নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিংবদন্তি ৰতন টাটাৰ বিয়োগ

দেশৰ আর্থ–সামাজিক বিকাশত অভূতপূর্ব অৰিহণা আগবঢ়োৱা উদ্যোগ জগতৰ  কিংবদন্তি তথা মানৱতাবাদী উদ্যোগপতি ৰতন টাটাৰ বিয়োগত দেশবাসী মর্মাহত হৈছে৷ যোৱা ৯ অক্টোবৰত মুম্বাইৰ এখন চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰা ৰতন টাটা আছিল দেশৰ ঔদ্যোগিক ক্ষেত্রখনৰ এগৰাকী ব্যতিক্রমী ব্যক্তি৷ বিশ্বৰ ধনকুবেৰৰ তালিকাৰ শীর্ষস্থানত আমাৰ দেশৰ কেইবাগৰাকী উদ্যোগপতিৰ নাম আছে৷ এনে উদ্যোগপতিয়ে পত্নীৰ জন্মদিনত ৩০০ কোটিৰ অধিক অভিজাত জেট বিমান উপহাৰ দিয়া, পুত্রৰ বিয়াত ৫ হাজাৰ কোটি টকা ব্যয় কৰি বিশ্বজুৰি প্রচাৰৰ কেন্দ্রবিন্দু হোৱাৰো প্রতিযোগিতা চলিছে৷ এনে সময়তে মানৱতাবাদী দৃষ্টিভংগীৰে আজীৱন জনতাৰ সেৱাত অগ্রাধিকাৰ প্রদানেৰে ৰতন টাটাই দেশৰ ১৪০ কোটি জনতাৰ হূদয় জয় কৰি ইহসংসাৰ ত্যাগ কৰিছে৷ দেশৰ আর্থ–সামাজিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্রত টাটা উদ্যোগ গোষ্ঠীৰ অৱদান অনস্বীকার্য৷ দেশে স্বাধীনতা লাভ কৰাৰ পূর্বে জামছেদজী টাটাই প্রতিষ্ঠা কৰা টাটা উদ্যোগ গোষ্ঠীয়ে এখন স্বনির্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ বাবে স্থাপন কৰা উদ্যোগসমূহে দেশ–বিদেশত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ টাটা উদ্যোগ গোষ্ঠীক আগবঢ়াই নিয়াৰ ক্ষেত্রত জে আৰ ডি টাটা আৰু ৰতন টাটাৰ অৱদান অতুলনীয়৷ দেশৰ টাটা উদ্যোগ গোষ্ঠীৰ বিশেষত্ব এয়ে যে এই উদ্যোগ গোষ্ঠীৰ লাভাংশৰ ৬৬ শতাংশ টাটা ন্যাসৰ অধীনস্থ৷ টাটা ন্যাসে লাভাংশৰ এনে পুঁজি কর্প’ৰেট সামাজিক দায়বদ্ধতা (চি এছ আৰ)ৰ অধীনত বিভিন্ন জনকল্যাণমূলক আঁচনিত ব্যৱহাৰ কৰে৷ ৰতন টাটাই নিজেও এই কথা বাৰম্বাৰ ব্যক্ত কৰিছিল যে উদ্যোগ গোষ্ঠীসমূহে লাভাংশৰ সিংহভাগ পুঁজি ৰাইজৰ কল্যাণৰ বাবে ব্যয় কৰা উচিত৷ কোম্পানীৰ লাভাংশৰে ধনকুবেৰ উদ্যোগপতিয়ে বিলাসবহুল জীৱন অতিবাহিত কৰাটো ৰতন টাটাই বিচৰা নাছিল৷ ৰতন টাটাই  যুক্তৰাষ্ট্রৰ কর্নেল বিশ্ববিদ্যালয়ৰ পৰা আর্কিটেক্সাৰৰ উচ্চ শিক্ষা গ্রহণ কৰাৰ পাছত ১৯৭৫ত হাবার্ট বিশ্ববিদ্যালয়ৰ বিজনেছ স্কুলৰ পৰা এডভাঞ্চ মেনেজমেণ্টৰ শিক্ষাৰে সমৃদ্ধ ৰতন টাটা আছিল এগৰাকী সঁচা মানৱতাবাদী আৰু দেশপ্রেমিক৷ ১৯৯১ চনত টাটা গ্রুপৰ অধ্যক্ষ পদত অধিষ্ঠিত ৰতন টাটাই ২০১২ চনলৈকে দেশৰ শীর্ষস্থানীয় উদ্যোগ গোষ্ঠীটোক সবল নেতৃত্ব দিছিল৷ বিগত ১২ বছৰ টাটা গোষ্ঠীৰ চেয়াৰমেন এমিৰেটাছ পদৰ লগতে টাটা ন্যাসৰ মুৰব্বী পদত কার্যনির্বাহ কৰা দেশৰ ৰত্নগৰাকীয়ে সমাজ জীৱনলৈ আগবঢ়োৱা অৱদান চিৰস্মৰণীয় হৈ ৰ’ব৷ দেশৰ প্রতি, সর্বসাধাৰণ জনতাৰ প্রতি থকা অফুৰন্ত দায়বদ্ধতাৰ বাবেই  ৰতন টাটাৰ কার্যকালত টাটা গোষ্ঠীৰ অধীনত ৫০টাৰো অধিক নতুন ক্ষেত্রৰ উদ্যোগ স্থাপন হৈছে৷ দেশৰ যান–বাহন প্রস্তুতৰ ক্ষেত্রত বৈপ্লৱিক পৰিৱর্তন সূচনা কৰা টাটা গোষ্ঠীয়ে ষ্টিল, বিদ্যুৎ, হোটেলকে ধৰি নিত্যব্যৱহার্য বিভিন্ন সামগ্রী উৎপাদনৰ ক্ষেত্রত উদ্যোগ স্থাপন কৰিছে৷ মাথোঁ ভাৰততে নহয়, দেশৰ ১০০খনৰো অধিক দেশত টাটা উদ্যোগ গোষ্ঠীয়ে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ টাটা গোষ্ঠীৰ এনে সাফল্যৰ অন্তৰালত আছে জামছেদজী টাটা, জে আৰ ডি টাটা আৰু ৰতন টাটাই নিপুণভাৱে গঢ়া উদ্যোগ গোষ্ঠীটোৰ ব্যতিক্রমী মানৱতাবাদী নীতি৷

ৰতন টাটাৰ বিয়োগ অসমৰ বাবেও এক বৃহৎ ক্ষতি৷ অসমৰ উদ্যোগ–বাণিজ্যৰ স’তে টাটা উদ্যোগ গোষ্ঠীৰ দীর্ঘদিনীয়া সম্পর্ক আছে৷ টাটা উদ্যোগ গোষ্ঠীৰ অধীনত অসমত ১৭খন চাহ বাগিচা আছে৷ দেশ–বিদেশত চাহৰ বাণিজ্যিকীকৰণৰ ক্ষেত্রত উদ্যোগ গোষ্ঠীটোৰ বিশেষ সফলতাৰ স’তেও অসমৰ চাহ শিল্পৰ মর্যাদা নিহিত হৈ আছে৷ অসমত ১৩খন কেঞ্চাৰ হাস্পতাল স্থাপনৰ জৰিয়তে টাটা ট্রাষ্টৰ মুৰব্বীৰূপে ৰতন টাটাই অসমবাসীৰ প্রতি মানৱতাবাদৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰিছে৷ অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলত কর্কট ৰোগত আক্রান্ত লোকৰ সংখ্যা অধিক৷ বহু দুখীয়া ৰোগীয়ে প্রয়োজনীয় চিকিৎসা অবিহনে মৃত্যুক আঁকোৱালি লয়৷ নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত শ্রেণীৰ পৰিয়ালৰ ৰোগীয়ে বহিঃৰাজ্যত চিকিৎসাৰ নামত সর্বস্বান্ত হোৱাৰ অসংখ্য উদাহৰণ আছে৷ এনে অৱস্থাত ২০১৮ চনত অসমত পর্যায়ক্রমে ১৯খন কর্কট চিকিৎসালয় স্থাপনৰ বাবে টাটা গোষ্ঠীয়ে উদ্যোগ লৈছিল৷ ২০২২ৰ ২৮ এপ্রিলত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৭খন কর্কট চিকিৎসালয় উদ্বোধন কৰে৷ আৰু ৭খন চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে৷ টাটা গোষ্ঠীৰ এনে বদান্যতাৰ ফলত ডিব্রুগড়, বৰপেটা, তেজপুৰ, যোৰহাট, দৰং, কোকৰাঝাৰ আৰু লখিমপুৰৰ কর্কট ৰোগৰ চিকিৎসালয়সমূহত ৰোগীসকলে চিকিৎসা কৰিবলৈ সুবিধা লাভ কৰিছে৷ গোৱালপাৰা, শিৱসাগৰ, ধুবুৰী, নগাঁও, গোলাঘাট, তিনিচুকীয়া আৰু নলবাৰীত কেঞ্চাৰ ৰোগৰ চিকিৎসালয়ৰ নির্মাণ পূর্ণগতিত চলি আছে৷ দেশৰ ৰত্ন ৰতন টাটাৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ স্বাস্থ্যমন্ত্রী হৈ থকাৰ সময়তে অসমত কেঞ্চাৰ ৰোগৰ ১৯খন চিকিৎসালয় স্থাপনৰ বাবে টাটা গোষ্ঠীক সৈমান কৰিবলৈ সক্ষম হোৱাই নহয়, কম দিনৰ ভিতৰতে ৭খন চিকিৎসালয় ৰাইজৰ বাবে মুকলি কৰি দি ড০ শর্মাই উদ্যমিতাৰ চানেকি দাঙি ধৰিছিল৷ মুখ্যমন্ত্রী ড০ শর্মাৰ সৈতে থকা ঘনিষ্ঠতাৰ বাবেই টাটা গোষ্ঠীয়ে জাগীৰোডত ২৭ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে  ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপন কৰিবলৈ আগবাঢ়ি আহিছে৷ ইতিমধ্যে চলিত বর্ষৰ মার্চত প্রধানমন্ত্রী মোদীয়ে ছেমিকণ্ডাক্টৰ উদ্যোগৰ আধাৰশিলা স্থাপন কৰিছে৷ দেশৰ ৰাজধানীৰ পৰা ভৌগোলিক দূৰত্ব আৰু অঞ্চলটোৰ আন্দোলনমুখী এক পৰিৱেশৰ বাবে দীর্ঘকাল ঔদ্যোগিকীকৰণৰ পৰা বঞ্চিত হৈ আছে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহ৷ কিন্তু এনে বাধা অতিক্রমি ৰতন টাটা নেতৃত্বাধীন টাটা গোষ্ঠীয়ে জাগীৰোডত অত্যাধুনিক ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপনৰ বাবে আগবাঢ়ি অহাটো আমাৰ ৰাজ্যখনৰ বাবে শুভ লক্ষণ৷ জাগীৰোডত এনে বৃহৎ উদ্যোগ স্থাপনক লৈ কংগ্রেছৰ দৰে সর্বভাৰতীয় দলটোৰ নেতাই টাটা গোষ্ঠীক সমালোচনা কৰিছে৷ কিন্তু দেশৰ ৰত্ন ৰতন টাটাই অসমবাসীৰ প্রতি থকা দায়বদ্ধতা ছেমিকণ্ডাক্টৰ উদ্যোগটোৰ জৰিয়তে পুনৰ প্রমাণ কৰি থৈ গৈছে৷ সঁচা অর্থত ৰতন টাটা এগৰাকী উদ্যোগপতিয়েই নাছিল, তেওঁ আছিল দেশৰ ৰত্ন৷ এগৰাকী নীৰৱ মানৱতাবাদী নেতা৷

You might also like