অর্থ আৰু সাফল্য
যোৱা ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ ক্রীড়াবিশ্বৰ সর্বশক্তিমান দেশসমূহে এক অঘোষিত বিশ্বযুদ্ধত অৱতীর্ণ হোৱাৰ পিছত নিজম পৰিল ফ্রান্সৰ ৰাজধানী চহৰ পেৰিছ৷ দুই চিৰন্তন প্রতিদ্বন্দ্বী দেশ চীন আৰু আমেৰিকাই সমানে সমানে যুঁজ দি ৪০টাকৈ স্বর্ণ পদক অর্জন কৰে৷ অৱশ্যে স্বর্ণ পদকৰ সংখ্যা সমান হ’লেও ৰূপৰ পদকৰ সংখ্যা অধিক হোৱা বাবে চীনক দ্বিতীয় স্থানলৈ ঠেলি দি আমেৰিকা যুক্তৰাষ্ট্রই সদ্যসমাপ্ত অলিম্পিক ক্রীড়া মহোৎসৱত শীর্ষস্থান দখল কৰে৷ পদক তালিকাৰ শেষৰ ফালে স্থান লাভ কৰিছে ভাৰতে৷ পেৰিছৰ মহাৰণত ভাৰতে ১টা ৰূপ আৰু ৫টা ব্রঞ্জসহ মুঠ ছটা পদকেৰে ৭১সংখ্যক স্থানহে লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে ২০২০ চনৰ টকিঅ’ অলিম্পিকত ভাৰতে ৪৮সংখ্যক স্থান অর্জন কৰিছিল৷ টকিঅ’ত ভাৰতীয় এথলীটসকলে মুঠ ৭টা পদক জয় কৰিছিল৷ ইয়াৰ ভিতৰত আছিল এটা স্বর্ণ, ২টা ৰূপ আৰু ৪টা ব্রঞ্জৰ পদক৷ এইবাৰ ভাৰতে দুটা অংকৰ ঘৰত পদক অর্জনৰ লক্ষ্যৰে পেৰিছ অলিম্পিকত অৱতীর্ণ হৈছিল৷ কিন্তু কেইবাটাও ইভেণ্টত ভাৰতীয় খেলুৱৈয়ে চতুর্থ স্থান লাভ কৰাত পদকৰ সংখ্যা হ্রাস পায়৷ ভাৰতে এইবাৰ শ্বুটাৰ মনু ভাকেৰৰ হাত ধৰি পদকৰ অভিযান আৰম্ভ কৰে৷ টকিঅ’ অলিম্পিকত তেওঁ পিষ্টলৰ বিজুতিৰ বাবে দুঃস্বপ্ণ লৈ উভতি আহিবলগীয়া হৈছিল৷ পেৰিছত মনুৱে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্রঞ্জৰ পদক অর্জন কৰে৷ মনুৱে দেশবাসীক দ্বিতীয়টো পদক উপহাৰ দিয়ে৷ তেওঁ সৰৱজ্যোৎ সিঙৰ সৈতে দক্ষিণ কোৰিয়াক হৰুৱাই ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড দলীয় ইভেণ্টত অর্জন কৰে ব্রঞ্জৰ পদক৷ স্বাধীনতাৰ পৰৱর্তী সময়ত এখন অলিম্পিকতে দুটাকৈ পদক লাভ কৰা প্রথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে ইতিহাস সৃষ্টি কৰে তেওঁ৷ আনহাতে, শ্বুটাৰ স্বপ্ণীল কুশলে পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্রী–প’জিচন ইভেণ্টত ব্রঞ্জৰ পদক জয় কৰি ভাৰতক তৃতীয়টো পদক উপহাৰ দিয়ে৷ এই ইভেণ্টত অলিম্পিকত পদক অর্জন কৰা স্বপ্ণীল হৈছে প্রথম ভাৰতীয়৷ অলিম্পিক গেমছত ভাৰতৰ আটাইতকৈ সফল ইভেণ্ট হকীত দখল কৰে ব্রঞ্জৰ পদক৷ ছেমিফাইনেলত জার্মানীৰ হাতত কঠিন প্রতিদ্বন্দ্বিতাৰ অন্তত পৰাজিত হোৱাৰ পিছত ব্রঞ্জৰ পদকৰ যুঁজত ভাৰতে স্পেইনক ২–১ গ’লত পৰাজিত কৰে৷ ইয়াৰ লগে লগে ভাৰতৰ পদকৰ সংখ্যা ৪টালৈ বৃদ্ধি পায়৷ উল্লেখ্য যে টকিঅ’ অলিম্পিকতো ভাৰতৰ পুৰুষ হকী দলে ব্রঞ্জৰ পদক লাভ কৰিছিল৷ আনহাতে, অলিম্পিকত ভাৰতীয় হকী দলৰ সামগ্রিকভাৱে এইটো আছিল ১৩সংখ্যক পদক৷
