নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাত দঙা বিষয়া–কর্মচাৰী

চৰকাৰী প্রশাসন ব্যৱস্থাক ফলপ্রসূ আৰু গতিশীল কৰাৰ ক্ষেত্রত উৎকৃষ্ট সেৱা আগবঢ়োৱা বিষয়া–কর্মচাৰীসক পুৰস্কৃত কৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আদৰণীয় পদক্ষেপ গ্রহণ কৰিছে৷ আধুনিক অসমৰ স্বপ্ণদ্রষ্টা লোকপ্রিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথিৰ দিনটোত শনিবাৰে উৎকৃষ্ট সেৱা আগবঢ়োৱা ছজন বিষয়াক কর্মশ্রী বঁটা, ১০জন বিষয়া–কর্মচাৰীক লোকসেৱা বঁটা আৰু ৬৫জন বিষয়া–কর্মচাৰীক জিলা ভিত্তিত লোকসেৱা পুৰস্কাৰ প্রদান কৰা হৈছে৷ চৰকাৰী আঁচনি ৰূপায়ণ আৰু প্রশাসনৰ বিভিন্ন স্তৰত চলি থকা দুর্নীতি–অনিয়মৰ এক অঘোষিত প্রতিযোগিতাৰ সময়তে নিষ্ঠাৱান বিষয়া–কর্মচাৰীক ৰাজ্য চৰকাৰে পুৰস্কৃত কৰাটো তাৎপর্যপূর্ণ৷ চৰকাৰখনৰ এনে পদক্ষেপে নিশ্চিতভাৱে বিভিন্ন বিভাগত কর্মৰত হৈ থকা নিষ্ঠাৱান বিষয়া–কর্মচাৰীসকলক উৎসাহিত কৰিব৷ চৰকাৰী প্রশাসন ব্যৱস্থাত বছৰ বছৰ ধৰি চলি থকা দুর্নীতি–অনিয়মৰ বজাৰখন চলাই আছে মুষ্টিমেয় বিষয়া–কর্মচাৰীয়ে৷ এই চক্রটোৱে বিভিন্ন ধৰণে অন্যান্য বিষয়া–কর্মচাৰীক জড়িত কৰাৰ চক্রান্ত চলাই থাকে৷ কিন্তু চৰকাৰী বিভাগসমূহত নিয়োজিত সিংহভাগ বিষয়া–কর্মচাৰীয়ে এনে অশুভ চক্রৰ স’তে জড়িত নহয়৷ কিন্তু দুষ্টচক্রটোৰ বদনামৰ ভাগ নিষ্ঠাৱান কর্মচাৰীসকলেও বহন কৰিব লগা হৈছে৷ বদনামী হৈ উঠা প্রশাসন ব্যৱস্থাৰ মাজতে এনে একাংশ নিষ্ঠাৱান বিষয়া–কর্মচাৰী আছে, যিসকলৰ কাম–কাজে সমাজখনৰ কল্যাণ সাধন কৰিবলৈ সক্ষম হৈছে৷ লোক কল্যাণ দিৱসত মুখ্যমন্ত্রী ড০ শর্মাই কর্মশ্রী বঁটাৰে পুৰস্কৃত কৰা ছজন বিষয়াই উৎকৃষ্ট সেৱাৰে আমাৰ সমাজখনত ইতিমধ্যে প্রশংসিত হৈছে৷ যোৰহাট জিলাৰ আয়ুক্ত পদত কার্যনির্বাহ কৰি থকা পুলক মহন্তই মাজুলী জিলাৰ উপায়ুক্ত হিচাপে আগবঢ়োৱা নদীদ্বীপখনত উৎকৃষ্ট সেৱাৰ বাবে এনে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ ‘আমাৰ মাজুলী’ৰ জৰিয়তে বিকাশৰ উৎকৃষ্ট সেৱা আগবঢ়োৱা মহন্তৰ উপৰি তেওঁৰ সহযোগী কেশৱানন্দ টাইদ আৰু ঈশানু শ্বাহক পুৰস্কৃত কৰা হৈছে৷ প্রধানমন্ত্রী আৱাস যোজনা–গ্রামীণৰ অধীনত উৎকৃষ্ট সেৱাৰ জৰিয়তে সাফল্য প্রদর্শন কৰা ডিব্রুগড়ৰ খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত কুমাৰ বুঢ়াগোহাঁই, ইজ অৱ ডুয়িং বিজনেছৰ বাবে অনামিকা তিৱাৰী, কৃষিবর্ধক প্রকল্পৰ বাবে মাছাণ্ডা মেগডালিন পার্টিনক, বৰাইল বন্যপ্রাণী অভয়াৰণ্যৰ ইক’ ট্যুৰিজমৰ বাবে বন বিষয়া তেজাছ মৰিস্বামী আৰু উত্তৰ লখিমপুৰ চহৰৰ জাৱৰ নিষ্কাশনৰ ক্ষেত্রত উল্লেখনীয় সেৱা আগবঢ়োৱা উপায়ুক্ত সুমিত সাত্তাৱানক কর্মশ্রী বঁটা প্রদান কৰা হৈছে৷ কর্মশ্রী বঁটা লাভ কৰা বিষয়াসকলৰ বিশেষ সাফল্যৰ অন্তৰালত সহযোগ কৰা বিষয়া–কর্মচাৰীসকলক এনে বঁটাৰ অংশীদাৰ কৰা হৈছে৷ আনহাতে, উৎকৃষ্ট সেৱাৰ বাবে ১০ গৰাকী অৰাজপত্রিত কর্মচাৰীক লোকসেৱা বঁটা প্রদান কৰা হৈছে৷ ২০২৩ বর্ষৰ লোকসেৱা বঁটা লাভ কৰা কর্মচাৰীৰ ভিতৰত আছে তথ্য আৰু জনসংযোগ বিভাগৰ হৰেন কুমাৰ শর্মা, পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ কাশ্মীৰী শইকীয়া, অগ্ণিনির্বাপক বাহিনীৰ গোপাল তালুকদাৰ, পার্ছনেল বিভাগৰ জিণ্টু  ঠাকুৰীয়া, জলসিঞ্চন বিভাগৰ শ্রীমন্ত বৰদলৈ, গৃহ বিভাগৰ সুৰেন্দ্র শর্মা, সীমান্ত উন্নয়ন বিভাগৰ মুক্তিনাথ ৰয়, সংখ্যালঘু উন্নয়ন বিভাগৰ হেদায়েৎ উল্লাহ, কৃষি বিভাগৰ ৰাজু কুমাৰ বসুমতাৰী আৰু সাধাৰণ প্রশাসন বিভাগৰ মৃণাল পাটোৱাৰী৷ প্রশাসনৰ জিলা পর্যায়ত কর্মৰত ৬৫গৰাকী কর্মচাৰীকো লোকসেৱা পুৰস্কাৰ প্রদান কৰা হৈছে৷ এয়া নিশ্চিতভাৱে ৰাজ্যৰ নিষ্ঠাৱান বিষয়া–কর্মচাৰীসকলৰ বাবে শুভ পদক্ষেপ৷
ৰাজ্যৰ প্রশাসন ব্যৱস্থাক সংস্কাৰ সাধনৰ বাবে বিগত প্রায় দুটা দশকত ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ স্বচ্ছ আৰু নিকা প্রশাসন ব্যৱস্থা গঢ়ি তোলাৰ বাবে এই সময়ছোৱাত ৰাজ্য চৰকাৰে প্রশাসনীয় সংস্কাৰত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷ কিন্তু এনে পদক্ষেপ সত্ত্বেও চৰকাৰী প্রশাসন ব্যৱস্থাত দুর্নীতি–অনিয়ম নিয়ন্ত্রণ হোৱা নাই৷ ফলত চৰকাৰী প্রশাসন ব্যৱস্থাই সর্বসাধাৰণ ৰাইজক উপকৃত কৰাৰ বিপৰীতে প্রতিটো স্তৰতে হাৰাশাস্তিৰ সন্মুখীন কৰি আহিছে৷ দুর্নীতি–অনিয়মৰ ৰোধৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা অভিলাষী আঁচনিসমূহৰ সফল ৰূপায়ণ হোৱা নাই৷ প্রশাসনীয় স্তৰত চলি থকা দুর্নীতি–অনিয়মৰ বিৰুদ্ধে বিগত দুটা বছৰত ৰাজ্যৰ নিৰীক্ষণ আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ে