নম্রতা বৰাৰ ৰহস্যজনক মৃত্যু
নম্রতা বৰাৰ ৰহস্যজনক মৃত্যু
মেঘালয়ৰ নংপোত যুৱ অধিবক্তা নম্রতা বৰাৰ ৰহস্যজনক মৃত্যুৰ প্রকৃত কাৰণ এতিয়াও উদ্ধাৰ হোৱা নাই৷ চাৰি জুনৰ নিশা প্রায় ডেৰ বজাত যেতিয়া মহানগৰবাসীয়ে টোপনিত লালকাল হৈছিল সেই সময়তে এআইইউডিএফৰ বিধায়ক হাফিজ বচিৰ আহমেদ চৌধুৰীৰ পুত্র আনায়াতুল ৱাডুড, মৃগাংক বৰুৱা, গায়ত্রী বৰা আৰু প্রজ্ঞা দিহিঙীয়াৰ স’তে মেঘালয়ৰ বৰাপানীলৈ গৈছিল যুৱ অধিবক্তা নম্রতা বৰা৷ নংপোত এক দুর্ঘটনাত যুৱ অধিবক্তাগৰাকীৰ মৃত্যু হোৱা বুলি সহযাত্রীকেইজনে প্রকাশ কৰিছে যদিও ইয়াক বিশ্বাস কৰা নাই নম্রতা বৰাৰ পৰিয়ালৰ লোকে৷ দুর্ঘটনা সংঘটিত হোৱাৰ পিছত নম্রতা বৰাক ঘটনাস্থলীত এৰি বিধায়ক পুত্রকে ধৰি বাকীকেইজনে গুৱাহাটীলৈ পলায়ন কৰা ঘটনাই যুৱ অধিবক্তাগৰাকীৰ মৃত্যুক লৈ অধিক সন্দেহ ঘনীভূত কৰিছে৷ নম্রতা বৰাৰ মৃত্যু প্রকৃততে দুর্ঘটনাত হৈছে নে পৰিকল্পিত হত্যাকাণ্ড, সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ দুর্ঘটনা সংঘটিত হোৱাৰ পাঁচ দিন অতিক্রম হৈছে যদিও মেঘালয়ৰ নংপো আৰক্ষী থানাই কোনো এজন লোকক গ্রেপ্তাৰ কৰা নাই৷ মৃত অধিবক্তা যুৱতীগৰাকীৰ মূৰ আৰু শৰীৰৰ বিভিন্ন অংশত আঘাতৰ চিন স্পষ্ট হৈ আছিল৷ নংপো অসামৰিক চিকিৎসালয়ত যুৱ অধিবক্তাগৰাকীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত দুর্ঘটনাৰ সম্ভাৱনাক নস্যাৎ কৰিছে পৰিয়ালৰ লোকে৷ মৃত অধিবক্তাগৰাকীৰ পিতৃ ৰমেন বৰাই নম্রতা বৰাৰ হত্যাকাণ্ডক এক পৰিকল্পিত হত্যা বুলি অভিযোগ কৰিছে আৰু ইয়াৰ উচ্চ পর্যায়ৰ তদন্ত বিচাৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক কাতৰ আহ্বান জনাইছে৷ মুখ্যমন্ত্রী ড০ শর্মাই যুৱ অধিবক্তাগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিছে৷ যিহেতু দুর্ঘটনা সংঘটিত হোৱা অঞ্চলটো মেঘালয়ৰ অধীনস্থ, সেয়ে ঘটনাৰ উচ্চ পর্যায়ৰ আৰক্ষী বিষয়াৰ জৰিয়তে তদন্ত কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্রী কনৰাড চাংমাক অনুৰোধ জনাইছে৷ মেঘালয় আৰক্ষীৰ এজন শীর্ষ পর্যায়ৰ বিষয়াৰ অধীনত নংপো আৰক্ষীয়ে যোৱা দুদিন ধৰি