নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ দিনত ম’বাইল ফোন

মানুহৰ এটা সাধাৰণ চাৰিত্রিক বৈশিষ্ট্য হ’ল যে সমাজলৈ নতুন কিবা এটা বস্তুৰ আগমন ঘটিলে তাক ভালদৰে নজনাকৈয়ে বাতিল কৰি দিয়াৰ ইচ্ছা৷ এই বাতিলকৰণৰ বাবে মূলতঃ দুটা কথাতে জোৰ দিয়া হয়, এটা হ’ল, এইবোৰ বস্তুৱে আমাৰ নতুন প্রজন্মক বেয়া কৰিব আৰু দ্বিতীয়টো হ’ল, আমাৰ সমাজত এইবোৰ খাপ নাখায়৷ নতুন ধৰণৰ বস্তুৰ প্রতি বহুতৰ আগ্রহ থকাটো অতি স্বাভাৱিক, কিন্তু সমাজৰ ভয়ত বহুতে সেই আগ্রহ প্রকাশ নকৰে আৰু যিসকলে আগ্রহ প্রকাশ কৰে তেওঁলোকে সমাজৰ পৰা ঠাট্টা–বিদ্রূপৰ মুখামুখি হয়, কিন্তু নিজৰ সাহসৰ কথা প্রকাশ কৰি থৈ যায়৷ কেইবছৰমান আগতে আমাৰ সমাজলৈ আহিছিল ম’বাইল ফোন আৰু তাৰ পিছত আহিল ইণ্টাৰনেট সংযোজিত স্মার্টফোন৷ সকলো নতুন বস্তুকে অৱহেলা আৰু বিৰক্তিৰ দৃষ্টিৰে চোৱা সমাজে এই বস্তুবিধৰ পৰা হ’ব পৰা বিপদৰ কথা আলোচনা কৰিলে, আনকি বহু বিদ্যালয়ত ইয়াৰ প্রৱেশো বন্ধ কৰা হৈছিল৷ সন্দেহ নাই, ম’বাইল ফোনৰ সুবিধাৰে ভালেমান বেয়া কাম হৈছিল, ছ’চিয়েল মিডিয়াৰ সুবিধাৰে বহুতে বহুত বেয়া কাম কৰিছিল৷ প্রযুক্তিবিদ্যাৰ বিকাশৰ লগে লগে নানাধৰণৰ বস্তু ওলাব, সেইবোৰ মানৱ সভ্যতাৰ প্রগতিৰ বাবেও ব্যৱহূত হ’ব, সেইবোৰ অপৰাধীৰ আহিলা হিচাপেও ব্যৱহূত হ’ব বা হৈ থাকিব৷ অপৰাধ নিয়ন্ত্রণ কৰিবলৈ আৰু তাক বাধা দিবলৈ চৰকাৰ–প্রশাসন আছে, তেওঁলোকে এইবোৰ দায়িত্ব পালন কৰিব লাগিব আৰু কৰিও আছে৷ কিন্তু অকল সেই দিশটোৰ কথা ভাবিয়েই প্রযুক্তিৰ নতুন সংযোজনবোৰক আঁতৰাই ৰখাটো বুদ্ধিমানৰ কাম নহয় ৷

ক’ৰোনাই সৃষ্টি কৰা আতংকৰ মাজতে ম’বাইল ফোন আহি স্কুলবোৰৰ ভিতৰত সোমাল৷ স্কুলৰ শিক্ষকে ম’বাইল ফোনৰ সহযোগত পাঠদানত ব্যস্ত হ’ব লগা পৰিৱেশ সৃষ্টি হ’ল৷ এই কামটো বেয়া হোৱা বুলি কোনেও কোৱা নাই৷ এটা কথা ঠিক যে সকলো স্কুলৰ সকলো ছাত্র–ছাত্রীৰ বাবে স্মার্টফোন সাধ্যৰ ভিতৰত নহয়৷ সেইটো এটা পৃথক প্রসংগ৷ প্রসংগটো হ’ল– প্রযুক্তিবিদ্যাই উপহাৰ দিয়া উপাদানৰ প্রায়োগিক ব্যৱহাৰ৷ স্কুলৰ শিক্ষকে ছাত্রসকলক নতুন নতুন দিশৰ সন্ধান দিব লাগে, নতুন কথাৰ প্রতি আগ্রহী কৰি তুলিব লাগে৷ তাৰ বিপৰীতে অধিকাংশ শিক্ষকেই এই উপহাৰবোৰক শত্রু বা বিধ্বংসী আহিলাৰ ৰূপত প্রদর্শন কৰি আহিছিল৷ সেই মানসিকতাৰ পৰিৱর্তন ঘটাবলৈ সমর্থ হ’ল এটা মহামাৰী বেমাৰে৷ যি শিক্ষকে একো একোটা প্রজন্মক সময়ৰ লগত খাপ খুৱাই আগবঢ়াই নিব লাগিছিল, সেই কাম কৰিলে এবিধ মহামাৰীয়ে৷ অকল শিক্ষাৰ ক্ষেত্রতেই নহয়, বিনোদনৰ জগতখনকো ম’বাইল ফোনে একপ্রকাৰ পৰিৱর্তনৰ বতাহেৰে কোবাই দিছে৷ ছ’চিয়েল মিডিয়া ছাইটবোৰত বিভিন্ন শিল্পীয়ে নিজৰ কলাকৃতি প্রদর্শন কৰিছে৷ কোনোবাই গান গাইছে, কোনোবাই নৃত্য কৰিছে, কোনোবাই যন্ত্রসংগীত পৰিৱেশন কৰিছে৷ প্রখ্যাত ধ্রুপদ গায়ক ৰমাকান্ত আৰু উমাকান্ত গুড্ডেছাই ছ’চিয়েল মিডিয়াযোগে বিভিন্ন সংগীতানুষ্ঠান আৰু তেওঁলোকে দিনজোৰাকৈ উদ্যাপন কৰা ধ্রপদ দিৱস ছ’চিয়েল মিডিয়াযোগেই সমগ্র বিশ্বতে প্রদর্শন কৰিছিল৷ লকডাউনৰ এই সময়ছোৱাত স্মার্টফোনে বহুতৰ বাবে শিল্পচর্চা আৰু দর্শনৰ এখন নতুন জগতৰ দুৱাৰ খুলি দিছে৷ অকল সিমানেই নহয়, বহু ছাত্র–ছাত্রীয়ে ম’বাইল ফোনেৰে ছবিও নির্মাণ কৰিছে৷ এইবোৰ ছবিৰ মানৰ প্রসংগটো এটা পৃথক কথা৷ কথা হ’ল, যি ম’বাইল ফোনক যে ইমানদিনে শিক্ষার্থীৰ শত্রু হিচাপে গণ্য কৰা হৈ আছিল তাৰ এটা নতুন ৰূপ উপলব্ধিৰ সুবিধা দিলে এই ক’ৰোনাই৷ আহিবলগীয়া ক’ৰোনাত্তৰ দিনবোৰত এই পৰিৱর্তনক কেনেধৰণে গ্রহণ কৰা হ’ব আৰু তাৰ অসুবিধাবোৰৰ কথা কেনেদৰে চিন্তা কৰা হ’ব তাৰ ওপৰত নির্ভৰ কৰিব এইকেইদিনৰ অভ্যাসৰ ভৱিষ্যৎ ৷

You might also like