নতুন দিল্লীৰ কূটনীতি
নতুন দিল্লীৰ কূটনীতি : ভাৰতীয় ভূমিত সন্ত্রাসবাদী কার্যকলাপত পাকিস্তান প্রত্যক্ষভাৱে জড়িত হৈ থকাটো মুক্ত সত্য কথা৷ বিশেষকৈ জম্মু–কাশ্মীৰত দশক দশক ধৰি পাকিস্তানে সন্ত্রাসবাদীৰ দ্বাৰা অঞ্চলটোৰ পৰিস্থিতি অশান্ত কৰি ৰাখিছে৷ জম্মু–কাশ্মীৰতেই নহয়, দেশৰ আন প্রান্ততো ভাৰতবিৰোধী কার্যকলাপত পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআয়ে উচটনি দি আহিছে৷ পুলৱামাত পাক সন্ত্রাসবাদীয়ে চিআৰপিএফৰ ওপৰত ভয়াৱহ আক্রমণ চলোৱাৰ পাছত নতুন দিল্লীয়ে পাক ভূমিত সন্ত্রাসবাদীৰ শিবিৰত ছার্জিকেল ষ্ট্রাইক চলায়৷ পৰৱর্তী সময়ত পাকিস্তানক সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা নকৰিবলৈ বাৰম্বাৰ সকীয়নি দি আহিছে যদিও চিৰবৈৰী ৰাষ্ট্রখনে সন্ত্রাসবাদক উচটনি দিবলৈ এৰা নাই৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰে সংবিধানৰ অনুচ্ছেদ ৩৭০ প্রত্যাহাৰেৰে জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তনেৰে কেন্দ্রীয়শাসিত অঞ্চল হিচাপে গঠন কৰে৷ ইয়াৰ পাছত জম্মু–কাশ্মীৰৰ পৰিস্থিতি বিশেষকৈ বিদেশী সন্ত্রাসবাদীৰ কার্যকলাপ কিছু স্তিমিত হৈ পৰে৷ চিৰবৈৰী ৰাষ্ট্রখনে ভাৰতে জম্মু–কাশ্মীৰৰ বিশেষ মর্যাদা কর্তন, সংবিধানৰ অনুচ্ছেদ ৩৭০ প্রত্যাহাৰক লৈ তীব্র অসন্তুষ্টি প্রকাশ কৰি আহিছে৷ কেন্দ্রীয় চৰকাৰৰ মতে, সংবিধানৰ অনুচ্ছেদ ৩৭০ প্রত্যাহাৰৰ পাছত সন্ত্রাসবিৰোধী তীব্র অভিযানত সন্ত্রাসবাদীৰ কার্যকলাপ হ্রাস পাইছে৷ দেশী–বিদেশী পর্যটকৰ ভ্রমণ অঞ্চলটোলৈ বৃদ্ধি পাইছে৷ এনে সময়তে পাক সন্ত্রাসবাদীয়ে মিনি ছুইজাৰলেণ্ড খ্যাত পেহেলগামত নিৰীহ পর্যটকৰ ওপৰত বর্বৰ আক্রমণ চলায়৷ সন্ত্রাসবাদীয়ে ধর্মৰ পৰিচয় লৈ বাছি বাছি বিশেষ ধর্মৰ লোকক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে৷ সন্ত্রাসবাদীৰ এই বর্বৰ আক্রমণ বিশ্বজুৰি নিন্দিত হৈছে৷ পাক সন্ত্রাসবাদীৰ এই আক্রমণৰ পাছত ভাৰতে কি স্থিতি লৈ আগবাঢ়ে, তাক লৈ বিশ্বই দৃষ্টি ৰাখিছে৷
