পুনৰ অশান্ত নতুন বাংলাদেশ
পুনৰ অশান্ত নতুন বাংলাদেশ
ন’বেল বিজয়ী মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তর্ৱর্তীকালীন চৰকাৰখনলৈ অশনি সংকেত নামি আহিছে৷ চৰকাৰৰ আমোলা–বিষয়াৰ পাছত শিক্ষক সমাজেও ইউনুছ চৰকাৰৰ বিৰুদ্ধে ৰাজপথত নামি পৰিছে৷ ইয়ে পুনৰ বাংলাদেশক অশান্ত কৰি তোলাৰ ইংগিত দিছে৷ ইপিনে, দেশৰ সেনাপ্রধান আৰু ৰাজনৈতিক দলসমূহে সাধাৰণ নির্বাচন অনুষ্ঠিত কৰাৰ বাবে চৰকাখনক প্রচণ্ড চাপ দি আছে৷ সাধাৰণ নির্বাচন অনুষ্ঠিত কৰিলেহে বাংলাদেশত পূর্ণাংগ চৰকাৰ এখন গঠন কৰিব পৰা যাব৷ যাৰ বাবে ৰাজনৈতিক দল, বিশেষকৈ বিৰোধী ৰাজনৈতিক দল আৰু নতুনকৈ গঠিত ছাত্রৰ ৰাজনৈতিক দলে ইউনুছ চৰকাৰক সাধাৰণ নির্বাচন অনুষ্ঠিত কৰাৰ বাবে হেঁচা প্রয়োগ কৰিছে৷ এনে সময়তে ইউনুছ চৰকাৰে বিষয়া–আমোলাৰ কর্মসূচীৰ সংস্কাৰৰ অধ্যাদেশ জাৰিয়ে চৰকাৰখনৰ বিৰুদ্ধে আমোলাকো প্রতিবাদ কৰিবলৈ বাধ্য কৰাইছে৷ তেনেদৰে শিক্ষক সমাজে দৰমহা বৃদ্ধিৰ দাবীত কর্মবিৰতি ঘোষণা কৰি অনির্দিষ্টকালীন ধর্মঘটত বহিছে৷ সেনা আৰু ৰাজনৈতিক দলৰ পাছত চৰকাৰী আমোলা–বিষয়া আৰু শিক্ষক সমাজৰ প্রতিবাদ ইউনুছ চৰকাৰৰ বাবে প্রত্যাহ্বান হৈ উঠিছে৷ এসময়ৰ ভাৰতৰ মৈত্রী দেশ বাংলাদেশ ইউনুছৰ নেতৃত্বৰ চৰকাৰে ভাৰতবিৰোধী কার্যকলাপত জড়িত হৈ পৰিছে৷ ভাৰতৰ সৈতে দেশখনৰ কূটনৈতিক সম্পর্কৰ অৱনতি ঘটাত পৰিস্থিতি চিন্তনীয় হৈ উঠিছে৷ সেনাপ্রধান কার্যতঃ ইউনুছ নেতৃত্বাধীন চৰকাৰখনৰ কাম–কাজত সন্তুষ্ট হোৱা নাই, যিটো অন্তর্ৱর্তীকালীন চৰকাৰখনৰ বাবে অশুভ সংকেত৷ ঠিক তেনেদৰে প্রাক্তন প্রধানমন্ত্রী খালেদা জিয়া নেতৃত্বাধীন ৰাজনৈতিক দল আৰু ছাত্র বিক্ষোভৰ নেতৃত্ব প্রদানকাৰী অন্যতম ছাত্র নেতাৰ দ্বাৰা গঠিত নতুন ৰাজনৈতিক দলটোৱেও ইউনুছ চৰকাৰৰ কাম–কাজক লৈ সন্তুষ্ট নহয়৷ আনহাতে, ক্ষমতাচ্যুত প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ আৱামী লীগক লৈ ইউনুছ চৰকাৰৰ শংকা আছেই৷ আৱামী লীগৰ শীর্ষ নেত্রী–নেতাক ছাত্র বিক্ষোভৰ সময়ত হত্যাত অভিযুক্ত কৰি আইনী মেৰপেঁচত সুমুৱাই দিছে৷ ই দেশখনত এক ৰাজনৈতিক সমস্যাৰ ৰূপত চলি থাকিব৷ তদুপৰি উজ্জীৱিত হৈ উঠা কট্টৰপন্থী ইছলামিক গোট তথা জেহাদী সংগঠনৰ প্রভাৱ৷
