ভাৰতৰ কূটনৈতিক জয়
বিশ্বৰ প্রাচীনতম গণতান্ত্রিক দেশৰ মুৰব্বী আৰু বিশ্বৰ বৃহত্তম গণতান্ত্রিক দেশৰ প্রশাসনিক মুৰব্বীয়ে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ পাছত কোনখন দেশ অধিক লাভৱান হ’ল তাক লৈ ব্যাপক চর্চা হৈছে৷ অর্থাৎ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প আৰু ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দ্বিপাক্ষিক বৈঠকত প্রতিৰক্ষাৰ পৰা পাৰমাণৱিক, বাণিজ্যৰ পৰা মহাকাশ প্রযুক্তিলৈ বিভিন্ন বিষয়ক সাঙুৰি কেইবাটাও চুক্তি স্বাক্ষৰিত হৈছে৷ এই দ্বিপাক্ষিক চুক্তিত ভাৰতৰ ইতিবাচকতা কিমান তাক লৈ বিভিন্ন বিশেষজ্ঞই বিভিন্ন মন্তব্য আগবঢ়াইছে৷ এই সন্দর্ভত ভাৰতৰ স্থিতিক লৈ নেতিবাচক দিশো চর্চালৈ আহিছে৷ ইয়াৰ মাজতে সন্ত্রাসবাদক লৈ ভাৰতৰ কূটনৈতিক জয় হোৱা বুলি চর্চিত হৈছে৷ ৰাষ্ট্রপতি ট্রাম্প আৰু প্রধানমন্ত্রীৰ দ্বিপাক্ষিক বৈঠকত সন্ত্রাসবাদ সন্দর্ভত পাকিস্তানক পৰোক্ষভাৱে জগৰীয়া কৰাৰ সমান্তৰালকৈ মুম্বাইৰ ভয়াৱহ সন্ত্রাসবাদী আক্রমণৰ অন্যতম অভিযুক্তক আমেৰিকাই ভাৰতলৈ প্রত্যর্পণৰ নিশ্চিতি দিয়ে৷ দ্বিপাক্ষিক বৈঠকত মুম্বাইৰ ভয়াৱহ সন্ত্রাসবাদী আক্রমণৰ অন্যতম অভিযুক্ত সন্ত্রাসবাদী তাহাউৰ হুছেইন ৰাণাক শীঘ্রে ভাৰতলৈ প্রত্যর্পণৰ নিশ্চিতি দিয়ে ৰাষ্ট্রপতি ট্রাম্পে৷ মার্কিন যুক্তৰাষ্ট্রৰ পৰা সন্ত্রাসবাদী ৰাণাক ভাৰতলৈ প্রত্যর্পণৰ এই সিদ্ধান্ত নতুন দিল্লীৰ বৃহৎ কূটনৈতিক জয় হিচাপে চর্চিত হৈছে৷ দুর্ধর্ষ সন্ত্রাসবাদী ৰাণাক আমেৰিকাই ভাৰতলৈ শীঘ্রে প্রত্যর্পণ কৰিব বুলি ৰাষ্ট্রপতি ট্রাম্পে দিয়া নিশ্চিতিৰ বিষয়ে বৈদেশিক সচিব বিক্রম মিস্ত্রীয়ে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে যদিও আন পলাতক অপৰাধীৰ ক্ষেত্রত আমেৰিকাৰ সিদ্ধান্তৰ বিষয়ে একো প্রকাশ কৰা নাই৷ মোদীৰ সৈতে হোৱাইট হাউছত দ্বিপাক্ষিক বৈঠকৰ অন্তত যুটীয়া সংবাদ মেলত ৰাষ্ট্রপতি ট্রাম্পে কয়– আমি অতি হিংসুক ব্যক্তি তাহাউৰ ৰাণাক ভাৰতলৈ শীঘ্রে ওভতাই পঠিয়াম৷ ইয়াৰ পাছত আমি অনেক সিদ্ধান্ত ল’ম৷ কিয়নো নতুন দিল্লীয়ে কেইবাটাও অনুৰোধ জনাইছে৷ আমি ভাৰতৰ সৈতে অপৰাধৰ ওপৰত কাম কৰিম, ভাৰতৰ কাৰণে ভাল হোৱা কাম কৰিব বিচাৰিছোঁ৷ উল্লেখ্য যে ৰাষ্ট্রপতি ট্রাম্পে সন্ত্রাসবাদী ৰাণাক শীঘ্রে ভাৰতলৈ প্রত্যর্পণৰ নিশ্চিতি প্রদান কৰাৰ পূর্বে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে সন্ত্রাসবাদী ৰাণাৰ ভাৰতলৈ প্রত্যর্পণৰ বিৰুদ্ধে জনোৱা অন্তিম আবেদন নাকচ কৰিছিল৷ অর্থাৎ আমেৰিকাৰ আদালতে সন্ত্রাসবাদী ৰাণাৰ ভাৰতলৈ প্রত্যর্পণৰ পথ মুকলি কৰি দিছিল৷ পাকিস্তানী বংশোদ্ভৱ কানাডাৰ নাগৰিক সন্ত্রাসবাদী ৰাণা বর্তমান লছ এঞ্জেলছৰ ডিটেনচন কেম্পত বন্দী