অসমৰ বিকাশৰ ৰূপৰেখা
প্রায় ২৫ বছৰ পূর্বে ৰাজ্য চৰকাৰৰ কর্মচাৰীক সময়মতে মাহেকৰ দৰমহা আদায় দিব নোৱাৰা ৰাজ্যখনৰ বিগত সাত বছৰত অর্থনৈতিক অৱস্থা টনকিয়াল হোৱাই নহয়, দেশৰ এখন অগ্রণী ৰাজ্যলৈ অগ্রগামী যাত্রা আৰম্ভ হৈছে৷ ১৯৯৬ৰ পৰা ২০০০ বর্ষলৈ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ কার্যকালত ৰাজ্যখনৰ বিত্তীয় অৱস্থা ইমানেই শোচনীয় হৈ পৰিছিল যে উন্নয়নমূলক আঁচনি সুচাৰুৰূপে ৰূপায়ণ হোৱাটো দূৰৰ কথা, ৰাজ্যৰ বিষয়া–কর্মচাৰীক সময়মতে দৰমহা দিবলৈ ৰাজকোষত নাছিল পুঁজি৷ এনে গভীৰ বিত্তীয় সংকটৰ বাবে ৰাজ্য চৰকাৰৰ লেনদেনত মাহেকত অধিকাংশ দিনেই ৰিজার্ভ বেংকে আৰোপ কৰিছিল নিষেধাজ্ঞা৷ ২০০১ত কংগ্রেছ নেতৃত্বাধীন চৰকাৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত আৰু বিত্তমন্ত্রীৰ দায়িত্বত বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা অধিষ্ঠিত হোৱাৰ পিছতে ৰাজ্যখনৰ বিত্তীয় অৱস্থাৰ লক্ষণীয় উন্নতি দেখা গৈছিল৷ বিত্তীয় সংকটৰ বাবে বন্ধ হৈ থকা চৰকাৰী নিযুক্তিৰ দুৱাৰ খুলি দিয়াৰ লগতে ৰাজ্যখনৰ বিষয়া–কর্মচাৰীক সপ্তম দৰমহা আয়োগৰ পৰামর্শৰ ভিত্তিত সংশোধিত হাৰত দৰমহা আৰু বানচ দি থকা হৈছে৷ এতিয়া কেন্দ্রীয় চৰকাৰৰ সমাহাৰত ৰাজ্যিক কর্মচাৰীয়ে দৰমহা লাভ কৰি আছে৷ তিনি বছৰ পূর্বে মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈয়ে ড০ হিমন্ত বিশ্ব শর্মাই দেশৰ ৫খন উন্নত ৰাজ্যৰ ভিতৰত অসমক অন্তর্ভুক্ত কৰাৰ সপোন দেখুৱাইছিল৷ দেশৰ স্বৰাজোত্তৰ কালছোৱাত ৰাজধানী দিল্লীৰ পৰা ভৌগোলিকভাৱে বহু দূৰত্বত অৱস্থিত অসমৰ সামগ্রিক বিকাশৰ প্রতি কেন্দ্রীয় চৰকাৰে যথোচিত গুৰুত্ব প্রদান কৰা নাছিল৷ অৱশ্যে প্রায় এটা দশকত কেন্দ্রীয় চৰকাৰৰ দৃষ্টিভংগী সলনি হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই ৰাষ্ট্রীয় প্রেক্ষাপটত বিশেষ গুৰুত্ব লাভ কৰাৰ ফলত অসমৰ আন্তঃগাঁথনি নির্মাণৰ গতি লক্ষণীয় হৈ উঠিছে৷ বিত্তমন্ত্রী অজন্তা নেওগে ১২ ফেব্রুৱাৰীত অসম বিধানসভাত দাখিল কৰা ২০২৪–২৫ বর্ষৰ বাজেটখনত ৰাজ্যৰ বিকাশ আৰু আন্তঃগাঁথনি নির্মাণৰ পদক্ষেপ লৈছে৷ বাজেটখনত ৰাজ্যখনৰ শেহতীয়া বিত্তীয় পৰিস্থিতি সন্দর্ভত বহু আশাপ্রদ বার্তা প্রকাশ পাইছে৷ ৰাজ্যখনৰ বিত্তীয় অৱস্থাৰ প্রকৃত ছবিখন ঘাইকৈ নিৰূপণ কৰে মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনে৷ বিগত সাত বছৰত ৰাজ্যখনৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ১৫০ শতাংশ বৃদ্ধি হৈছে৷ ২০১৬–১৭ বিত্তীয় বর্ষত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন আছিল ২.