পঞ্চৰত্ন–অজগৰ অভয়াৰণ্য
অসমৰ সর্বাধিক অৰণ্য থকা জিলাসমূহৰ ভিতৰত গোৱালপাৰা জিলা অন্যতম৷ কিন্তু অঞ্চলটো অৱহেলিত হৈ থকা বাবে ইয়াৰ বনাঞ্চলসমূহ সংকটৰ গৰাহত পৰিছে৷ অথচ এছিয়া মহাদেশৰ সর্ববৃহৎ শাল অৰণ্যখন গোৱালপাৰা অঞ্চলতে আছে৷ তদুপৰি দেশৰ প্রধান বন্যহস্তীৰ বাসভূমিও এই গোৱালাপাৰা অঞ্চল৷ কিন্তু চৰকাৰী অৱহেলা আৰু সর্বসাধাৰণৰ অমনোযোগিতাৰ বাবে লাহে লাহে এই শাল অৰণ্য ধ্বংসৰ গৰাহলৈ আগবাঢ়িছে৷ বাসস্থানৰ অভাৱত গোৱালপাৰাৰ হাতীসমূহৰো দুর্যোগপূর্ণ অৱস্থাৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে গোৱালপাৰাৰ দুখন অতি সমৃদ্ধিশালী অৰণ্য হৈছে পঞ্চৰত্ন অৰণ্য আৰু অজগৰ অৰণ্য৷ বিগত সময়ছোৱাত যথেষ্ট ধ্বংসযজ্ঞ চলাৰ পিছতো অৰণ্য দুখনৰ অৱস্থা বর্তমানো সমৃদ্ধিশালী হৈ আছে৷ অৰণ্য দুখনত বিভিন্ন আপুৰুগীয়া জীৱ–জন্তুৱে বাস কৰে৷ পঞ্চৰত্ন আৰু অজগৰ অৰণ্য গোৱালপাৰাৰ বন্যহস্তীৰ অন্যতম আশ্রয়স্থলী৷ উত্তৰ–পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণ গোষ্ঠী ‘নেচার্ছ বেকন’ৰ এটা দলে বিগত এটা দশক ধৰি অঞ্চলটোৰ বন্যপ্রাণীসমূহৰ ওপৰত অধ্যয়ন তথা গৱেষণা অব্যাহত ৰাখিছে৷ বন্যহস্তীৰ চালচলন, গতি–প্রকৃতি, প্রব্রজন আৰু স্বভাৱ অধ্যয়ন কৰি আছে নেচার্ছ বেকনৰ কৃপালোচন দাস নামৰ প্রকৃতিবিদগৰাকীয়ে৷ গোৱালপাৰা অঞ্চলৰ বনৰীয়া হাতীৰ ওপৰত কৰা তেওঁৰ পর্যবেক্ষণৰ পিছত নেচার্ছ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই পোহৰলৈ অনা তথ্য অনুসৰি পঞ্চৰত্ন পাহাৰ তথা অৰণ্য হৈছে বনৰীয়া হাতীৰ সন্তান প্রসৱ কৰাৰ এটা গুৰুত্বপূর্ণ আৰু নিৰাপদ স্থান৷ পৰম্পৰাগতভাৱে বনৰীয়া হাতীবোৰে পঞ্চৰত্ন অৰণ্যত সন্তানৰ জন্ম দিয়ে৷ সম্প্রতি বনৰীয়া হাতীৰ বাসস্থান আৰু সন্তান প্রসৱৰ স্থানসমূহ প্রায় নিঃশেষ হৈ পৰিছে৷ সেইবাবে হাতীবোৰৰ শেষ আশ্রয়স্থলী পঞ্চৰত্ন অৰণ্য সন্তান প্রসৱৰ ঠাই ৰূপে ব্যৱহাৰ কৰি আহিছে৷ যাৰ বাবে সেই অৰণ্যখন স্থায়ীভাৱে সংৰক্ষণ কৰাটো অতিকে প্রয়োজন৷ মন কৰিবলগীয়া যে সন্তান প্রসৱৰ বাবে পৰম্পৰাগতভাৱে কিছুমান নির্দিষ্ট স্থান তথা নির্দিষ্ট অৰণ্য আছে৷ নেচার্ছ বেকনৰ তৰফৰ পৰা প্রাপ্ত তথ্য অনুসৰি সমগ্র গোৱালপাৰা অঞ্চলৰ ভিতৰত পঞ্চৰত্ন পাহাৰ তথা অৰণ্য তেনে এক নির্দিষ্ট স্থান৷ বনৰীয়া হাতীৰ উপৰি পঞ্চৰত্ন অৰণ্যত আছে বহু আপুৰুগীয়া বন্যপ্রাণী৷ লাজুকী বান্দৰ, নাহৰফুটুকী বাঘ, গোধাফুটুকী, সোণালী মেকুৰী, লতামাকৰী, সুগৰি পহু, টাপৰি, গেন্দেৰা, বনৰৌ আদি বিভিন্ন স্তন্যপায়ী বন্যপ্রাণীৰে ভৰি আছে এই অৰণ্য৷ পশু–পক্ষীৰ ক্ষেত্রতো পঞ্চৰত্ন অৰণ্য যথেষ্ট চহকী৷ নেচার্ছ বেকনৰ প্রকৃতিবিদসকলে ১৬৮ প্রজাতিৰ বনৰীয়া চৰাই পঞ্চৰত্ন অৰণ্যত নথিভুক্ত কৰিছে৷
