নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয়ৰ আয়ুস

ভাৰতত মানুহৰ আয়ুস ১৯৯০ চনৰ পিছত ৯.১ বছৰ বৃদ্ধি পাইছে৷ মানুহৰ আয়ুসকালৰ লগতে দেশখনৰ শিক্ষা, উপার্জন আৰু লিংগ সমতাসূচকতো কিছু প্রগতি হৈছে৷ ভাৰতৰ এই ইতিবাচক স্থিতিৰ বাবে ৰাষ্ট্রসংঘই প্রশংসা কৰিছে৷ মানৱ উন্নয়নসূচক বিগত বর্ষবোৰৰ তুলনাত ভাৰতত বৃদ্ধি পাই আহিছে৷ শেহতীয়া তথ্য মতে, ভাৰতৰ মানৱ উন্নয়নসূচক মূল্য ২০২২ চনত ০.৬৪৪ বৃদ্ধি পাইছে৷ ১৯৩খন দেশৰ ভিতৰত চলোৱা অধ্যয়নৰ তালিকাত ভাৰতৰ স্থান হৈছে ১৩৪৷ মন কৰিবলগীয়া যে পৃথিৱীৰ জীৱশ্রেষ্ঠ মানৱৰ মাজত চর্চিত বিষয়ৰ অন্যতম আয়ুস৷ স্বাভাৱিকতে মানুহৰ মৃত্যু ঘটিলেই মানুহৰ আয়ুস তথা আয়ুস ৰেখাক লৈ চর্চা চলে৷ জন্মৰ পৰা মৃত্যুলৈকে মানুহৰ এই জীৱন ৰেখাই আয়ুস৷ ভৌগোলিক অৱস্থানৰ লগত মানুহৰ আয়ুসৰ সম্পর্ক যিমান গুৰুত্বপূর্ণ সিমানেই গুৰুত্বপূর্ণ মানুহৰ জীৱন–যাপনৰ লগত৷ ঠিক তেনেদৰে দেশ এখনৰ অর্থনৈতিক স্থিতিৰ ওপৰতো আয়ুসৰ কথা আহি পৰে৷ ভৌগোলিক অৱস্থানৰ উপৰি যুগৰ কথাটোও আয়ুসৰ লগত জড়িত হৈ থাকে৷ কিছুসংখ্যক মানুহ জন্মৰ কিছুক্ষণৰ পিছতে মৃত্যুমুখত পৰে৷ কিছুসংখ্যক বহু বছৰ ধৰি জীয়াই থাকে৷ মানুহৰ আয়ুসকাল নির্ভৰ কৰে জীৱনশৈলী, স্বাস্থ্য যতন, খাদ্যাভ্যাস, অর্থনৈতিক স্থিতি, সম্পর্কিত মৃত্যু আৰু মৃত্যুৰ হাৰৰ তথ্যৰ ওপৰত৷ জন্মৰ পৰা মৃত্যুলৈকে এজন ব্যক্তি অধিক বছৰ জীয়াই থকা তথা আশা কৰাতকৈ কম জীয়াই থকা লোকৰ গড়ৰ আধাৰত আয়ুস নির্ধাৰণ কৰা হয়৷ মানুহৰ আয়ুসৰ ধাৰণাটো জৈৱিক অধ্যয়নৰো প্রয়োজন হয়৷ ভৌগোলিক অৱস্থান আৰু যুগৰ লগত সম্পর্কিত আয়ুস সম্বন্ধে ব্যাখ্যা কৰিবলৈ হ’লে ব্রঞ্জৰ যুগত মানুহৰ আয়ুসকাল তথা আয়ুস ৰেখা আছিল মাত্র ২৬ বছৰ৷
