নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত জইচ–ই–মহম্মদৰ অর্থ

শনিবাৰ অর্থাৎ ৫ অক্টোবৰত ‘নিয়া’ই দেশৰ পাঁচখন ৰাজ্যৰ ২৬ স্থানত একে সময়তে অভিযান চলাই একুৰিৰো অধিক লোকক কুখ্যাত ইছলামিক সন্ত্রাসবাদী সংগঠন জইচ–ই–মহম্মদৰ সদস্য তথা সংগঠনটোৰ সৈতে সম্পর্ক থকা লোকক আটক কৰে৷ ‘নিয়া’ই অভিযান চলোৱা ৰাজ্যকেইখনৰ মাজত অসমৰো নাম আছে৷ তদন্তকাৰী সংস্থাটোৱে এছটিএফ আৰু স্থানীয় আৰক্ষীৰ সহযোগত চলোৱা অভিযানটোত অসমৰ গোৱালপাৰা আৰু হোজাই জিলাক সামৰি লোৱা হৈছিল৷ জিলা দুখনৰ পৰা দহজন সন্ত্রাসবাদীক আটক কৰা হয়৷ আমাৰ ৰাজ্যখনৰ বাবে এইটো গভীৰ চিন্তা আৰু উদ্বেগৰ বিষয়৷ অৱশ্যে ইয়াৰ অর্থ এইটো নহয় যে জম্মু–কাশ্মীৰ, দিল্লী, উত্তৰ প্রদেশ, মহাৰাষ্ট্রত জইচ–ই–মহম্মদৰ সদস্য ধৰা পৰাটো অশনি সংকেত নহয়৷ তাত পূর্বতেও জইচ–ই–মহম্মদৰ বিনাশী কার্যকলাপৰ নজিৰ আছে৷ ভৌগোলিকভাৱে অঞ্চলকেইটা পাকিস্তানৰ পৰা বহু বেছি নিলগতো নহয়৷ কিন্তু ইয়াৰ পূর্বে অসমত জইচ–ই–মহম্মদৰ সক্রিয়তাৰ কথা এইদৰে পোহৰলৈ অহা নাছিল৷ উত্তৰ–পূবৰ অতিশয় গুৰুত্বপূর্ণ ৰাজ্যখনত ইছলামিক সন্ত্রাসবাদী তথা জেহাদী সংগঠনৰ মূলতঃ ঘাইশিপাডাল বাংলাদেশত থাকে৷ প্রতিৱেশী ৰাষ্ট্রখনৰ পৰাহে অসমৰ জেহাদী–মৌলবাদী সংগঠনৰ কাম–কাজ নিয়ন্ত্রণ হয়৷ তাৰ পৰা অবৈধভাৱে অনুপ্রৱেশ কৰা লোকে মূলতঃ অসমত মৌলবাদী–জেহাদী–সন্ত্ৰাসবাদী সংগঠনৰ বাবে কাম কৰে৷ তেনে মানৱ সভ্যতাবিৰোধী লোকৰ সহযোগী হৈ অসমৰো একাংশই ৰাজ্যখনত ইছলামিক সন্ত্রাসবাদী তথা জেহাদী সংগঠনৰ গুৰি ধৰি আহিছে৷ অৱশ্যে অসমত সকলোবোৰ জেহাদী–ইছলামিক সন্ত্রাসবাদী সংগঠনৰ তৎপৰতাৰ সৈতে পাকিস্তানৰ সংযোগ এটা পূর্বৰে পৰা আছেই৷ কিন্তু এইবাৰ সম্পর্কটো প্রত্যক্ষ আৰু সুস্পষ্ট৷ কথাটো বুজিবলৈ জইচ–ই–মহম্মদৰ ইতিহাসলৈ উভতি যাব লাগিব৷ ইছলামিক সন্ত্রাসবাদী সংগঠনটোৰ জন্ম হৈছে জম্মু–কাশ্মীৰক ভাৰতবর্ষৰ পৰা বিচ্ছিন্ন কৰি পাকিস্তানৰ অংশ কৰি তোলা৷ অর্থাৎ ভাৰতবর্ষত পাকিস্তানৰ এজেণ্ডা সম্পূর্ণ কৰিবলৈ পাকিস্তান চৰকাৰৰ পৃষ্ঠপোষকতাত সংগঠনটো গঠন কৰা হৈছে৷ জইচ–ই–মহম্মদ গঠনৰ সৈতে পাকিস্তানৰ কুখ্যাত