পেহেলগামৰ সন্ত্রাসবাদী আক্রমণক কঠোৰতম প্রত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে নতুন দিল্লীয়ে৷ সামৰিক অভিযানৰ ইংগিত দিলেও নতুন দিল্লীয়ে প্রথমতে কূটনৈতিক সিদ্ধান্তৰে এই আক্রমণক লৈ কঠোৰ স্থিতি গ্রহণ কৰিছে৷ কেন্দ্রীয় চৰকাৰে এই আক্রমণত প্রত্যক্ষভাৱে পাকিস্তানক জড়িত কৰি কূটনৈতিক সিদ্ধান্ত লৈছে৷ প্রধানমন্ত্রী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত সুৰক্ষা সম্পর্কীয় কেবিনেট বৈঠকত চুবুৰীয়া ৰাষ্ট্রখনক শ’লঠেকত পেলাবলৈ তাৎক্ষণিক কার্যকৰী হোৱাকৈ কেইবাটাও সিদ্ধান্ত গ্রহণ কৰিছে৷ পাকিস্তানৰ সন্ত্রাসবাদক লৈ দুমুখীয়া নীতিক পুনৰবাৰ বিশ্ব সমুদায়ৰ সন্মুখত উদঙাই দিবলৈ নতুন দিল্লীয়ে কঠোৰ কূটনীতিৰ পথ লৈছে৷ যেতিয়ালৈকে পাকিস্তানে সন্ত্রাসবাদক পৃষ্ঠপোষকতা কৰিবলৈ এৰি নিদিয়ে তেতিয়ালৈকে ১৯৬০ চনত সম্পন্ন সিন্ধু জল চুক্তি স্থগিত ঘোষণা কৰিছে৷ ভাৰত–পাকিস্তানৰ সীমান্ত আটাৰি–ৱাঘা সীমান্ত চকী বন্ধ কৰিলে৷ নতুন দিল্লীস্থিত পাকিস্তান উচ্চ আয়ুক্তৰ কার্যালয় বন্ধ কৰি দি এসপ্তাহৰ ভিতৰত সকলো কর্মচাৰীক স্বদেশলৈ উভতি যাবলৈ নির্দেশ দিছে৷ তেনেদৰে ভাৰতেও ইছলামাবাদস্থিত ভাৰতীয় দূতাৱাসৰ কর্মচাৰী হ্রাস কৰি ওভতাই আনিব৷ এছপিইএছ ভিছা বাতিল কৰি ৪৮ ঘণ্টাৰ ভিতৰত এই ভিছা লৈ ভাৰতত থকা সকলো পাকিস্তানী নাগৰিকক স্বদেশলৈ উভতি যাবলৈ নির্দেশ দিছে৷ পাকিস্তানী নাগৰিকৰ বাবে ছার্ক ভিছাও বাতিল কৰা হৈছে৷ পাকিস্তানৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ নতুন দিল্লীৰ এই কূটনৈতিক সিদ্ধান্ত কিমান ফলপ্রসূ হ’ব, সেয়া বিচার্যৰ বিষয়৷ সামৰিক অভিযান চলোৱাৰ পাছত ভাৰতবিৰোধী কার্যকলাপ জড়িত হৈ থকা পাকিস্তানক এনে কূটনীতিৰে বিশ্ব সমুদায়ৰ সন্মুখত দেশখনৰ নগ্ন চৰিত্র উদঙাই দিব পাৰিব, কিন্তু সন্ত্রাসবাদকে নীতি কৰি লোৱা পাকিস্তানে নগ্ন হৈ থাকি নগ্ন হোৱা নাই শ্লোগান দিয়েই থাকিব৷ ইয়াৰ পৰা ভাৰতৰ কি ইতিবাচক হ’ব, সেয়াই গুৰুত্বপূর্ণ৷ মন কৰিবলগীয়া যে মুম্বাই সন্ত্রাসবাদী আক্রমণৰ মূল খলনায়ক তাহাউৰ ৰাণাক আমেৰিকাৰ পৰা প্রত্যর্পণ কৰি আনি নতুন দিল্লীয়ে সন্ত্রাসবাদক লৈ পাকিস্তানৰে বৃহৎ কূটনৈতিক জয় হ’লেও পেহেলগামৰ সন্ত্রাসবাদী আক্রমণক লৈ নতুন দিল্লীৰ কূটনৈতিক সিদ্ধান্ত বিচার্য৷