নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুলাইৰ উত্তাপৰ অভিলেখ

চলিত জুলাই মাহত পৃথিৱীত উষ্ণতাই অভিলেখ সৃষ্টি কৰিছে৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ যুগৰ এয়া অৱসান বুলি অভিহিত কৰিছে ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনিঅ’ গুটেৰেছে৷ বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ মুৰব্বীগৰাকীৰ মতে ‘গ্লোবেল ৱাৰ্মিঙ’ৰ পৰিৱর্তে এতিয়া ‘গ্লোবেল বইলিং’ যুগ আৰম্ভ হৈছে৷ এই উষ্ণতা ক্রমাৎ অসহনীয় হৈ পৰিছে প্রাণীকুলৰ বাবে৷ নিউয়র্কৰ এক আলোচনা সভাত অংশগ্রহণ কৰি ৰাষ্ট্রসংঘৰ সচিবপ্রধানগৰাকীয়ে এই মন্তব্য কৰা পৰিলক্ষিত হৈছে৷ উষ্ণতা নিয়ন্ত্রণৰ ক্ষেত্রত অবিলম্বে কার্যকৰী পদক্ষেপ গ্রহণ কৰাৰ বার্তাও দিছে গুটেৰেছে৷ গুটেৰেছৰ মতে উত্তৰ গোলার্ধত ভয়াৱহভাৱে উষ্ণতা বৃদ্ধি পাইছে৷ সমগ্র পৃথিৱী গ্রহৰ বাবেই এয়া এক বিপর্যয়ৰ ইংগিত বুলিও গুটেৰেছে নিজৰ বক্তব্যত উল্লেখ কৰে৷ লক্ষণীয় যে ৰাষ্ট্রসংঘৰ সচিবপ্রধানগৰাকীৰ এই উদ্যোগৰ অন্তৰালত নিহিত আছে চলিত বর্ষৰ জুলাই মাহৰ ভয়াৱহ তাপ প্রবাহ৷ জুলাই মাহত পুৰণি সমস্ত অভিলেখ ভংগ কৰিছে উষ্ণতাই৷ জার্মানীৰ লাইপজিগ বিশ্ববিদ্যালয়ৰ এক প্রতিবেদন অনুসৰি বিগত ১,২০,০০০ বছৰত চলিত জুলাই মাহৰ দৰে উত্তাপৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল পৃথিৱী৷ ইউৰোপীয় সংঘৰ তথ্য অনুসৰি ইয়াৰ পূর্বে ২০১৯ চনত জুলাই মাহৰ উত্তাপ বেছি আছিল৷ সেই বছৰৰ জুলাই মাহত ১৭৪ বছৰীয়া অভিলেখ ভংগ কৰিছিল উষ্ণতা বৃদ্ধিয়ে৷ চলিত বর্ষৰ জুলাইত ১,২০,০০০ বছৰীয়া অভিলেখ ভংগ হৈছে৷ সাধাৰণতে জুলাই মাহত বিশ্বৰ গড় তাপমাত্রা হ’ব লাগে ১৬ ডিগ্রী চেলছিয়াছ৷ দক্ষিণ গোলার্ধৰ শীতকালীন তাপমাত্রাক যোগ কৰি এই হিচাপ উলিওৱা হয়৷ চলিত বর্ষত বিশ্বৰ গড় তাপমাত্রা হৈছেগৈ ১৭ ডিগ্রী চেলছিয়াছ৷ অর্থাৎ ১ ডিগ্রী চেলছিয়াছ বেছি৷
ভয়াৱহ এই উষ্ণতা বৃদ্ধিৰ বাবেই ৰাষ্ট্রসংঘৰ সচিবপ্রধান গুটেৰেছে গোলকীয় উষ্ণতা বৃদ্ধিৰ যুগৰ অৱসান ঘটি অতি উষ্ণ যুগৰ সৃষ্টি হোৱা বুলি উদ্বেগ প্রকাশ কৰিছে৷ লাইপজিগ বিশ্ববিদ্যালয়ৰ জলবায়ু বিজ্ঞানী কার্ষ্টেন হষ্টেনে উল্লেখ কৰে যে লাখ বছৰ পূর্বে হয়তো পৃথিৱীত এনে উত্তপ্ত পৰিৱেশ আছিল৷ পুনৰ সেই অৱস্থালৈ ঘূৰি আহিছে পৃথিৱী৷ ১ লাখ বছৰ আগৰ বিস্তাৰিত তথা স্পষ্ট তথ্য স্বাভাৱিকভাৱেই বিজ্ঞানীসকলৰ হাতত নাই৷ কিন্তু বিজ্ঞানীসকলে অনুমান কৰি লৈছে যে ১,২০,০০০ বছৰ পূর্বে এনে উষ্ণতা বৃদ্ধিৰ সাক্ষী হ’ব লগা হৈছিল পৃথিৱী৷ লাইপজিগৰ বিজ্ঞানীগৰাকীৰ বক্তব্যৰ সৈতে ৰাষ্ট্রসংঘৰ সচিবপ্রধানগৰাকীৰ্ বক্তব্যৰ সাদৃশ্য দেখিবলৈ পোৱা গৈছে৷ গুটেৰেছে উল্লেখ কৰা অনুসৰি এইবাৰ গৰমত পূর্বতকৈ অধিক দহিব লাগিব জীৱজগত৷ ইতিমধ্যে জলবায়ু পৰিৱর্তনৰ প্রভাৱ চৌদিশে বিদ্যমান হোৱা বুলিও সচিবপ্রধানগৰাকীয়ে উদ্বেগ প্রকাশ কৰিছে৷ প্রশ্ণটো হৈছে সঘনে ৰাষ্ট্রসংঘৰ মজিয়াৰ পৰাই গোলকীয় উষ্ণতা বৃদ্ধিৰ বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰি অহা হৈছে৷ বিভিন্ন সময়ত উষ্ণতা বৃদ্ধিৰ ভয়াৱহতাই জীৱজগতত কেনে প্রভাৱ পেলাব পাৰে, তাক লৈ সতর্কবাণীও কৰি আহিছে বিজ্ঞানীসকলে৷ জলবায়ু বিজ্ঞানীসকলৰ সতর্কবাণীক গুৰুত্ব দিয়েই ৰাষ্ট্রসংঘৰ উদ্যোগত জলবায়ু সন্মিলন অনুষ্ঠিত হৈছে৷ এই সন্মিলনত গোলকীয় উষ্ণতা বৃদ্ধিৰ মোকাবিলা কৰিবলৈ, গ্রীন হাউছ গেছৰ নিঃসৰণ হ্রাস কৰিবলৈ বিভিন্ন চুক্তি স্বাক্ষৰ কৰা হৈছে৷ কিন্তু তাক কার্যকৰী ৰূপ দিয়াৰ ক্ষেত্রত কোনো দেশেই যথাযথ পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ পৰিণতিত উষ্ণতা বৃদ্ধিয়ে এতিয়া পূর্বৰ সকলো অভিলেখ ভংগ কৰি জীৱজগতৰ সন্মুখত সৃষ্টি কৰিছে ভয়াৱহ প্রত্যাহ্বান৷

You might also like