বর্তমান আধুনিক যুগত মানুহৰ আয়ুস ৭২.৯৮ বছৰ৷ বিগত বর্ষৰ তুলনাত ২০২২ চনত মানুহৰ আয়ুস ০.৩৩ শতাংশ বৃদ্ধি পাইছে৷ ২০২১ বর্ষত মানুহৰ গড় আয়ুস আছিল ৭২.৮০ বছৰ৷ এই আয়ুস ২০২০ চনৰ ৭২.৬৩ৰ তুলনাত ০.২৪ শতাংশ কম৷ বিশ্বৰ দেশসমূহৰ নাগৰিকৰ আয়ুসকাল অলপতে প্রতিবেদন আকাৰে প্রকাশ কৰা হৈছে৷ মানুহৰ লগতে গছ–গছনি, প্রাণীৰো আয়ুস নির্ধাৰণ কৰা হয়৷ পৃথিৱীৰ ১৯৩খন দেশৰ ভিতৰত হংকঙৰ মানুহৰ গড় বয়স ৮৫.২৯ বছৰ৷ ইয়াৰে ভিতৰত মহিলাৰ ৮৮.১৭ আৰু পুৰুষৰ ৮২.৩৮৷ অর্থাৎ পুৰুষতকৈ মহিলাৰ আয়ুস বেছি৷ সর্বাধিক আয়ুসৰ শীর্ষ দহত থকা দেশৰ ভিতৰত হংকঙৰ পিছত স্থান পাইছে জাপানে৷ দেশখনৰ মানুহৰ গড় আয়ুস ৮৫.০৩৷ ইয়াৰে মহিলাৰ ৮৮.২৯ আৰু পুৰুষৰ ৮১.৮১৷ তৃতীয় স্থানত মাকাউ ৮৪.৮৬, চতুর্থ ছুইজাৰলেণ্ড ৮৪.২৫, পঞ্চম ছিংগাপুৰ ৮৪.০৭, ষষ্ঠ ইটালী ৮৪.০৭, সপ্তম স্পেইন ৮৪.০১, অষ্টম অষ্ট্রেলিয়া ৮৩.৯৪, নৱম ছান্নেই দ্বীপপুঞ্জ ৮৩.৮০ আৰু দশম আইচলেণ্ড ৮৩.৫২৷ লক্ষণীয় যে ৮০ৰ ঊর্ধ্বৰ আয়ুস ৩৯ দেশৰ, ৭০ৰ ঊর্ধ্বত ১০০খন দেশৰ নাগৰিকৰ আয়ুস, ৬০ৰ ঊর্ধ্বত ৪৪খন দেশ আৰু ৫০ৰ ঊর্ধ্বত ১০খন দেশে স্থান পাইছে৷ তালিকাৰ একেবাৰে শেষৰ স্থানত তথা দেশৰ নাগৰিকৰ গড় আয়ুস ৫৪.৩৬ৰে চেন্ট্ৰেল আফ্রিকান ৰিপাব্লিক৷ এই দেশখনত নাগৰিকৰ গড় বয়স ৫৪.৩৬৷ ইয়াৰে ভিতৰত মহিলাৰ ৫৬.৫৮ আৰু পুৰুষৰ ৫২.১৮৷ আয়ুসৰ ক্ষেত্রত মহিলাতকৈ পুৰুষৰ আয়ুস কম৷ অর্থাৎ মহিলাৰ আয়ুস বেছি৷ লক্ষণীয় যে ভাৰতত নাগৰিকৰ গড় আয়ুস তাৎপর্যপূর্ণভাৱে বৃদ্ধি হৈ আহিছে৷ ১৯৭০ চনত দেশৰ নাগৰিকৰ গড় আয়ুস ৪৭ থকাৰ বিপৰীতে ২০২২ চনত ৭০.৪২৷ তথ্য মতে, ভাৰতত মহিলাৰ গড় আয়ুস ২৪ বছৰ বৃদ্ধি হৈছে আৰু পুৰুষৰ গড় আয়ুস ২০ বছৰ বৃদ্ধি হৈছে৷ ভাৰতত আয়ুস বৃদ্ধি হোৱাটো শুভলক্ষণ বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰিছে৷ অৱশ্যে আয়ুস আৰু বৃদ্ধি কৰিবলৈ হ’লে দেশখনে স্বাস্থ্যখণ্ডত অধিক গুৰুত্ব আৰোপ কৰিব লাগিব৷

You might also like