একপক্ষীয় দণ্ড
Journalism is a Crusade For Truth
আধুনিক জীৱনৰ মানৱীয় সম্পর্কবোৰ ঠুনুকা হৈ পৰিছে৷ এতিয়া সম্পর্কবোৰ ঘাইকৈ এটা পৰিয়ালৰ সদস্যৰ মাজতে সীমাবদ্ধ৷ কিন্তু সেই পৰিয়ালৰ সদস্যৰ মাজতো সম্পর্ক ক্রমশঃ শিথিল হৈ পৰিছে৷ এতিয়া যেন আমি পৰিয়ালৰ ইজনে সিজনৰ অচিনাকি হৈ পৰিছোঁ৷ পিতৃ–মাতৃ, পুত্র–কন্যাৰ সম্পর্ক বহু ক্ষেত্রত বিচ্ছিন্ন হ’বলৈ ধৰিছে৷ আৰু ইয়াৰ প্রভাৱ পৰিছে সমাজৰ সামাজিক বান্ধোনত৷ পৰিয়ালৰ ভংগুৰ সম্পর্কৰ এটা খবৰ এইকেইদিন সংবাদ মাধ্যমত বিস্তৃতভাৱে প্রচাৰিত হৈছে৷ মৃত্যু শেতেলীত পৰি থকা এজন বৃদ্ধ পিতৃৰ তেওঁৰ সন্তানক শেষবাৰলৈ এবাৰ স্বচক্ষে চোৱাৰ বাবে পুত্রলৈ কৰা এটা কাতৰ ফোন আৰু পুত্রই পিতৃক চিনি নোপোৱা তথা পিতৃক দেখা কৰিবলৈ নোযোৱা খবৰ সংবাদ মাধ্যমত বহুলভাৱে প্রচাৰ হৈছে৷ স্বাভাৱিকভাৱে পিতৃৰ শেষ ইচ্ছা আৰু পুত্রৰ অৱজ্ঞাই সাধাৰণ মানুহৰ মন–মগজুক জোকাৰি গৈছে৷ সংবাদ মাধ্যমৰ খবৰৰ সূত্র ধৰিয়ে এই ঘটনা সামাজিক মাধ্যমতো বিশেষভাৱে চর্চিত হৈছে৷ ই এতিয়া এটা পৰিয়ালৰ মাজতে হোৱা ঘটনা হৈ থকা নাই– ৰাজ্যখনৰে সর্বত্র চর্চিত–আলোচিত বিষয় হৈছে৷ এই যে হূদয় জোকাৰি যোৱা ঘটনাটো পোহৰলৈ আহিল আৰু ইয়ে যে হূদয়ৱান লোকসকলৰ মন–মগজুত জোকাৰণি তুলিছে, সেয়া একমাত্র সম্ভৱ হৈছে সংবাদ মাধ্যমৰ বাবে৷ সংবাদ মাধ্যমে এই খবৰ প্রচাৰ নকৰা হ’লে এনে এক ‘নিদাৰুণ’ খবৰ সকলোৰে অলক্ষিতে ৰৈ গ’লহেঁতেনে৷ কিন্তু মৃত্যু শেতেলীত পৰি থকা পিতৃৰ শেষ ইচ্ছা আৰু পুত্রৰ অৱজ্ঞাই জানো প্রকৃত সত্য? কেৱল এটা ফোনকলৰ ৰেকর্ডিঙেই জানো প্রকৃত সত্য প্রকাশ কৰিছে? নাই কৰা৷ সেই খবৰৰ আঁৰতো আন এক কাহিনী লুকাই আছিল আৰু এই কাহিনী উন্মোচিত হ’ল সেই খবৰ প্রচাৰিত হোৱাৰ এদিন পিছতহে৷ একাংশ সংবাদ মাধ্যমে যেতিয়া দায়িত্বজ্ঞানহীন পুত্রৰ মতামত লোৱাৰ বাবে তেওঁৰ কাষ চাপিল, তেতিয়া পোৱা গ’ল পিতৃয়ে শাৰীৰিক–মানসিক নির্যাতন চলাই ১৮ বছৰ পূর্বেই তেওঁলোকক পৰিত্যাগ কৰাৰ তথ্য৷ আৰু সুদীর্ঘ এই সময়ছোৱাত পৰিয়ালৰ আন সদস্যসকলৰ সৈতে পিতৃয়ে কোনো সম্পর্ক নৰখাৰ খবৰ৷
