নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ক্রীড়া–২০২৪

পুনৰ এটি বছৰে বাগৰ সলাবলৈ আগবাঢ়িছে৷ আৰু মাত্র দুটা দিনৰ পাছতে মেলানি মাগিব পুৰণা বছৰটোৱে৷ ইয়াৰ লগে লগে ২০২৫ বর্ষই সকলোৰে বাবে নতুন নতুন আশা লৈ আহিব আমাৰ মাজলৈ৷ ২০২৪ বর্ষই বিদায় লোৱাৰ পূর্বে এই বছৰটোৰ হিচাপ–নিকাচ আৰম্ভ হৈছে৷ এইক্ষেত্রত ক্রীড়াক্ষেত্রখনো ব্যতিক্রম নহয়৷ এই বছৰটো ভাৰতীয় ক্রীড়া জগতৰ বাবে আন এক স্মৰণীয় বছৰ হিচাপে অনুৰাগীৰ মাজত সজীৱ হৈ থাকিব৷ ভাৰতীয় ক্রিকেট জগতৰ বাবে নিশ্চিতভাৱে এই বছৰটো উল্লেখযোগ্য বর্ষ হিচাপে পৰিগণিত হৈছে৷ চলিত বর্ষত ভাৰতীয় ক্রিকেট দলে আইচিচিৰ টি–২০ ক্রিকেট প্রতিযোগিতাত খিতাপ অর্জন কৰি ভাৰতীয় ক্রিকেটক আন এক পর্যায়ত উপনীত কৰাইছে৷ এখন ৰুদ্ধশ্বাস ফাইনেলত ভাৰতে ৭ ৰানত দক্ষিণ আফ্রিকাক পৰাজিত কৰি টি–২০ বিশ্বকাপ জয় কৰে৷ ফাইনেলত ৭৬ ৰানৰ এটি দর্শনীয় ইনিংছ খেলি ভাৰতৰ বিজয়ত মুখ্য ভূমিকা গ্রহণ কৰা বিৰাট কোহলিয়ে বিশ্বকাপৰ পিছতে টি–২০ ক্রিকেটৰ পৰা অৱসৰ গ্রহণৰ কথা ঘোষণা কৰে৷ এইবাৰ অলিম্পিকতো ভাৰতীয় তাৰকা খেলুৱৈসকলে দর্শনীয় প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হয়৷ বিশ্বৰ সর্ববৃহৎ প্রতিযোগিতাখনত ভাৰতে এটি ৰূপ আৰু ৫টা ব্রঞ্জসহ মুঠ ছটা পদক অর্জনেৰে বিশেষ কৃতিত্ব দেখুৱায়৷ তাৰকা খেলুৱৈ নীৰজ চোপ্রা, মানু ভাকেৰ, সৰৱজ্যোৎ সিং, স্বপ্ণিল কুশালে, অমন শ্বেৰাৱট আৰু ভাৰতীয় হকী দলে পদক জয় কৰি ভাৰতক বিশ্বৰ ক্রীড়া মানচিত্রত পুনৰ উদ্ভাসিত কৰি তোলে৷ এইবাৰ অলিম্পিকত তাৰকা শ্বুটাৰ মানু ভাকাৰে দুটা পদক দখল কৰি ইতিহাস সৃষ্টি কৰে৷ এখন অলিম্পিকত দুটা পদক লাভ কৰা মানু হৈছে প্রথমগৰাকী ভাৰতীয় ক্রীড়াবিদ৷ তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ব্রঞ্জৰ পদক লাভ কৰে৷ মাত্র ০.১ পইণ্টৰ বাবে তেওঁ ৰূপৰ পদকৰ পৰা বঞ্চিত হয়৷ ভাকেৰে দ্বিতীয়টো ব্রঞ্জৰ পদক আঁজুৰি আনে ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত৷ এই ইভেণ্টত তেওঁ সৰৱজ্যোৎ সিঙৰ সৈতে যুটি বান্ধি দক্ষিণ কোৰিয়াৰ বিপক্ষে বিজয়ী হৈছিল৷ আনহাতে, পূর্বৰ অলিম্পিকৰ স্বর্ণ বিজয়ী আৰু বিশ্ব চেম্পিয়ন জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাই এইবাৰ অলিম্পিকত অলপৰ বাবে স্বর্ণৰ পৰা বঞ্চিত হয় আৰু ৰূপৰ পদক দখল কৰে৷ তেওঁ বছৰটোৰ ব্যক্তিগত শ্রেষ্ঠ প্রদর্শনেৰে ৮৯.৪৫ মিটাৰ দূৰত্বলৈ জেভলিন নিক্ষেপ কৰি দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়৷ স্বাধীনতাৰ পিছত প্রথমগৰাকী ভাৰতীয় এথলীট হিচাপে ব্যক্তিগত ইভেণ্টত তেওঁ একেৰাহে দুখন অলিম্পিকত পদক লাভৰ গৌৰৱ অর্জন কৰে৷
