কিতাপ–আলোচনীৰ কথা
বহু বছৰৰ বিৰতিৰ মূৰত এইবাৰ পূজাৰ সময়ত কেইবাখনো অসমীয়া কাকত-আলোচনীৰ বিশেষ সংখ্যা প্রকাশ পাইছে৷ এটা সময়ত এই বিশেষ সংখ্যাৰ আলোচনী অসমীয়া সাহিত্যৰ এৰাব নোৱৰা অংগ আছিল৷ শীতকালত আৰম্ভ হোৱা গ্রন্থমেলাবোৰৰ বাবে যেন এই শাৰদীয় বিশেষ সংখ্যাবোৰ এক ধৰণৰ প্রস্তুতিৰ অনুশীলন আছিল৷ ক’ৰোনা কালতেই অকল এই বিশেষ সংখ্যাৰ জীৱন সলনি হোৱা নাছিল, সমগ্র ছপা মাধ্যমৰ জীৱনলৈ অকল্পনীয় পৰিৱর্তন নামি আহিছিল৷ বাতৰিকাকতৰ মুদ্রণ সংখ্যা কমি গৈছিল, বহু আলোচনী মৃত্যুমুখত পৰিছিল৷ ইয়াৰ প্রভাৱ কিতাপতো পৰিছিল আৰু অসমীয়া কিতাপৰ বিক্রী কমি গৈছিল৷ কিতাপৰ বিক্রী কমি যোৱাটো ক’ৰোনাৰ আগৰে পৰা আৰম্ভ হৈছিল আৰু ক’ৰোনাই তাৰ গতি তীব্র কৰি তুলিছিল৷ শেহতীয়াভাৱে শুনা গৈছে যে অসমীয়া আলোচনীৰ প্রতি মানুহৰ সেমেকি যোৱা আগ্রহে জীপ পাই উঠিছে৷ একে ধৰণে কিতাপৰ প্রতিও মানুহৰ আগ্রহ বাঢ়িছে৷ এই কথাটো আশাপ্রদ৷ এটা কথা ঠিক যে কাকত, আলোচনী আৰু কিতাপৰ বিক্রী কমা বা মানুহৰ আগ্রহ কমাটোত ইলেক্ট্ৰনিক মিডিয়াৰ প্রভাৱ আছে৷ বিশেষকৈ স্মার্টফোন, টেলিভিছন আৰু ছ’চিয়েল মিডিয়াৰ আগমনৰ লগে লগে পৰম্পৰাগত পঠন সাধন যেনে- কিতাপ, বাতৰিকাকত, আলোচনীৰ ঠাহত ডিজিটেল বিষয়বস্তুৰ ব্যৱহাৰ বাঢ়ি যাবলৈ ধৰিলে৷ এইবোৰ প্লেটফর্মৰ জৰিয়তে বাতৰি, মনোৰঞ্জন আৰু সামাজিক যোগাযোগৰ অহৰহ প্রৱেশে দীর্ঘ সময়ৰ বাবে পঢ়াৰ প্রৱণতাত আঘাত হানিছে৷ পঠন অভ্যাসত ইলেক্ট্ৰনিক মিডিয়া, ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়াই পেলোৱা আটাইতকৈ ডাঙৰ প্রভাৱ হ’ল মনোযোগৰ সময় হ্রাস৷ মানুহে ক্ষুদ্র আকাৰৰ বিষয়বস্তু যেনে– টুহট, ব্লগ বা ভিডিঅ’ স্নিপেট পছন্দ কৰা হ’ল, যিবোৰৰ কাৰণে সামান্য সময় আৰু কষ্টৰ প্রয়োজন হয়৷ ফেচবুক, ইনষ্টাগ্রাম, ইউটিউবৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফর্মসমূহ তথ্যৰ প্রাথমিক উৎস হৈ পৰিছে আৰু ই পৰম্পৰাগত তথ্য মাধ্যমবোৰৰ প্রয়োজনীয়তা কমাই পেলাইছে৷
এই পৰিৱেশত জন্মগ্রহণ কৰা নতুন প্রজন্মৰ বাবে এনে পঠন সাধনেই স্বাভাৱিক৷ তাৰ পিছতো নতুন প্রজন্মৰ মাজত পৰম্পৰাগত পঠন সাধনৰ আগ্রহ বৃদ্ধি পোৱাটো ভাল কথা আৰু এই দিশৰ কর্মীসকলে এই কথাবোৰ গুৰুত্বসহকাৰে বিবেচনা কৰা উচিত৷ এটা কথা ঠিক যে প্রযুক্তিনির্ভৰ ইলেক্ট্ৰনিক মিডিয়া আৰু ইণ্টাৰনেটে মানুহক এটা সময়ত বিৰক্ত কৰি তোলে৷ ৰেডিঅ’ৰ পৰা চৰকাৰী টিভি, তাৰ পৰা ব্যক্তিগত টিভি, কেবল, অ’টিটি আদিয়ে খুব কম সময়ৰ ভিতৰতে দ্রুত গতিত মানুহৰ বিনোদন জগতখনক খোদালি পেলাইছে৷ কম সময়তে মানুহে এই মাধ্যমবোৰৰ প্রতি আকর্ষণ হেৰাইছে, নতুন সংযোগৰ প্রতি আকর্ষিত হৈছে৷ এই আকর্ষণহীনতাৰ বাবে বয়সিয়াল প্রজন্মই পূর্বৰ অভ্যাসলৈ উভতি যাব বিচাৰিছে আৰু তেনেদৰে ছপা মাধ্যম নতুন প্রজন্মৰ বাবেও নতুন অভিজ্ঞতাৰ দৰে হৈ পৰিছে৷ এই সন্ধিক্ষণত নতুন প্রজন্মক কিতাপ আৰু বাতৰিকাকতৰ প্রতি আকর্ষিত কৰিবলৈ বহুমুখী পন্থা অতি প্রয়োজনীয়৷ যুৱ পাঠকৰ মাজত ব্যক্তিগতভাৱে আৰু সামাজিকভাৱে অনুৰণিত হোৱা বিষয়বস্তুক আকর্ষণীয় ৰূপত ছপা মাধ্যমলৈ অনাটো অতি জৰুৰী৷ কিতাপ আৰু বাতৰিকাকতবোৰত ইণ্টাৰেক্টিভ বৈশিষ্ট্য যেনে– মাল্টিমিডিয়া অভিজ্ঞতা প্রদানৰ বাবে কিউআৰ ক’ড আদিৰে পৰম্পৰাগত পঠন সাধনক আধুনিক প্রযুক্তিৰ সৈতে লগ লগাই দিয়ে৷ ইতিমধ্যে অসমীয়া কিতাপ আৰু আলোচনীত এনে প্রয়াস দেখা গৈছে, কিন্তু ইয়াৰ পৰিমাণ তেনেই নগণ্য আৰু নতুন প্রজন্মৰ পাঠকক উত্তেজিত কৰিব পৰা উপাদান সেইবোৰত নাছিল৷ নতুন প্রজন্মৰ পাঠকক আকর্ষণ কৰিবলৈ আধুনিক প্রযুক্তিৰ লগতে আধুনিক বিষয়ৰো প্রয়োজন আছে৷ অডিঅ’ বুক, প’ডকাষ্ট, ছ’চিয়েল মিডিয়া আদিয়ে লৈ অহা সীমাহীন সুবিধাক পঠন সাধনৰ লগত সমানে সাঙুৰি ল’ব লাগিব, যাতে আধুনিক প্রযুক্তিৰ অৱদানে পঠনৰ দৰে প্রাচীন অভ্যাস এটিৰ দেহত নতুন তেজ যোগান ধৰিব পাৰে৷