নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইমৰানৰ ৰাজনৈতিক ভৱিষ্যৎ

পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী ইমৰান খানৰ ৰাজনৈতিক ভৱিষ্যতলৈ নামি আহিছে অনিশ্চয়তা৷ ইমৰান খানৰ দল পাকিস্তান তেহৰিক–ই–ইনচাফ (পিটিআই)ৰ বহু নেতাৰ বিৰুদ্ধে ইতিমধ্যে গোচৰৰ বিচৰা প্রক্রিয়া আৰম্ভ হৈছে৷ তোষাখানাৰ গোচৰত গ্রেপ্তাৰ হোৱা ইমৰান খান কাৰাবন্দী অৱস্থাতে আছে৷ লক্ষণীয়ভাৱে কেইবাটাও গোচৰত ইমৰান খানৰ জামিন মঞ্জুৰ হৈছে যদিও দেশৰ গোপন তথ্য সৰবৰাহ কৰাৰ গোচৰত বিশেষ আদালত এখনে ইমৰান খানৰ বিৰুদ্ধে শেহতীয়াকৈ দহ বছৰ কাৰাদণ্ডৰ ৰায় শুনাইছে৷ অকল ইমৰান খানেই নহয়, পিটিআইৰ সহঃ সভাপতি শ্বাহ মেহমুদ কুৰেশ্বীকো একেটা গোচৰত দোষী সাব্যস্ত কৰিছে পাকিস্তানৰ বিশেষ আদালতখনে৷ কুৰেশ্বীকো দহ বছৰৰ কাৰাদণ্ড বিহিছে আদালতখনে৷ বিশেষ আদালতখনৰ এই ৰায়দানৰ পিছত ইমৰানৰ ৰাজনৈতিক ভৱিষ্যতলৈ অনিশ্চয়তা নামি অহাৰ সময়তে কালি পুনৰ ইমৰান খান আৰু তেওঁৰ পত্নী বুছৰা বিবিৰ বিৰুদ্ধে তোষাখানাৰ দুর্নীতিৰ গোচৰত ৰায়দান কৰিছে আদালতে৷ ইমৰান আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে দুর্নীতিৰ গোচৰত ১৪ বছৰৰ কাৰাদণ্ডৰ ৰায় শুনাইছে আদালতখনে৷ উল্লেখনীয় যে এসপ্তাহ পিছতে পাকিস্তানত অনুষ্ঠিত হ’ব সাধাৰণ নির্বাচন৷ তাৰ পূর্বে তীব্র অস্বস্তিত পৰিছে ইমৰান খান আৰু পিটিআই৷ অকল কাৰাদণ্ডই নহয়, কালি আদালতে ৰায়দান কৰাৰ সময়ত পাকিস্তানী মুদ্রাৰ হিচাপত ৭৯ কোটি টকা জৰিমনাও বিহিছে ইমৰান দম্পতীক৷ এই ৰায়ৰ পিছতে পাকিস্তানজুৰি ক্ষোভৰ উদ্গীৰণ ঘটিছে৷ পিটিআই দলৰ তৰফৰ পৰা পাকিস্তানৰ বিচাৰ ব্যৱস্থা ধ্বংসমুখত পৰা বুলি অভিযোগ কৰি ইমৰান খানৰ বিৰুদ্ধে গভীৰ ৰাজনৈতিক ষড়যন্ত্র চলোৱা হৈছে বুলিও দাবী কৰা হয়৷
লক্ষণীয় বিষয়টো হৈছে, প্রাক্তন প্রধানমন্ত্রী নৱাজ শ্বৰীফ পুনৰ পাকিস্তানলৈ উভতি আহিছে৷ ইতিমধ্যে নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ উপৰি নৱাজ শ্বৰীফে পূর্বৰ ইমৰান খানৰ চৰকাৰৰ দুর্নীতি সন্দর্ভত ক্ষোভ উজাৰি আহিছে৷ অকল সেয়াই নহয়, পাকিস্তানৰ অর্থনীতি ধ্বংসৰ মুখলৈ যোৱাৰ মূল কাৰণ ইমৰান খান আৰু তেওঁৰ চৰকাৰ আছিল বুলি অভিযোগ আনিছে শ্বৰীফে৷ শ্বৰীফে পুনৰ দেশখনৰ প্রধানমন্ত্রী হোৱাৰ সপোন লৈ ব্রিটেইনৰ পৰা আহি পাকিস্তানত প্রৱেশ কৰিছে৷ পাকিস্তানৰ জনপ্রিয় নেতাসকলৰ ভিতৰত শ্বৰীফক প্রথম স্থানত ৰখা হয় যদিও ইমৰান খানৰ পিটিআই দলৰ সবল সাংগঠনিক ভিত্তি আছে দেশখনত৷ সেইবাবে ইমৰানৰ গ্রেপ্তাৰৰ পিছতো সঘনে পাকিস্তান উত্তাল কৰি আহিছে দলৰ নেতা আৰু কর্মীসকলে৷ বহু নেতাক এইবাৰ নির্বাচনত প্রার্থী হোৱাৰ ক্ষেত্রত বাধা প্রদান কৰা হৈছে যদিও পাকিস্তানৰ জনসাধাৰণে ইয়াক অগণতান্ত্রিক আখ্যা দি ইমৰানৰ প্রতি সমর্থন প্রকাশ কৰিছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হৈছে, পাকিস্তানত আজিলৈকে গণতান্ত্রিকভাৱে নির্বাচিত এখনো চৰকাৰে কার্যকাল সম্পূর্ণ কৰিব পৰা নাই৷ ইয়াৰ মূলতে আছে দেশখনৰ ৰাজনীতিত সেনাৰ হস্তক্ষেপ৷ সঘনে সেনাৰ হস্তক্ষেপৰ বাবেই চৰকাৰবোৰে কার্যকাল সম্পূর্ণ কৰিব নোৱাৰে৷ ইমৰান খানৰ চৰকাৰ পতনৰ মূল কাৰণো আছিল সেনাৰ হস্তক্ষেপ৷ ইফালে, যেনেদৰে সেনাই সঘনে পাকিস্তানৰ নির্বাচিত চৰকাৰৰ পতন ঘটাই আহিছে, সেইদৰে চৰকাৰ গঠনৰ ক্ষেত্রতো গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে৷ ইমৰান খানৰ চৰকাৰ গঠনৰ ক্ষেত্রতো অৰিহণা আছিল দেশখনৰ সেনাৰ৷ যি সেনাৰ কান্ধত ভৰি থৈ ইমৰান খানে পাকিস্তানত চৰকাৰ গঠন কৰিছিল, সেই ইমৰান খানে এতিয়া ৰঙাঘৰত বহি এতিয়া এটাৰ পিছত এটাকৈ গোচৰত দোষী সাব্যস্ত হৈ কেৱল দীর্ঘদিনীয়া শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ অৱশ্যে ইমৰানৰ বিৰুদ্ধে ন্যায় ব্যৱস্থাই অৱস্থান গ্রহণ কৰা বুলি ইতিমধ্যে ব্যাপক চর্চাও চলিছে পাকিস্তানত৷ গতিকে এই সমগ্র ঘটনাই ভাৰতৰ প্রতিৱেশী ৰাষ্ট্রখনৰ পৰিস্থিতি যিকোনো মুহূর্ততে অস্থিৰ কৰি তোলাৰ আশংকা আছে৷

You might also like