ভাৰতীয় হকী দল, স্বপ্ণিল আৰু অমনেও ব্রঞ্জৰ পদক অর্জনেৰে ভাৰতক গৌৰৱান্বিত কৰে৷ ভাৰতীয় টেনিছৰ বাবেও বছৰটো বিশেষভাৱে উল্লেখনীয়৷ ৰোহন বোপান্নাই অষ্ট্রেলিয়ান অ’পেনাৰ পুৰুষৰ ডাবলছ খিতাপ জয় কৰিবলৈ সক্ষম হয়৷ ১৯গৰাকী ভিন ভিন সংগী আৰু ৬১বাৰৰ যুঁজৰ অন্তত অৱশেষত তেওঁ পুৰুষৰ ডাব্লছ গ্রেণ্ডশ্লাম খিতাপ দখল কৰে৷ ২২ বছৰ পূর্বে বোপান্নাই চেন্নাইত এটিপি ট্যুৰত অভিষেক ঘটাইছিল৷ বোপান্নাই তেওঁৰ অষ্ট্রেলিয়ান সংগী মেথিউ এবডেনে ইটালীৰ ছিমন বলেলি আৰু এন্দ্রিয়া ভাভাছৰিক ৭–৬ (০), ৭–৫ ছেটৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰে৷ এই বছৰটোত পেৰা অলিম্পিকতো ভাৰতৰ প্রদর্শন আৰু অভূতপূর্ব৷ প্রতিযোগিতাখনত ভাৰতৰ পেৰা এথলীটসকলে ৭টা স্বর্ণ, ৯টা ৰূপ আৰু ১৩টা ব্রঞ্জসহ মুঠ ২৯টা পদক দখল কৰে৷ ইয়াৰ পূর্বে টকিঅ’ পেৰা অলিম্পিকত ভাৰতে মুঠ ১৯টা পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷ অভিলেখসংখ্যক ৮৪গৰাকী পেৰা এথলীটে ভাৰতক প্রতিনিধিত্ব কৰিছিল৷ প্রতিযোগিতাখনত দুটা স্বর্ণ পদক দখল কৰি আবানি লেখাৰাই এখন অলিম্পিকত দুটা স্বর্ণ জয় কৰা প্রথমগৰাকী ভাৰতীয় পেৰা এথলীটৰূপে পৰিগণিত হয়৷ তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত বিশ্ব অভিলেখসহ স্বর্ণ পদক দখল কৰে৷ ইপিনে, পূজা তোমৰে প্রথমগৰাকী ভাৰতীয় মিক্সড মার্চিয়েল আর্টিষ্ট হিচাপে ‘আল্টিমেট ফাইটিং চেম্পিয়নশ্বিপ অর্জন কৰে৷ ৩০ বছৰীয়া পূজাই ফাইনেলত ব্রাজিলৰ ৰায়ানে ডছ ছাণ্টছক পৰাজিত কৰি ইতিহাস গঢ়ে৷ চাইক্লনৰূপে পৰিচিত তোমৰে যোৱা বছৰৰ অক্টোবৰত ইউএফচিৰ সৈতে চুক্তিবদ্ধ হৈছিল৷ এই বছৰতে ভাৰতীয় মহিলা টেবুল টেনিছ দলটোৱে এছিয়ান টেবুল টেনিছ চেম্পিয়নশ্বিপত ব্রঞ্জৰ পদক লাভ কৰি ইতিহাস গঢ়ে৷ দলটোৰ সদস্যসকল আছিল ক্রমে মণিকা বাত্রা, শ্রীজা আকুলা, ঐহিকা মুখার্জী, সুতীর্থ মুখার্জী আৰু দিয়া চিতলে৷ এই বছৰৰ শেষৰফালে ভাৰতৰ টিনেজ দবাৰু ১৮ বছৰীয়া ডি গুকেছে বিশ্ব দবা চেম্পিয়নশ্বিপত কনিষ্ঠ দবাৰু হিচাপে খিতাপ দখল কৰে৷ ফাইনেলত তেওঁ চীনৰ ডিংক লিৰেনক হৰুৱাই বিশ্ব চেম্পয়ন হয়৷ এই বছৰৰ পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলে স্পেইনক ২–১ গ’লত পৰাজিত কৰি ব্রঞ্জৰ পদক অর্জনেৰে খেলবিধৰ হেৰোৱা গৌৰৱ পুনৰুদ্ধাৰ কৰে৷ উল্লেখ্য যে ১৯৭২ চনৰ পিছতে প্রথমবাৰৰ বাবে ভাৰতীয় হকী দলে একেৰাহে দুখন অলিম্পিকত পদক অর্জন কৰিবলৈ সক্ষম হয়৷ ভাৰতীয় খেলুৱৈসকলৰ এনে উজ্জীৱিত প্রদর্শনে নিশ্চিতভাৱে আহিব ধৰা নতুন বছৰটোলৈ আশাৰ কিৰণ জগাই তুলিব৷ নীৰজ চোপ্রা, মানু ভাকেৰ আদিৰ নিচিনা তাৰকা খেলুৱৈসকলে পৰৱর্তী বছৰটোত অনুষ্ঠিত হ’বলগীয়া বিশ্ব পর্যায়ৰ প্রতিযোগিতাসমূহত স্বাভাৱিকতে উজলি উঠাৰ সম্ভাৱনা আছে৷ তদুপৰি অন্য উত্থিত তাৰকাসকলৰ বাবেও ২০২৫ বর্ষটো আশাব্যঞ্জক হৈ পৰিব৷

You might also like