ভাৰতৰ স্বর্ণপুত্র নীৰজ চোপ্রাই ২০২০ চনৰ টকিঅ’ অলিম্পিকত জেভলিন থ্র’ত সোণৰ পদক আঁজুৰি আনিছিল৷ এইবাৰ তেওঁ স্বর্ণ জয়ত ব্যর্থ হ’লেও ৰূপৰ পদক দখল কৰি দেশৰ বাবে পঞ্চমটো পদক নিশ্চিত কৰে৷ উল্লেখ্য যে নীৰজ চোপ্রাই স্বর্ণ পদক লাভ কৰিলে পদক তালিকাত ভাৰতৰ স্থান শীর্ষ ৫০ৰ ভিতৰত থাকিলহেঁতেন৷ ১.৪ বিলিয়ন জনসংখ্যাৰ এখন দেশে এটা স্বর্ণ পদক লাভ কৰিব নোৱাৰাটো অতিশয় দুর্ভাগ্যজনক৷ অৱশ্যে বিগত টকিঅ’ অলিম্পিকৰ তুলনাত এইবাৰ ভাৰতৰ প্রদর্শন কিছু হতাশজনক যদিও ২০১৬ৰ ৰিঅ’ অলিম্পিকৰ তুলনাত ভাৰতৰ প্রদর্শন যথেষ্ট উন্নত৷ ৰিঅ’ত ভাৰতে লাভ কৰিছিল মাত্র দুটা পদক৷ এইবাৰ বেডমিণ্টনত পি ভি সিন্ধু, বক্সিঙত লাভলীনা বৰগোহাঁই পদকৰ অন্যতম দাবীদাৰৰূপে পেৰিছ অলিম্পিকত অভিযান আৰম্ভ কৰিছিল৷ বেডমিণ্টনত লক্ষ্য সেনেও পদকৰ দুৱাৰডলিত উপনীত হৈও উভতি আহিবলগীয়া হয়৷ ছটা ইভেণ্টত ভাৰতৰ ক্রীড়াবিদে চতুর্থ স্থান লাভ কৰে৷ এই ইভেণ্টসমূহত ভাৰতে ব্রঞ্জৰ পদক দখল কৰিব পাৰিলে পদকৰ সংখ্যাই দহকৰ ঘৰ স্পর্শ কৰিব পাৰিলেহেঁতেন৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে ভাৰতীয় ক্রীড়াবিদসকলৰ উন্নত প্রশিক্ষণ, খাদ্য, চিকিৎসা আদিৰ নামত বৃহৎ অর্থ ব্যয় কৰাৰ পিছতো অলিম্পিকত দেশৰ দুর্ভাগ্যজনক প্রদর্শনক লৈ অসন্তুষ্টি প্রকাশ কৰিছে বহু ক্রীড়া বিশেষজ্ঞ আৰু অনুৰাগীয়ে৷ টকিঅ’ অলিম্পিকৰ পিছত মিছন পেৰিছৰ বাবে ব্যয় কৰা হৈছে মুঠ ৪৭০ কোটি টকাৰো অধিক৷ এইবাৰৰ অলিম্পিকৰ বাজেটৰ সিংহভাগ ধন ব্যয় কৰা হৈছে তাৰকা খেলুৱৈসকলৰ বাবে৷ নীৰজ চোপ্রাৰ বাবে ৫.৭২ কোটি টকা, বেডমিণ্টনৰ প্রথমখন নক আউট মেচৰ পৰা বিদায় লোৱা সাত্ত্বিক–চিৰাগ যুটিৰ বাবে ৫.৬২ কোটি, বিগত অলিম্পিকৰ পদক বিজয়ী শ্বাটলাৰ পি ভি সিন্ধুৰ বাবে ৩.১৩ কোটি টকা, চতুর্থ স্থানতে ক্ষান্ত থকা মীৰাবাঈ চানুৰ বাবে ২.৭৪ কোটি, দুটা পদক জয় কৰা মনু ভাকেৰৰ বাবে ১.৬৮ কোটি, টেনিছ খেলুৱৈ ৰোহন বোপান্নাৰ বাবে ১.৫৬ কোটি, আর্চাৰীত অংকিতা ভকতৰ সৈতে চতুর্থ হোৱা ধীৰজ বোম্মাধেৱাভাৰ বাবে ১.০৭ কোটি, বক্সিঙত নিখাত জাৰিন আৰু লাভলীনাৰ বাবে ক্রমে ৯১.৭৯ লাখ আৰু ৮১.৭৬ লাখ, প্রথম ৰাউণ্ডৰ পৰা বিদায় লোৱা অমিত পংঘালৰ বাবে ৬৫.৯০ লাখ টকা ব্যয় কৰা হৈছে৷ ২০২১ৰ পিছত ৩ বছৰৰ অলিম্পিক প্রকল্পত সর্বাধিক ব্যয় কৰা হৈছে এথলেটিকছত৷ মুঠ ৯৬.০৮ কোটি টকা৷ বেডমিণ্টনত খৰচ হৈছে মুঠ ৭২.০৩ কোটি টকা৷ একেদৰে বক্সিঙত মুঠ ৬০.৯৩ কোটি, আর্চাৰীত মুঠ ৩৯.১৮ কোটি, ভাৰোত্তোলনত খৰচ হৈছে ২৭ কোটি টকা, সাঁতোৰত ৩.৯০ কোটি টকা৷ উল্লেখ্য যে পেৰিছত সাঁতোৰ ইভেণ্টত ৩৫খন ফাইনেল অনুষ্ঠিত হৈছে, কিন্তু ভাৰতে মাত্র ২খন ফাইনেললৈ যোগ্যতা অর্জন কৰিছে৷ ইয়াৰ তুলনাত হকীত খৰচ কৰা হৈছে ৪১ কোটি টকা আৰু দলটোৱে লাভ কৰিছে ব্রঞ্জৰ পদক৷ কেৱল টকা খৰচ কৰিলেই যে পদক নাহে সেই কথা এইবাৰ প্রমাণিত হ’ল৷