চোৰাংচোৱা সংস্থা আৰু আইএছআইৰ লগতে দেশখনৰ সেনা প্রশাসনৰ মুৰব্বী প্রত্যক্ষভাৱে জড়িত থকাৰ কথা ইতিমধ্যে স্পষ্টও হৈছে৷ জইচ–ই–মহম্মদৰ প্রতিষ্ঠাপকজনো ভাৰতৰ এজন ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদী৷ সন্ত্রাসবাদীজনক ১৯৯৯ চনৰ ডিচেম্বৰত এখন বিমান আৰু বিমানখনত থকা যাত্রীৰ বিনিময়ত তদানীন্তন কেন্দ্রীয় চৰকাৰে কাৰাগাৰৰ পৰা মুকলি কৰি দিছিল৷ মাছুদ আজহাৰ নামৰ সন্ত্রাসবাদীটোৱে ২০০০ চনত পাকিস্তানৰ ভূমিত জইচ–ই–মহম্মদ গঠন কৰে৷ বিগত সময়ছোৱাত কুখ্যাত ইছলামিক সন্ত্রাসবাদী সংগঠনটোৱে ভাৰতবর্ষৰ কেইবাঠাই সাধাৰণ মানুহৰ ৰক্তেৰে ৰঞ্জিত কৰে৷ বোমা বিস্ফোৰণ, আত্মঘাতী বোমাৰু, কাৰ বোমা আদিৰে আক্রমণ সংঘটিত কৰি কিছু বছৰ পূর্বলৈকে ভাৰতভূমিত সন্ত্রাসৰ ৰাজত্ব চলাই থকা কুখ্যাত সংগঠনটোৰ সন্ত্রাসবাদী কার্যকলাপ নৰেন্দ্র মোদীৰ নেতৃত্বত এনডিএৰ চৰকাৰ গঠন হোৱাৰে পাছৰে পৰা কমিবলৈ ধৰে৷ শেহতীয়াকৈ জম্মু–কাশ্মীৰতো জইচ মহম্মদক চৰকাৰে বহুখিনি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ মূল কাৰণ হৈছে আভ্যন্তৰীণ নিৰাপত্তা শক্তিশালীকৰণত কেন্দ্রীয় চৰকাৰৰ কঠোৰ স্থিতি৷ সেনা–নিৰাপত্তা বাহিনী আৰু ৰাজ্যিক আৰক্ষীৰ দায়িত্বশীল ব্যৱস্থাৰ বাবে দেশখনে এতিয়া কুখ্যাত পাকিস্তানী সন্ত্রাসবাদী সংগঠনটোৰ পৰা স্বস্তিৰ নিশ্বাস এৰিবলৈ সক্ষম হৈছে৷ কেন্দ্রীয় চৰকাৰৰ বিৰামহীন প্রচেষ্টাৰ বাবে জইচ–ই–মহম্মদ আন্তর্জাতিকভাৱেও এটা নিষিদ্ধ তথা ঘৃণিত নাম৷ সংগঠনটোৱে নাম সলাই জম্মু–কাশ্মীৰত সন্ত্রাসবাদী কার্যকলাপ চলাই আছে যদিও ভাৰতীয় সেনা ক্রমশঃ সংগঠনটোৰ উশাহ বন্ধ কৰাৰ দিশে অগ্রসৰ হৈছে৷
বিগত ২৪ বছৰীয়া পৰিক্রমাত জইচ–ই–মহম্মদৰ সমান কোনো ইছলামিক সন্ত্রাসবাদী সংগঠনে ভাৰতবর্ষৰ ক্ষতি কৰিব পৰা নাই৷ তালিকাখনত লস্কৰ–ই–তৈবাৰো নাম ল’ব পাৰি৷ লস্কৰৰ লগতে সংগঠনটোৰ আত্মঘাতী আক্রমণ তথা আনধৰণৰ সন্ত্রাসবাদী আক্রমণে আমাৰ দেশখনৰ বহু লোকৰ প্রাণ কাঢ়ি লৈ গৈছে৷ বহু ৰাজহুৱা সম্পত্তি ধ্বংস হৈছে৷ সমান্তৰালকৈ দেশখনৰ সেনা আৰু অর্ধসামৰিক বাহিনীৰো সীমাহীন ক্ষতি কৰিছে জইচ–ই–মহম্মদ নামৰ কুখ্যাত ইছলামিক