বিশেষ অনুসন্ধান আৰম্ভ কৰিছে৷ যোৰাবাটৰ পৰা নংপোলৈ ২০টা চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰি আছে৷ কিন্তু বিধায়ক পুত্র আনায়াতুল ৱাডুড আৰু সহযাত্রীসকলে কোৱাধৰণে দুর্ঘটনাৰ কোনো ছবি দেখা নাই৷ ফলত নম্রতা বৰাৰ ৰহস্যজনক মৃত্যুক লৈ অধিক সন্দেহ ঘনীভূত হৈছে৷ দুর্ঘটনাত নম্রতা বৰাৰ মৃত্যু হোৱা বুলি প্রথমে চলোৱা প্রচাৰক লৈ সন্দেহ ঘনীভূত হোৱাৰ কেইবাটাও কাৰণ আছে৷ কিয়নো যিটো দুর্ঘটনাত নম্রতা বৰাৰ মৃত্যু হোৱা বুলি সদৰী কৰা হৈছিল, সেই দুর্ঘটনাত বাহনখনত থকা বাকী চাৰিজন যাত্রীৰ বিশেষ আঘাত নাছিল৷ তদুপৰি দুর্ঘটনাস্থলীত নম্রতা বৰাক এৰি দুর্ঘটনাগ্রস্ত বাহনখন লৈ বাকীকেইজনে কিয় গুৱাহাটীলৈ পলায়ন কৰিছিল তাক লৈও প্রশ্ণৰ উদয় হৈছে৷ এনে অৱস্থাত যুৱ অধিবক্তাগৰাকীৰ মৃত্যুৰ প্রকৃত কাৰণ নিৰূপণ কৰিবলৈ হ’লে মেঘালয় আৰু অসম আৰক্ষীয়ে যুটীয়া পর্যায়ত ইয়াৰ তদন্ত কৰিব লাগিব৷ অসম আৰক্ষীয়ে ইতিমধ্যে বাকীকেইজন সহযাত্রীৰ বাসগৃহত তালাচী চলায় আৰু কেতবোৰ নথি–পত্র আৰু সামগ্রী উদ্ধাৰ কৰিছে৷ যদিহে নম্রতা বৰাৰ মৃত্যু দুর্ঘটনাত হোৱা নাই তেন্তে অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্রহণ কৰা উচিত৷
যুৱ অধিবক্তাগৰাকীৰ ৰহস্যজনক মৃত্যুক কেন্দ্র কৰি সামাজিক মাধ্যমত কেতবোৰ কুৰুচিপূর্ণ মন্তব্যৰে প্রচাৰ–অপপ্রচাৰ চলোৱা হৈছে৷ একাংশ লোকে যুৱ অধিবক্তাগৰাকীৰ পৰিয়ালকো আক্রমণৰ লক্ষ্য কৰি লৈছে৷ নুমলীগড় আৰু কমাৰগাঁও অঞ্চলৰ বিশেষ সুনাম থকা মৃত যুৱ অধিবক্তাগৰাকীৰ পিতৃ ৰমেন বৰা৷ উচ্চ শিক্ষিত জীয়ৰীৰ অকাল মৃত্যুৰ বেদনা এগৰাকী পিতৃৰ বাবে কিমান বিষময় হ’ব পাৰে, সেয়া সকলোৱে উপলব্ধি কৰা উচিত৷ এতিয়া জীয়ৰীৰ মৃত্যুৰ দুখৰ বোজাৰ ওপৰত এনে অতিৰিক্ত বোজাৰে ভাৰাক্রান্ত কৰাৰ সময় নহয়৷ এইক্ষেত্রত শনিবাৰে কমাৰগাঁৱত অনুষ্ঠিত নাগৰিক সভাই গ্রহণ কৰা ইতিবাচক ভূমিকা প্রশংসনীয়৷ কিন্তু যুৱ অধিবক্তাগৰাকীৰ মৃত্যুৰ ঘটনাই কেইবাটাও গুৰুত্বপূর্ণ দিশ উন্মোচন কৰিছে৷ একাংশ হোটেল আৰু হোমষ্টে’ত অনৈতিক আৰু অবৈধ কাম–কাজ চলি থকাৰ অভিযোগ দীর্ঘদিনীয়া৷ নংপো কাণ্ডৰ পিছত শনিবাৰে