নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ বিলিয়ন মার্কিন ডলাৰেৰে সাজিব ছুপাৰ কম্পিউটাৰ

🔹 মাইক্র’ছফ্ট-অপেনএআইৰ বৃহৎ পৰিকল্পনা

বিশেষ বাৰ্তা, ১ এপ্ৰিল : কৃত্রিম বুদ্ধিমত্তা চমুকৈ এআই ক্ষেত্রখনক অধিক উজ্জীৱিত কৰি তুলিবলৈ মাইক্র’ছফ্ট আৰু অপেনএআয়ে বৃহৎ পৰিকল্পনা কৰিছে৷ মাইক্র’ছফ্ট আৰু অপেনআয়ে যৌথভাৱে এটা নতুন ছুপাৰ কম্পিউটাৰ নির্মাণ কৰিব৷ ১০০ বিলিয়ন মার্কিন ডলাৰ ব্যয়েৰে নির্মাণ কৰিবলগীয়া ছুপাৰ কম্পিউটাৰটোৰ নাম হ’ব ‘ষ্টাৰগেট’৷ অত্যাধুনিক ডাটা কেন্দ্রৰ গুৰুত্বৰ প্রতি লক্ষ্য ৰাখিয়েই দুয়োটা প্রতিষ্ঠানে যৌথভাৱে ‘ষ্টাৰগেট’ নির্মাণ কৰাৰ পৰিকল্পনাৰ বিষয়ে সদৰী কৰিছে৷ এই পৰিকল্পনা মতে, মাইক্র’ছফ্টে কোম্পানীটোৰ বর্তমানৰ ডাটা কেন্দ্রতকৈ ১০০ গুণ অধিক ব্যয়েৰে এই ছুপাৰ কম্পিউটাৰ নির্মাণত অৰিহণা যোগাব৷ বহুমুখী পর্যায়ৰ কৌশলগত ষ্টাৰগেট প্রকল্পৰ কাম বর্তমানে পঞ্চম পর্যায় তথা অন্তিম পর্যায়ত চলি আছে৷ সম্প্রতি বিশ্বত কৃত্রিম বুদ্ধিমত্তাৰ চাহিদা দ্রুতগতিত বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিততে দুয়োটা প্রতিষ্ঠানে কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্রত এই বিশাল পৰিকল্পনা কৰিছে৷ কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে ঔদ্যোগিক খণ্ডৰ লগতে মানৱ সমাজক কিদৰে সঠিক দিশে আগবঢ়াই নিব পাৰে, সেই সন্দর্ভতো এই ছুপাৰ কম্পিউটাৰে বিশেষ ভূমিকা গ্রহণ কৰিব পাৰে বুলিও প্রকাশ পাইছে৷ মন কৰিবলগীয়া যে কৃত্রিম বুদ্ধিমত্তা বিকাশৰ বাবে গ্রাফিকছ প্রচেছিং ইউনিটৰ অভাৱ এতিয়াও আছে৷ এই অভাৱ দূৰ কৰি কৃত্রিম বুদ্ধিমত্তা আর্হি প্রশিক্ষণৰ ব্যৱস্থা সঠিকভাৱে কৰিব পৰা যাব৷ নাটনি আৰু উচ্চ মূল্যৰ বাবে চিপছসমূহ ক্রয় কৰাৰ ক্ষেত্রত কোম্পানীসমূহ পিছপৰি আছে৷ এনে সময়ছোৱাতে মাইক্র’ছফ্ট আৰু অপেনএআয়ে কৃত্রিম বুদ্ধিমত্তাক অধিক উজ্জীৱিত কৰিবলৈ কৰা পৰিকল্পনা ইতিবাচক হিচাপে পৰিগণিত হ’ব৷

You might also like