৫৪ লাখ কোটি টকা৷ ২০২৪–২৫ বর্ষত মুঠ ঘৰুৱা উৎপাদন ৬.৪৩ লাখ কোটি টকালৈ বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে৷ একেদৰে ৰাজ্যখনৰ জনমূৰি আয়ৰো দ্রুত বিকাশ দেখা গৈছে৷ ২০১৬–১৭ বর্ষৰ ৰাজ্যখনৰ জনমূৰি আয় আছিল ৬৬,৩৩০ টকা৷ ২০২৩–২৪ বর্ষত ৰাজ্যখনৰ জনমূৰি আয় দুগুণৰো অধিক বৃদ্ধি হৈ ১,২০,৩৩৬ টকা৷ সাত বছৰৰ ভিতৰত জনমূৰি আয় বৃদ্ধিৰ এনে ধাৰা নিশ্চিতভাৱে ৰাজ্যখনৰ বাবে ইতিবাচক বার্তা৷ ৰাজ্যখনৰ বিত্তীয় অৱস্থাৰ এনে ঊর্ধ্বগতিৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই তেওঁৰ চৰকাৰৰ তিনি বছৰ সম্পূর্ণ নৌহওঁতেই এক লাখ নিবনুৱা যুৱক–যুৱতীক চৰকাৰী চাকৰি দিয়াৰ প্রতিশ্রুতি পূৰণৰ দিশে অগ্রসৰ হৈছে৷ ইতিমধ্যে প্রতিশ্রুতি অনুসৰি ৯৪,৫০৬গৰাকীক নিযুক্তি প্রদান কৰা হৈছে৷ আগন্তুক বিত্তীয় বর্ষত আকৌ ৩৫ হাজাৰ লোকক নিযুক্তি দিয়াৰ প্রস্তাৱ বাজেটখনত গ্রহণ কৰা হৈছে৷ চৰকাৰী নিযুক্তি প্রক্রিয়াত সামাজিক সমতা স্থাপনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰখনে গ্রহণ কৰা পদক্ষেপ আদৰণীয়৷ যিসমূহ পৰিয়ালত চৰকাৰী চাকৰিয়াল নাই সেইবোৰ পৰিয়ালৰ যুৱক–যুৱতীক অতিৰিক্ত পাঁচ শতাংশ নম্বৰ প্রদানেৰে চৰকাৰী নিযুক্তি প্রক্রিয়াত উদ্গনি প্রদান কৰাৰ ব্যৱস্থাই ৰাজ্যখনৰ পিছপৰা অঞ্চল আৰু দুখীয়া পৰিয়ালসমূহৰ সহায়ক হৈ উঠিব বুলি আশা কৰিব পাৰি৷
বাজেটখনত এইবাৰ মুখ্যমন্ত্রী ড০ শর্মাৰ ‘অষ্টাদশ মুকুতাৰ উন্নয়নী মালা’ৰ ধাৰণাৰে ১৮খন বিশেষ আঁচনি গ্রহণ কৰা হৈছে৷ ইয়াৰ ভিতৰত মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনিখন এক দূৰদর্শী পদক্ষেপ হিচাপে গণ্য কৰিব পাৰি৷ অসমৰ মহিলা শিক্ষাৰ ক্ষেত্রতে নহয়, বাল্য বিবাহ প্রতিৰোধৰ ক্ষেত্রতো এই আঁচনিখনে নির্ণায়ক হৈ উঠাৰ সম্ভাৱনা আছে৷ মহিলা শিক্ষা আৰু বাল্য বিবাহৰ অন্যতম কাৰক হ’ল দৰিদ্রতা আৰু উপযুক্ত শিক্ষাৰ অভাৱ৷ নিযুত মইনা আঁচনিখনৰ অধীনত ৰাজ্যখনৰ ১০ লাখ ছাত্রীক শিক্ষানুষ্ঠানত নামভর্তিৰ ক্ষেত্রত বিত্তীয় অনুদান আগবঢ়োৱাৰ প্রস্তাৱ লোৱা হৈছে৷ উচ্চতৰ মাধ্যমিক শ্রেণীত নামভর্তি কৰা ছাত্রীসকলক ১০ হাজাৰ টকা, স্নাতক শ্রেণীত নামভর্তি কৰা ছাত্রীক ১২,৫০০ টকা আৰু স্নাতকোত্তৰ শ্রেণীত নামভর্তি কৰা ছাত্রীক ১৫ হাজাৰ টকাকৈ বিত্তীয় অনুদান আগবঢ়াব ৰাজ্য চৰকাৰে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱাৰ পিছত উচ্চ শিক্ষা গ্রহণৰ ক্ষেত্রত ছাত্রীৰ হাৰ এতিয়াও আশাপ্রদ হৈ উঠা নাই৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱাৰ পিছত দৰিদ্রতা আৰু উপযুক্ত শিক্ষাহীনতাৰ বাবে বহু পৰিয়ালে ছাত্রীক উচ্চ শিক্ষাৰ বিপৰীতে ঘৰুৱা কাম–কাজ আৰু বিবাহ সম্পন্ন কৰাত গুৰুত্ব দিয়ে৷ মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনিখন সফলভাৱে ৰূপায়ণ হ’লে ৰাজ্যৰ মহিলা শিক্ষাৰ ক্ষেত্রত যুগান্তকাৰী সাফল্য আশা কৰিব পাৰি৷ ইয়াৰ উপৰি গ্রামাঞ্চলৰ আত্মসহায়ক গোটসমূহৰ প্রায় ৪০ লাখ মহিলাৰ জৰিয়তে ৰাজ্যখনৰ এক আত্মনির্ভৰ অর্থনীতিৰ বুনিয়াদ নির্মাণৰ বাবেও ৰাজ্য চৰকাৰে পদক্ষেপ লৈছে৷ মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ মহিলা সদস্যসকলক ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজি প্রদান কৰাৰ বাবে ব্যৱস্থা লোৱা হৈছে৷ তদুপৰি প্রতিগৰাকী হিতাধিকাৰীক ২৫ হাজাৰ টকাকৈ বেংকৰ ঋণ প্রদান কৰিবলৈ পদক্ষেপ লৈছে চৰকাৰে৷ এই পুঁজিৰ সদ্ব্যৱহাৰ কৰা আত্মসহায়ক গোটৰ সদস্যক ১২,৫০০ টকাকৈ মূলধনী ৰাজসাহায্য প্রদান কৰা হ’ব বুলিও বাজেটখনত বিত্তমন্ত্রীগৰাকীয়ে প্রতিশ্রুতি দিছে৷ অৰুণোদয় আঁচনিৰ অধীনত ৰাজ্যখনৰ ২৭ লাখৰো অধিক হিতাধিকাৰীক সামৰি লোৱা হৈছে৷ আগন্তুক বিত্তীয় বর্ষত ২.৫ লাখ অতিৰিক্ত হিতাধিকাৰীক সামৰি লোৱাৰ প্রস্তাৱ গ্রহণ কৰা হৈছে৷ ফলত ৰাজ্যৰ অৰুণোদয়ৰ অধীনত হিতাধিকাৰীৰ সংখ্যা ৩০ লাখৰো অধিক হ’ব৷ ইয়াৰ উপৰি মাইক্র ফাইনেঞ্চৰ উদ্গনি আৰু সকাহ আঁচনিৰ অধীনত ঋণগ্রস্ত মহিলাসকলক সাহায্য প্রদানৰ আঁচনিও গ্রহণ কৰা হৈছে৷ আগন্তুক বিত্তীয় বর্ষত ২.২২ লাখ ঋণগ্রস্ত মহিলাক উক্ত সকাহ আঁচনিৰ অধীনত সাহায্য প্রদান কৰাৰ ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰা হৈছে৷ ইয়াৰ উপৰি বাজেটখনত গ্রহণ কৰা হৈছে অসংখ্য নতুন আঁচনি৷ এই আঁচনিসমূহৰ সুবিধা যাতে তৃণমূল পর্যায়ৰ লোকসকলে লাভ কৰে তাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে৷ বিৰোধী ৰাজনৈতিক দলসমূহৰ একাংশ নেতাই বাজেটখনক হিতাধিকাৰী সজোৱা বাজেট আখ্যা দিছে৷ কিছুমানে নির্বাচনমুখী বাজেট বুলি অভিহিত কৰিছে৷ গণতন্ত্রত নির্বাচন নতুন কথা নহয়৷ নির্ধাৰিত পাঁচ বছৰৰ শেষত লোকসভা আৰু বিধানসভাৰ নির্বাচন অনুষ্ঠিত হ’বই৷ ইয়াৰ মাজতে পৰিষদীয় নির্বাচনৰ লগতে স্থানীয় নিকায়সমূহৰো নির্বাচন অনুষ্ঠিত কৰাটো এক স্বাভাৱিক প্রক্রিয়া৷ চৰকাৰী আঁচনিৰ সুবিধা যদিহে প্রত্যক্ষভাৱে অভাৱগ্রস্ত লোকসকলে লাভ কৰে তাক বিৰোধিতা কৰাৰ যুক্তি থাকিব নোৱাৰে৷ ইয়াৰ লগে লগে ৰাজ্যখনৰ সামগ্রিক উন্নয়ন আৰু আন্তঃগাঁথনি নির্মাণৰ গতি অব্যাহত থাকিলে অসমখনে আগন্তুক দিনত এখন উন্নত ৰাজ্যত পৰিণত হ’বলৈ বেছি বছৰ নালাগিব৷