গ্রহণ কৰা অতন্দ্র প্রহৰীৰ ভূমিকা লক্ষণীয়৷ মুখ্যমন্ত্রী ড০ শর্মাই প্রশাসনক দুর্নীতিমুক্ত কৰিবলৈ গ্রহণ কৰা শূন্য সহনশীল নীতিৰ আধাৰতে ৰাজ্যৰ দুর্নীতি নিবাৰক সঞ্চালকালয়ে ধাৰাবাহিক অভিযান চলাই আছে৷ বিগত দুবছৰৰ ভিতৰত দুর্নীতি নিবাৰক বিভাগে বিশেষ সাফল্য লাভ কৰাও পৰিলক্ষিত হৈছে৷ দুবছৰৰ ভিতৰতে ৰাজ্য চৰকাৰৰ ১২৫গৰাকী বিষয়া–কর্মচাৰীয়ে উপঢৌকন লৈ হাতে–লোটে ধৰা পৰিছে দুর্নীতি নিবাৰক সঞ্চালকৰ তদন্তকাৰী দলৰ ওচৰত৷ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীয়ে উপঢৌকনৰ টকাসহ হাতদঙা ফটো ধাৰাবাহিকভাৱে প্রচাৰ হৈ আছে৷ কিন্তু চৰকাৰখনৰ কঠোৰ স্থিতি সত্ত্বেও প্রশাসন ব্যৱস্থাত যে দুর্নীতি–অনিয়মৰ বজাৰখন নিয়ন্ত্রণ হোৱা নাই, সেয়া স্পষ্ট হৈছে ৷ চৰকাৰৰ বিভিন্ন বিভাগত পূর্বতে নিযুক্তি প্রক্রিয়াত সীমাহীন দুর্নীতি আৰু কিছু পৰিমাণে স্বজন–তোষণ হৈছিল৷ বিগত প্রায় ১০ বছৰত চৰকাৰী নিযুক্তিত দুর্নীতি–স্বজনপ্রীতিৰ অভিযোগ বহু পৰিমাণে কমিছে৷ যোৱা দুবছৰৰ ভিতৰত ৰাজ্যখনত প্রায় ১ লাখ নিবনুৱাক চৰকাৰী নিযুক্তি প্রদান কৰা হৈছে৷ নিযুক্তি প্রক্রিয়া স্বচ্ছতাৰে সম্পন্ন কৰাৰ ফলত দুর্নীতি আৰু স্বজনপ্রীতিৰ অভিযোগ নাইকিয়া হৈছে৷ দুর্ভাগ্যজনক এয়ে যে সম্পূর্ণ মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰা একাংশ বিষয়া–কর্মচাৰীও শেহতীয়াকৈ দুর্নীতি–অনিয়মত নিমজ্জিত হোৱাৰ অভিযোগ উঠিছে ৷ আনকি ঘোচ লৈ নৱনিযুক্ত কর্মচাৰীয়ে হাত দাঙিব লগা হোৱাটো দুর্ভাগ্যজনক৷ এনে দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীৰ জৰিয়তে ৰাজ্যৰ প্রশাসন ব্যৱস্থাক কোনো চৰকাৰে ৰাইজৰ ওচৰলৈ লৈ যাব নোৱাৰে৷ প্রশাসন ব্যৱস্থাক জনমুখী কৰিবলৈ হ’লে দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলাই থকা অভিযান আৰু অধিক শক্তিশালী কৰিব লাগিব৷ উপঢৌকন লৈ ধৰা পৰা বিষয়া–কর্মচাৰীসক ৰঙাঘৰত সুমুৱাই ৰখাই নহয়, চাকৰিৰ পৰাও তৎকালে বর্খাস্ত কৰিব লাগিব৷ ইয়াৰ উপৰি চাকৰিৰ সময়ছোৱাত আহৰণ কৰা আয়বহির্ভূত সম্পত্তিসমূহ বাজেয়াপ্ত কৰি ৰাজহুৱা নিলামৰ ব্যৱস্থা কৰা উচিত৷ এনে কঠোৰ ব্যৱস্থাইহে ৰাজ্যৰ প্রশাসন ব্যৱস্থাত নিয়োজিত সিংহভাগ নিষ্ঠাৱান বিষয়া–কর্মচাৰীৰ মনোবল বৃদ্ধি কৰিব৷

You might also like