অসমৰ অলিম্পিয়ান ফুটবলাৰ
যিসকল অসম সন্তানে বিশ্ব ক্রীড়াংগনত উত্তৰ–পূর্বাঞ্চলক উজলাই তুলিছে, সেইসকলৰ ভিতৰত অন্যতম হৈছে তালিমেৰেন আও৷ টিআও ৰূপে পৰিচিত এইগৰাকী মহান ফুটবলাৰৰ জন্ম হৈছিল অবিভক্ত নাগালেণ্ডত৷ টিআও পেছাত এগৰাকী চিকিৎসক আছিল যদিও তেওঁৰ দুভৰিৰ যাদুৱে ফুটবল অনুৰাগীক সন্মোহিত কৰিছিল৷ ভাৰতবর্ষই স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতীয় ফুটবল দলৰ তেওঁ আছিল প্রথম অধিনায়ক৷ কলকাতাৰ বিখ্যাত ফুটবল ক্লাব মোহনবাগানৰ হৈ ক্লাব ফুটবল খেলা টিআও ভাৰতীয় ফুটবল ইতিহাসৰ অন্যতম ব্যক্তিত্ব ৰূপে পৰিচিত হৈ আহিছে৷ ১৯১৮ চনৰ ২৮ জানুৱাৰীত তেতিয়াৰ অসমৰ নাগা হিলছ জিলাৰ চাংকি গাঁৱত তেওঁ জন্মগ্রহণ কৰিছিল৷ ভাৰতীয় দলৰ সুদক্ষ ডিফেণ্ডাৰগৰাকীয়ে দেশৰ হৈ ১৯৪৮ চনৰ পৰা ১৯৫১ চনলৈ আন্তর্জাতিক ফুটবল মেচত অংশগ্রহণ কৰিছে৷ নাগালেণ্ডৰ এখন ভিতৰুৱা গাঁৱত জন্ম হ’লেও সৰুৰে পৰা তেওঁৰ ফুটবলৰ প্রতি আছিল গভীৰ অনুৰাগ৷ ১২গৰাকী সন্তানৰ ভিতৰত টিআও আছিল চতুর্থ৷ ইমপুৰ খ্রীষ্টিয়ান স্কুলত পঢ়ি থকা সময়তে তেওঁ দুৰন্ত ৰূপত ফুটবল খেলিছিল আৰু দক্ষতাৰ বাবেই লাভ কৰিছিল স্কুল ফুটবল দলৰ অধিনায়কৰ দায়িত্ব৷ ১৯৩৭ চনত সদৌ অসম আন্তঃস্কুল ফুটবল প্রতিযোগিতাত তেওঁৰ স্কুল দলে চেম্পিয়নৰ সন্মান অর্জন কৰিছিল৷ পৰৱর্তী সময়ত তেওঁ যোৰহাট খ্রীষ্টান মিছন স্কুলত পঢ়িবলৈ লয় আৰু সেইখন স্কুলৰ ফুটবল দলৰো নেতৃত্ব লাভ কৰে৷ ১৯৪৩ চনত এইগৰাকী সুদক্ষ ফুটবলাৰে কলকাতাৰ প্রখ্যাত ক্লাব মোহনবাগান এচিত যোগদান কৰে৷ সেই সময়ত কলিকতা ফুটবল লীগ অতিশয় জনপ্রিয় আছিল আৰু তেওঁ মোহনবাগানৰ হৈ এই লীগত অংশগ্রহণৰ সুযোগ লাভ কৰিছিল৷ তেওঁ শৰৎ দাসৰ পিছত ১৯৪৮ আৰু ১৯৪৯ চনত মোহনবাগান দলৰ অধিনায়কৰ দায়িত্ব গ্রহণ কৰে৷ অসম সন্তান শৰৎ দাসো আছিল কটন কলেজৰ টিআওৰ জ্যেষ্ঠ সতীর্থ৷ এই দুয়োগৰাকী ফুটবলাৰে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত মহাৰাণা ক্লাবৰ হৈ প্রথম শ্রেণীৰ ফুটবল খেলিছিল৷ সেই সময়ত মহাৰাণা ক্লাব অসমৰ আটাইতকৈ সফল ফুটবল ক্লাব আছিল৷ মহাৰাণা ক্লাবত আওৱে এগৰাকী ষ্ট্রাইকাৰ হিচাপে খেলিছিল যদিও মোহনবাগানত যোগদানৰ পিছত তেওঁ ৰক্ষণ বিভাগত খেলিবলৈ লয়৷ মোহনবাগানত আও প্রতিপক্ষ দলৰ বাবে চীনৰ প্রাচীৰৰ দৰে হৈ পৰিছিল৷
