মহাকুম্ভ মেলাত অঘটন
বিশ্বজুৰি ব্যাপক চর্চিত উত্তৰ প্রদেশৰ প্রয়াগৰাজত চলি থকা মহাকুম্ভ মেলা৷ সনাতনী ধর্মৰ আস্থা–বিশ্বাসৰ প্রতিফলন প্রয়াগৰাজৰ মহাকুম্ভ মেলাত প্রতিফলন হৈছে৷ দেশৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ সনাতন ধর্মৰ বিশ্বাসী ভক্তই এই কুম্ভ মেলাত প্রয়াগৰাজৰ ত্রিবেণী সংগমত অমৃত স্নান কৰিবলৈ ভিৰ কৰিছেহি৷ একতা আৰু বিশ্ব এক পৰিয়াল মন্ত্রৰে চলি আছে মহাকুম্ভ মেলা–২০২৫৷ উত্তৰ প্রদেশৰ প্রয়াগৰাজত ত্রিবেণী সংগমত অমৃত স্নানৰ বাবে ভিৰ কৰিছে লাখ লাখ ভক্তই৷ বিশ্বৰ বৃহত্তম সমাৱেশ হিচাপে পৰিগণিত হ’বলৈ আগবঢ়া মহাকুম্ভ মেলা–২০২৫ত ৪০ কোটি ভক্তৰ সমাৱেশ ঘটিব৷ মহাকুম্ভ মেলাৰ আৰম্ভণি দিনটোত প্রয়াগৰাজৰ গংগাত ৫ কোটি ভক্তই ইতিমধ্যে অমৃত স্নান কৰিলে৷ ত্রিবেণী সংগমত অমৃত স্নান কৰিবলৈ বিশ্বৰ বিভিন্ন দেশৰ লাখ লাখ ভক্ত সমবেত হৈছে৷ এই মহাকুম্ভ মেলা নিয়াৰিকৈ উদযাপন কৰিবলৈ মুখ্যমন্ত্রী যোগী আদিত্যনাথে নিৰাপত্তাৰ পৰা ভক্তৰ আশ্রয়ৰ ব্যৱস্থাপনালৈকে সকলো দিশত অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰিছে৷ ভক্তৰ ভিৰ আৰু যান–বাহন ব্যৱস্থাপনা সঠিকভাৱে নিয়ন্ত্রণ কৰিবলৈ এআই সঁজুলি ব্যৱহাৰ কৰা হৈছে৷ পানীৰ তলত নিৰীক্ষণ কৰিবলৈ ফায়াৰ ফাইটিং ব্যৱস্থা কৰা হৈছে৷ নিৰাপত্তা কটকটীয়া কৰি তুলিবলৈ ৪০ হাজাৰ নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে৷ ১.৫ লাখ তম্বু সাজি উলিওৱা হৈছে৷ ১৪৪ বছৰৰ মূৰকত মহাযোগ ঘটা এই ত্রিবেণী সংগমত অমৃত স্নানৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ লগতে স্বদেশৰ ৪০ কোটি ভক্তৰ সমাৱেশ ঘটিব বুলি মুখ্যমন্ত্রী যোগী আদিত্যনাথে সদৰী কৰিছে৷ পৰহি মকৰ সংক্রান্তিত অমৃত স্নান কৰা ৫ কোটি ভক্তক পুষ্পাঞ্জলি প্রদান কৰা হয়৷ এই সময়ছোৱাত ভক্তসকলে জয় শ্রীৰাম আৰু হৰ হৰ মহাদেৱ ধ্বনি দি প্রয়াগৰাজৰ আকাশ–বতাহ আধ্যাত্মিক ভাবাপন্ন কৰি তোলে৷ পৰহি মকৰ সংক্রান্তিত ১৩ আখৰাৰ সাধুৱে প্রথমতে ত্রিবেণী সংগমত অমৃত স্নান কৰি এই পৰম্পৰাৰ আৰম্ভণি কৰে৷ পৰৱর্তী সময়ত কোটি কোটি ভক্তই অমৃত স্নান কৰি আধ্যাত্মিক ভাবত ডুব যায়৷ ১৩ জানুৱাৰীৰ পৰা ৪৫ দিন ধৰি চলিবলগীয়া এই মহাকুম্ভ মেলাৰ বাজেট হৈছে ৭৫০০ কোটি টকা৷ ভক্তৰ সমাগমে মহাকুম্ভ মেলাত দুই লাখ কোটি টকা ৰাজহ উপার্জন কৰিব বুলি তথ্যত প্রকাশ পাইছে৷ কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্রেডার্ছে অনুমান কৰা মতে ৪৫ দিনীয়া এই মহাকুম্ভ মেলাত পর্যটন আৰু আতিথ্য উদ্যোগকে ধৰি দোকান–পোহাৰে দুই লাখ কোটি টকা উপার্জন কৰিব পাৰিব৷ স্থানীয় হোটেল, অতিথিগৃহ আৰু ল’জেও এই সময়ছোৱাত ৪০ হাজাৰ কোটি