নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চায়ত নির্বাচন-ৰ বার্তা

পঞ্চায়ত নির্বাচন-ৰ বার্তা : সদ্যসমাপ্ত পঞ্চায়ত নির্বাচনত ৮৩ শতাংশ ভোট লাভেৰে ৰাজ্যৰ সাম্প্রতিক ৰাজনীতিলৈ বিশেষ বার্তা বহন কৰিছে শাসকীয় মিত্রজোঁটে৷ পঞ্চায়ত নির্বাচনত বিজেপি আৰু অসম গণ পৰিষদ (অগপ) দলে ঐক্যবদ্ধভাৱে যুঁজ দিছিল৷ দুয়োটা দলে পঞ্চায়ত নির্বাচনত চমকপ্রদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ ২০২৬ৰ  বিধানসভা নির্বাচনলৈ এবছৰো নাই৷ এনে অৱস্থাত ৰাজ্যৰ পঞ্চায়ত নির্বাচনক ৰাজনৈতিক ছেমিফাইনেল আখ্যা দিয়া হৈছিল৷ ২০১৮ৰ পঞ্চায়ত নির্বাচনৰ জিলা পৰিষদত ৫০.৪৮ শতাংশ আৰু আঞ্চলিক পঞ্চায়তত ৪৬.৬৬ শতাংশ ভোট লাভ কৰি ৰাজ্যখনৰ গ্রাম্য ৰাজনীতিত নতুন সমীকৰণ আৰম্ভ কৰিছিল বিজেপিয়ে৷ ঘাইকৈ নগৰ–চহৰকেন্দ্রিক দলৰূপে পৰিচিত বিজেপিয়ে বিগত এটা দশকৰ ভিতৰত কিদৰে গ্রামাঞ্চলত দলটোৰ সাংগঠনিক স্থিতি গঢ়ি তুলিছে, সেয়া সদ্যসমাপ্ত পঞ্চায়ত নির্বাচনত প্রতিফলন হৈছে৷ বিজেপিয়ে এইবাৰ পঞ্চায়ত নির্বাচনত জিলা পৰিষদত ৮২.৭ শতাংশ আৰু আঞ্চলিক পৰিষদত ৮৩.৮ শতাংশ ভোট লাভ কৰি গ্রামাঞ্চলৰ ৰাজনীতিতো আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ একেদৰে বিজেপিৰ সহযোগী অগপয়ো পঞ্চায়ত নির্বাচনত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ পঞ্চায়ত নির্বাচনৰ এনে সফলতাই বিজেপি নেতৃত্বাধীন মিত্রজোঁটক নিশ্চিতভাৱে আগন্তুক বিধানসভা নির্বাচনত সহায় কৰিব৷ পঞ্চায়ত নির্বাচনত বিজেপি মিত্রজোঁটে সাফল্য লাভ কৰা অঞ্চলসমূহ ৰাজ্যৰ ১০৩টা বিধানসভা সমষ্টি সামৰি আছে৷ ফলত এনে জনসমর্থন শাসকীয় দলটোৱে অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’লে আগন্তুক বিধানসভা নির্বাচনত অধিক শক্তিৰে তৃতীয়বাৰৰ বাবে বিজেপি নেতৃত্বাধীন মিত্রজোঁটে ক্ষমতাত অধিষ্ঠিত হোৱাৰ সম্ভাৱনা উজ্জ্বল হৈছে৷ শাসকীয় মিত্রজোঁটৰ চমকপ্রদ উত্থানৰ বিপৰীতে কংগ্রেছকে ধৰি বিৰোধী দলসমূহৰ অৱস্থা দিনকদিনে অধোগতি চলিছে৷ ২০১৮ৰ পঞ্চায়ত নির্বাচনত কংগ্রেছে জিলা পৰিষদত ৩৫ শতাংশ ভোট লাভ কৰিছিল যদিও ৰাজ্যৰ প্রধান বিৰোধী দলটোৱে এইবাৰ লাভ কৰিছে মাথোঁ ১৮.৩৮ শতাংশ ভোট৷ একেদৰে ২০১৮ৰ আঞ্চলিক পঞ্চায়তত ৩৫.০৯ শতাংশ ভোটৰ বিপৰীতে কংগ্রেছে এইবাৰ লাভ কৰিছে ২১.