নিশা দিছপুৰ আৰক্ষীৰ এটি দলে কাহিলিপাৰাৰ মৃগাংক বৰুৱা আৰু প্রজ্ঞা দিহিঙীয়াৰ মালিকানাধীন ট্রী–টপ হোমষ্টে’ত অভিযান চলাইছে আৰু কেতবোৰ নথি-পত্র উদ্ধাৰ কৰিছে৷ উক্ত হোমষ্টে’খনতে বিধায়ক পুত্র আনায়াতুল ৱাডুডে ঘটনা সংঘটিত হোৱাৰ নিশাৰ পার্টী দিছিল আৰু মাজনিশা সূর্যোদয়ৰ দৃশ্য উপভোগ কৰাৰ লক্ষ্যৰে মেঘালয়ৰ বৰাপানীলৈ যাত্রা কৰিছিল৷ সহজলভ্য ধনেৰে সুখী হোৱাৰ ভোগবাদী মানসিকতাই আমাৰ এটা প্রজন্মক কিদৰে ভয়াৱহ বিপদৰ গৰাহলৈ ঠেলি দিছে, সেয়া স্পষ্ট হৈছে৷ এনে সহজলভ্য ধনৰ লোভত আমাৰ সমাজৰ একাংশ লোক ইমানেই উটি–ভাহি গৈছে যে তেওঁলোকে এখন যেন সপোনপুৰীতহে বাস কৰে৷ গুৱাহাটীত শতাধিক হোটেল আৰু নৈশ বাৰত বিভিন্ন অনুষ্ঠান হয়৷ এই অনুষ্ঠানসমূহত অংশগ্রহণকাৰীৰ অধিকাংশই যুৱপ্রজন্মৰ৷ এই নৈশ পার্টীত মাথোঁ সুৰাই নহয়, নিষিদ্ধ ড্রাগছকে ধৰি বিভিন্ন অবৈধ বেহাৰ অভিযোগ আছে৷ আনকি আৰক্ষীয়েও সময়ে সময়ে অভিযান চলাই এনে অবৈধ বেহা উৎখাত কৰিবলৈ সক্ষম হৈছে৷ এনে ঘটনাৰ অন্তৰালত আছে সহজলভ্য ধনেৰে সহজে সুখ আহৰণৰ মানসিকতা৷ এনে মানসিকতা আমি যিকোনো প্রকাৰে বন্ধ কৰিব লাগিব৷ নহ’লে ইয়াৰ প্রভাৱ নৱপ্রজন্মৰ মাজত বিষবাষ্পৰ দৰে বিয়পিলে আমাৰ সমাজ ব্যৱস্থা জীয়াই থকাৰ বাবে বিপদসংকুল হৈ উঠিব৷ সৌভাগ্যৰ কথা এয়ে যে নৱপ্রজন্মৰ সিংহভাগেই এনে সহজলভ্য সুখৰ সন্ধানত বিপথগামীসকলক সংগ দিয়া নাই৷ নিজস্ব শিক্ষা, অধ্যৱসায় আৰু লক্ষ্যত উপনীত হোৱাৰ ঐকান্তিক সংগ্রামত নিয়োজিত হৈ যুৱপ্রজন্মই আশাৰ বাট দেখুৱাইছে৷ যুৱপ্রজন্মক সঠিক ৰূপত আৰু সঠিক বাটত আগবঢ়াই নিয়াৰ সামূহিক দায়িত্ব আমি সকলোৱে দেখুৱাব লাগিব৷ এইক্ষেত্রত চৰকাৰখনেও ইতিবাচক পদক্ষেপেৰে যুৱপ্রজন্মক উৎসাহিত কৰা উচিত৷ পিতৃ–মাতৃসকলেও পুত্র–জীয়ৰীক সঠিক বাট দেখুৱাব লাগিব৷ পঢ়া–শুনা, জীৱন–জীৱিকাৰ স্বার্থত নিজ গৃহ এৰি অন্য চহৰ–নগৰত আশ্রয় লোৱা সন্তানে কিদৰে জীৱন সংগ্রাম চলাইছে, সেয়া পিতৃ–মাতৃ আৰু অভিভাৱকসকলে দৃষ্টি দিয়া প্রয়োজন৷ কষ্ট আৰু অধ্যৱসায়েৰে আহৰণ কৰা ধনেৰে কোনেও সহজলভ্য সুখৰ সন্ধান নকৰে৷ জীৱনজোৰা সংগ্রামতে নিহিত হৈ থাকে সুখৰ সংজ্ঞা৷