টকা উপার্জন কৰিব বুলি কনফেডাৰেচনে অনুমান কৰিছে৷ উল্লেখ্য যে মহাকুম্ভ মেলা–২০২৫ক পূর্ণ কুম্ভ মেলা হিচাপে উদযাপন কৰা হৈছে৷ অহা ২৬ ফেব্রুৱাৰীলৈকে এই কুম্ভ মেলা চলিব৷ ১৪ জানুৱাৰী মকৰ সংক্রান্তিত প্রথম অমৃত স্নানৰ পিছত ২৯ জানুৱাৰীত মৌনী অমাৱস্যা দ্বিতীয়টো স্নান, ৩ ফেব্রুৱাৰীত বসন্ত পঞ্চমীত স্নান, ১২ ফেব্রুৱাৰীত মাঘী পূর্ণিমা আৰু ২৬ ফেব্রুৱাৰীত মহাশিৱৰাত্রিত স্নান কৰিব ভক্তসকলে৷ গংগা, যমুনা আৰু সৰস্বতীৰ ত্রিবেণী সংগমত দেশৰ লগতে বিশ্বৰ বিভিন্ন প্রান্তৰ সনাতনী ধর্মৰ ভক্তসকলে অমৃত স্নান কৰিব৷
স্মর্তব্য যে চলিত কুম্ভ মেলাত ২৮ জানুৱাৰীৰ নিশা পদপিষ্ট হৈ ৪০জন ভক্তৰ প্রাণহানি হোৱাৰ লগতে ৭০জনতকৈ অধিক আহত হৈছে৷ কুম্ভ মেলাত পদপিষ্ট ঘটনাৰ এক ইতিহাস আছে৷ মহাকুম্ভ মেলাত ভক্তৰ ভিৰ বৃদ্ধি পোৱাৰ লগতে বিশৃংখল পৰিস্থিতি এটাৰ উদ্ভৱ হোৱাৰ বাবেই পদপিষ্টৰ ঘটনা সংঘটিত হয়৷ চলিত বর্ষৰ পূর্বেই কুম্ভ মেলাত কেইবাবাৰো বিশৃংখলা আৰু পদপিষ্টৰ শোকাৱহ ঘটনা সংঘটিত হোৱাৰ ইতিহাস আছে৷ স্বাধীন ভাৰতৰ প্রথম কুম্ভ মেলাতো পদপিষ্টৰ ঘটনা সংঘটিত হৈছিল৷ ১৯৫৪ চনৰ ৩ ফেব্রুৱাৰীত এলাহাবাদ (বর্তমানৰ প্রয়াগৰাজ)ত মৌনী অমাৱস্যাৰ বাবে পুণ্য স্নানৰ বাবে ভক্তৰ ভিৰ হৈছিল আৰু সেই ভিৰেই বিশৃংখলতাৰ সৃষ্টি কৰাত অতিকমেও ৮০০জন ভক্তৰ মৃত্যু ঘটিছিল৷ পৰৱর্তী সময়ত ১৯৮৬ চনৰ কুম্ভ মেলাৰ সময়ত হৰিদ্বাৰত অতিকমেও ২০০জন ভক্তৰ মৃত্যু ঘটিছিল৷ উত্তৰ প্রদেশৰ তদানীন্তন মুখ্যমন্ত্রী বীৰ বাহাদুৰ সিং কুম্ভ মেলা উপলক্ষে হৰিদ্বাৰলৈ আহিছিল৷ লগত আছিল কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্রী আৰু সাংসদ৷ নদীৰ পাৰত ৰাজনীতিকৰ ভিৰৰ পৰিপ্রেক্ষিতত ভক্তৰ ধৈর্য হেৰাইছিল আৰু পিছলৈ হেঁচা–ঠেলাত শোকাৱহ ঘটনা সংঘটিত হয় আৰু অতিকমেও ২০০জনৰ মৃত্যু ঘটে৷ ২০০৩ চনৰ মহাৰাষ্ট্রৰ নাছিকত কুম্ভ মেলা উপলক্ষে গোদাবৰী নদীৰ পাৰত হাজাৰ হাজাৰ পুণ্যার্থী সমৱেত হৈছিল আৰু হঠাতে বিশৃংখলতাৰ সৃষ্টি হোৱাত ৩৯জন লোকৰ মৃত্যু ঘটাৰ লগতে শতাধিক আহত হৈছিল৷ ২০১৩ চনৰ ১০ ফেব্রুৱাৰীত আৰু এটা শোকাৱহ ঘটনা সংঘটিত হয়৷ কুম্ভ মেলা উপলক্ষে ভক্তৰ ভিৰৰ ফলত এলাহাবাদ ষ্টেচনৰ পদসেতু ভাঙি পৰিছিল৷ পৰিণতিত ৪২জন ভক্তৰ মৃত্যু ঘটাৰ লগতে ৪৫জন আহত হৈছিল৷ ইয়াৰ পাছত ২০২৫তো এনেধৰণৰ শোকাৱহ ঘটনা সংঘটিত হোৱাত কুম্ভ মেলাত কৰুণ ইতিহাসৰ পুনৰাবৃত্তি চলি আছে৷ আধ্যাত্মিক পৰিৱেশ এটাৰ মাজত ভক্তৰ সংযমহীনতাই বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰা অনাহূত ঘটনা ঘটে৷ এনে কাৰণতে প্রয়াগৰাজত সমবেত হোৱা ভক্তসকলে সংযমী হোৱাটো অতিকে জৰুৰী৷ এই কথাটো সকলোৱে একেস্বৰে মানি ল’ব যে সেয়া নিশ্চিত৷