নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–ফ্রান্সৰ মৈত্রীৰ বন্ধন

দেশৰ ৭৫সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজৰ বাবে বর্ণিল ৰূপত সজাই তোলা হয় ৰাজধানী নতুন দিল্লীৰ কর্তব্য পথ৷ ভাৰতক ইতিমধ্যে গণতন্ত্রৰ জননী বুলি অভিহিত কৰি আহিছে প্রধানমন্ত্রী মোদীকে ধৰি কেন্দ্রীয় চৰকাৰৰ মন্ত্রীসকলে৷ এইবাৰ গণৰাজ্য দিৱসৰ মূল থিম আছিল– ‘বিকশিত ভাৰত’ আৰু ‘ভাৰত–লোকতন্ত্র কী মাত্রুকা’৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিকশিত গণতন্ত্রৰ প্রতীক হিচাপে ভাৰতক বিশ্বৰ সন্মুখত দাঙি ধৰাৰ চেষ্টা চলায় ইয়াৰ জৰিয়তে৷ গণৰাজ্য দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমন্ত্রিত ফৰাচী ৰাষ্ট্রপতি ইমানুৱেল মেক্রনে দুদিনীয়া ভ্রমণসূচীৰে আহি ভাৰতত উপস্থিত হয়৷ ‘গোলাপ চহৰ’খ্যাত ৰাজস্থানৰ জয়পুৰত উপস্থিত হৈ মেক্রনে ঐতিহাসিক বিভিন্ন স্থান পৰিদর্শনো কৰে৷ প্রধানমন্ত্রী মোদীৰ সৈতে ৰোড শ্ব’তো অংশগ্রহণ কৰে ফৰাচী ৰাষ্ট্রপতিগৰাকীয়ে৷ লক্ষণীয় বিষয়টো হৈছে এইবাৰ এই গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ জৰিয়তে ফ্রান্স আৰু ভাৰতৰ মাজৰ দ্বিপাক্ষিক সম্পর্কক অধিক সুদৃঢ় কৰিবলৈ উভয় দেশে গুৰুত্ব প্রদান কৰিছে৷ প্রধানমন্ত্রী হিচাপে মোদীৰ দ্বিতীয়টো কার্যকালত কোনো গুৰুত্বপূর্ণ বিদেশী ৰাষ্ট্রৰ শীর্ষ নেতাৰ সৈতে এয়াই আছিল অন্তিম বৈঠক৷ ফ্রান্সৰ ৰাষ্ট্রীয় দিৱস অর্থাৎ বাষ্টিল দিৱসৰ অনুষ্ঠানত বিদেশী অতিথি হিচাপে পেৰিছত উপস্থিত আছিল প্রধানমন্ত্রী মোদী৷ এইবাৰ মেক্রন আহিল ভাৰতৰ ৭৫সংখ্যক গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে৷ এয়াই প্রথম কোনো ফৰাচী ৰাষ্ট্রপতিৰ ভাৰতৰ গণৰাজ্য দিৱসত অংশগ্রহণ নহয়৷ ইয়াৰ পূর্বেও চাৰিগৰাকী ফৰাচী ৰাষ্ট্রপতিয়ে ভাৰতৰ গণৰাজ্য দিৱসত অংশগ্রহণ কৰিছিল৷ অৱশ্যে এইবাৰ মেক্রনৰ এই দিৱসত মুখ্য অতিথি হিচাপে অংশগ্রহণ পূর্বতকৈ তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ বিভিন্ন আন্তর্জাতিক বিষয়ে গুৰুত্ব লাভ কৰিছে৷ এই মুহূর্তত গাজাত চলি থকা যুদ্ধ, ৰাছিয়া–ইউক্রেইনৰ যুদ্ধৰ উপৰি লোহিত সাগৰত অস্থিৰতাৰ লগতে চীন–টাইৱানৰ সংঘাত আদিয়ে উত্তেজনা সৃষ্টি কৰি আছে৷ ইয়াৰ মাজতে পাশ্চাত্যৰ দেশ এখনৰ ৰাষ্ট্রনেতা এগৰাকীৰ ভাৰতৰ গণৰাজ্য দিৱসত অংশগ্রহণ বিভিন্ন দেশৰ বাবে নজৰৰ কাৰণ হৈ পৰে৷