গোৱালপাৰাৰ অজগৰ অৰণ্যও যথেষ্ট উল্লেখযোগ্য অৰণ্য অঞ্চল৷ অজগৰ অৰণ্য বনৰীয়া হাতীৰ স্থায়ী বাসস্থান আৰু প্রব্রজনৰ মূল কৰিড’ৰ৷ সেই অৰণ্যখনৰ দক্ষিণ অঞ্চল গাৰো পাহাৰৰ সৈতে সংযুক্ত হৈ আছে৷ সেইবাবে অসমৰ পৰা মেঘালয়ৰ অৰণ্যলৈ অজগৰ অৰণ্যৰে হাতীবোৰে অহা–যোৱা কৰে৷ সেই অৰণ্যখনৰ মাজত থকা বিশাল ঘাঁহনি অঞ্চলত বন্যহস্তীবোৰে স্থায়ীভাৱে বাস কৰে৷ হাতীবোৰৰ উপযুক্ত বাসস্থানৰ বাবে কাঠনিৰ অৰণ্য, তৃণভূমিৰ অত্যন্ত প্রয়োজন৷ বর্তমান সময়তো অজগৰ অৰণ্যত এই দুয়োবিধ বস্তুৱেই থকা পৰিলক্ষিত হৈছে৷ অজগৰ অৰণ্যত নেচার্ছ বেকনে চলোৱা অনুসন্ধানৰ ফলত পোহৰলৈ আহিছে যে অজগৰ পাহাৰত ৩৬বিধ প্রজাতিৰ স্তন্যপায়ী বন্যপ্রাণী আছে৷ বিগত দহ বছৰ ধৰি এই গোষ্ঠীটোৰ প্রকৃতিবিদসকলে অজগৰ অৰণ্য আৰু পঞ্চৰত্ন অৰণ্যত চলাই থকা অনুসন্ধানৰ ফলত আৰু বহু তথ্য পোহৰলৈ আহিছে৷ সেই অনুসৰি অজগৰ অৰণ্যত বনৰীয়া হাতীৰ উপৰি মাটি ভালুক, বিণ্টুৰং, বনৰৌ, কেঁকোৰা খোৱা নেউল, বাংকেক আদিৰ দৰে লুপ্তপ্রায় স্তন্যপায়ী বন্যপ্রাণীয়ে বসবাস কৰে৷ এই অৰণ্যখনত বনৰীয়া চৰাইৰো প্রাদুর্ভাৱ দেখা যায়৷ এতিয়ালৈ ১৯৬ প্রজাতিৰ বনৰীয়া চৰাই নেচার্ছ বেকনৰ ক্ষেত্রভিত্তিক অধ্যয়নকাৰী দলে নথিভুক্ত কৰিছে আৰু বর্তমানেও অনুসন্ধানৰ কাম চলি আছে৷ এনে বনৰীয়া জীৱ–জন্তু আৰু পশু–পক্ষীৰে সমৃদ্ধ অৰণ্য দুখন সংৰক্ষণ কৰাৰ প্রয়োজন আহি পৰিছে৷ স্থায়ী ৰূপত সংৰক্ষণ নকৰিলে অসম তথা ভাৰতৰ দুখন সমৃদ্ধিশালী আৰু ঐতিহ্যমণ্ডিত অৰণ্য ধ্বংসৰ গৰাহত নিশ্চিহ্ণ হৈ যাব৷ অবৈধ বেদখল তথা কাঠৰ চোৰাং ব্যৱসায় আৰু বন্যপ্রাণীৰ অবৈধ ব্যৱসায়ৰ লগত জড়িত লোকসকলে অৰণ্য দুখনক সংৰক্ষণ কৰাটো নিবিচাৰিব৷ সেইবাবে দুয়োখন অৰণ্য অভয়াৰণ্য ৰূপে সংৰক্ষণ কৰিলে এক বিশাল প্রাকৃতিক বনভূমি আৰু আপুৰুগীয়া বন্যপ্রাণীসমূহ সংৰক্ষিত আৰু নিৰাপদ হৈ পৰিব৷ ইতিমধ্যে পঞ্চৰত্ন অৰণ্যক অভয়াৰণ্য হিচাপে আৰু অজগৰ অৰণ্যক অজগৰ অভয়াৰণ্য হিচাপে সংৰক্ষিত কৰাৰ বাবে নেচার্ছ বেকনে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে৷ উল্লেখ্য যে পঞ্চৰত্নৰ অৰণ্যই প্রায় ৯৭৬ হেক্টৰ বনভূমি আৰু অজগৰ অৰণ্যই ৪২৪০.০৮ হেক্টৰ বনভূমি আগুৰি আছে৷ ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে কেইবাখনো অৰণ্য অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাত মুখ্য ভূমিকা গ্রহণ কৰিছে৷ এইবাৰ তেওঁ এই দুখন অভয়াৰণ্যৰ ক্ষেত্রতো কার্যকৰী ব্যৱস্থা গ্রহণ কৰিব বুলি আশা কৰা হৈছে৷