১৯৪৮ চনৰ লণ্ডন অলিম্পিকত তেওঁ ভাৰতীয় দলক নেতৃত্ব প্রদানৰ গৌৰৱ অর্জন কৰিছিল৷ ১৯৫০ চনত আওৱে ডুৰান্ত কাপত মোহন বাগানক নেতৃত্ব দিছিল৷ সেইবাৰ তেওঁৰ দলে ফাইনেল খেলাৰ যোগ্যতা অর্জন কৰিছিল যদিও ফাইনেলত দলটো হায়দৰাবাদ পুলিচৰ হাতত ০–১ গ’লত পৰাজিত হৈছিল৷ প্রতিযোগিতাখনত মোহনবাগানৰ গ’লৰক্ষক আঘাতপ্রাপ্ত হোৱা বাবে তেওঁ গ’লৰক্ষকৰ দায়িত্ব গ্রহণ কৰিবলগীয়া হৈছিল৷ তেওঁৰ দর্শনীয় ফুটবল শৈলীৰ বাবেই দেশ–বিদেশৰ বিভিন্ন ক্লাবৰ দৃষ্টি আকর্ষণ কৰিছিল৷ ইংলেণ্ডৰ বিখ্যাত ক্লাব ‘আর্চেনাল এফচি’য়ে তেওঁৰ সৈতে এবছৰীয়া চুক্তি কৰিব বিচাৰিছিল যদিও সেই প্রস্তাৱ প্রত্যাখ্যান কৰিছিল৷ শিক্ষা জীৱন অব্যাহত ৰাখিবৰ বাবেই তেওঁ এই লোভনীয় প্রস্তাৱ প্রত্যাখ্যান কৰিছিল৷ ইয়াক লৈ পৰৱর্তী সময়ত অনুতপ্তও হোৱা নাছিল৷ দেশৰ সর্বোচ্চ ফুটবল প্রতিযোগিতাত সন্তোষ ট্রফীত আওৱে মণিপুৰ ফুটবল দলক প্রতিনিধিত্ব কৰিছিল৷ ভাৰতবর্ষই স্বাধীনতা লাভ কৰাৰ এবছৰ পিছত অর্থাৎ ১৯৪৮ চনত তেওঁ ভাৰতীয় ফুটবল দলৰ নেতৃত্ব বহন কৰিছিল৷ সেই বছৰ ইউৰোপ ভ্রমণ কৰা ভাৰতীয় দলৰ অধিয়াক আছিল আও৷ এই ভ্রমণ কালত ভাৰতে পিনাৰ এফ চিক ৯–১ গ’লত, হেইছ এফ চিক ৪–১ গ’লত আৰু আলেকজেন্দ্রা পার্ক এফচিক ৮–২ গ’লত পৰাজিত কৰে৷ ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত তেওঁ আনুষ্ঠানিকভাৱে ভাৰতীয় ফুটবল দলক নেতৃত্ব প্রদান কৰিছিল৷ তদুপৰি তেওঁ ভাৰতৰ অলিম্পিক দলৰ পতাকা বহন কৰিছিল৷ প্রথমখন মেচত বার্মাৰ বিৰুদ্ধে ভাৰতে ৱাক অভাৰ লাভ কৰিছিল৷ ফ্রান্সৰ বিপক্ষে খেলা দ্বিতীয়খন মেচত ভাৰত পৰাজিত হৈছিল ১–২ গ’লৰ ব্যৱধানত৷ আওৰ অধিনায়কত্বত ভাৰতীয় দলে খালী ভৰিৰে অংশগ্রহণ কৰিছিল৷ কেৱল মোজা আৰু প্রতিৰক্ষামূলক বেণ্ডেজ পিন্ধি দুর্দান্ত ফুটবল উপহাৰ দিয়া ভাৰতীয় দলক ইংলেণ্ডৰ ৰাজকুমাৰী মার্গাৰেটে প্রশংসাৰে ওপচাই দিছিল৷ অৱসৰ গ্রহণৰ পূর্বে তেওঁ ভাৰতৰ হৈ আৰু ৫খন আন্তর্জাতিক মেচত অংশগ্রহণ কৰিছিল৷ ইয়াৰ উপৰি ভাৰতৰ নেদাৰলেণ্ড ভ্রমণত তেওঁ কেইবাখনো প্রীতি মেচ খেলিছিল৷ তেওঁ চৈয়দ আব্দুল ৰহিমৰ অধীনতো ১৯৫১ চন পর্যন্ত ফুটবল খেলিছিল৷ কিন্তু দুর্ভাগ্যজনকভাৱে ১৯৫০ চনৰ ব্রাজিলত অনুষ্ঠিত ফিফা বিশ্বকাপ খেলাৰ পৰা বঞ্চিত হৈছিল৷ কাৰণ ১৯৫০ চনৰ বিশ্বকাপলৈ ভাৰতে ফুটবল দল নপঠিওৱাৰ সিদ্ধান্ত লৈছিল৷ দুৰন্ত ফুটবল কেৰিয়াৰৰ মাজতে অধ্যয়ন অব্যাহত কৰা মেধাৱী ছাত্র টি আওয়ে কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালত পঢ়া–শুনা কৰিছিল৷ তেওঁ তাৰ পৰা এম বি বি এছ ডিগ্রী লাভ কৰিছিল৷ ১৯৬৩ চনত নাগালেণ্ডলৈ উভতি অহাৰ পিছত তেওঁক সহকাৰী চিভিল ছার্জনৰ পদ দিয়া হয়৷ পৰৱর্তী সময়ত চিভিল ছার্জনৰ পদত অধিষ্ঠিত হোৱা টি আও ভাৰতীয় ফুটবলত সদায় স্মৰণীয় হৈ থাকিব৷