১৯৮০ চনত ভাৰতৰ গণৰাজ্য দিৱসত তেতিয়াৰ ফ্রান্সৰ ৰাষ্ট্রপতি ভালেৰি গিছকার্ড ডি’ইষ্টাইঙে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিছিল৷ প্রথমবাৰলৈ ফৰাচী ৰাষ্ট্র নেতা হিচাপে গণৰাজ্য দিৱসৰ অতিথিৰূপে আমন্ত্রণ জনোৱা হৈছিল ডি’ইষ্টাইঙক৷ ইয়াৰ পিছত ১৯৯৮ চনত তেতিয়াৰ ফৰাচী ৰাষ্ট্রপতি জেক চিৰাকক আমন্ত্রণ জনোৱা হৈছিল গণৰাজ্য দিৱসৰ অনুষ্ঠানলৈ৷ জেক চিৰাকেও মুখ্য অতিথি হিচাপে দেশৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশগ্রহণ কৰি ভাৰতৰ বর্ণিল সাংস্কৃতিক দৃশ্য উপভোগ কৰিছিল৷ ২০০৮ চনত ফৰাচী ৰাষ্ট্রপতি নিকোলাছ ছার্কোজি গণৰাজ্য দিৱসৰ অতিথি হিচাপে ভাৰতলৈ আহিছিল৷ ২০১৬ চনত ফ্রাঁছোৱা ওলাঁডক আমন্ত্রণ জনোৱা হৈছিল গণৰাজ্য দিৱসৰ অনুষ্ঠানলৈ৷ ৰাষ্ট্রপতি হিচাপে এতিয়ালৈকে ফ্রান্সৰ পাঁচগৰাকী নেতাক ভাৰতৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ জনোৱা হৈছে৷ ইফালে, ১৯৭৬ চনত জেক চিৰাক ফ্রান্সৰ প্রধানমন্ত্রী হৈ থকা অৱস্থাতো ভাৰতৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হৈছিল৷ কূটনৈতিক মহলে ধাৰণা কৰিছে যে কাশ্মীৰ সমস্যা, পৰমাণু পৰীক্ষা বিতর্ক আৰু চীনৰ সৈতে সংঘাতৰ দৰে জটিল পৰিস্থিতিৰ মাজত ভাৰতে ফ্রান্সক কেইবা দশক ধৰি বন্ধু হিচাপে লাভ কৰিছে৷ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্য পদৰ বাবে প্রথম সমর্থন জনাইছিল ফ্রান্সে৷ ১৯৭৬ আৰু ১৯৯৮ চনত ভাৰতে পৰমাণু অস্ত্র পৰীক্ষাৰ পিছতে পাশ্চাত্যৰ দেশসমূহে ভাৰতৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল৷ কিন্তু এই নিষেধাজ্ঞাত সমর্থন নাছিল ফ্রান্সৰ৷ অকল সেয়াই নহয়, ২০২০ চনত চীনৰ সৈতে সীমান্ত বিবাদৰ সময়তো ফ্রান্সেই প্রথম ভাৰতক সামৰিক সহায় আগবঢ়োৱাৰ প্রতিশ্রুতি দিছিল৷ মেক্রনৰ দুদিনীয়া ভাৰত ভ্রমণে এই মৈত্রীৰ বন্ধন অধিক সুদৃঢ় কৰা বুলি সেইবাবে কূটনীতিকসকলে ধাৰণা কৰিছে৷ গণৰাজ্য দিৱসৰ অনুষ্ঠানত মেক্রনক মুখ্য অতিথি হিচাপে আমন্ত্রণ জনোৱা বিষয়টোকো শলাগিছে কূটনীতিবিদসকলে৷

You might also like