সন্ত্রাসবাদী সংগঠনটোৱে৷ সৰল কথাত ক’বলৈ গ’লে জইচ–ই–মহম্মদৰ দৰে সংগঠন মানৱ সভ্যতাৰে শত্রু৷ পৃথিৱীৰ প্রতিজন মানুহৰ হূদয়ত তেনেধৰণৰ বা সংগঠনটোৰ প্রতি মাথোঁ ঘৃণাহে থাকিব লাগে৷ আন্তৰিকতাৰ প্রশ্ণই নুঠে৷ ইয়াৰ বিপৰীতে অসমৰ বুকুত সন্ত্রাসবাদী সংগঠনটোৰ সদস্য বা লিংকমেন ওলাইছে৷ এইটো গভীৰভাৱে চিন্তা আৰু উদ্বেগৰ কথা৷ অসমত জইচ–ই–মহম্মদৰ সদস্য পদ গ্রহণ কৰা লোকসকলে অসমত কি কৰিব? অসমটো জম্মু–কাশ্মীৰ নহয় যে ৰাজ্যখন পাকিস্তানৰ সৈতে চামিল কৰাৰ বাবে কাম কৰিব লাগিব৷ জম্মু–কাশ্মীৰক লৈ পাকিস্তানৰ চক্রান্ত গোপন নহয়৷ ই মুকলি৷ বিভিন্ন আন্তঃৰাষ্ট্রীয় মঞ্চতো ইছলামাবাদে জম্মু–কাশ্মীৰক লৈ মাত মাতি থাকে৷ মাত মাতিহে থাকে৷ ভাৰতবর্ষৰ ফালৰ পৰাও ইয়াৰ যোগ্য প্রত্যুত্তৰ দিয়া হৈ থাকে৷ কিয়নো জম্মু–কাশ্মীৰ ভাৰতবর্ষৰ অভিন্ন অংগ৷ অঞ্চলটোক লৈ পাকিস্তানৰ মাত মতাৰ কোনো অধিকাৰ নাই৷ কিন্তু অসমত জইচ–ই–মহম্মদৰ কাম কি? সংগঠনটোৰ সৈতে ইছলামিক সন্ত্রাসবাদযুক্ত হৈ থকাৰ বাবেই অসমলৈ জইচ–ই–মহম্মদৰ সাংগঠনিক জালখন সম্প্রসাৰণ হৈছে নেকি? অর্থাৎ এইবাবেই অসমৰ এচাম মুছলমান সংগঠনটোলৈ ঢাপলি মেলিছে৷ এইটোৱেই চিন্তা আৰু উদ্বেগৰ কাৰণ৷ অসমত জইচ–ই–মহম্মদৰ উত্থানে এটা কথা স্পষ্ট কৰিছে যে ৰাজ্যখনৰ একাংশ লোক ভয়ংকৰভাৱে মৌলবাদী হৈ পৰিছে৷ তেওঁলোকৰ বাবে সংগঠন এটাৰ লক্ষ্য–উদ্দেশ্য, কর্মপদ্ধতি আদি বিচার্য বিষয় হৈ থকা নাই৷ মাথোঁ বিবেচনাত স্থান পাইছে ইছলামিক মৌলবাদে৷ যাৰ বাবে আজি জইচ–ই–মহম্মদৰ সাংগঠনিক জালখন অসমৰ বুকুত পৰিলক্ষিত হৈছে৷ এই লোকসকলে এদিন অসমত পাকিস্তানৰ এজেণ্ডা পূৰণ কৰিবলৈ আত্মঘাতী আক্রমণ সংঘটিত কৰিব৷ ৰাজহুৱা স্থানত নাইবা হিন্দুকে ধৰি আন ধর্মৰ ধর্মীয় অনুষ্ঠানক আক্রমণৰ লক্ষ্য কৰি ল’ব৷ সেনা–অর্ধসামৰিক বাহিনীৰ ওপৰত জঁপিয়াই পৰিব৷ মূল কথাটো হৈছে, অসমত ইছলামিক সন্ত্রাসবাদ আৰু জেহাদ বিয়পাই দিব লাগে৷ ইয়াৰ সৰল অর্থটো হৈছে- ৰাজ্যখনত এনেধৰণৰ ইছলামিক সন্ত্রাসবাদী তথা জেহাদী সংগঠনক এতিয়াই পুলিয়ে–পোখাই উভালি নেপেলালে অনাগত দিনবোৰ তীব্র অনিশ্চয়তাৰে ভৰা হৈ পৰিব৷

You might also like