থাকে যদিও অৱশেষত নাছা আৰু ধনকুবেৰ এলন মাস্কৰ ব্যক্তিগত মহাকাশ কোম্পানী স্পেচ এক্সে আশাৰ ৰেঙনি কঢ়িয়াই আনে আৰু অৱশেষত দুই মহাকাশচাৰীক সুকলমে নিৰাপদে পৃথিৱীলৈ ওভতাই আনিবলৈ সক্ষম হয়৷
স্মর্তব্য যে আইএছএছত আবদ্ধ মহাকাশচাৰী উইলিয়ামছ আৰু উইলমোৰৰ পৃথিৱীগামী যাত্রাক সফল কৰি তোলে ধনকুবেৰ এলন মাস্কৰ স্পেচএক্সৰ মহাকাশ যানে৷ অনিশ্চয়তাত আইএছএছত থকা দুই মহাকাশচাৰীক পৃথিৱীলৈ ওভতাই আনিবলৈ নাছা আৰু স্পেচএক্সে যোৱা ১৫ মার্চত ড্রেগন কেপছুল মহাকাশলৈ প্রেৰণ কৰে৷
📌 লগতে পঢ়ক : আজিৰ দিনটোৰ ৰাশিফল
চাৰিজন মহাকাশচাৰীসহ মহাকাশযানখনে ১৬ মার্চত আইএছএছত সংলগ্ণ হয়৷ পৰৱর্তী ১৭ মার্চত আইএছএছত আবদ্ধ হৈ থকা দুই মহাকাশচাৰী উইলিয়ামছ আৰু উইলমোৰ পৃথিৱীগামী ড্রেগন কেপছুলত প্রৱেশ কৰে৷ তেওঁলোকৰ লগত ইতিপূর্বে মহাকাশত থকা মহাকাশচাৰী নিক হগ আৰু ৰাছিয়াৰ মহাকাশচাৰী এলেক্সজেণ্ডাৰ গর্ভনভো পৃথিৱীলৈ উভতি অহাৰ বাবে ড্রেগন কেপছুলত যাত্রী হয়৷ ১৮ মার্চৰ পুৱা ড্রেগন কেপছুল আইএছএছৰ পৰা পৃথক হয় আৰু পৃথিৱীলৈ ওভতনি যাত্রা আৰম্ভ কৰে৷ পৃথিৱীলৈ ১৭ ঘণ্টা যাত্রাত সকলো প্রক্রিয়া নিৰাপদ আৰু সুকলমে সমাপন কৰি ড্রেগন কেপছুল বুধবাৰে পুৱতিনিশা আমেৰিকা যুক্তৰাষ্ট্রৰ ফ্ল’ৰিডাৰ উপকূলৰ সাগৰত পৰে৷ নিৰাপদে সাগৰৰ পানীত ড্রেগন কেপছুল অৱতৰণ কৰাৰ পিছত কেপছুলৰ পৰা চাৰি মহাকাশচাৰীক নিৰাপদে বাহিৰলৈ উলিয়াই আনে৷ মহাকাশ অভিযানৰ ইতিহাসত এয়া এক অনাকাংক্ষিত হিচাপে চর্চিত হৈছে৷ ৮ দিনৰ বাবে মহাকাশলৈ গৈ ৯ মাহ আইএছএছত আবদ্ধ হৈ থকা দুই মহাকাশচাৰীক নিৰাপদে ওভতাই আনি নাছা আৰু স্পেচএক্সে ইতিহাস গঢ়ে৷ মহাকাশত আবদ্ধ হৈ থাকি ৯ মাহৰ মূৰকত নিৰাপদে পৃথিৱীলৈ উভতি আহি মহাকাশ অভিযানৰ অভিলেখৰ গৰাকী মহাকাশচাৰী সুনীতা উইলিয়ামছেও অনাকাংক্ষিত ইতিহাস গঢ়ে৷ তেওঁৰ লগতে আন এগৰাকী মহাকাশচাৰী উইলমোৰো ইতিহাসৰ গৰাকী হয়৷ মহাকাশ অভিযানৰ এই অনাকাংক্ষিত সফলতাৰ ইতিহাসত ভাৰতৰ নামো সাঙোৰ খাইছে৷ কিয়নো মার্কিন মহাকাশচাৰী সুনীতা উইলিয়ামছ ভাৰতীয় বংশোদ্ভৱ৷ এই ইতিহাসৰ গৰাকী হোৱা সুনীতা উইলিয়ামছক লৈ সমগ্র বিশ্বতে ভাৰতবাসীও গৌৰৱান্বিত৷ আবদ্ধ দুই মহাকাশচাৰীক নিৰাপদে ওভতাই অনা সফল অভিযানৰ বাবে ভাৰতীয় মহাকাশ সংস্থা ইছৰ’ই নাছা আৰু স্পেচএক্সক অভিনন্দন জনাইছে৷ মহাকাশ অভিযানৰ ইতিহাসত ই অনুপ্রেৰণাদায়ক হিচাপে চর্চিত হৈ থাকিব৷