নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেট জিৰো

গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তনৰ সৈতে মোকাবিলা কৰিবলৈ বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘই জলবায়ু সন্মিলনৰ আয়োজনেৰে চুক্তি ৰূপায়ণ কৰি আহিছে৷ বিগত বর্ষত ডুবাইত আয়োজিত কপ–২৮ সন্মিলনতো জলবায়ু সন্মিলনৰ সৈতে মোকাবিলা কৰাৰ বাবে জীৱাশ্ম ইন্ধন ব্যৱহাৰ হ্রাস কৰাৰ প্রতিশ্রুতিবদ্ধ হয়৷ এই কপ–২৮ সন্মিলনৰ চুক্তি অনুসৰি ২০৫০ চনৰ ভিতৰত নেট জিৰো স্পর্শ কৰাৰ বাবে সর্বাধিক গুৰুত্ব দিয়া হয়৷ অর্থাৎ গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্রত নিয়ন্ত্রণ অনাৰ বাবে এই সন্মিলনত নেট জিৰোক প্রাধান্য দিয়া হয়৷ নেট জিৰোৰ অর্থ সহজভাৱে ক’বলৈ হ’লে বায়ুমণ্ডলত সেউজগৃহ গেছৰ মুঠ পৰিমাণ হ্রাস কৰা৷ এক কথাত বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ শূন্যলৈ নমাই অনা৷ সেউজগৃহ গেছ হৈছে প্রধানতঃ কার্বন ডাই–অক্সাইড আৰু মিথেন৷ কার্বন ডাই–অক্সাইড নির্গমন হয় জীৱাশ্ম ইন্ধনৰ পৰা সর্বাধিক৷ তেল, গেছ আৰু কয়লা দাহনে সেউজগৃহ গেছ কার্বন ডাই–অক্সাইড সর্বাধিক নির্গমন কৰায়৷ বাসগৃহৰ পৰা উদ্যোগ, বিদ্যুৎ উৎপাদনৰ পৰা বিভিন্ন ক্ষেত্রত জীৱাশ্ম ইন্ধন ব্যৱহাৰত সেউজ গৃহ গেছ প্রধানকৈ কার্বন ডাই–অক্সাইড নির্গমন হয়৷ মিথেন নির্গমন হয় কৃষিখণ্ডকে ধৰি বিভিন্ন ফার্মৰ পৰা৷ এই দুয়োবিধ গেছৰ মাত্রা বায়ুমণ্ডলত মাত্রা হোৱাত গোলকীয় উষ্ণতা বৃদ্ধি পাই আহিছে৷ দ্রুতগতিত বনাঞ্চল ধ্বংস হোৱাৰ ফলশ্রুতিত কার্বন ডাই–অক্সাইড শোষণ দ্রুতগতিত হ্রাস পাইছে৷ বনাঞ্চলৰ গছ–গছনিয়ে প্রধানতঃ কার্বন ডাই–অক্সাইড শোষণ কৰি বায়ুমণ্ডলত ভাৰসাম্য ৰক্ষা কৰি চলে৷ বায়ুমণ্ডলত কার্বন ডাই–অক্সাইডৰ মাত্রা হ্রাস কৰাৰ লক্ষ্যৰে জীৱাশ্ম ইন্ধনৰ দাহন কর্তন কৰাৰ প্রতিশ্রুতিৰে ২০১৫ চনত ৰাষ্ট্রসংঘৰ পেৰিছ জলবায়ু চুক্তি সম্পন্ন হৈছিল৷ ১৯৭খন দেশে এই চুক্তিত স্বাক্ষৰ কৰি সেউজগৃহ গেছ নির্গমন হ্রাস কৰাৰ প্রতিশ্রুতিবদ্ধ হৈ ২১০০ চনৰ ভিতৰত গোলকীয় উষ্ণতা বৃদ্ধি ১.৫ ডিগ্রী চেলছিয়াছৰ ভিতৰতে ৰখাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ এই চুক্তি অনুসৰি জীৱাশ্ম ইন্ধন বিশেষকৈ কয়লাৰ দাহন হ্রাস কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল যদিও উন্নত দেশসমূহে এই চুক্তিক প্রহসনত পৰিণত কৰিছে৷
ৰাষ্ট্রসংঘৰ চুক্তি অনুসৰি ২০০২ চনৰ ভিতৰত কার্বন ডাই–অক্সাইডৰ নির্গমন আধালৈ হ্রাস কৰাৰ পিছত ২০৫০ চনৰ ভিতৰত এই মাত্রা নেট জিৰো কৰাৰ লক্ষ্য লোৱা হৈছিল৷ কিন্তু চুক্তিখন চুক্তি হৈয়েই ৰ’ল৷ অধিকাংশ দেশেই এই চুক্তি ৰূপায়ণত গুৰুত্ব নিদিলে৷ শেহতীয়া এক তথ্য মতে গোলকীয় উষ্ণতা বৃদ্ধি ১.৫ ডিগ্রী চেলছিয়াছ স্পর্শ কৰিছে৷ যিটো পৃথিৱীৰ বাবে অশনি সংকেত হিচাপে চর্চিত হৈছে৷ পৃথিৱীৰ বিভিন্ন দেশৰ লগতে ভাৰতো কার্বন ডাই–অক্সাইড নির্গমনৰ ক্ষেত্রত পিছপৰি থকা নাই৷ দেশখনে নৱীকৰণ শক্তিৰ পৰা পৰিচ্ছন্ন শক্তিলৈকে ব্যৱহাৰত গুৰুত্ব দিছে যদিও কার্বন ডাই–অক্সাইড নির্গমন চুক্তি অনুযায়ী হ্রাস কৰিবলৈ সক্ষম হোৱা নাই৷ অৱশ্যে ভাৰতে ২০৭০ চনৰ ভিতৰত কার্বন নির্গমনৰ ক্ষেত্রত নেট জিৰো লক্ষ্য নির্ধাৰণ কৰি লৈছে৷ গ্রেট ব্রিটেইন, ৰাছিয়া, চীন, আমেৰিকাকে ধৰি বিভিন্ন দেশে নেট জিৰোৰ লক্ষ্য নির্ধাৰণ কৰি লৈছে৷ সেই অনুযায়ী দেশকেইখনে চুক্তি ৰূপায়ণৰ আশ্বাস দিছে যদিও এতিয়ালৈকে বিশেষ ফলপ্রসূ পদক্ষেপ গ্রহণ কৰা নাই৷ দেশৰ চৰকাৰে কার্বন নির্গমন হ্রাস কৰাৰ বাবে নীতি আঁচনি কৰি আহিছে৷ যদিওবা ইয়াৰ সঠিক প্রয়োগ হোৱা নাই৷ চৰকাৰৰ মুখলৈ নাচাই পৃথিৱী আৰু মানৱ জাতি সংকটত পৰা ভয়াৱহ সমস্যা কার্বন নির্গমনৰ ক্ষেত্রত প্রতিগৰাকী নাগৰিকে নিজাববীয়াকৈও সজাগতামূলক ব্যৱস্থা গ্রহণ কৰিব পাৰে৷ প্রতিগৰাকী নাগৰিকে নেট জিৰোৰ লক্ষ্য নির্ধাৰণৰ ক্ষেত্রত অৰিহণা যোগাব পাৰে৷ প্রতিজন নাগৰিকে কৰিব পৰা ব্যৱস্থাৰ ভিতৰত যথাসম্ভৱ বিমান ভ্রমণৰ যাত্রা কম কৰিব পাৰে৷ বিদ্যুৎ ব্যৱহাৰৰ ক্ষেত্রত অধিক সচেতন হৈ পার্যমানে কম বিদ্যুৎ ব্যৱহাৰত গুৰুত্ব দিব পাৰে৷ ঘৰৰ বিদ্যুৎ ব্যৱস্থা উন্নীত কৰিব পাৰে৷ বৈদ্যুতিক বাহন ব্যৱহাৰত প্রাধান্য দিব পাৰে৷ বৈদ্যুতিক ব্যৱস্থাৰে গেছৰ পৰিৱর্তে তাপৰ ব্যৱহাৰত গুৰুত্ব দিব পাৰে৷ অর্থাৎ হিট পাম্প ব্যৱহাৰ কৰিব পাৰে৷ ৰেড মীট পার্যমানে কমকৈ ব্যৱহাৰ কৰিব পাৰে৷ কিয়নো ৰেড মীট উৎপাদনৰ ক্ষেত্রত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰে সেউজগৃহ গেছ নির্গমনত অৰিহণা যোগায়৷ দেশৰ চৰকাৰৰ নেট জিৰো নির্ধাৰণৰ লক্ষ্যৰে ৰূপায়ণ কৰা নীতি আঁচনি মানি চলাৰ সমান্তৰালকৈ প্রতিগৰাকী নাগৰিকে নিজাববীয়াকৈ উল্লিখিত ব্যৱস্থাখিনি মানি চলিলে নিশ্চয়কৈ পৃথিৱীৰ সমস্যা হৈ উঠা গোলকীয় উষ্ণতা নিয়ন্ত্রণৰ ক্ষেত্রত সহায়ক হ’ব৷ নাগৰিকসকল সজাগ, সচেতন হোৱা মানেই আমি বাস কৰা পৃথিৱীখন সর্বাংগসুন্দৰ ৰূপে বর্তি থাকিব৷

You might also like