চৰকাৰৰ সংৰক্ষণ সংস্কাৰবিৰোধী ছাত্র বিক্ষোভত বিগত বর্ষত বাংলাদেশ উত্তপ্ত হৈ পৰাই নহয়, আৱামী লীগৰ নেত্রী তথা প্রধানমন্ত্রী শ্বেখ হাছিনাই প্রধানমন্ত্রীৰ পদ ত্যাগ কৰি দেশৰ পৰা পলায়ন কৰিবলগীয়া হৈছিল৷ উত্তপ্ত আৰু অশান্ত বাংলাদেশত ছাত্র বিক্ষোভৰ নেতাই ন’বেল বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত অন্তর্ৱর্তীকালীন চৰকাৰ গঠন কৰে৷ নতুন বাংলাদেশ আখ্যা দি ইউনুছ নেতৃত্বাধীন চৰকাৰখনে মুক্তিযোদ্ধা মুজিবুৰ ৰহমানৰ ইতিহাস মচি পেলোৱাৰ পথ বাছি লোৱাৰ দিশে আগবাঢ়ে৷ ইউনুছৰ কার্যকালৰ আৰম্ভতেই দেশখনত হিন্দুকে ধৰি সংখ্যালঘু সম্প্রদায়ৰ ওপৰত অবর্ণনীয় অত্যাচাৰ–নির্যাতন চলিল৷ ভাৰতকে ধৰি আন্তর্জাতিক সম্প্রদায়ৰ গৰিহণাৰ পাছত সাময়িকভাৱে এই নির্যাতন বন্ধ হ’ল যদিও সংখ্যালঘুৰ জীৱন নিৰাপদ নহয়৷ ইপিনে, শ্বেখ হাছিনাই ভাৰতত আশ্রয় লৈ থকাৰ গইনাৰেই বাংলাদেশে ভাৰতবিৰোধী স্থিতি লৈ চিৰবৈৰী পাকিস্তানৰ সৈতে বন্ধুত্ব স্থাপন কৰিলে৷ ভাৰতবিৰোধী স্থিতিত থকা দেশখনত কট্টৰ ইছলামিক গোট আৰু জেহাদী সংগঠনৰ প্রভাৱ বাঢ়িল৷ একপ্রকাৰ ইউনুছ চৰকাৰৰ কাম–কাজত হস্তক্ষেপ কৰিবলৈ ধৰিলে৷ দেশখনৰ আর্থিক স্থিতিক লৈ চীনৰ ওচৰ চাপিলে৷ ইউনুছে চীন ভ্রমণ কৰি ভাৰতবিৰোধী কার্যৰ বাবে বেইজিঙক আহ্বান জনালে৷ বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ ইতিহাসক আঁতৰাই ‘নতুন বাংলাদেশ’ গঢ়াৰ লক্ষ্য লোৱা ইউনুছ চৰকাৰৰ যেন পথ বিচ্যুত হৈ পৰিছে৷ কট্টৰ ইছলামিক গোটৰ হেঁচাত ভাৰতবিৰোধী কার্যকলাপক পৰোক্ষ বা প্রত্যক্ষভাৱে সমর্থন দি আহিছে৷ ইপিনে, সাধাৰণ নির্বাচন অনুষ্ঠিত কৰাক লৈ ইউনুছ চৰকাৰৰ লগত সেনা আৰু ৰাজনৈতিক দলৰ মাজত সংঘাত আৰম্ভ হৈছে৷ পৰিস্থিতি এনে পর্যায় পাইছেগৈ যে মহম্মদ ইউনুছে পদত্যাগ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ যদিওবা এতিয়ালৈকে পদত্যাগ কৰা নাই৷ ইয়াৰ মাজতে চৰকাৰী আমোলা–বিষয়াৰ প্রতিবাদ, শিক্ষকৰ কর্মবিৰতিয়ে বাংলাদেশ উত্তপ্ত কৰি তুলিছে৷ কার্যতঃ ইউনুছৰ তথাকথিত নতুন বাংলাদেশ পুনৰ অশান্ত হোৱাৰ দিশে আগবাঢ়িছে৷