অত্যন্ত স্পর্শকাতৰ এই খবৰ প্রথম প্রচাৰৰ সময়তে যদি পিতৃৰ ফোন ৰেকর্ডিঙৰ লগতে পুত্রৰো তেওঁ অৱজ্ঞা কৰাৰ কাৰণ জানিবলৈ চেষ্টা কৰা গ’লহেঁতেন, তেন্তে তেতিয়াই পৰিয়ালটোৰ মাজৰ সম্পর্ক বিচ্ছিন্ন হোৱাৰ আঁৰৰ কথা পৰিষ্কাৰ হৈ পৰিলহেঁতেন আৰু সংবাদ মাধ্যমেও একপক্ষীয় দণ্ড দিয়াৰ দোষৰ পৰা দায় সাৰিব পাৰিলেহেঁতেন৷ কিন্তু সংবাদ মাধ্যমে তেনে নকৰি এজন চিকিৎসক পুত্রৰ সামাজিক ভাবমূর্তি অপূৰণীয়ভাৱে ম্লান কৰাত মুখ্য ভূমিকা ল’লে৷ শেহতীয়াকৈ সংবাদ মাধ্যমে ইয়াৰ পূর্বৰ গৰিমা হেৰুওৱাৰ অলেখ কাৰণসমূহৰ এই ঘটনাটো এক উৎকৃষ্ট উদাহৰণ হ’ব পাৰে৷ বহু সময়ত হাতলৈ অহা বাতৰি এটা বা অভিযোগ এটা পুংখানুপুংখ অধ্যয়ন নকৰাকৈ নতুবা গুৰিলৈ গৈ প্রমাণ বিচাৰি নুলিওৱা আৰু বিপৰীত পক্ষৰ মতামত নোলোৱাকৈ পৰিৱেশন কৰাৰ ফলত তেনে বাতৰিৰ বিশ্বাসযোগ্যতা হ্রাস পায় আৰু ইয়ে সামগ্রিকভাৱে সমগ্র সংবাদ মাধ্যমৰে বিশ্বাসযোগ্যতা হেৰুৱায়৷ যোৱা কেইটামান বছৰত সংবাদ মাধ্যমৰ এনেধৰণৰ একপক্ষীয় দণ্ড দিয়াৰ প্রৱণতা তথা বাতৰিৰ চমক সৃষ্টিৰ নিগনি দৌৰক চেৰাই ইতিমধ্যে সংবাদ মাধ্যমৰ বিস্তৰ ক্ষতি কৰিছে৷ আমি যদি শেহতীয়া এই ঘটনাটোক আমাৰ ‘শিক্ষা’ৰ এক অমূল্য পাঠ হিচাপে ল’ব পাৰোঁ, তেন্তে সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা কিছু পৰিমাণে পুনৰুদ্ধাৰ কৰিব পাৰিম৷ সংবাদ মাধ্যমে এতিয়া পূর্বৰ তুলনাত বাতৰি পৰিৱেশনৰ সময়ত অধিক সতর্ক হোৱা প্রয়োজন আহি পৰিছে৷ সামাজিক মাধ্যমৰ এই যুগত এটা বাতৰি প্রচাৰ বা প্রকাশ কৰাৰ পাছত সেই বাতৰিৰ ক্রিয়া–প্রতিক্রিয়া সামাজিক মাধ্যমত এতিয়া চর্চিত হয় আৰু তেনে চর্চাই সাধাৰণ জনগণক প্রকাশিত বাতৰিৰ সত্যাসত্য জনাত বা ধাৰণা কৰি লোৱাত সহায় কৰে৷ এটা বাতৰি প্রকাশ হৈ যোৱাৰ পিছত কোনোবা এটা পক্ষ যদি নিৰপৰাধী হয় তেন্তে সেই পক্ষৰ যি পৰিমাণৰ ক্ষতি হয় সেই ক্ষতি পিছত তেওঁৰ মতামত লৈ বাতৰি পৰিৱেশন কৰাৰ পিছতো পূৰণ কৰা সম্ভৱ নহয়৷ আমি পাহৰি গ’লে নচলিব যে সংবাদ মাধ্যম বিচাৰক নহয়, প্রকৃত সত্য উদঘাটনৰ এক আস্থাপূর্ণ মাধ্যমহে৷ সেইকাৰণে বিশ্বাসযোগ্যতা আৰু অধিক লোপ পোৱাৰ পূর্বে সংবাদ মাধ্যম অধিক সতর্ক হওক আৰু জনগণৰ আস্থা অটুট ৰখাৰ পণ লওক৷ কাৰণ এতিয়াও গৰিষ্ঠ জনগণৰ প্রকৃত সত্য জনাৰ আস্থাৰ ভেটি হৈ আছে গণতন্ত্রৰ চতুর্থ স্তম্ভ সংবাদ মাধ্যমেই৷