হৈ আছে৷ পাকিস্তানৰ সামৰিক বাহিনীৰ প্রাক্তন চিকিৎসক কেপ্টেইন তাহাউৰ হুছেইন ৰাণাক ২০০৯ চনৰ ১৮ অক্টোবৰত বাতৰিকাকত জিলান্দছ–পোষ্টেনৰ কার্যালয়ত আক্রমণৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছিল৷ ৰাণাক গ্রেপ্তাৰৰ পাছত অনুসন্ধানত মুম্বাই ভ্রমণৰ তথ্য লাভ কৰে আৰু মুম্বাইত তাজমহল পেলেচত বাহৰ পতাৰ তথ্যও পোহৰলৈ আহে৷ ২০০৮ চনৰ নৱেম্বৰত মুম্বাইৰ তাজ হোটেলকে ধৰি বিভিন্ন ঠাইত পাকিস্তানী সন্ত্রাসবাদীয়ে ভয়াৱহ আক্রমণ চলায়৷ ইলিয়নছৰ চিকাগোত ২০১১ চনৰ ১৬ মে’ত ৰাণাৰ বিৰুদ্ধে আইনী প্রক্রিয়া আৰম্ভ হয়৷ পৰৱর্তী সময়ত দোষী সাব্যস্ত হৈ কাৰাদণ্ডৰে দণ্ডিত হয়৷
ইপিনে, ৱাশ্বিংটন ডিচিত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প আৰু ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মাজত হোৱা দ্বিপাক্ষিক বৈঠকত সন্ত্রাসবাদ দমনৰ বিষয়টোৱে গুৰুত্ব লাভ কৰে৷ এই বৈঠকৰ অন্তত ট্রাম্প আৰু মোদীৰ যৌথ বিবৃতিত সন্ত্রাসবাদ দমনক লৈ কঠোৰ বার্তা পাকিস্তানলৈ প্রেৰণ কৰা হয়৷ মোদী–ট্রাম্পৰ বিবৃতিত উল্লেখ কৰা হৈছে যে সন্ত্রাসবাদ দমনৰ বাবে পাকিস্তানে চেষ্টা কৰিব লাগিব৷ দেশখনৰ মাটি ব্যৱহাৰ কৰি যাতে সীমান্তত সন্ত্রাসবাদী আক্রমণ কোনেও চলাব নোৱাৰে, পাকিস্তানে সেয়া নিশ্চিত কৰিব লাগিব৷ আমেৰিকা আৰু ভাৰতৰ মুৰব্বীৰ বিবৃতিত পাকিস্তানৰ নাম স্পষ্টভাৱে প্রকাশ কৰাক লৈ দেশখনৰ বৈদেশিক মন্ত্রালয়ৰ মুখপাত্র ছাফকাট আলী খানে কয় যে এইধৰণৰ বিষয়ত পাকিস্তানৰ নাম উল্লেখ কৰাত বিস্মিত হৈছোঁ৷ আমেৰিকা যুক্তৰাষ্ট্রৰ বন্ধু ৰাষ্ট্র হিচাপে পৰিচিত পাকিস্তানক লৈ ৰাষ্ট্রপতি ট্রাম্প আৰু প্রধানমন্ত্রী মোদীৰ বৈঠকত সন্ত্রাসবাদক লৈ আলোচনাত প্রত্যক্ষভাৱে পাকিস্তান অহাটো অতি গুৰুত্বপূর্ণ বিষয়৷ পাকিস্তানে নিজ দেশৰ ভূমিত সন্ত্রাসবাদক লালন–পালন কৰি সীমান্তৰ সিপাৰৰ পৰা ভাৰতীয় ভূমিত দশক দশক ধৰি অশান্ত কৰি তোলাৰ চেষ্টা চলাই আহিছে৷ কেইবাবাৰো ভাৰতৰ ভূমিত হোৱা আক্রমণত পাকিস্তানী সন্ত্রাসবাদী জড়িত থকাটো নিশ্চিত হৈছে৷ ভাৰতত সন্ত্রাসবাদী আক্রমণ চলোৱা নিষিদ্ধ সন্ত্রাসবাদী সংগঠনৰ প্রশিক্ষণৰ বিভিন্ন কাম–কাজ দেশখনৰ ভূমিত নির্বিঘ্ণে চলি থকাৰ সমান্তৰালকৈ আন্তর্জাতিক ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদীও দেশখনত আশ্রয় লৈ থকাৰ তথ্য প্রকাশ পাই আহিছে৷ এই অভিযোগৰ মাজতে ৰাষ্ট্রপতি ট্রাম্প আৰু প্রধানমন্ত্রী মোদীৰ বৈঠকত পাকিস্তানক সন্ত্রাসবাদ সন্দর্ভত জগৰীয়া আৰু পাকিস্তানী সন্ত্রাসবাদীক ভাৰতলৈ প্রত্যর্পণ নিশ্চিত কৰিব পৰাটো প্রধানমন্ত্রীৰ আমেৰিকা ভ্রমণৰ এক কূটনৈতিক জয়৷ প্রধানমন্ত্রীৰ এই ভ্রমণত সন্ত্রাসবাদক লৈ ৰাষ্ট্রপতি ট্রাম্পৰ স্থিতি চর্চিত হৈ থাকিব৷