৭৬ শতাংশ ভোট৷ পঞ্চায়ত নির্বাচনত শাসকীয় পক্ষৰ বিৰুদ্ধে কংগ্রেছকে ধৰি এআইইউডিএফ, ৰাইজৰ দল, তৃণমূল কংগ্রেছ, চিপিএম, চিপিআই আদিয়ে যুঁজ দিছিল যদিও কোনো এটা বিৰোধী দলে আশাপ্রদ সঁহাৰি লাভ নকৰিলে৷ ৰাজ্যখনৰ ৰাজনীতিত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ শক্তি যে বৃদ্ধি হৈছে, সেয়া বিগত ১২ বছৰত অনুষ্ঠিত নির্বাচনসমূহে প্রমাণ কৰিছে৷ শাসকীয় পক্ষৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দলসমূহে বিশেষ কর্ম আঁচনিৰ জৰিয়তে সর্বসাধাৰণ ৰাইজৰ আস্থা আৰু বিশ্বাস আদায় কৰিবলৈ সক্ষম হোৱা নাই৷ ইফালে, জনসমর্থন বৃদ্ধিৰ বাবে নিতৌ হিতাধিকাৰীকেন্দ্রিক আঁচনিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে ৰাজ্য চৰকাৰে৷ এনে আঁচনিৰ জৰিয়তে সমাজৰ দুখীয়া পৰিয়ালসমূহ প্রত্যক্ষভাৱে লাভৱান হৈছে৷ কংগ্রেছকে ধৰি বিৰোধী দলসমূহে এনে হিতাধিকাৰী আঁচনিসমূহক সমালোচনা কৰাত সমাজৰ দুখীয়া শ্রেণীৰ লোকসকল বিৰোধী ৰাজনৈতিক দলসমূহৰ ওপৰত ক্ষুণ্ণ হৈছে৷ ইয়াৰ পৰিণাম প্রতিটো নির্বাচনতে ভুঞ্জিব লগা হৈছে বিৰোধী ৰাজনৈতিক দলসমূহে৷

পঞ্চায়ত নির্বাচনত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ অভূতপূর্ব সাফল্যৰ অন্তৰালত মাথোঁ ৰাজ্য চৰকাৰখনৰ হিতাধিকাৰীকেন্দ্রিক আঁচনিসমূহেই নহয়, ইয়াৰ অন্তৰালত আছে দলীয় নেতৃত্বৰ সমূহীয়া উদ্যোগ৷ বিগত সময়ছোৱাত ৰাজ্যখনত অনুষ্ঠিত প্রতিটো নির্বাচনত বিজেপি নেতৃত্বাধীন মিত্রজোঁটে সর্বশক্তিৰে যুঁজিছে৷ সেয়া লোকসভা নির্বাচনেই হওক, স্থানীয় নিকায় নির্বাচনেই হওক৷ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনৰ সন্মুখত বিৰোধীৰ অস্তিত্ব নাইকিয়া সত্ত্বেও শাসকীয় মিত্রজোঁটে সর্বশক্তি প্রয়োগেৰে নির্বাচনী যুঁজত নামিছিল৷ শাসকীয় পক্ষৰ এনে ঐক্যবদ্ধ যুঁজৰ বিপৰীতে কংগ্রেছৰ দৰে শতিকাপুৰণি দলটোৰ নেতৃত্বই সদ্যসমাপ্ত পঞ্চায়ত নির্বাচনক বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই৷ দলটোৰ শীর্ষ নেতাসকলে মুছলমান অধ্যুষিত অঞ্চলত পালমৰা সভা অনুষ্ঠিত কৰিয়েই দায়িত্ব সামৰিলে৷ বিগত ১০ বছৰে ৰাজ্যখনৰ প্রতিটো নির্বাচনতেই উজুটি খালেও কংগ্রেছৰ সাংগঠনিক ভেটি এতিয়াও নিঃশেষ হৈ যোৱা নাই৷ অন্যান্য বিৰোধী দলসমূহৰ তুলনাত কংগ্রেছৰ শক্তি এতিয়াও আছে৷ কিন্তু দলটোৰ নেতা–কর্মীসকলক ঐক্যবদ্ধ কৰি দলটোক পুনৰুজ্জীৱিতকৰণ আৰু ৰাইজৰ আস্থা ঘূৰাই অনাৰ বাবে কংগ্রেছৰ নেতৃত্ব এতিয়াও ঐক্যবদ্ধ হ’বলৈ সক্ষম হোৱা নাই৷ অসমত এতিয়া প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীৰ নির্দেশত দলটোৰ শীর্ষ নেতাসকল আগবাঢ়ি আহিবলৈ আগ্রহী নহয়৷ দলটোৰ প্রদেশ সভাপতি ভূপেন কুমাৰ বৰা, সাংসদ গৌৰৱ গগৈ, প্রদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ সুকীয়া শিবিৰত নেতাসকল বিভাজিত হৈ আছে৷ যিটো দলৰ নেতাসকল ঐক্যবদ্ধ হ’ব নোৱাৰে, সেই দলটোৱে অন্যান্য বিৰোধী দলসমূহক কিদৰে ঐক্যবদ্ধ কৰিব সেয়া সহজে অনুমেয়৷ মাথোঁ মুছলমানৰ তোষামোদৰ ৰাজনীতিৰে কংগ্রেছ দলে কেতিয়াও ক্ষমতাত অধিষ্ঠিত হোৱাৰ জোখাৰে শক্তি আহৰণ কৰিব নোৱাৰে৷ এই কথা প্রতিটো নির্বাচনতে স্পষ্ট হৈ উঠাৰ পিছতো শতিকাপুৰণি দলটোৰ শীর্ষ নেতাসকলে কিয় উপলব্ধি কৰা নাই সেয়াহে দুর্বোধ্য সাঁথৰ৷ কংগ্রেছৰ তোষামোদৰ ৰাজনীতিৰ মাজতে দলটোৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে শেহতীয়াকৈ উত্থাপন হৈছে চিৰবৈৰী পাকিস্তানৰ স’তে গোপন মিতিৰালিৰ অভিযোগ৷ ধর্মীয় মৌলবাদ আৰু সন্ত্রাসবাদৰ বিষবাষ্পৰে বিশ্বজুৰি ঘৃণনীয় দেশৰূপে পৰিগণিত পাকিস্তানৰ স’তে গৌৰৱ গগৈৰ গোপন মিতিৰালিৰ সম্পূর্ণ তথ্য এতিয়াও পোহৰলৈ অহা নাই৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সদৰী কৰা মতে, পাকিস্তানৰ কুখ্যাত আইএছআইৰ আমন্ত্রণক্রমে গৌৰৱ গগৈয়ে চিৰবৈৰী দেশখনত গোপনে বাহৰ পাতিছিল৷ পেহেলগামত পাকিস্তানী সন্ত্রাসবাদীৰ নৰসংহাৰ আৰু অপাৰেচন সিন্দূৰৰ পিছত বিশ্বজুৰি ভ্রমণৰ বাবে সাজু হোৱা দেশৰ শাসক–বিৰোধী সাংসদসকলৰ তালিকাৰ পৰা গৌৰৱ গগৈৰ নাম কর্তন কৰা হৈছে৷ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত দেশদ্রোহিতাৰ অভিযোগ কংগ্রেছৰ বাবেই নহয়, ৰাজ্যবাসীৰ বাবেও লজ্জাজনক৷ একেৰাহে তিনিটা কার্যকালৰ মুখ্যমন্ত্রীৰূপে তৰুণ গগৈয়ে অভিলেখ গঢ়িছে৷ তেওঁৰ পুত্র গৌৰৱ গগৈয়ে পাকিস্তানৰ স’তে কি পৰিস্থিতিত গোপন মিতিৰালি কৰিছে, সেয়া পোহৰলৈ অহাটো বিচাৰিছে অসমবাসীয়ে৷ চিৰবৈৰী পাকিস্তানৰ সৈতে মিতিৰালিৰে দেশক ক্ষতি কৰা ঘৰশত্রুক কঠোৰতম শাস্তি বিহা উচিত৷

You might also like